ভাৰত-ৰত্ন চিন্তামণি নাগেশ ৰামচন্দ্র ৰাওৰ
জীৱন আৰু কীৰ্ত্তি
অনুপমা বৰগোহাঁই, নয়ডা
তিৰুৱনন্তপুৰম ঘৰুৱা বিমান বন্দৰৰ ‘এয়াৰ ইণ্ডিয়া’ নামৰ বিমানসেৱা বিভাগৰ কৰ্মচাৰী কেইজনৰ মাজত মৃদু উত্তেজনা বিয়পি পৰিল ! স্বয়ং প্রধানমন্ত্রীৰ ফোন ! কোন সেই গৰাকী যাত্রী ..চিন্তামণি নাগেশ ৰামচন্দ্র ৰাও ! বিমান বন্দৰৰ অপেক্ষা গৃ্হত পৰবৰ্তী বিমানখনৰ বাবে অপেক্ষা কৰি থকা যাত্রী সকলৰ মাজত এহাল প্ৰৌঢ় দম্পত্তি নিজৰ মাজত কথা পাতি আপোন পাহৰা হৈ আছে । সুস্মিতা নামৰ পৰিচাৰিকাগৰাকীয়ে কিছু সময় মুগ্ধভাবে দম্পত্তি হাললৈ চাই থাকিল ।
তাৰপিছত আগবাঢ়ি গৈ ৭৯ বয়সীয়া প্ৰৌঢ় ব্যক্তিজনক সসন্মানে সম্ভাষণ জনাই ক’লে : “চাৰ, প্রধানমন্ত্রীয়ে আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছে – অনুগ্রহ কৰি আপোনাৰ ফোনটো চাওঁক !” প্রৌঢ় ব্যক্তিজনাই কোনো আশ্চৰ্য্য প্রকাশ নকৰি নিৰ্বিকাৰ ভাবে নিজৰ হাত -বেগটোৰ পৰা পুৰণি মডেলৰ মোবাইল ফোনটো উলিয়াই লৈ ফোনৰ বুটামটো অন কৰিলে । পৰিচাৰিকা গৰাকীলৈ চাই এটা সৰল হাঁহি মাৰি প্রৌঢ়ই ক’লে : “ আচলতে মই এই ফোনটো মোৰ পত্নীৰ লগত যোগাযোগ ৰাখিবৰ বাবেহে ব্যৱহাৰ কৰো । মোৰ পত্নী মোৰ ওচৰত থাকিলে ফোনৰ কোনো প্রয়োজনেই নাই । সেয়ে ফোনটো বন্ধ কৰি থওঁ !”
: “ড: ৰাও ,আপোনাক এই বছৰ আমাৰ দেশৰ সৰ্ব্বোচ্চ বটা “ভাৰতৰত্ন” সম্মানেৰে বিভূষিত কৰা হৈছে ” ফোনটোৰ সিটো মূৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গহীন অথচ পাতল স্বৰ ভাহি আহিল । বিনম্র ভাবে ধন্যবাদ সূচক কথা কেইষাৰমান পাতি ফোনটো পুনৰ বন্ধ কৰি থলে প্রৌঢ় বিজ্ঞানীজনে !
আচলতে গল্পৰ দৰে লাগিলেও, নাটকীয়তা খিনি বাদ দিলে ওপৰৰ ঘটনাটো সম্পূৰ্ণ সঁচা । ৫৪ বছৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰা তথা প্রধানমন্ত্রীৰ বৈজ্ঞানিক বিভাগৰ মুখ্য উপদেষ্টা ড:চিন্তামণি নাগেশ ৰামচন্দ্র ৰাও সঁচাকৈয়ে ভাৰতৰ এটি উজ্জ্বল ৰত্ন । ক্রিকেটৰ পথাৰত ১০০টা শতক কৰা শচীন টেণ্ডুলকাৰ আৰু বিজ্ঞানৰ পথাৰত শতাধিক গৱেষণা পত্র প্রকাশ কৰা ড:চিন্তামণি নাগেশ ৰামচন্দ্র ৰাও - দুয়োকো সেয়ে বহুতো সংবাদ মাধ্যমে একেই শাৰীতে থ’ব খোজে । নিজৰ নিজৰ ক্ষেত্রত দুয়োজনেই শতক কোৱাই গৈছে । অতি সহজ সৰল আৰু নিজকে সাধাৰণ নাগৰিক এজন বুলি ভবা প্ৰচাৰ বিমুখ এইজনা বিজ্ঞানীয়ে বিজ্ঞানৰ সাধনা বা গভীৰ অধ্যয়নৰ যোগেদিহে আমাৰ দেশে পৃথিৱীৰ অন্য উন্নত দেশবোৰৰ লগত ফেৰ মাৰিব পাৰিব বুলি অভিমত প্রকাশ কৰিছে। দেশৰ বিজ্ঞানৰ গৱেষণাগাৰবোৰত থাকিব লগীয়া প্ৰয়োজনীয় সকলো সঁজুলি যোগান ধৰিবলৈ বিভাগীয় দপ্তৰলৈ তেওঁ প্রায়ে চিঠি লিখে । বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ মন্ত্রীক তেওঁ কয় যে বিজ্ঞানৰ গৱেষণাত চীন দেশ আমাতকৈ বহু বেচি আগবাঢ়ি গৈছে আৰু এয়া সঁচাকৈয়ে চিন্তনীয় । বিজ্ঞান শিক্ষাৰ প্রসাৰৰ বাবে অধিক নতুন আঁচনি ল’ব লাগে আৰু শিক্ষাৰ ক্ষেত্রত বিনিয়োগ বৃদ্ধি কৰিব লাগে বুলি তেওঁ চৰকাৰক সদায় অনুৰোধ জনাই আহিছে । নতুন প্ৰজন্মই বিজ্ঞানৰ গৱেষণামূলক অধ্যয়নত কৈ বৃত্তিমূলক শিক্ষাকহে বেছি গুৰুত্ব দিয়াটো দেশৰ কাৰণে প্রগতিত হেঙাৰ হব পাৰে বুলি তেঁও চিন্তা ব্যক্ত কৰিছে । ড: চি এন. ৰাৱে দেশৰ উচ্চ স্তৰৰ বিজ্ঞান শিক্ষা প্ৰতিষ্ঠান আই আই টি , আই আই এচ আদিয়ে বিজ্ঞানী সৃষ্টি কৰাতকৈ প্রতিবছৰে এচাম অৰ্থশালী অথচ অসুখী মানুহৰহে সৃষ্টি কৰি আছে বুলি এক আলোড়ন কাৰী মন্তব্য কৰিছে । তেওঁৰ মতে তথ্য প্রযুক্তিবিদ্যাই (Information Technology) বিজ্ঞানৰ বিকাশৰ দিশত বিশেষ একো অৱদান যোগাব পৰা নাই । তথ্য প্ৰযুক্তিয়ে কেৱল অৰ্থশালী কেতবোৰ চফ্টৱেৰ অভিযন্তা সৃষ্টি কৰিছে । কিন্তু বিজ্ঞানৰ ন-ন আবিষ্কাৰত বিশেষ একো অৰিহণা যোগাব পৰা নাই । এই চফ্টৱেৰ অভিযন্তাসকলৰ বেছি সংখ্যকেই কেৱল টকা ঘটা যন্ত্ৰত পৰিণত হৈ হতাশা, উত্তেজনা, ঈৰ্ষা আদিৰ চিকাৰ হৈ আত্মহত্যাৰ পথ লৈছে । তেওঁ লগতে এয়াও কৈছে যে যিহেতু এই প্ৰযুক্তিবিদসকলে নিজৰ কাম উপভোগ কৰিব নোৱাৰে – সেয়ে তেওঁলোক সুখী হব নোৱাৰে । প্রায় ৮০ বছৰ বয়সতো ড: ৰাও এজন সুখী আৰু কৰ্মোদ্যমী ব্যক্তি হৈ আছে কিয়নো বিজ্ঞানৰ সাধনা তেওঁৰ বাবে পেচা নহয় –নিচাহে । বাংগালোৰত জন্মগ্ৰহণ কৰা এইজনা বিজ্ঞানীয়ে ১৭ বছৰ বয়সৰ পৰাই বিজ্ঞানৰ সাধনাত ব্রতী হৈ আছে আৰু ২০ বছৰ বয়সতে তেওঁৰ প্রথমখন গৱেষণা পত্র প্রকাশ কৰিবলৈ সক্ষম হয় ।
ড: চি এন ৰাও World’s Major Scientific Academies ৰ এজন সদস্য । পৃথিৱীৰ অতি কমসংখ্যক গুণী জ্ঞানী বিজ্ঞানীহে এই সংস্থাৰ সদস্য হব পাৰিছে । ৬০টাৰো অধিক সন্মানীয় ডক্টৰেট ডিগ্রীৰে বিভূষিত ড: ৰাৱে দেশৰ বাবে সন্মান আৰু গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও বিজ্ঞানৰ ক্ষেত্রত বিশেষকৈ “নেন’ টেকনলজি”ৰ ক্ষেত্রত উল্লেখনীয় অৱদান আগবঢ়াইছে !
ড: ৰাওক ২০০৫ চনত বিজ্ঞানৰ ক্ষেত্রত অৱদানৰ বাবে “ডেন ডেভিড” নামৰ আন্তৰ্জাতিক সন্মানীয় বটা প্রদান কৰা হয় । এই বটাৰ যোগেদি তেওঁ ১মিলিয়ন ডলাৰ লাভ কৰে । এই বটা নবেল বটাৰ সমানেই সন্মানীয় । যিহেতু ভাৰতত বিজ্ঞানৰ ক্ষেত্রখনত অতি কম গুৰুত্ব দিয়া হয়, সেয়ে তেওঁৰ এই বটা প্রাপ্ত্বিত দেশে বিশেষ একো উৎসাহ বা সন্মান নজনালে বুলি আক্ষেপ কৰে ।
ভাৰতৰত্নেৰে বিভূষিত এই বিজ্ঞানীজনাৰ ঘৰুৱা জীৱনো অতি সহজ, সৰল আৰু শৃংখলাবদ্ধ । আজিও তেওঁ সদায় পুৱা ৪:৩০ বজাত উঠি ৪০ মিনিট (আই আই চি কেম্পাচৰ ভিতৰত) খোজ কাঢ়ে, তাৰপিছত ১৫ মিনিট যোগাসন কৰে । কিছু সময় ভক্তি সংগীতে শ্রৱণ কৰি দিনটোৰ কার্য্যৰ বাবে সাজু হয় আৰু পুৱা ৮ বজাৰ পৰা আবেলি ৪বজালৈকে অফুৰন্ত শক্তিৰে বিজ্ঞানাগাৰত কাম কৰে । সন্ধিয়া ঘৰলৈ আহি কিতাপ পঢ়ে বা লিখে । ৰন্ধা বঢ়াত আগ্রহ থকা ড: ৰাৱে মাজে মধ্যে পত্নী ইন্দুমতীক ৰন্ধা বঢ়াৰ কামতো সহায় কৰে । দক্ষিণ ভাৰতীয় খাদ্যৰ উপৰিও থাই, হাৱাই , ইটালিয়ান আদি খাদ্য প্ৰস্তুত কৰিও ভালপায় । তেখেতৰ পত্নী সাহিত্য জগতৰ লগত জড়িত এগৰাকী ব্যক্তি । পত্নী ইন্দুমতীৰ পৰামৰ্শ মতেই বিজ্ঞানীজনাই ‘ডেন ডেভিড’ বটাৰ জৰিয়তে লাভ কৰা ১ মিলিয়ন ডলাৰ বিজ্ঞান শিক্ষা নৱ প্রজন্মৰ মাজত জনপ্রিয় কৰাৰ বাবে ব্যয় কৰিছে ।
বিজ্ঞান চৰ্চাক জীৱনৰ ব্রত হিচাপে লোৱা এই বিজ্ঞানীজনেই নিজকে কেৱল “বৈজ্ঞানিক” বুলি পৰিচয় দিহে ভালপায় । এইজনা মহান বৈজ্ঞানিক “ভাৰত ৰত্ন” চিন্তামণি নাগেশ ৰামচন্দ্র ৰাওঁৰ চিন্তাধাৰাবোৰ কাৰ্য্যতঃ পৰিণত হওক আৰু আমাৰ দেশে বিজ্ঞানৰ আবিষ্কাৰ আৰু গৱেষণাত বিশ্বৰ প্রথম স্থান লাভ কৰক !!
সুন্দৰ....
ReplyDeleteধন্যবাদ পংকজ।
ReplyDelete