আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
 উৎসৱৰ গোলকীকৰণ
ইন্দুকল্প শইকীয়া
আজিকালি প্ৰায়ে মন কৰো গোলকীকৰণে বাৰুকৈয়ে চুই যোৱা আমাৰ খাৰখোৱা অসমীয়া সকলে খ্ৰীষ্টমাষ্ট অথবা ইংৰাজী নৱবৰ্ষক আদৰি ইমানেই ভাগৰি পৰে যে, ভোগালীত ভোগৰ আনন্দ লৈ “মকৰ সংক্ৰান্তি”ৰ ভোগালী বিহু উদযাপন কৰিবলৈ প্ৰায় শক্তিহীন/উদ্যমহীন হৈ পৰেগৈ । প্ৰায়ে শুনা যায়, “নিউয়েৰ পাৰ্টী কৰিলোৱে, আৰু কিনো ভোজ খাম” ।

এই খ্ৰীষ্টমাছ বা ইংৰাজী নৱবৰ্ষ উদযাপনৰ প্ৰথাটোত উদ্গনি দিছে অন্য এক উৎসই । সেয়া হৈছে বহুজাতিক কোম্পানী বিলাকত কাম কৰা মোৰ দৰে কিছু কৰ্মচাৰীয়েও । প্ৰশ্ন হ’ব কেনেকৈ ? উত্তৰত ক’ব লাগিব যে এই বহুজাতিক কোম্পানী সমূহৰ প্ৰধান কাৰ্য্যালয় বেছিভাগেই ইউৰোপ বা তেনে মহাদেশত, য’ত খ্ৰীষ্টমাষ্ট এক প্ৰধান উৎসৱ । গতিকে সেই ঠাইৰ উৎসৱ অনুসৰি ৯০ শতাংশ সেই ঠাইৰ লোকে ছুটী লয় আৰু যিহেতু প্ৰধান কাৰ্য্যালয়ত কৰ্মচাৰী নাথাকে, গতিকে বহুকামেই শাখা কাৰ্য্যলয় বোৰতো সেই খিনি দিনত পিছ পৰি ৰয়। গতিকে শাখা কাৰ্য্যালয় বোৰতো কৰ্মচাৰী সকলক হয় ছুটীৰ অনুমতি প্ৰদান কৰে নতুবা বন্ধই দি দিয়ে কিছু দিনলৈ । তেনেক্ষেত্ৰত এনে বন্ধবোৰ নলও বুলিও কোনেও নকয় আৰু খ্ৰীষ্টমাছ আৰু নতুন বৰ্ষকে প্ৰধান উৎসৱ বুলি জপিয়াবলৈ ধৰে ।


এটা বৃহত অংশৰ লোকে প্ৰধানকৈ যেতিয়া পুজিপতি সকলে ইয়াক উদযাপন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সাতে পাছে মিলি মকৰ সংক্ৰান্তি এলাগীত পৰিণত হোৱাৰ উপক্ৰম হয় । বেলেগৰ কথা নকৈ মোৰ নিজৰ অভিজ্ঞতাই যদি কও, উপদেশ আহিছিল যে ডিচেম্বৰ মাহৰ মাজৰ পৰা জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত ছুটিত গৈ আহিব লাগে, যিহেতু যাক মই ৰিপৰ্ট কৰো তেও নিজে হ’ল জাৰ্মানীৰ । মই অভিযোগ কৰিলো যে এই সময়ত উদযাপিত হোৱা এটা উৎসৱো মোৰ উৎসৱ নহয়, গতিকে মোক মকৰ সংক্ৰান্তিত হে ছুটী লাগিব। যদিওবা বহু তামিল লোকো এইখিনি সময়তে ঘৰ গৈ আহিবগৈ আৰু মকৰ সংক্ৰান্তিত উদযাপিত হ’ব লগীয়া “পুংগল” ত তেওলোক নাযায় । এই প্ৰথাই ভৱিষ্যতলৈ কিহৰ ইংগিত বহন কৰে নাজানো, কিন্তু এনেকৈয়ে চলি থাকিলে খ্ৰীষ্টমাছ আৰু ইংৰাজী নৱবৰ্ষ ভাৰতৰ প্ৰধান উৎসৱ হৈ পৰিব মকৰ সংক্ৰান্তিক এলগী কৰি । অসমততো কথাই নাই । “গোহালীৰ গৰু আৰু চোতালৰ ঘাঁহৰ ৰাহিযোৰা” সকলোতকৈ বেছি অসমতে নাহে ।

No comments:

Post a Comment