জীৱিত কালতে প্ৰেৰণাৰ আকৰ হওক অভিনন্দন গ্ৰন্থ
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্র যেনে: শিক্ষা জগত, ৰাজনৈতিক জগত, সাহিত্য চর্চা, সাংবাদিকতা, সঙ্গীত, নাটক, চিত্র-ভাস্কর্য্য, ক্রীড়া জগত, বিজ্ঞান চর্চা আদিলৈ অৰিহণা যোৱা ব্যক্তিসকলৰ মৃত্যুৰ পিছত সোঁৱৰণত বৃহৎ কলেবৰৰ স্মৃতি গ্রন্থ প্রকাশ কৰে । ই অতি ভাল কথা ।
কিন্তু জীৱিত কালত কম সংখ্যক এনে ব্যক্তিৰ অভিনন্দন গ্রন্থ প্রকাশ কৰা দেখা যায় । আমি ভাৱোঁ , স্মৃতি গ্রন্থ প্রকাশৰ তুলনাত সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়োৱা ব্যক্তিসকল কৰ্মক্ষম হৈ থাকোঁতে তেওঁলোকৰ অভিনন্দন গ্রন্থ প্রকাশত বেছিকৈ গুৰুত্ব দিলে ভাল হয়।
তেতিয়া সেই ব্যক্তিসকলে দুগুণ উৎসাহে কাম কৰিবলৈ অনুপ্রেৰণা পাব। আশা কৰিছোঁ, এই বিষয়ে অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনবোৰে মন দিব।
Excellent idea.
ReplyDelete