সুখ দুখ এক্সক্লুছিভ....
আহি আছে তনু ভূঞাৰ "অপথ্য"
অৰুচিকৰ অস্বাস্থ্যকৰ মানসিক খাদ্য সম্ভাৰ
পৰিচয়ঃ
মেডিয়া মহলত বিশেষকৈ তেখেত ফুটেজ দা হিচাবে পৰিচিত৷ ফুট গধূলি কোনে ক’ত কি ৰঙীন ৰঙ ৰহইছ কৰিছে তাৰ ফুটেজ সংগ্ৰহ কৰি ফুট গধূলিৰ পৰা মাজনিশালৈ মুৰ্খৰ বাকচৰ আগত ৰজন-জনাই যোৱাকৈ প্ৰচাৰ কৰাত এজন সিদ্ধ-হস্ত সাংবাদিক৷
তেখেত মানুহৰ মগজুত সুৰসুৰণি, দেহত পিৰপিৰনি জগাব পৰা সংবাদ সৃষ্টিত নিজৰ প্ৰতিভাৰ পূৰ্ণ পৰিচয় ইতিমধ্যেই ৰাইজক দিছে৷ খলকনি, বলকনি সৃষ্টি কৰিবলৈ এই প্ৰতিভাধৰক মূল বৰষুণজাক নহ’লেও মাত্ৰ এচাৰকণীয়েই যথেষ্ট! তাৰ পাছৰকন মা-মছলা সানি জুতি লগা মানসিক ব্যঞ্জনৰ ৰূপত তুলি ধৰা তেখেত সংবাদ-ৰন্ধনৰ এজন প্ৰখ্যাত ৰান্ধনি স্বৰূপ৷
বিশেষ মাইলৰ খুটিঃ
ডেকা কালতে প্ৰাপ্তবয়স্কৰ বাবে, কাল্পনিক চুম্মা চাহাবৰ চিডি জাতীয় চিত্ৰনাট্য লেখাৰ তেখেতৰ পূৰ্ণ অভিজ্ঞতা আছে৷ গৰুৰ দানা নিজে চোৱাই খোৱা এলঅ’চিত ফচা ঠিকাদাৰৰ পেপাৰত অত্যাধিক অত্যুৎসাহী সেৱাৰ বাবে তেখেত জেইলৰ ভাত খোৱাৰ পূৰ্ণ অভিজ্ঞতাও লাভ কৰিছে৷
পেপাৰৰ পৰা খেদা খোৱাটো আৰু আগৰ মালিকতকৈ ধুৰন্ধৰ মালিকৰ সন্ধান কৰি লব পৰাটো তেখেতৰ এক জন্মগত গুণ৷
পেপাৰৰ পৰা খেদা খোৱাটো আৰু আগৰ মালিকতকৈ ধুৰন্ধৰ মালিকৰ সন্ধান কৰি লব পৰাটো তেখেতৰ এক জন্মগত গুণ৷
তেখেতে গুৱাহাটী চুলাই ৰোডত এগৰাকী চুলাইখাতীক টনা আজোৰাৰ বাবে চামচা সাংবাদিকক প্ৰেৰণা দি এক অনন্য ফুটেজৰ সৃষ্টি কৰে৷ এই ফুটেজে দেশে বিদেশ অসমী আইৰ জীয়ৰী সকলৰ চুলাইখাতী চৰিত্ৰ তথা ডেকা সকলৰ কেচাইখাতি ৰূপ বিশ্বসভাৰ আগত তথ্য-প্ৰযুক্তিৰ সহায়ত উন্মোচন কৰে৷
তাৰ ফলতে চুলাইখাতীয়ে চৰকাৰী চাকৰি তথা ক্ষতিপূৰণৰ লাখ টকীয়া পেকেজ লাভ কৰে৷ মহিলা উদ্ধাৰৰ ঠিকা লোৱা সমিতিৰ লাম্বা মেডামেও লাম্বা টুৰ এটা উপহাৰ লৈ উত্তৰ-পূৱৰ সতেজ হাৱা খাই যোৱাৰ সুবিধাৰ লগতে মুৰ্খৰ বাকচত ইচাট-বিচাট মডেলিঙো কৰি যাবলৈ সুবিধা পায়৷
তাৰ ফলতে চুলাইখাতীয়ে চৰকাৰী চাকৰি তথা ক্ষতিপূৰণৰ লাখ টকীয়া পেকেজ লাভ কৰে৷ মহিলা উদ্ধাৰৰ ঠিকা লোৱা সমিতিৰ লাম্বা মেডামেও লাম্বা টুৰ এটা উপহাৰ লৈ উত্তৰ-পূৱৰ সতেজ হাৱা খাই যোৱাৰ সুবিধাৰ লগতে মুৰ্খৰ বাকচত ইচাট-বিচাট মডেলিঙো কৰি যাবলৈ সুবিধা পায়৷
আধুনিকা চুলাইখাতিক তেৱেই যদিও লাখটকীয়া পেকেজ দিলে, পিছে টুটকীয়াৰ আৰু ঘৰ বিভীষণৰ প্ৰভাৱত মানসিক ভাৱে অশান্তি লভি তনু ভূঞাৰ বিবেক জাগি উঠে আৰু সেই মুৰ্খৰ বাকচৰ কাৰ্যালয় ত্যাগ কৰে৷
এতিয়া বহুদিন চেচা পৰি থকা বাকচ এটাৰ কৰ্তৃপক্ষই পুনৰ চেচাঁ পৰি থকা তনুকো জগাই তোলে৷ জাগিয়েই তনুৱে সকলোৰে তন-মন-বদন টঙাই যোৱাকৈ এটা ফুটেজ ৰাইজৰ বাবে মুকলি কৰে৷ অসমৰ ৰাইজেও দীৰ্ঘ-বিৰতিৰ পাছত এনে ফেণ্টাচীৰ সমল স্বৰূপ এমএমএছৰ সোৱাদ লবলৈ পাই কৃতাৰ্থ হৈছে আৰু তনু ভূঞাৰ কল্যান কৰি ভাদ মাহৰ বিভিন্ন ফুটেজ উপলব্ধ কৰিবলৈ সাহস দিবলৈ নামঘৰে নামঘৰে শৰাই পৰ্যন্ত আগবঢ়াইছে৷
স্পষ্টবাদিতাঃ
এই ক্ষেত্ৰত তনু ভূঞা নাম্বাৰ ওৱান৷ তেখেতে নিজেও মেকডুৱেল নাম্বাৰ ৱান পান কৰি থকা ফটো ফেচবুক বা মুৰ্খৰ বাকচৰ পৰ্দাত দিবলৈ লাজ নকৰে৷
তেখেতে শ্বিলংত "দুখন মুখ" নামৰ প্ৰগ্ৰেমৰ জৰিয়তে আনৰ মুখা খুলি ফুৰা নায়িকাৰ সতে শ্বিলঙৰ হোটেলত ধৰা পৰিলেও, সেই কথা লগৰ ল’ৰাক জহাবলৈ ভয় নকৰে৷
তেখেতে "ধন্য নাৰী যাৰ তনু" ভাল নামৰ কথাছবিৰ কামো হাতত লৈছে৷
বিশ্বৰ বহুকেইটা মাইক্ৰস্কপ’ কোম্পানীয়ে তেখেতৰ মগজুত কীট-কাটীই থকা সৃষ্টিশীল কীটানু বোৰক অধ্যয়ন কৰা তথা সংখ্যা নিৰূপনৰ বাবে বাবে নিজৰ গৱেষণা নিৰন্তৰে জাৰি ৰাখিছে৷
বিশ্বৰ বহুকেইটা মাইক্ৰস্কপ’ কোম্পানীয়ে তেখেতৰ মগজুত কীট-কাটীই থকা সৃষ্টিশীল কীটানু বোৰক অধ্যয়ন কৰা তথা সংখ্যা নিৰূপনৰ বাবে বাবে নিজৰ গৱেষণা নিৰন্তৰে জাৰি ৰাখিছে৷
তথাপি অলেখ ব্যস্ততাৰ মাজতো এনে স্পষ্টবাদী মহান গুণৰ বিৰল সাংবাদিক জন সুখ দুখৰ হাস্য ব্যংগ শিতানৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হৈছে৷ তেখেতে প্ৰতি সন্ধিয়া সাত বজাৰ লগে লগে আপোনালোকলৈ আগবঢ়াব "অপথ্য" নামৰ এক অৰুচিকৰ আৰু অস্বাস্থ্যকৰ মানসিক খাদ্যৰ শিতান৷ মাজে মাজে পাই থাকিব "ফুটেজদা"ৰ গৰমা-গৰম ক্লিপ!
গতিকে প্ৰতি ফুট গধূলি সাতটাত হাঁহি হাঁহি পাগল হবলৈ সাজু হওক... তনু ভূঞাৰ "অপথ্য"ৰ সতে!
ষ্টে-টিউনড হে বুলিলো আৰু! মিচা ক’লে কি ডাল হব নহয়নে?
No comments:
Post a Comment