বানপানী তথা গৰা-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণৰ প্ৰয়োজনীয়তা
#ড° বুলজিৎ বুঢ়াগোহাঁই
অসমৰ নদীৰ খহনীয়া |
মাননীয় সম্পাদক মহোদয়,
অসমৰ বানপানী তথা গৰাখহনীয়া বহু বছৰ ধৰি হৈ থকা সমস্যা। কেতিয়াবা এনেকুৱা লাগে ইয়াৰ সমাধান যেন কেতিয়াও নহ’ব। বাৰিষাৰ সময়তহে এই বিষয়ত বিভিন্ন আলোচনা-বিলোচনা হোৱা দেখা যায়।আমি ভাবো, এই সমস্যাক আন্ত:ৰাষ্টীয় পর্যায়ত লেখকসকলে দাঙি ধৰিব পাৰে ।
অসমৰ লেখকসকলক অনুৰোধ কৰিব বিছাৰিছোঁ যে তেখেতসকলে যেন এই সমস্যাক লৈ এনে কিছুমান উপন্যাস, গল্প, কবিতা আদি লিখক যাতে এই সমস্যাৰ বিষয়ে আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ব
( অৱশ্যে এই লেখাবোৰক পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰাব লাগিব ) ।
তেতিয়া হয়তো এই সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষ আগ বাঢ়ি আহিব পাৰে।
No comments:
Post a Comment