হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসম লোকসেৱা চাকৰি বিপনন বিভাগত দুৰ্নীতিক সুবিধা নাই বুলি দুখ প্ৰকাশ কৰিলে নতুনকৈ দ্বায়িত্ব লোৱা অধ্যক্ষ গৰাকীয়েঃ এই চাকৰিত যোগদান কৰি তেখেতে ইমান মূল্যবৃদ্ধিৰ দিনত কেনেকৈ ঘৰ চলাব ভগৱানেহে জানে বুলি তেখেতে নিজৰ আদৰণি ভাষণত ব্যক্ত কৰিছে।

২. ভাৰাতীয়া বিদেশ মন্ত্ৰীয়ে "দেশৰ মানুহৰ বিদেশী মা" নামৰ এক বিশেষ চাতুকাৰী গ্ৰন্থ লিখি উলিওৱা বুলি জানিব পৰা গৈছে। তেখেতে তেখেতৰ সম-বয়সীয়া এগৰাকী মহিলাকে মাকৰ সন্মান দি লাজত পেলোৱা বুলিও দিল্লীৰ পৰা বাতৰি আহিছে।

৩. সহকৰ্মী সাংবাদিকক যৌন নিৰ্যাতনৰ ক্ষেত্ৰতো অসমৰ সাংবাদিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদিকৰ সতে পিছ পৰি থকা নাই বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেঃ অসমীয়া সাংবাদিকৰ জ্যেষ্ঠ এজনে এই তথাকথিত নিজকে আগৰণুৱা বুলি ভবা ভাৰতীয় সকলতকৈ এক দশক আগতেই ২০০৩ চনতে এই অভিলেখ গঢ়ি থোৱা বুলি প্ৰচাৰ মাধ্যমে প্ৰকাশ কৰিছে। জিএছ ৰোডেই হওক বা জিএছ ৰোডত থকা কাকতৰ কাৰ্যালয়তে হওক, নাৰীক যৌন-নিৰ্যাতনক অসমীয়াক কোনেও পিছ পেলাব নোৱাৰে বুলি সংবাদ পত্ৰখনে মন্তব্য কৰিছে।

৪. অসমত হব লগা মহিলা বিশ্ব বিদ্যালয়ক ইন্দিৰা মিৰিৰ নামেৰে নামাকৰণৰ দাবী ইমান দিনে উঠি আহিছিল যদিও এতিয়া ৰাজীৱৰ নামেৰে বিশ্ববিদ্যালয় খনৰ নাম ৰাখিবলৈ লোৱাত নাৰীবাদী সমাজ জাঙুৰ খাই উঠিছেঃ ৰাজীৱৰ মাক ইন্দিৰাৰ নামতে উপাধি নিলিখাকৈ বিশ্ববিদ্যালয় খনৰ নামাকৰণ কৰিলেই অসমৰ জাতীয়তাবাদী দাবীৰো সাপো মৰিব আৰু হাতোৰা দলৰ ফেমিলি চেণ্টিমেণ্টৰ লাঠিও নাভাঙিব বুলি ৰসাল গগৈৰ বোৱাৰীয়ে টিপছ দিয়া বুলি গোপন সূত্ৰই সদৰী কৰিছে।

৫. যোৱা পাঁচ বছৰে অনুজ্ঞা পত্ৰ নোহোৱাকৈ ৰঙামাটি গুৱাহাটীত চলি আছে চিনেমেক্স চিনেমাঃ এই সুবিধা দেশৰ কোনো চহৰতে কোনো ৰাজ্য চৰকাৰ বা পৌৰ প্ৰশাসনে আগ নবঢ়োৱাৰ কথা উল্লেখ কৰি চিনেমা হল শৃংখলটোৰ মুখ্য-কাৰ্যবাহী বিষয়াই অসমীয়া প্ৰশাসনকৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

অসমত চিনেমা ব্যৱসায়ৰ বাবে আৰু ইয়াতকৈ কি সুবিধা দিব লাগে বুলি মন্ত্ৰীয়ে চাংবাদিকক ওলোটাই প্ৰশ্ন কৰাৰো বতৰা পোৱা গৈছে।

৬. অপহৰণ আৰু ধনদাবীৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়াৰ বাটত এনডিএফবিৰ চংবিজিতৰ গোট আৰু আৰু ডিমাচাৰ একশ্বনৰ গোটৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হোৱাৰ খবৰঃ যি কোনো এটা গোটে অচিৰেই অসমৰ নাম আন্তৰ্জাতিক ক্ষেত্ৰত উজ্বলাই তুলিব পাৰবিই বুলি পুলিছ ডিআইজিয়ে আত্ম-বিশ্বাস প্ৰকাশ কৰিছে।

৭. মৰিগাঁৱত টেট শিক্ষয়িত্ৰীৰ ওপৰত উঠিল ট্ৰাক, দলগাঁৱত টেট শিক্ষয়িত্ৰীৰ ওপৰত চলিল বলাতকাৰৰ প্ৰচেষ্টাঃ টেট শিক্ষয়িত্ৰীৰ চাকৰি পোৱা নাৰী সকলক দুবৃত্তৰ লক্ষ্যত পৰিণত হোৱা কথাত গৰিহণা দিলে মহিলা আয়োগে। টেট শিক্ষয়িত্ৰীৰ বাবে বিশেষ সুৰক্ষা যোজনা ঘোষণা কৰিব বুলি কথা দিলে ৰসাল গগৈয়ে।

via announcer.blogspot.in
৮. ৰাজকুমাৰ গান্ধীক প্ৰধান মন্ত্ৰী হোৱাটো বিচাৰে বোলে ৰসাল গগৈয়েঃ পিছে দাতাই দিলেও বিধাতাই নিদিয়ে বুলি মন্তব্য কৰিছে অসমৰ ভৱিষ্যত বিশেষজ্ঞ হিৰো ইয়ঙে। অৱশ্যে তেওঁক ভাল পঠা ছাগলী খুৱালে আৰু তেওঁৰ দোকানৰ পাথৰ কিনি পিন্ধিলে কাম সিদ্ধি হবও পাৰে বুলি তেখেতে গণনা কৰি জনাইছে।

৯. ৰিলায়েঞ্চে জাতীয় স্বাৰ্থলৈ পিঠি দি ব্যৱসায় কৰাৰ ট্ৰেণ্ড অসমত স্থাপন কৰিব খুজিছে বুলি দোকানৰ সমুখত ধৰ্ণা দিলে প্ৰতিবাদী সংগঠনেঃ অসমত ধাণ্ডা কৰিবলৈ প্ৰথমে চান্দা দিবই লাগিব সেয়া কথা হৃদয়ংগম কৰি লবলৈকো ৰিলায়েঞ্চক সঁকিয়াই দিয়া বুলি সূত্ৰত প্ৰকাশ।

১০. নগাঁৱত ইমান শক্তিশালী তথা ভক্তিশালী মন্ত্ৰী থকাৰ পাছতো আমোলাৰাজ চলোৱাৰ বাবে ভতসৰ্নাৰ সন্মুখীন হব লগা হৈছে হাবিবন মন্ত্ৰীয়েঃ মাটি বাৰী ম্যাদি কৰণৰ বাবে দিছপুৰলৈ কমিচন নিদিয়াকৈ কেনেকৈ ইমান দুৰ্নীতি চলিছে বুলি সতীৰ্থ মন্ত্ৰীয়ে প্ৰশ্ন তুলি কইনাধৰালৈ পঠালে বিশেষ বাৰ্তা।

No comments:

Post a Comment