এই দাসত্বৰ শেষ ক’ত?
#অজয় লাল দত্ত
ক.
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাৰ শাৰী- ভাঙ ভাঙ লোহাৰৰ শিকলি ভাঙ....৷ ইয়াত গুঞ্জৰিত হৈ আছে দাসত্বৰ অৱসান আৰু মুক্তিৰ জয়গানৰ কথা৷ নতুন যুগৰ নতুন সময়ৰ সতে পুৰণি কলীয়া ৰীতি নীতিৰ উৰ্ধত পোহৰ বিচৰা, পৰিবৰ্তনৰ বাণীৰে নৱ-যুগৰ সন্ধান কৰাটো মানৱ সভ্যতাৰ এক সহজাত প্ৰবৃত্তি৷ সমাজ-ব্যৱস্থা-সভ্যতাক আগুৱাই নিয়াৰ বাবে এচাম মহিয়ষী লোকে সোঁতত উটি নগৈ নিজৰ সঞ্জিৱনী গুণেৰে চৰ্চা কৰে৷ নিজৰ কৰ্ম আৰু আদৰ্শৰে নতুন দিশৰ সন্ধান দিয়ে৷ তেওঁসৱৰ চিন্তাৰ দিগন্তত ন ন দিশৰ উন্মোচন হয় আৰু সমাজ সভ্যতাই নতুন প্ৰগতিৰ বাট বিচাৰি পায়৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhtsDOV8MVdkupVua46w5H9uEPA0lRuGoQ4yeWHtK9VEMivuRKEgO811bh8_vqdC-V5UkrsXuQblW3HwcA0ufwntcag_NRbiTcFcbYbawm1I0P5OPRcLe7rOvFXoUFYEQWOlbAYosX-9s0/s1600/free1.jpg)
সেই একে উদেশ্যেৰে সমাজৰ ভিন্ন স্তৰত মানুহে সমাজৰ জ্ঞাত-অজ্ঞাতসাৰে সেই আত্মিক প্ৰচেষ্টাত ব্ৰতী হৈ থাকে৷ এনে প্ৰচেষ্টাত আহোপুৰুষাৰ্থ আৰু অধ্যৱসায় হ’ল মূলধন আৰু ভাগি নপৰা মনৰ মনোবল, চিৰ সাৰথি৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhtsDOV8MVdkupVua46w5H9uEPA0lRuGoQ4yeWHtK9VEMivuRKEgO811bh8_vqdC-V5UkrsXuQblW3HwcA0ufwntcag_NRbiTcFcbYbawm1I0P5OPRcLe7rOvFXoUFYEQWOlbAYosX-9s0/s1600/free1.jpg)
সেই একে উদেশ্যেৰে সমাজৰ ভিন্ন স্তৰত মানুহে সমাজৰ জ্ঞাত-অজ্ঞাতসাৰে সেই আত্মিক প্ৰচেষ্টাত ব্ৰতী হৈ থাকে৷ এনে প্ৰচেষ্টাত আহোপুৰুষাৰ্থ আৰু অধ্যৱসায় হ’ল মূলধন আৰু ভাগি নপৰা মনৰ মনোবল, চিৰ সাৰথি৷
এনে মানৱ সকলকে সমাজে প্ৰথমে পাগল আৰু পাছলৈ বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানী, দৰ্শনৰ ক্ষেত্ৰত দাৰ্শনিক, আৱিস্কাৰৰ ক্ষেত্ৰত আৱিস্কাৰক, চিন্তাৰ ক্ষেত্ৰত চিন্তা-নায়ক, সংস্কাৰৰ ক্ষেত্ৰত সংস্কাৰক, নেতৃত্বৰ ক্ষেত্ৰত লোকনায়ক ৰূপে আখ্যা দিয়ে৷
এই সকলৰ জীৱনী শক্তি তথা ঘামৰ ফচলত সমাজে মানুহক দুবেলা দুমুঠিৰ যোগাৰ দি প্ৰগতিৰ বাটত আগুৱাই নিবলৈ বল শকতি পায়৷ তেওঁ স্বকীয় উদ্ভাৱক লখিমপুৰীয়া উদ্ধৱ ভৰালীয়েই হওক, যুগ শ্ৰেষ্ঠ দাৰ্শনিক অথচ নিজস্ব দৰ্শনৰ বাবে নিৰ্বিঘ্নে বিষ পিয়া চক্ৰেটিছেই হওক, নিজস্ব চিন্তা-চৰ্চাৰ ফলত প্ৰাণ দিয়া অসমীয়া পৰাগ কুমাৰ দাসেই হওক বা সাধাৰণ জনতাকো আকাশত উৰাৰ সপোন ফলিয়াবলৈ দিয়া এয়াৰ ডেক্কানৰ প্ৰতিস্থাতা কেপ্তেইন গোপীনাথেই হওক বা ভাৰতক চফটৱেৰ জিয়াণ্ট ৰূপে বিশ্বত পৰিচয় দিওৱা অগ্ৰণী ইনফচিচৰ নাৰায়ণমূৰ্তিয়েই হওক!
নিজস্ব ক্ষেত্ৰত নিজস্ব অৱদানেৰে মুক্ত চিন্তাৰে, কৰ্মৰে যুগান্তৰকাৰী পৰিবৰ্তনৰ গীত জোৰা এই সকল বাহক৷ প্ৰকৃততেই তেওঁ সৱ প্ৰগতিৰ বাহক৷ প্ৰকৃত অৰ্থত প্ৰগতিশীল৷ তেনে ব্যক্তিত্বৰ মাজতে লুকাই থাকে একোটা যুগক আন এটালৈ কঢ়িয়াই নিয়াৰ শকতি৷ হব পাৰে একোজন প্ৰকৃত যুগনায়কৰ সন্ধান!
খ.
বাতৰি কাকতৰ পৃষ্ঠা শুৱনি কৰা দাবীৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা দেৱৰ উক্তি- অসমৰ বৌদ্ধিক নেতৃত্ব সফল, অথচ ৰাজনৈতিক নেতৃত্ব বিফল! কথাষাৰে প্ৰতিক্ৰিয়া কৰিলে, হজম নহল৷ যোৱা চাৰিটা দশকৰ তথাকথিত বৌদ্ধিক নেতৃত্বৰ মাজত তেওঁ সৱৰ আদৰ্শ তথা কৰ্মৰ স্থিত-প্ৰজ্ঞতা তথা সামজঞ্চ্যতাত আমাৰ দৰে বহুতেই বিশ্বাস কৰিব নোৱাৰিলো৷ কথা আৰু কৰ্মৰ বৈসাদৃশ্য, বজাৰৰ ৰেহ-ৰূপৰ সতে স্থিতিৰ সা-সলনিয়ে নৱ-প্ৰজন্মক বাৰুকৈয়ে নিৰাশ কৰিলে৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgZbGb5_huuxLoC_j6-RLaM5GSFiIjE65u_dCTkbHo3UBHC0xMyDsyH0cBmIh_Cfm2TQ5lXOaig1kdgNseTVxzFCWvyncyD-L_jsKpR_y5gtuA4QDFBGoOYNW9e0e8Gp5cYwa8l1MctJYE/s1600/frre2.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgZbGb5_huuxLoC_j6-RLaM5GSFiIjE65u_dCTkbHo3UBHC0xMyDsyH0cBmIh_Cfm2TQ5lXOaig1kdgNseTVxzFCWvyncyD-L_jsKpR_y5gtuA4QDFBGoOYNW9e0e8Gp5cYwa8l1MctJYE/s1600/frre2.jpg)
এই সকল বৌদ্ধিক পণ্ডিতে ৰোধিব নোৱাৰা বৃহৎ অসমীয়া জাতিৰ ক্ষয়-কাৰী নৃ-গোষ্ঠীয় ভিত্তিক বিভংগন, ৰক্তক্ষয়ী তিনিটা দশকৰ ঋণাত্মক প্ৰভাৱত দিকহীনতাত ভোগা সকলে তেওঁলোকক কোনটো কামৰ বাবে সফলতা দিব লাগে বুলি ডেকাদেৱে দাবী কৰিছে সেয়ে বুজিব পৰা নাই!
নতুন চামক আকৰ্ষণ কৰি অনুসৰণকাৰীৰ ৰূপত গঢ়ি তুলিব পৰাকৈ বৌদ্ধিক সৱল নেতৃত্বৰ উদাহৰণ আমি হলে বিচাৰি পোৱা নাই৷ আমোদ আৰু টাইম পাচৰ সামগ্ৰী ৰূপে মচমচীয়া মচলাযুক্ত চিপচৰ দৰে মাত্ৰ ৰসস্বাদন, বিক্ৰী তথা মাত্ৰ পঠন যোগ্য লেখা বা সাহিত্য সৃষ্টি কৰা সকলক বৌদ্ধিক নেতা বুলি অন্ততঃ নাভাবো৷
অসমৰ বুদ্ধিজীৱি সকলৰ মাজত আঁহফলা ব্ৰেণ্ডিং কৰা হয়৷ গোষ্ঠীবাদী, জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী তথা আন্তঃ-ৰাষ্ট্ৰীয়তাবাদী৷ ইজনে সিজনক উপলুঙাৰ দৃষ্টিৰে চায়, অথচ এজনৰৰ দৃষ্টিকোনৰ পৰা দেখা দিশবোৰ আন এজনে অনুধাৱন কৰি তাৰ সতে যোগাত্মক কথা বতৰাৰে সাৰ্বজনীন ভাৱে গৃহীত হব পৰা বা সামুহিক কল্যানৰ সমাধানৰ বাবে একোটা সমাধান অনুসৰণ যোগ্যকৈ তুলি ধৰাৰ উদাহৰণ দৰৱত দিৱলৈকো নোপোৱাৰ দৰে আপুৰুগীয়া!
পন্থীগত হিচাবে নিজৰ পৰিচয় দিব বিচৰা সকলে আকৌ বাওঁপন্থী-সোঁপন্থী-নিৰপেক্ষ-সুবিধাবাদৰ নাম লৈ দলা-দলি কৰি থকা দেখা যায়৷অথচ নিজস্ব গণ্ডীৰ পৰিসীমা নেওচি সামুহিক কল্যানৰ বাবে যুগান্তৰকাৰী মৌলিক চিন্তাৰে উজলাই তোলা দেখা পোৱা নাই৷
তাৰ মাজতে অন্ততঃ সশস্ত্ৰ সংগ্ৰামৰ এটা ধাৰাক নতুন চিন্তাৰে পৰিচালিত কৰিব পৰাকৈ দিশ-দৰ্শী কৰ্মসূচী লোৱাত ডক্টৰ হীৰেণ গোঁহাই দেৱৰ সফলতাক গণ্য কৰিবই লাগিব৷ তথাপি আন সকলৰ পৰস্পৰ বিৰোধী মন্তব্যই এই আয়োজনকো কম ক্ষতিগ্ৰস্ত নকৰাকৈ থকা নাই৷
সকলো সীমাবদ্ধতাক নেওচি জ্ঞানৰ ভেটিত সৰ্ব-স্তৰৰ মানুহৰ জীৱনৰ মান উন্নীত কৰণৰ বাবে এটা অসমীয়া দৰ্শন আগবঢ়োৱা প্ৰকৃত বৌদ্ধিক নেতাৰ অভাৱ আজি সঁচাকৈয়ে অনুভূত হৈছে৷ বিগত সময়চোৱাত বৌদ্ধিক দৰ্শন সম্পৰ্কীয় দোমোজাৰ ফলশ্ৰুতিতেই অসমৰ ৰাজনীতিত নেতা হবলৈ ওলোৱা সকলো বিধস্ত হৈ পৰা বুলি অনুমান কৰিব পাৰি৷
সেয়ে সকলো বাদ-পন্থাৰ উৰ্ধত বৃহৎ অসমীয়া জাতি-সত্বাৰ সকলো গোষ্ঠী তথা স্তৰৰ মানুহৰ আশা-আকাংখাক নতুন দিক দিব পৰা দৰ্শনৰ সন্ধান তথা বিস্তৃত কৰ্মসূচীৰ আধাৰত নিৰোপিত সুনিশ্চিত পথৰ সন্ধান কৰাৰ সময় আহি পৰিছে৷ মাত্ৰ সাহিত্য, সভা সমিতিত কচৰৎ কৰি থকা সকলেই নহয়, কলা, ক্ৰীড়া, কাৰিকৰী, কৃষি আৰু ভিন্ন কৰ্ম ক্ষেত্ৰত জ্ঞান তথা অভিজ্ঞতা সম্পন্ন পুষ্ট মানুহৰ গোট গঠনৰ যোগেদি অল ৰাউণ্ড ডেভেলপমেণ্টৰ এক দীৰ্ঘম্যাদি অভিযোজনা কৰাটো অতীৱ জৰুৰী হৈ পৰিছে৷
এনে বৌদ্ধিক দিক্-ভ্ৰান্ততাৰ বিপৰীতে কিন্তু যোৱা দশকটোত ৰাজনৈতিক নেতা কিছুৰহে ৰাজনৈতিক পৰিপক্কতা তথা সফলতা চকুত পৰা হৈ উঠিছে৷ আগৰ দুই-তিনি দশকৰ স্থবিৰতাৰ সমুখত এই প্ৰকল্প ৰূপায়নৰ গতিশীলতাক স্বীকাৰ কৰি লবই লাগিব৷ সঠিক ৰূপায়নৰ নহলেও অন্ততঃ কিছু শতাংশ ৰূপায়নৰে ৰাজনৈতিক ফলাফল লৈ এই সকলে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰাৰ বাট বুলিছে৷
(গ)
ৰাষ্ট্ৰীয় স্তৰত যোৱা তিনি দশকত বিদেশ ফেৰত তথা পুৰণি নেতা সকলৰ সতি-সন্ততিয়ে গাডী দখল কৰিছে৷ কিছু বৌদ্ধিক পণ্ডিতে আন্তঃজাতিক সুনাম অৰ্জন কৰাৰ পাছত ভাৰতলৈ উভতি আহি দেশৰ শাসন তথা নীতি নিৰ্ধাৰণৰ মূল চাবি-কাঠি বোৰ হাতত তুলি লৈছে৷ ডক্টৰ মনমোহন সিংৰ আগমন, গোলকীকৰণ আদি এই জোৱাৰৰে অংশ৷ তেওঁ লোকৰ নীতিৰ দ্বাৰা বিদেশী-বহুজাতিক কোম্পানীবোৰৰ বিক্ৰীৰ বাবে ভাৰতীয় বজাৰ খুলি দিয়া হল৷ ইয়ে কিছু সংখ্যক ভাৰতীয়ৰ জীৱনৰ মান উন্নীত কৰণত যথেষ্ট ধনাত্মক পৰিবৰ্তন আনিলে৷
কিন্তু বিদেশৰ জীৱন যাত্ৰাত অভ্যস্ত তথা আমেৰিকাৰ পৃষ্ঠপোষকতাত পুষ্ট আন্তৰ্জাতিক সংগঠনৰ গুৰুভাৰ লৈ কেৰিয়াৰ গঢ়ি অহা সকলৰ মানসিকতা সেই সকলৰ নীতিৰে সংপৃক্ত৷ সেয়ে তেওঁ সৱে দেশত নিৰ্ধাৰণ কৰা নীতিয়ে সেই বহুজাতিক সংস্থাবোৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাহিৰলৈ সীমা চেৰাই যাব পৰা নাই৷ এই নতুন নীতি সমূহে ভাৰতীয়ৰ জীৱনৰ মান উন্নীত কৰি কোম্পানীবোৰৰ সুযোগ্য পটেনচিয়েল কাষ্টমাৰ ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা সুন্দৰকৈ কৰিছে৷ কিন্তু মৌলিক ভাবে সাধাৰণ জনতাৰ সৱলীকৰণ, দেশীয় স্বকীয় উংপাদনক মূল ভেটি হিচাবে গঢ়ি তোলাৰ যি অতীৱ প্ৰয়োজনীয় কথাবোৰক নুই কৰা হৈছে৷ সাংস্কৃতিক ভাৱে ভাৰতীয় মানুহক ভোগবাদী কৰি তোলাৰ এক সৱল প্ৰয়াস গঢ়ি তোলা হৈছে৷ আৰু আমিও সেই সোঁততে উটি যোৱাৰ উপক্ৰম হৈছো৷
কেতিয়াবা এনে লাগে যেন এই সকল পণ্ডিতে, নেতা, ৰাজনীতিকে তেওঁ সৱৰ সকলো মেধা-মন-মগজুক বহুজাতিক কোম্পানীৰ বৰপেৰাত বন্ধকীতহে ৰাখিছে৷
এই সোঁতৰ বিপৰীতে আন এজন বিদেশ ফেৰত পণ্ডিতে এক সঞ্জিৱনী সুধা লৈ (বিপৰীতে) গমন কৰাক লৈ প্ৰচণ্ড আলোড়নৰ সৃষ্টি হৈছে৷ তেওঁ হ’ল সাহসেৰে টু-জি স্পেকট্ৰাম কেলেংকাৰী দেশৰ সমুখত উন্মুত্ত কৰা ডক্তৰ সুব্ৰমনিয়ম স্বামী৷ তেথেতে প্ৰাণৰ শংকাৰ উৰ্ধত গৈয়ো হাজাৰ-হাজাৰ কোটি টকীয়া কোম্পানীৰ আনকি দেশৰ কেন্দ্ৰীয় কেবিনেটৰ বৰঘৰ কঁপাই তুলিলে৷ তথ্য আৰু যুক্তিৰ আধাৰত কোম্পানীৰ বৰপেৰালৈ দেশীয় সম্পদক লুণ্ঠনৰ বাট উলিয়াই দিয়া সকলক দেশীয় ন্যায় ব্যৱস্থাৰ গণ্ডীতে কাৰগাৰলৈ প্ৰেৰণৰ কাৰ্যব্যৱ্স্থা গ্ৰহণ কৰাটো অত্যন্ত শলাগীবলগীয়া তথা এই সময়ৰ অন্যতম যুগান্তৰকাৰী পদক্ষেপ৷
(ঘ)
প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকদেৱে লিখি যোৱা এষাৰ কথা মনলৈ আহিছে৷ আমি অলেখ শক্তি-সময়-টকা খৰছ কৰি নিজক জ্ঞান, বুদ্ধি আৰু বিবেকেৰে গঢ়ি তোলো৷ কিন্তু ক্ষমতা-ধন আদি পাবৰ বাবে সেই বিবেককেই প্ৰথমে বিক্ৰী কৰিব লগা হলে, আমাৰ আৰু বেশ্যাৰ মাজত প্ৰাৰ্থক্যই বা ক’ত৷ যেনেদৰে বেশ্যাসকলে নিজকে সজাই-পৰাই তোলে নিজক ধ্বংস কৰাৰ বাবে......৷
ইতিহাসৰ পাতে পাতে এনে বিবেক বিকা পণ্ডিত, নেতা, বিদ্বান মানুহ জিলিকি আছে৷ একোটা জাতি, একোটা সভ্যতাই এনে কিছু মানুহৰ বাবে যুগ-যুগ ধৰি চকু পানী টুকিব লগা হৈছে৷ কত সভ্যতা ধ্বংস হৈছে৷ এনে বৌদ্ধিক পণ্ডিতে গঢ়ি তোলা স্তাৱকৰ দলে তোষামোদৰ জালত বান্ধি ৰাখে শাসকক৷ এনে বেশ্যা মনোবৃত্তিৰ স্তাৱকৰ সংস্পৰ্শত শাসকৰ ভাগ্য ৰবি ডুব যায়৷ এইয়া বুৰঞ্জীয়ে চিঞৰি কোৱা কথা৷
তোষামোদকাৰী, স্তাৱকে প্ৰভূ-ভক্ত কুকুৰৰ দৰে তেওঁক আগুৰি ৰাখে৷ সাধাৰণ জনতাই নিজৰ দুখৰ ৰাউচি জুৰি প্ৰতিকাৰৰ বিধান পাবলৈ শাসকৰ কাষ চাপিবলৈ বিচাৰিলেই ইহঁতে পাগলৰ দৰে ভূকিবলৈ ধৰে.........যাতে ভুকনিৰ মাজতে আচল আৰ্তনাদ বোৰ মাৰ যায়, ৰজাৰ কাণত নপৰাকৈ৷ পাত লুটিয়ালেই হিটলাৰেও সেই কথা সোঁৱৰাব !
(ঙ)
দেউতাক সুধিলো, কিয় সকলোৱে মিলি এখন সুন্দৰ সমাজ বনাৱ নোৱাৰো? ইমান পঢ়া-শুনা কৰা পণ্ডিত আছে, বৌদ্ধিক নেতা আছে, সকলোৰে উৰ্ধত সাধাৰণ মানুহৰ কল্যানৰ বাবে একোটা পথ, একোটা দৰ্শন উলিয়াব নোৱাৰেনে?
তেওঁ কলে- "কবলৈ বেয়া, কিন্তু সঁচা কথা৷ কিছুমান ডাঙৰ ডাঙৰ নেতা দেখিবি, কোনোবা পৰিয়ালৰ যেন দাসহে! যুগ যুগ যেন পদলেহন কৰি থাকিব৷ তাৰ বাহিৰে একো মগজু খটোৱা মুক্ত চিন্তা তেওঁলোকে কৰিব নোৱাৰে৷
আন কিছুমান দেখিবি, মেডিয়া হাউচৰ, কোম্পানীৰ দাস, তেওঁলোকৰ লেখা, প্ৰপাগাণ্ডা সিঁহতৰ কোম্পানী পলিচিৰ আওতাৰ বাহিৰলৈ ওলাব নোৱাৰে৷
কিছু আকৌ দলীয় আদৰ্শবাদৰ দাস! তেওঁলোকৰো দুহাত বন্ধা৷
কিছুমান দেখিবি জাতিৰ নামত, ধৰ্মৰ নামত ইমান ফাণ্ডামেণ্টলিষ্ট চিন্তা৷ সেই গণ্ডীৰ বাহিৰত চিন্তাৰ পৰিসৰ নাই৷ মৌলৱী, সাধু, যাজকৰ বাণীয়েই শেষ কথা৷ জাতিৰ নেতাৰ কথাত, ক্ষুদ্ৰ স্বাৰ্থৰ হাতত সকলো দাস-বন্দী"৷
মানসিক ভাৱে দাসত্বৰ পৰা মুক্ত হব নোৱাৰিলে, মু্ক্ত চিন্তা কৰিবই বা কেনেকৈ? সেই সকল দাসে প্ৰকৃত বৌদ্ধিক নেতৃত্বৰ কথা কবই বা দিবই কেনেকৈ?
মই সুধিলো, তেন্তে দেউতা এই দাসত্বৰ শেষ ক’ত? দেউতা মৌন হৈ ৰ’ল৷
পিছে আপুনি একা?
No comments:
Post a Comment