হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ফঁটা বাঁহো জোৰা লাগে ৰাজনীতিত বুলি মন্তব্য কৰিলে ৰসাল গগৈয়েঃ অসাধ্য সাধিত হোৱাৰ বাবেই তেওঁ ৰাজনীতি ভাল পায় আৰু তেনেকুৱা ফঁটা বাঁহে দিল্লীত বাহৰ পতা শুনিয়েই তেখেতো দিল্লীলৈ দৌৰ মৰা বুলি কইনাধৰা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ পাইছে।

২. শিক্ষা বিভাগৰ উপ সঞ্চালক হৰিণ হাজৰিকাই চাকৰি দিম বুলি এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাই আৰু ৬ লাখ টকা উতকোচ গ্ৰহণ কৰি  এই নিলম্বন লাভ কৰিবলৈ সক্ষম হয়। একেধৰণৰ কথাৰ বাবে জাষ্টিচ গাংগুলীক নিলম্বন কৰিব নোৱাৰা বাবে হৰিণ হাজৰিকা ক্ষোভিত হৈ থকা বুলি জানিব পৰা গৈছে। লগতে কেচটো ফাদিল কৰা টিভি চেনেলৰ সাংবাদিকে সঠিক দৰদাম নকৰাৰো অভিযোগ তুলিছে।

৩. পৃথিৱীত দ্বায়িত্ব নলওতেই প্ৰতিকৃতি দাহ হোৱাৰ গৌৰৱ কঢ়িয়ালে অৰবিন্দ কেজৰিৱালেঃ কংগ্ৰেছে উপযাচি দিয়া সমৰ্থনৰ প্ৰতিবাদত দিক-বিদিক হেৰুৱা ভেৰোনীয়া প্ৰতিবাদীয়ে কাৰ বিপক্ষে ক্ষোভ উজাৰিব কব নোৱাৰি অৰবিন্দ কেজৰিৱালৰে প্ৰতিমূৰ্তি দাহ কৰি এই গৌৰৱৰ অধিকাৰী কৰি তোলাৰ হাস্যকৰ খবৰ।

৪. গুৱাহাটী মেডিকেল কলেজৰ পৰা এজন কয়দীৰ সফলতাৰ বাতৰি আমালৈ আহিছে। বিপ্লৱ নামৰ কয়দীজনে সফলতা পূৰ্বক ভাৱে আৰক্ষীক গাফিলতি কৰিবৰ বাবে মেনেজ কৰিবলৈ সক্ষম হয় আৰু তাৰ পৰা পলায়ন কৰে। বিপ্লৱক আৰক্ষী মেনেজমেণ্ট বিষয়ক আলোচনাচক্ৰৰ বাবে গুৱাহাটীস্থ খাৰখোৱা মেনেজমেণ্ট প্ৰতিষ্ঠানে আমন্ত্ৰণ জনাব বিচাৰিছে আৰু তেখেত সকলৰ সৈতে যোগাযোগ কৰিবলৈ তেখেতেক এই সংবাদ মাধ্যমযোগে কাতৰ আহ্বান জনাইছে।

৫. একে-৪৭ ৰ স্ৰষ্টা কালাছনিক'ভলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সদৌ অসম অপহৰণকাৰী বাহিনী, সংযুক্ত দাবী ধমকি বাহিনী আৰু সদৌ ডিমাছা লুটমাৰ বাহিনীয়েঃ তেখেতৰ সৃষ্টিয়ে এই সংস্থাসমূহলৈ যথেষ্ট আৰ্থিক বৰঙনি কঢ়িয়াই অনাৰ কথা স্বীকাৰ কৰি একেসুৰে তেখেতলৈ সংগঠন কেইটিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ প্ৰেছ বিজ্ঞপ্তি আমাৰ হাতত পৰিছে।
বিকশিত অসম ৰকিঙ.....

৬. বিকশিত অসমৰ পৰা বিকশিত নাৰী ৰপ্তানিৰ ক্ষেত্ৰত অসমে অচিৰেই অভিলেখ গঢ়িব বুলি জানিব পৰা গৈছেঃ প্ৰাপ্ত তথ্য মতে ১০হাজাৰ টকাত বিক্ৰী কৰা জাগীৰোডৰ যুৱতীক দিল্লীত কালি উদ্ধাৰ কৰিছে আৰু ইমান সস্তাদৰত নাৰীৰ চালান কোনো ৰাজ্যই নকৰে বুলি নাৰীদেহ ব্যৱসায়ী সংস্থাই জানিবলৈ দিছে। গীনিজ বুকত নাম লিখিবৰ বাবে আৰু বেছি দিন ৰব নালাগে বুলিও গৃহ দপ্তৰৰ দ্বায়িত্বত থাকি হাঁহি থকা মানুহজনক সংস্থাই আগতীয়া অভিনন্দন জনাইছে।

৭. জালিয়াতিৰে ৩০০ মাদ্ৰাছাক গোপনে স্বীকৃতি দি সঞ্চালকালয়ৰ প্ৰধান এতিয়া শাসক হাতোৰা পাৰ্টিৰ নয়নৰ মণি হৈ পৰা বুলি জানিব পৰা গৈছেঃ এতিয়া এই কৰ্মৰ শ্ৰেয় হাতোৰা পাৰ্টিৰ পৰা অগৰুদ্দিনৰ দলে আত্মসাত কৰিব বুলিহে শংকা হোৱাৰ বাবে কথাটো মেনেজ কৰিবলৈ বিশেষ বৈঠক বহাৰো খবৰ আহিছে।

৮. নৱবৰ্ষৰ প্ৰাকক্ষণত বৰদিন উপলক্ষে কাজিৰঙা চোৰাং চিকাৰী সন্থাৰ তৰফৰ পৰা এটি গঁড় চিকাৰ কৰাৰ সফলতাৰ বাতৰি আমালৈ আহিছেঃ মানৱ বিহীন ড্ৰোন যান, সুৰক্ষা কৰ্মীক অত্যাধুনিক হাথিয়াৰ, দেশৰ আটাইতকৈ ভালকৈ মেনেজ কৰা ৰাষ্ট্ৰীয় উদ্যানত এইদৰে মেনেজ কৰি গঁড় চিকাৰ কৰিব পৰাটো অসমবাসীৰ বাবেই গৌৰৱৰ কথা নহয় জানো বুলিও চিকাৰী সন্থাই প্ৰশ্ন উত্থাপন কৰিছে।

৯. অপহৰণৰ ৪৮ঘণ্টাৰ পাছতো ধন দাবীৰ কোনো ফোন নহাত চিৰাঙৰ পৰা অপহৃত অভিযন্তাৰ পৰিয়াল চিন্তিতত বুলি প্ৰকাশ কৰিছেঃ ৰাজ্যত এই ব্যৱসায়ত জড়িত সকলো পক্ষ, সুবিধা কৰি দিয়া আৰক্ষী, প্ৰশাসন সকলোকে কত কেনেকৈ ধন জমা দি মানুহ জন মোকোলাবাব পাৰি তাৰ কাঢ়া নিৰ্দেশনা গোপনে জনাবলৈ কাতৰ আহ্বান জনাইছে। মানৱীয়তাৰ খাতিৰতে সোনকালে ধন গ্ৰহণ কৰিবলৈ ও প্ৰাৰ্থনা কৰা বুলি জানিব পৰা গৈছে।

১০. দেশৰ বৰ্ষশ্ৰেষ্ঠ পিতা-পুত্ৰৰ সন্মান লাভ কৰিছে আশাৰাম আৰু তেওঁৰ পুত্ৰ নাৰায়ণ ছাইয়েঃ দুয়োজনকে কাৰাগাৰৰ পৰাই সংসদলৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব লাগে বুলি মন্তব্য কৰিছে ভণ্ডবাবা.কম নামৰ বেৱ-পৰ্টেল যোগে তেখেতসকলৰ অনুৰাগী সংঘই।

No comments:

Post a Comment