কবিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কবিতা

কবিতা

Share This
একান্ত নহয়
হেমচন্দ্ৰ দত্ত

আপোনাৰ কিছুমান বস্তু একান্তই আপোনাৰ

আপোনাৰ ঘৰ গাড়ী গোৰা
লগুৱা লিকচৌ দামী মোবাইল
এই সকলোবোৰ আপোনাৰ

আপোনাৰ চাকৰে আপোনাক যিদৰে সম্বোধন কৰিব
মোক নকৰে
কিয়নো চাকৰটো একান্তই আপোনাৰ

আপোনাৰ পোহনীয়া কুকুৰটোৱে আপোনাক যিদৰে চেলেকিব
মোক নেচেলেকে
কিয়নো কুকুৰটো একান্তই আপোনাৰ

জোনাকৰ সৰিয়হতলীখন আপুনি ভাল পাই নে নেপায়
সেয়া আপোনাৰ কথা
কিয়নো আপোনাৰ মনটো একান্তই আপোনাৰ

আপোনাৰ একান্ত বস্তুবোৰ
মোৰ কেতিয়াও একান্ত হ’ব নোৱাৰে

কাৰণ আপুনি আপুনি
মই কেৱল মই

একান্তৰ এই প্ৰাচীৰখনৰ
সিপাৰে জুমি চালেই
বহু কথা একান্ত হৈ নাথাকে

আপোনাৰ ধেনুভিৰীয়া হাঁহিৰ জলমল
মাতৰ মৌসৰা
বুকুত কঢ়িয়াই ফুৰা বিষাদৰ বাঁহী
মাজ নিশাৰ নদীৰ চিঞৰ
কাৰোৰে একান্ত নহয়

কিছুমান কথা আৰু ছবি
কাৰোৰে একান্ত নোহোৱাৰ বাবে
আমি সিঁহতৰ প্ৰেমত পৰো
একেলগে খোজ কাঢ়ো সপোনৰ বাগিছাত

সপোনত ফুলা ফুলবোৰ
কাৰোৰে যে একান্ত নহয় !
......
কবিৰ ফোন : ৮৪৮৬২-৫৮১০২

No comments:

Post a Comment