(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১.পঢ়া শুনা মন্ত্ৰীয়ে কৰিলে মন্তব্য, "আমি সকলোৱে হতাশাগ্ৰস্ত অৱস্থাত বাস কৰিছো"৷ ৰজাৰ চকীখনত নিজে বহিবলৈ নিচাদেউক আঁতৰ কৰিব পৰা নোৱাৰাৰ পাছত, দিল্লীৰ বৰঘৰতো বহুতো লম্ফ-জম্ফ কৰাৰ পাছত এতিয়া তেওঁ হতাশাত ভূগিছে বুলি সকলোৱেই মনে মনে ধৰিয়েই লৈছিল৷
পিছে ৰাজনীতিত থকা লোক এজনে সঁচা কথা এটা ৰাজহুৱাকৈ কৈ দিবনে? সত্য কথাটো মানি লবনে? এই কথাটোৱে আচলতে চিন্তাৰ ৰস যোগাইছে ৰসিক সমাজৰ মাজত৷ ৰসানন্দ শৰ্মাই জনোৱা মতে, হতাশাগ্ৰস্ত অৱস্থাত বাস কৰিছো বুলি মানি লোৱাৰ অৰ্থ এয়েই যে এই অৱস্থাৰ উপশম ঘটাবলৈ তেওঁ অবিৰত চেষ্টা চলাইয়েই আছে! ৰসানন্দই এই কথা জনাবলৈ কইনাধৰালৈ কৰিলে ফেক্স বাৰ্তা প্ৰেৰণ, নিচাদেউ সাৱধান, মন্ত্ৰী কিন্তু যুযুধান!
২. এইবাৰৰ পৰা মাহেকীয়া দৰমহাৰ এটা অংশৰ সলনি দাবী কৰিলে পিয়াজ, আলু. ভেন্দি, কণী, মাংস আদিৰ কুপন৷ দৰমহা বছেৰেকত বাঢ়ে ৩শতাংশ৷ আৰু এইবোৰ শাকপাতৰ দাম বাঢ়ে ৩০০ৰ পৰা ৩০০০% শতাংশ ৷ কৰ্মচাৰী কল্যান সংঘই দাবী কৰা মতে, পইচা লৈ একো লাভ নাই, দৰমহাৰ পইচাৰে এইবোৰ শাক-পাত কিনি খাব নোৱাৰি যেতিয়া, প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এনেকুৱা কুপনেই লব লাগিব৷ চৰকাৰী গুডামৰ পৰা আমাক শাক-পাতকে দিয়ক, দা-দৰমহা নিদিলেও হব বুলি স্বয়ং ৰাষ্ট্ৰপতিলৈ লিখিলে চিঠি৷
৩. গুৱাহাটীৰ নৰকাসুৰ পাহাৰত চাঞ্চল্য, পাহাৰ খানোতে পালে সপ্তম শতিকাৰ নাও৷ তাকে শুনি ৰসাল গগৈ চাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, সেইটোনো কি ডাঙৰ কথা, কাৰ্বি পাহাৰৰ ফালেটো অফিচ খান্দিলেই কেলেংকাৰী ওলায়, সেই কাৰণেই মানুহ লগায় দিলো জ্বলাই৷ না-থাকিব অফিচ, না থাকিব ফাইল, না থাকিব কেলেংকাৰী৷ ইও এক চাফাই অভিযানেই বুজিছা৷
আৰু এটা কথা, কেচু খান্দোতে সাপ ওলোৱাদি চাবা, ২১০০চন মানত জালুকবাৰী, ছয়গাওঁ, ৰহাৰ অ’ত ত’ত খানিলে সোণৰ নাওঁ ওলাবই, মই বাওঁহাতেৰে লিখি দিম! দিছপুৰৰ কলনীত খানিলেও সোনৰ পেৰা, চন্দুক আদিয়েই পাব৷ তেতিয়া চাবা সকলোৱে কব, গগৈ দিনৰ সভ্যতাৰ নমুনাবোৰ চোৱা কিমান মূল্যৱান! মিচা ক’লে কি ডাল হবহে!
৪. কণী ছিণ্ডিকেটৰ পাঁচজনক আটক কৰাৰ লগে লগেই কণীৰ দাম পঞ্চাশ টকালৈ বৃদ্ধি হবই বুলি যোগান ধৰা মন্ত্ৰী নহৰু চাহাবে কৰিলে ঘোষণা ৷ খবৰ পাই মূলাগাভৰু সন্থাই কৰিলে থানা ঘেৰাও!
চিণ্ডিকেট হ’লেও কণীযে নভগাকৈ বেলেগ ৰাজ্যৰ পৰা আনি ভাইহঁতে খুৱাই আছিল, সেই বেপাৰটো তেওঁলোকেটো আগতে কাকো চলাবলৈ নিদিলে, কাকো শিকিবলৈ নিদিলে৷ সেয়ে ভাইহঁতক জেলত ভৰাই থলে কাইলৈ কণী কোনে আনি দিব, অভিজ্ঞ মানুহে নানিলে, সেই সোপা ৰাস্তাত ভাগিলেটো দাম বাঢ়িবই৷ মাছ, মাংস, পিয়াজ খাব নোৱাৰe হ’ল, কণী বয়ল আলু পিতিকাৰে কাম চলায় থকা দিনত ভাইহঁতৰ গ্ৰেপ্তাৰ আচলতে পূৰ্ব-পৰিকল্পিত আৰু ষড়যন্ত্ৰমূলক৷ সেয়ে ভাইহঁতক সোনকালেই স-সন্মানে মুকলি কৰি দি অন্ততঃ মানৱীয়তাৰ খাতিৰত কণী খায় জীয়াই থাকিবলৈ দিবলৈ মূলাগাভৰু সন্থাই দাবী জনাইছে৷
এনৰেগাৰ ঘৰ দিলে গগৈয়ে, টেটত পইচা নোহোৱাকৈ চাকৰি দিলে শৰ্মাই, সকলো উদ্যোগত তলা মাৰি দিলে বৰদলৈয়ে, গঁড় মৰাত ৰেকৰ্ড কৰি দিলে বনফুল চাহাবে, চৰ মাৰি চিগাৰেট নাখাবলৈ শিক্ষা দিলে গোবিন গাৰ্গে৷ এই সকলৰ কি প্ৰভাৱ ৰাজ্যত নপৰিল৷ আহ্বান দিলেই ১০০০ঘণ্টাৰ বন্ধ হৈ যায় নামনিত, সেইবোৰ প্ৰভাৱ কি প্ৰভাৱ নহয়৷ সেই সকল মহান লোক প্ৰভাৱশালী নহয়৷ মাত্ৰ পানী-জৰা ফুকা কৰিয়েই এটা মানুহে সকলোকে কেনেকৈ চেৰ পেলাই গ’ল তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷
পিছে ৰঞ্জু হাজৰিকা দাৰ ঘৰৰ বনকৰা ল’ৰাজনেহে ৰহস্যটোৰ উদঘাটন কৰিলে৷ আজকল চাহাবৰ বনকৰা ল’ৰা চামাদে দিয়া খবৰ মতে বোলে এদিন ৰাষ্ট্ৰীয় মেগাজিনৰ সাংবাদিক এজন আহিছিল হয়, আজকল চাহাবৰ সাক্ষাৎকাৰ লবলৈ, তাতে যি এগিলাচ পানী খায় গ’ল, তাৰ পাছত আৰু সেইখন চাৰ্টিফিকেট নিদি পাৰেনে? ভেল্কীবাজিত চাৰৰ প্ৰভাৱ সদায়েই শ্ৰেষ্ঠ বুলিও চামাদে চেলেঞ্জ কৰি কয় যে, বেমাৰ আজাৰ মন্ত্ৰীও এবাৰ ইফতাৰ কৰিব আহোতে যি পানী এটোপা খায় গ’ল তাৰ পাছত আৰু ১৮কোটি টকীয়া হস্পাতাল যে হোজাইত পাতিব আছিল সেয়াও পাহৰি গ’ল৷ মিচা ক’লে কি ডাল হব হয়নে, এতিয়া এনেকুৱা তান্ত্ৰিকেহে চলাব গণতন্ত্ৰ!
No comments:
Post a Comment