সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে দেখুওৱা আদৰ্শ
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
২০১৩বৰ্ষৰ এটা ভাল খবৰ । অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে প্রথম বাৰৰ বাবে আয়োজন কৰা বি.টেক. পাঠ্যক্রমৰ প্রথম বৰ্ষ প্রথম ছেমিষ্টাৰৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষা শেষ হোৱাৰ এমাহৰ ভিতৰতে ঘোষণা কৰিছে। ইয়াৰ বাবে অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ। লগতে আশা কৰিছোঁ এই ধাৰা ভৱিষ্যৎলৈও অব্যাহত থাকিব। 

অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে এটা কথা প্রমাণ কৰি দেখুৱালে অসম চৰকাৰৰ অধীনৰ বিশ্ববিদ্যায়েও যে চেষ্টা কৰিলে পৰীক্ষাৰ ফলাফল পৰীক্ষা শেষ হোৱাৰ এমাহৰ ভিতৰতে ঘোষণা কৰিব পাৰে। আমাৰ ৰাজ্যখনৰ যিকেইখন বিশ্ববিদ্যালয়ে চূড়ান্ত পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰিবলৈ কেইবাটাও মাহ তথা কেতিয়াবা বছৰও লগায়, তেওঁলোকেও অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ নিচিনাকৈ চূড়ান্ত পৰীক্ষাবোৰৰ ফলাফল সোনকালে ঘোষণা কৰিবলৈ চেষ্টা কৰিলে ভাল হয় । তেতিয়া ছাত্র-ছাত্রীসকল উপকৃত হ’ব।

1 comment: