আমেৰিকাত এজন গগৈৰ সম্পত্তিৰ প্ৰদৰ্শনৰে শিৰোনামা দখলত ব্যস্ত আন এজন গগৈ |
-----------------------------------
স্থানঃ সংগ্ৰামী মঞ্চৰ পৰা লাইভ
-------------------
পুনৰ শিৰোনাম দখল কৰিছে ঔ-কিল গগৈয়ে৷ আচলতে গগৈৰ এটা দোষ৷ হেড লাইনত নাথাকিলে মানুহটোৰ তামাম হেডেক হয়! শান্তিত থাকিব নোৱাৰে৷
তেওঁ সংগ্ৰামী বন্ধু সকলক কয়- " ৰাইজে নেতাক জীয়াই ৰাখিব নোৱাৰে হেড-লাইনেহে পাৰে" ৷
বাকীবোৰে কয়-" দাদা, হেডলাইনত থকাৰ হাজাৰ উপায় বুলি হাতপুথি এখনকে লিখক তেন্তে!"
গগৈয়ে হাঁহি মাৰে-" ধেৎ মোৰ পাৰ্টি মোৰ কথা, মই উঠিম ফটো৷ মই থাকিম হেডলাইনত৷ মই আকৌ সকলোকে ট্ৰিকচটো শিকাই দিম কিয়? সেইটো মোৰ ট্ৰেড চিক্ৰেট!"
সেই কথাটোতে কেইজনমান পালি নেতা ৰুষ্ট হয়৷ মঞ্চ এৰি যায়গৈ৷ গগৈয়ে কেয়াৰ নকৰে৷ তেওঁ আচলতে কেয়াৰ কৰা মানুহ নহয়৷ গোহাঁই চাৰ আছিল, গলগৈ, তেওঁ কেয়াৰ নকৰিলে, বৰগোহাঁই ছাৰ আছিল, গলগৈ তেওঁ কেয়াৰ নকৰিলে৷ বোলে গগৈ, ন-শূণ্যই নবৈ, তাৰ লগত দহ যোগ দিলে শিৰোনামা পাবই! বৰ ডেমকেয়াৰ স্বভাৱৰ গগৈজন!
বহুদিন হ’ল বোলে শিৰোনামা নাই৷ হাজাৰ বিজাৰ ঘৰ জ্বলে শিৰোনামা পায়৷
গগৈ দাৰ হেডেক, হায় হায়, মোৰ প্ৰাসংগিকতা যায় যায়৷
চান্দা বৰঙনি গোটাই দিয়া ফাইনেন্সাৰ সাংবাদিক দুজনলৈকে ফোনটো লগায়৷
সাংবাদিকে দিলে টিপছ, বোলে মঞ্চ এখন দিম, মাথো লৰাই দিবা লিপছ্.....
অনশনত বহিলেও যেনেকৈ লেপৰ তলত চোবাই থাকা চিপচ!
তেনেকুৱাই আৰু!
অলপ দেৰি হ’ল, গগৈ তভক মাৰি ৰ’ল...
পৃথক ৰাজ্য বিচৰা নেতাৰ আহিল ফোন
আগ্ৰহেৰে সুধিলে হেৰা তুমিনো কোন?
মাতিলে বোলে কালি, আহি যাবা ৰৌতা, মিটিং হব ডাঙৰ
কবলৈ যদি সাহস নাই, টানি আহিবা চিলিম দুটামান ভাঙৰ!
নাই নাই সেইবোৰ নিচা নাই মোৰ
এটাই মাথো নিচা, কিনো কম মিচা?
যদি দিয়া শিৰোনামত ঠাই
পৃথক ৰাজ্যৰ কি গোটেই খন বিচাৰিলেও মোৰ আপত্তিয়েই নাই৷
(মোৰ পিতাইৰ ঘৰৰ পৰা দিমনে কিবা?)
মেলি ল’লে কিতাপ, লিখি ল’লে টান টান শব্দ
বোলে শব্দৰেই কৰিম অখমৰ মানুহক জব্দ!
বোলে মাত্ৰ পৃথক ৰাজ্য কিয়
ফেডাৰেল ফেডাৰেল কৰো আহা,
ৰাজনীতি মই কৰিব খুজিচো, তোমালোক কিয় নাহা?
গাঁৱৰ ৰাইজে চলাম কেন্দ্ৰীয় চৰকাৰ, সমৰ্থন নাই কোৱা কাৰ কাৰ
নৈৰাজ্যৰেই ৰাজ্য কৰিম, দেশেই কৰিম লাগিলে চাৰখাৰ!
ঔ-কিলে দিলে ভাষণ, ৰাইজে মাৰিলে চুপ
নীৰৱতাই সন্মতি বুলি তেৰাৰ বাঢ়িল কোপ!
বোলো ৰাইজ চিনিচেনে নাই মোক
মই ৰাজনীতিৰ পথাৰত নতুন এটা পোক,
আমেৰিকাত গগৈৰ সম্পত্তিৰ তালিকাৰে মই টিভিত ওলাইছিলো
জী-জোঁৱাইৰ ঘৰ বুলি কলেজ বিল্ডিঙকেই দেখাইছিলো...
পাহৰি নাযাব ৰাইজ,
ডাঙৰ মানুহকো দি দিও মুখেৰে ডাঙৰ ডাঙৰ টুপি
ঔ-কিল দি চোঁচৰাই নিলেও,
পুলিচকো ঘেৰাও কৰেহি হাজাৰ বিজাৰ গোপী!
সংবাদ মেল, মোৰ প্ৰিয় খেল,
লাগে মোক শিৰোনামা,
কৰি থাকো চেলবেল-চেলবেল!
*চেলবেল ৩৬৫ত লাইভ চাবলৈ পাবকালিৰ মিচা ক’লে কি ডাল হব পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক
No comments:
Post a Comment