পাঠকৰ কথাৰে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পাঠকৰ কথাৰে

পাঠকৰ কথাৰে

Share This
আম আদমী পাৰ্টিয়ে সৃষ্টি কৰা আশা-প্ৰত্যাশা
দ্বিজেন্দ্ৰ নাথ শৰ্মা
(১) 

আম আদমী পাৰ্টিয়ে কি পৰিবৰ্তন আনিব পাৰে সেইটো সময়ে কব কিন্তু দিল্লী নিৰ্বাচনৰ ফলাফলে এটা কথা স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে যে বৰ্তমান ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি সাধাৰণ ৰাইজ বিতুষ্ট হৈ পৰিছে। এটা প্ৰায় অসংগঠিত নতুন ৰাজনৈতিক দলক ৰাইজে আঁকোৱালি লোৱাৰ মূল কাৰণটোৱে হৈছে বৈকল্পিক ৰাজনীতিৰ সন্ধান। আম আদমীৰ এই সফলতা বৈকল্পিক ৰাজনীতিৰ দিশত প্ৰথম খোজ। কিন্তু পৰবৰ্তি খোজ সমূহেহে নিৰ্ধাৰণ কৰিব যে এই পৰিবৰ্তনে ভাৰতীয় ৰাজনীতিত কি প্ৰভাৱ পেলায়। বিভিন্ন সমালোচনা, মতামত, সিদ্ধান্ত আদি জুকিয়াই যদি আম আদমীয়ে নিজৰ মতাদৰ্শ অটুট ৰাখি পৰবৰ্তি পদক্ষেপ লয় তেতিয়াহে কিবা পৰিবৰ্তন আশা কৰিব পাৰি। এই সময়ত লোৱা এটা ভুল সিদ্ধান্তই এই ৰাজনৈতিক বিকল্পৰ ভবিষ্যত বিপদাপন্ন কৰিব পাৰে। গতিকে অকল শাসন ভাৰ লোৱাই যে উদ্দেশ্য হৈ নপৰে সেই কথাটো বিশেষ ভাবে মনোযোগ দিয়া উচিৎ। আম আদমীৰ সবল অবস্থিতিয়েহে আকাংঙ্ক্ষা কৰা ধৰণৰ পৰিবৰ্তনৰ দিশত ভাৰতীয় ৰাজনীতিক লৈ যাব পাৰে। এই ক্ষেত্ৰত সমালোচনা- আলোচনা বিলাক অতি সুক্ষ্মভাবে বিশ্লেষণ কৰি সঠিক সিদ্ধান্ত লোৱাত আম আদমী পাৰ্টি কিমান সফল হয় সেইটো বিশেষ গুৰুত্বপূৰ্ণ কথা।
(২)
সৎ আৰু নিকা হৈ থকাটো সদায় অগ্নি পৰীক্ষাত অৱতীৰ্ণ হৈ থকাৰ দৰে হৈ পৰিছে। সম্পূৰ্ণ দূৰ্নীতিমুক্ত সমাজ সম্ভৱ নহয় কিন্তু দূৰ্নীতিয়ে সকলো নীতিৰ আধাৰ যেন হৈ পৰা সমাজ ব্যৱস্থাটোৰ পৰিবৰ্তন লাগে। দূৰ্নীতি কোনো ইছুৱেই নহয় বিকাশহে মূল ইছু বুলি বহুতে কব বিচাৰে, কিন্তু দূৰ্নীতিয়ে যে বিকাশৰ মূল হেঙাৰ সেইটো আজি কালি বহুতে উলাই কৰিব বিচাৰে। দূৰ্নীতিক লেগাম লগোৱাটো প্ৰথমিক প্ৰধান্য হ'ব লাগে। গতিকে প্ৰচলিত ব্যৱস্থাটো এটা আমোল পৰিবৰ্তনৰ প্ৰয়োজন আহি পৰিছে। এশ শতাংশ লোকেই নিশ্চয় দূৰ্নীতিগ্ৰস্থ নহয়, কিন্তু সমাজত এতিয়া এনেকুৱা বাৰ্তা উদ্দেশ্য প্ৰণোদিত ভাৱে প্ৰেৰণ কৰা হৈছে যে এই গ্ৰহত দূৰ্নীতি মুক্ত কোনোৱেই নাই। ব্যৱস্থাটো এনেদৰে সংগবদ্ধ হৈ পৰিছে যে দূৰ্নীতি মূক্ত হৈ থকাজনকো যিকোনো প্ৰকাৰে সেই ব্যৱস্থাটো অন্তৰ্ভূক্ত কৰাৰ সৰযন্ত্ৰ কৰা হয়। নহলে এনেদৰে ব্যতিব্যস্ত কৰা হয় যে তেও ব্যৱস্থাটোৰ পৰাই ওলাই আহিবলৈ বাধ্য হয়। এনেকুৱা উদাহৰণৰ অভাৱ নাই। ব্যৱস্থাৰ পৰিবৰ্তনে এনেধৰণৰ সংঘবদ্ধ ব্যৱস্থাবিলকাত আঘাত কৰিব পাৰিলে দূৰ্নীতি সম্পৰ্কে সৃষ্টি হোৱা ধাৰণাটো পৰিবৰ্তন কৰাত সফল হ'ব।
(৩)
বৈকল্পিক ৰাজনীতিৰ প্ৰাসংগিকতাটো আহি পৰিছে ভাৰতবৰ্ষৰ ৰাজনীতিলৈ, গতিকে স্বাভাবিকতে অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়। কিন্তু দিল্লীৰ বাহিৰলৈ আহিলেই আম আদমী পাৰ্টিয়ে অকল দূৰ্নীতি আৰু ব্যৱস্থাৰ পৰিবৰ্তনৰ ৰাজনীতিৰে ৰাইজৰ আস্থা লাভ কৰিব নোৱাৰিব। বিভিন্ন প্ৰান্তৰ স্থানীয় সমস্যাবিলাকৰ ক্ষেত্ৰত তেওলোকৰ অৱস্থিতি কি হ'ব সেই বিলাক আনুসংগিক কথা আহি পৰিব। তাৰোপৰি বিভিন্ন প্ৰদেশৰ আঞ্চলিক শক্তিবিলাকৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব লাগিব। আম আদমীৰ বাবে ৰাজনীতিৰ ক্ষেত্ৰখন খালী হৈ থকা নাই। ইতিমধ্যে প্ৰভাৱ বিস্তাৰ কৰি থকা শক্তিবিলাকৰ লগত যুঁজ দিহে নিজৰ বাট মুকলি কৰিব লাগিব। দিল্লীত পোৱা সফলতাৰ আধাৰত ক'ব নোৱাৰি যে ভাৰতবৰ্ষৰ আন অঞ্চলতো আম আদমীয়ে দিল্লীৰ দৰে সফলতা লাভ কৰিব পাৰিব। আম আদমী দেশখনৰ বিভিন্ন প্ৰান্তৰ স্থানীয় সমস্যা বিলাকৰ ক্ষেত্ৰতো তেওলোকৰ নীতি আৰু ভিচনেৰে ৰাইজৰ আস্থা জয় কৰিব পাৰিব লাগিব।

এটা পূৰ্ণ পৰ্যায়ৰ সৰ্বভাৰতীয় ৰাজনৈতিক দল হিচাপে গঢ় লৈ উঠিবলৈ আম আদমীৰ বহু দূৰ বাট বুলিব লগীয়া আছে। ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তৰ ৰাজনীতি এতিয়াও মূলত জনগাঠনি ভিত্তিক । গতিকে অকল বৈকল্পিক ৰাজনীতিৰ ধাৰণাটোৰে ভাৰতবৰ্ষৰ বহুতো অঞ্চলত সিমান ফলৱতী হোৱাৰ সম্ভৱনা কঠিন। ইয়াৰ ৰাজনীতিৰ ক্ষেত্ৰখন এতিয়াও জাতি বৰ্ণ গোষ্ঠীৰ বিভিন্ন সমস্যাৰ আধাৰত আধাৰিত হৈ আছে। আৰু অসমৰ ক্ষেত্ৰত অকল দূৰ্নীতিক ইছু হিচাপে লৈ কোনো ৰাজনীতিক দলে যে আসন লাভ কৰিব পাৰিব সেইটো সম্ভৱ নহয় যেন লাগে।
তাৰোপৰি অসমত বিভিন্ন গোষ্ঠীৰ নিজস্ব অধিকাৰৰ যুঁজ *(আদি) স্থানীয় বিভিন্ন কাৰকে নিৰ্বাচনত প্ৰভাৱ পেলায় গতিকে ইয়াত আম আদমীৰ দৰে এটা দলে যে কম সময়ৰ ভিতৰত কিবা প্ৰভাৱ পেলাব পৰিব সেইটো সম্ভৱ নহয় যেন লাগে।

No comments:

Post a Comment