মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ শিতান) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ শিতান)

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ শিতান)

Share This

'মোৰ লক্ষ্য'
# চন্দন জ্যোতি ভূঞা
মই হাঁহিৰাম কাইৰ দৰে হ'ম 
পাৰিলে ইংলেণ্ডতে মাটি লম,
ইম্পৰ্টেণ্ট মেটাৰেৰে জগত জিনিম
আমেৰিকাৰ কথাহে ক'ম 
মই হাঁহিৰাম কাইৰ দৰে হ'ম।

মই উল্লাস মহন্ত হ'ম 
মাজ তপা ধনী 
দুই টকাত কণী 
হাতীৰ মালিক মাউত হ'ম 
দুজনীৰ নামত যৌৱন উজাৰি থ'ম,
বেমাৰ যি লম্ভিছে, হৈছে চাউল কম
মই উল্লাস মহন্ত হ'ম।
এনেই বিহু বিহু

মই হ'ম মনৰ মোহন-লাল
মৌনতাৰ সাগৰ সাতুৰি
পাতিম নিৰব জাল 
মই হ'ম মোহন-লাল। 

মই হ'ম অ’খিলখিল 
নদীৰ পানীত জুই জ্বলাই, হিলাই দিম দিল,
ৰাস্তাত শুই অসম কপাঁই 
কানাই লংঘি, সোৱনশিৰি নেওচি
বঢ়াই থাকিম দম,
মই অ’খিলখিল হ'ম। 

মই হ'ম মনি-সেন
আঢ়ৈ টকাৰ মেজিক মেন,
চাকৰিয়ালৰ উন্নতি সাধিম
ধাবা মালিকৰ কঙালী মাতিম 
লোকৰ ভৰিত নিজে ঠিয় দিম ৷
দামী ভাত কৰিম বেন
মই হ'ম মহাপুৰুষ মনি-সেন। 

মই হ'ম মনোহাৰী, পৃথক তিনিখন ৰাজ্য লাগে
ৰাজ্যপাল মোৰ মানুহজনীয়েই চব চাগে!
ৰেল আদি জ্বলাই দিম'ৰংছিনা ভৱনো" উলোটাই দিম
ফিফটি ফিফটি অসম লাগে তাৰাতাৰী
মই হ'ম মনোহাৰী। (আগলৈ)

No comments:

Post a Comment