সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
তেলেংগনাৰ ৰাজ্য প্ৰাপ্তি আৰু সুকীয়া ৰাজ্যৰ আন্দোলন 

#শ্যামকানু মহন্ত



যোৱা ৩০ জুলাইত দেশৰ শাসনাধিষ্ঠ ইউ পি এ চৰকাৰে তেলেংগনাৰ পৃথক ৰাজ্যৰ গঠনৰ বাবে সিদ্ধান্ত লৈ চৰকাৰক অহা ৪মাহৰ ভিতৰত ৰাজ্য গঠনৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয় যাৰ ভিতৰত সংসদৰ অনুমোদন কৰোৱাটোও আছে । ইয়াৰ আগতেও যোৱা ২০০৯ চনত সুকীয়া ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছিল কিন্তু অন্ধ্ৰপ্ৰদেশৰ বাকী কেইটা অঞ্চলৰ বিধায়ক সকলে কৰা সামূহিক পদত্যাগৰ বাবে ৰাজ্য গঠনৰ সিদ্ধান্ত স্থগিত কৰা হয় । কিন্তু এইবাৰ দেখা গৈছে যে কংগেছ চৰকাৰে নিজৰ দলৰ আভ্যন্তৰীণ সমস্যা সমুহ ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰু পৃথক ৰাজ্য গঠনৰ পথ মসৃন দেখা গৈছে ।

আজিৰ এই আলোচনাত আমি তেলেংগনা ৰাজ্য গঠনৰ প্ৰেক্ষাপট, ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া আৰু অসমত পৃথক ৰাজ্যৰ বাবে হোৱা আন্দোলনৰ বিষয়ে আলোচনা কৰিম ।
(১) অন্ধ্ৰপ্ৰদেশৰ তিনিটা অঞ্চলৰ ভিতৰত সৰ্ব বৃহৎ তেলেংগনা অঞ্চলটোৱে ৰাজ্যখনৰ মুঠ ৪১.৪৭ %(১,১৪,৮০০ কিঃমিঃ) মাটি কালি আৱৰি আছে ।

(২) তিনিকোটিতকৈও বেছি জনসংখ্যাৰে তেলেংগনা ৰাজ্যখনৰ প্ৰায় ৪১% মানুহে বসবাস কৰে ।

(৩) তেলেংগনা প্ৰাকৃতিক সম্পদৰে অতি চহকী অঞ্চল । দেশৰ কয়লাৰ ২০ শতাংশই তেলেংগনাত । তেলেংগনাৰ কয়লাৰ পৰা উৎপাদন হোৱা বিজুলী শক্তিয়ে সমগ্ৰ দক্ষিণ ভাৰতৰ বিজুলীৰ চাহিদা পুৰণ কৰে । ইয়াৰোপৰি তেলেংগনাত চুণশিল , মাইকা, বক্সাইত ইত্যাদিও যথেষ্ট পৰিমাণে আছে ।

(৪) তেলেংগনাৰ এক পৃথক গৌৰৱাজ্বল ইতিহাস আছে । স্বাধীনতাৰ পাছত চি পি আইৰ নেতৃত্বত ১৯৪৬ চনতেই পৃথক তেলেংগনাৰ আন্দোলন হৈছিল । ১৯৫৬ চনত পৃথক অন্ধ্ৰৰাজ্য গঠনৰ সময়ৰে পৰা পৃথক তেলেংগনাৰ বিদ্ৰোহ কম বেছি পৰিমাণে চলিয়েই আছে । এই বিদ্ৰোহৰ পৰিমাণ বৃদ্ধি প্ৰায় ১৯৬৯, ১৯৭২, আৰু ২০০০ চনৰ পাছৰে পৰা একেৰাহে ।

(৫) অন্ধ্ৰপ্ৰদেশৰ আয়ৰ সিংহভাগ তেলেংগনাৰ পৰা আহে যদিও অঞ্চলটোৰ ১০খনৰ ভিতৰত ৭খন জিলাই পিছপৰা জিলা আৰু ৰাজ্যখনৰ ২৮ শতাংশহে অঞ্চলটোত ব্যয় হয় । ফলস্বৰূপে পুঞ্জীভুত ক্ষোভৰ পৰিমাণ বাঢ়িবলৈ ধৰে ।

(৬) ২০০৯ চনত হোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে অন্ধ্ৰপ্ৰদেশৰ ৪৫টা সমষ্টিৰ ৩৩টা সমষ্টিত জয়লাভ কৰে । কিন্তু মুখ্যমন্ত্ৰী ৱাই এচ আৰ ৰেড্ডীৰ মৃত্যুৰ পাছত ৰাজনৈতিক পটৰ ব্যাপক পৰিবৰ্তন হয় । অলপতে হোৱা এক নিৰ্বাচনী এক সমীক্ষাৰ মতে এইবাৰ কংগ্ৰেছে ৮তাকৈ বেছি সমষ্টি পোৱাৰ সম্ভাৱনা নাই । জগন মোহন ৰেড্ডীৰ নেতৃত্বত থকা ৱাই এছ আৰ কংগ্ৰেছে জাতীয় কংগ্ৰেছৰ ব্যাপক খহনীয়া কৰিছে । 

(৭) এই প্ৰেক্ষাপটত তেলেংগানাত থকা ১৭টা লোকসভা সমষ্টিয়ে কংগ্ৰেছৰ সমীকৰণত ব্যাপক গুৰুত্ব লাভ কৰিছে । পৃথক ৰাজ্য গঠন কৰি কংগ্ৰেছে তেলেংগনাৰ ১৭টা সমষ্টি দখল কৰাৰ ওপৰিও ৱাই এচ আৰ কংগ্ৰেছৰ ভোটৰ বিন্যাসত আউল লগোৱাৰ প্ৰচেষ্টা কৰিছে বুলি বিবেচিত হৈছে ।

(৮) এই খিনিতে উল্লেখ কৰিব পাৰি যে ইচ্ছা কৰা হ’লে কংগ্ৰেছে ১৯৫৬ চনতে পৃথক তেলেংগনা গঠন কৰিব পাৰিলে হেতেন ।

সুকীয়া ৰাজ্য গঠনৰ বাবে তেলেংগনাৰ যথেষ্ট শক্তিশালী যুক্তি আছে।তেলেংগনাৰ সুকীয়া বুৰঞ্জী আছে, যথেষ্ট ৰাজহ আছে, সম্পদ আছে, তিনি কোটিৰো অধিক জনসংখ্যা আছে যিটো এখন স্বতন্ত্ৰ ৰাজ্য হিচাবে চলিবলৈ অতিকৈ প্ৰয়োজনীয়।

৯) এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এক পৃথক ৰাজ্য সমষ্টিৰ ক্ষেত্ৰত আচলতে অৰ্থনৈতিক পৰিকাঠামো অতিশয় গুৰুত্বপূৰ্ণ।বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ ৰাজস্ব ঘাটি হ্ৰাসকৰণৰ তৰ্ক বিতৰ্ক, প্ৰচেষ্টা চলি আছে। বিশ্ব বেঙ্ক. এ.ডি.বি ইত্যাদি আন্ত-ৰাষ্ট্ৰীয় বিত্তীয় সংস্থা সমুহে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলায়। আমি দেখা পাইছো ডিজেলত থকা চাবচিডী হ্ৰাস কৰাৰ বাবে প্ৰতিবাৰে ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে। এই প্ৰক্ষাপটত কি কংগ্ৰেছ বা কি বিজেপি, যিকোনো চৰকাৰে নিজত্ব ৰাজহৰ উৎস নোহোৱা অঞ্চলক পৃথক ৰাজ্য দিয়াটো অতিশয় কঠিন হ'ব।

তেলেংগনাৰ ৰাজ্য গঠনৰ প্ৰস্তাবৰ পাছতেই সমগ্ৰ দেশতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু ২২ খন ৰাজ্য স্থাপনৰ দাবী জনোৱা হৈছে. ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ মায়াৱতী চৰকাৰে দুবছৰমান আগতে অৱধ প্ৰদেশ, পূৰ্বাঞ্চল, বুণ্ডেলখন্ড, হৰিত প্ৰদেশৰ স্থাপনৰ বাবে লোৱা আবেদনো আছে।আৰু আছে দাৰ্জিলিঙৰ গোৰ্খালেণ্ড, তামিলনাডুৰ কংগোনাডু, কৰ্ণাটকৰ কুৰ্গ ৰাজ্য, মণিপুৰৰ কুকি ৰাজ্য, অসম আৰু পশ্চিমবংগৰ কিছু অঞ্চল সামৰি কমতাপুৰ ৰাজ্য, গাৰো ৰাজ্য, অসমৰ পৰা বড়োলেণ্ড, কাৰ্বি ৰাজ্য-ডিমাৰাজি ইত্যাদিয়েই অন্যতম৷

যোৱাকেইদিন ধৰি পৃথক ৰাজ্যৰ দাবীয়ে সমগ্র ৰাজ্যখন উত্তাল কৰি ৰাখিছে । বিশেষকৈ কার্বি-আংলঙত যথেষ্ট হিংসাত্মক ঘটনা হৈছে ,ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষয় ক্ষতি হৈছে । এই আলোচনাত আমি কাবি আৰু বড়োৰ পৃথক ৰাজ্য সর্ম্পকে আলোচনা কৰিম ।
এইটো অনস্বীকার্য্য যে স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন চৰকাৰৰ অনীহাৰ বাবে ৰাজ্যখনৰ বড়ো কার্বি জনজাতিসকল অধ্যুষিত অঞ্চলসমুহ বহু পিছ পৰি ৰ’ল। দশক জুৰি হোৱা বঞ্চনাই লোক সকলক বিদ্রোহী কৰি তুলিলে। এখন পৃথক ৰাজ্য হ’লেই অঞ্চল কেইটাৰ উন্নয়ন হ’ব বুলি অঞ্চল কেইটাৰ ৰাইজে বিশ্বাস কৰিবলে লৈছে । ৬০ দশকৰ পৰাই বি টি ডিএৰ নেতৃত্বত পৃথক ৰাজ্যৰ বিদ্রোহৰ উকমুকনি আৰম্ভ হৈছিল যদিও ১৯৮৭ চনত আবছুৰ নেতৃত্বত পৃথক ৰাজ্যৰ ব্যাপক আন্দোলন আৰম্ভ হয় । ২০০৩ চনত বি এল টিৰ লগত হোৱা চুক্তিৰ মর্মেই বিটিচিত এখন টেৰিটৰিয়েল কাউণ্সিলৰ গঠন হয় । যথেষ্ট ক্ষমতাৰে ৫০০ কোটি টকীয়া বিটিচি পেকেজ লৈ হাগ্রামা মহিলাৰীৰ নেতৃত্বত যোৱা কেইবছৰত যথেষ্ট উন্নতি হৈছে । ৰাস্তা পথৰ মানদণ্ড যথেষ্ট উন্নত হৈছে৷ স্কুল কলেজ, অভিযান্ত্রিক কলেজ ,বিশ্ববিদ্যালয় স্থাপন হৈছে উন্নতিৰ এটা বাতাবৰণ সৃষ্টি হৈছে । ধংসপ্রায় অর্থনীতিৰ পুনৰ নির্মাণৰ চেষ্টা চলোৱা হৈছে । কিন্তু কেন্দ্র চৰকাৰৰ পৰা অহা অনুদান ৰাজ্যৰ মাজেদি অহা ব্যৱস্থাৰ বাবে প্ৰশাসনিক মেৰপাকত আবণ্টিত ধন বিটিচি পাওঁতে যথেষ্ট পলম হয় আৰু বহুক্ষেত্ৰত পইচা উভতি যোৱাৰ নজিৰো দেখা পোৱা যায়। তদুপৰি সন্ত্ৰাসবাদত বিধস্ত অঞ্চলটোৰ আশা পূৰাবৰ বাবে বিটিচি চৰকাৰৰ আৰু বহু পুঁজিৰ দৰকাৰ। এই অঞ্চলটোত হোৱা আমাৰ ব্যাপক অভিজ্ঞতাৰ পৰা আমি ভাবো যে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিচিলৈ প্ৰত্যক্ষভাবে অনুদান আহিলে, অনুদানৰ পৰিমাণ বৃদ্ধি হলে আৰু চৰকাৰৰ চোকা দৃষ্টি থাকিলে বিটিচি অঞ্চলটোৰ যথেষ্ট উন্নতিৰ অৱকাশ আছে। 

বিটিচি অঞ্চলটোৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল যে ইয়াত বিচক্ষণ ৰাজনৈতিক নেতা আছে আৰু অঞ্চলটো চলোৱা মূল নেতাকেইজনৰ অঞ্চলটোৰ উন্নয়ণৰ বাবে সংকল্প আছে আৰু একাগ্ৰতা আছে। কিন্তু অঞ্চলটোৰ দুৰ্বলতা হ’ল অঞ্চলটোত থকা বন্ধ দিয়াৰ ব্যাপক প্ৰৱণতা ফলস্বৰূপে বছৰটোৰ বহুসময় অঞ্চলটো বন্ধৰ গ্ৰাসত থাকে। অঞ্চলটোৰ কৰ্ম সংস্কৃতি ফলস্বৰূপে বিধস্ত হৈছে, উৎপাদিকতা শক্তি কমি গৈছে। এন ডি এফ বিৰ নেতৃত্বত চলা ব্যাপক ধনদাবীয়ে অঞ্চলটোৰ পৰ্য্যটন আৰু উদ্যোগ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে। ঐতিহ্যমণ্ডিত মানাহ অভয়াৰণ্যত বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে কাম কৰা আন্তৰ্জাতিক অনুষ্ঠান যেনে WWF ধনদাবীৰ বাবে মানাহ এৰিবলৈ ওলাইছে।

অঞ্চলটোত শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাৰ যথেষ্ট অৱকাশ আছে৷ উন্নয়নমুখী পৰিবেশ, কৰ্ম-সংস্কৃতিৰ সৃষ্টি হ’লে বিটিচি অঞ্চলৰ উজ্জ্বল ভৱিষ্যত আছে বুলি আশা কৰিব পাৰি৷ এইখিনি কোৱাৰ আঁৰত এয়েই যে পৃথক ৰাজ্যৰ বিবেচনাৰ বাবে অঞ্চলটোৰ পৰিবেশ অতি গুৰুত্বপূৰ্ণ হব৷
প্ৰস্তাৱিত পৃথক ৰাজ্য আৰু তাৰ পাছৰ 
অসমৰ এক সাম্ভাব্য মানচিত্ৰ
ৰাজ্যখনৰ পাহাৰীয়া জিলা কাৰ্বি-আংলং আৰু ডিমা-হাচাও জিলাৰ উন্নয়নৰ হাৰ অতি দুখলগা৷ জিলা দুখনত থকা স্বায়ত্ত শাসিত পৰিষদৰ ক্ষমতা অতি কম৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰকল্পবোৰৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া৷ ইয়াৰ বাবে অঞ্চলটোৰ ৰাজনৈতিক নেতৃত্ব মূল জগৰীয়া বুলি বিবেচিত হৈছে৷ আমি ভাবো যে, অঞ্চলটোৰ স্বাৰ্থত পৰিষদ কেইটাৰ ক্ষমতা বৃদ্ধি কৰিব লাগে, পুঁজি আবণ্টন বৃদ্ধি কৰিব লাগে৷ চৰকাৰৰ পৰা এটা শক্তিশালী মনিটৰিঙৰ ব্যৱস্থা লব লাগে, যিহেতু জিলাকেইখনত পইচাৰ ব্যাপক অপ-ব্যৱহাৰৰ অভিযোগ আছে৷ ৰাইজৰ প্ৰতি এক আহ্বান যে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি ৰাইজে নিজকেহে ক্ষতিগ্ৰস্ত কৰিব৷ যিহেতু সম্পত্তি পুনৰ নিৰ্মাণৰ বাবে লগা পইচাও কাৰ্বি-আংলংৰ উন্নয়নৰ বাবে আবণ্টিত ধনৰ পৰাই আহিব লাগিব৷

সৰ্বশেষত আন্দোলনকাৰী ৰাইজলৈ অনুৰোধ যে আৱেগৰ সলনি বস্তুনিষ্টভাৱে বিশ্লেষণ কৰি এক গণতান্ত্ৰিক আন্দোলন হওক, ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ প্ৰৱণতা ত্যাগ কৰক৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ অনুৰোধ এক ত্ৰিপাক্ষিক বৈঠক হওক৷ অঞ্চলকেইটাৰ ৰাইজ সকলৰ মূল সমস্যাবোৰৰ পৰ্যালোচনা হওক, এটা সৰ্বসন্মত সমাধান সূত্ৰ ওলাওক৷

অসমৰ বৌদ্ধিক সমাজলৈ অনুৰোধ, বড়ো, কাৰ্বি ভাই বন্ধুসকলে অৱহেলিত বুলি ভাবি অসমৰ পৰা আঁতৰি যাব বিচৰাৰ কাৰণবোৰ পৰ্যালোচনা হওক, আমি সকলোৱে আত্ম-সমালোচনা কৰো আহক, ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে৷


(লেখক এজন প্ৰকল্প বিশেষজ্ঞ আৰু বিটিচিকে ধৰি অসমৰ বিভিন্ন প্ৰকল্পৰ লগত জড়িত)
ঠিকনাঃ জে.বৰুৱা পথ, চেনীকুঠী, গুৱাহাটী ৷
লেখাটোৰ ইউনিকোডত টাইপ কৰি প্ৰকাশ যোগ্য কৰি হাত উজান দিয়াৰ বাবে কলিকতাস্থ অৰূপজ্যোতি সন্দিকৈ, শিৱসাগৰৰ অঞ্জলি সোনাৱাল বাইদেউ, গুৱাহাটীৰ  মিণ্টু  বৰগোহাঁইলৈ সম্পাদকৰ মেজৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

No comments:

Post a Comment