(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. আমি সকলোৱে পৰিয়াল এটাৰ দৰে একেলগে থাকিব লাগে বুলি ক’লে ৰসাল গগৈয়ে৷ সেই কাৰণে যৌথ পৰিয়ালৰ খোৱা-কামোৰা বন্ধ-প্ৰতিবাদ আদি শাহু-বোৱাৰীৰ দৈনন্দিন চিৰিয়েলৰ দৰেই উপভোগ কৰি থাকিবলৈ দিলে উপদেশ৷
কেটৰিনা..... কোৱানা কাৰ কইনা? |
২. কেটৰিনাক কাপুৰ পৰিয়ালে বোৱাৰী ৰূপে আদৰি ল’বনে নলয় সেয়া দেশৰ বাবে এক বৃহৎ আভ্যন্তৰীণ সমস্যা ৰূপে দেখা দিছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও কথাটো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে৷ ভেণ্ডিৰ দাম বঢ়াৰ কথা প্ৰচাৰ কৰিলে কেণ্ডি মানে মৰ্টন এটা কিনিব পৰাকৈও ধন সেই টিআৰপিৰে আৰ্জন কৰিব নোৱাৰাৰ বাবেই এই পদক্ষেপ লোৱা বুলি অনাৱ গোস্বামীয়ে জানিবলৈ দিছে৷
৩. ডলাৰৰ দাম বঢ়াৰ লগে লগেই ভাৰত তথা অসমতো ডলাৰ বগৰী নেতা সমূহৰো দাম বৃ্দ্ধি পোৱাৰ বাতৰি৷ নিৰ্বাচনৰ আগে আগে ডলাৰ বগৰী সকলেই এৰি অহা পাৰ্টিৰ দুৰ্বলতা উন্মোচন কৰি উলংগ কৰাৰ বাবে শক্তিশালী মিচাইল হব বুলি খাদ্য মন্ত্ৰী নহৰুলে মন্তব্য কৰিছে৷
৪. শিৱসাগৰ চিকিৎসালয়ৰ কাষতে মদৰ দোকান, মাংসৰ দোকান আদি উভৈনদী হৈ পৰাত ৰোগীক ৰখিয়া পৰীয়া কৰা সকলো ৰাইজে প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছে৷ ইমান লেতেৰা পৰিবেশত খাই-বৈ-টং হৈ পৰি থকাৰ বাহিৰেটো একো উপায় নাই, আৰু সেইটো কৰিবলৈ ৰোগীক বেছি দেৰি এৰি থৈ যাব নলগীয়া হোৱাৰ পৰিবেশ গঢ়াৰ বাবেই সচেতন ৰাইজে ল’লে শলাগ৷
৫. বাইদেউক কেন্দ্ৰীয় মন্ত্ৰী পাতি দিছে যেতিয়া গোটেই দেশৰ টকাৰ ভাগ লোৱাত গুৰুত্ব দিব লাগে, মাত্ৰ লখিমপুৰৰ পুঁজিতে মন কেন্দ্ৰীভূত হৈ থকাটো বেয়া লক্ষণ হৈছে বুলি বিহপুৰীয়াৰ পৰা এজন নাগৰিকে ক্ষোভ প্ৰকাশ কৰিছে৷ আগতেও এজন যোৰাহাটতে বিয়া-সবাহ খাই ফুৰা এজন লোকেল কেন্দ্ৰীয় মন্ত্ৰী আছিল, বাইদেৱে তেখেতৰ পথকেই বাচি লোৱা বুলি সমালোচনা কৰিছে আৰু এনে গাওঁবুঢ়া সদৃশ মনোভাৱ ৰাণীযেন লগা স্মাৰ্ট বাইদেউৰ ক্ষেত্ৰত শোভা নাপায় বুলি দুখ প্ৰকাশ কৰিছে৷
৬. ডাউদৰ সহকৰ্মী মিৰ্চি ভাইৰ মৃত্যু হোৱাত প্ৰকৃতি সংগঠন সমূহে প্ৰকাশ কৰিলে আনন্দ৷ এনেয়েও মিৰ্চি যেতিয়া চৰকাৰৰ হাতত নপৰেই, তেন্তে এনেয়ে কেচ ফাইল বনাই বনাই কাগজ নষ্ট কৰি হাজাৰ জোপা গছৰ জীৱন ধ্বংস কৰা প্ৰক্ৰিয়াৰ অন্ত পৰিল বুলিয়েই প্ৰকাশ কৰিলে সন্তোষ!
৭. ৰাজ্যৰ যোগান বিভাগত মাহে মাত্ৰ ১২কোটি কিলো চাউলৰ চোৰাং বেহা হোৱাৰ বাতৰিৰ শিৰোনামাক লৈ খাদ্য মন্ত্ৰী নহৰুক সঁকিয়াই দিলে ৰসাল গগৈয়ে৷ চকলা টেঙাটি অকলে নেখাবা, আমাৰ বোপাকো অকনমান দিবা বুলি নিৰ্দেশ জাৰি কৰাৰ সুখবৰ৷
৮. স্বাধীনতা দিৱসৰ ভাষণত চৰ্দাৰ পেটেল-লাল বাহাদুৰৰ নাম থাকি যোৱা সম্পৰ্কে মনৰমোহন সিঙ চাৰে স্পষ্টীকৰণত কয় যে, তেখেতে ৰাইজে মূৰত চোকা ৰ’দ লৈ থকাৰ বাবেহে দেশৰ প্ৰতি বৰঙণি দিয়া সকলো মানুহৰ নাম নকৈ মূলতে কামত অহা নাম কেইটি পাঠ কৰিলে৷ চোকা ৰ’দত অন্ততঃ ধৈৰ্যৰে গান্ধী-নেহৰুৰ পৰিয়ালৰ বন্দনা শুনাৰ বাবেও তেখেতে সমবেত ৰাইজ তথা দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে৷
৯. যোৰহাটৰ চৰকাৰী স্বাধীনতা দিৱস উদযাপনত বাংলাদেশীৰ এজেণ্ট লতিফক জনালে সম্বৰ্ধনা৷ সেই সম্পৰ্কে বিতৰ্ক নকৰিবলৈ অনুৰোধ কৰি বানা গোস্বামীয়ে কয় যে- ৰাইজ স্বাধীনতা দিৱস বুলি ইমান কননো আমাক স্বাধীনতা নিদিবনে, যে আমাৰ পাৰ্টিৰ অক্লান্ত সেৱক এজনক আমি অকন ৰাজহুৱা স্বীকৃতি দিম! আমাৰো কিবা এটা স্বাধীনতা আছে কি নাই বুলি অলপ গৰম হৈয়ে গোস্বামীদাই সাংবাদিকক ওলোটাই সুধিলে প্ৰশ্ন৷
১০. চন্দ্ৰপুৰত দহ বজালৈকে নুখুলিলে স্কুলৰ গেট, এৰাগছতে উত্তোজন কৰিলে জাতীয় পতাকা৷ তাকে শুনি সচেতন ৰাইজে প্ৰকাশ কৰিলে সন্তোষ৷ যেনেকৈ প্ৰধান শিক্ষকৰ স্কুলৰ গেট নোখোলাৰ স্বাধীনতা আছে, স্বাধীন নাগৰিকৰো এৰা গছত হ’লেও পতাকা তুলি দেশৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ নিশ্চয়কৈ স্বাধীনতা আছে৷ এনজয় দিছ স্বাধীনতা !
No comments:
Post a Comment