Monday, July 8, 2013

প্ৰৱ্ন্ধ

অসমৰ ঐতিহাসিক সমাজ ৰূপান্তৰ আৰু তাৰ ভিত্তিত 
জনজাতীয়-জনগোষ্ঠীয় অধিকাৰৰ প্ৰশ্ন
#ভোগেশ্বৰ দত্ত

সমাজ বিজ্ঞানৰ তত্বমতে, কোনো এটা জাতি-সত্বাৰ প্ৰাথমিক পৰিচয় এক উমৈহতীয়া ভাষা, সংলগ্ন আৱাসভূমি, সাদৃশ্যপূৰ্ণ জীৱন নিৰ্বাহৰ প্ৰণালী, কৃষ্টি সংস্কৃতিৰ জীৱন্ত উপাদানবোৰেই সাৰবস্তু৷ এই উপাদান সমূহেই একোটা জাতিসত্বাৰ ঐতিহাসিক ভেটি গঢ়ি তোলে জাতিসত্তাৰ গৃহভূমিত৷ 

সমাজৰ প্ৰগতিৰ ঐতিহাসিক প্ৰক্ৰিয়াত সামন্তীয় সমাজ ব্যৱস্থা পঁচি যোৱাৰ ভেটিত যি সমাজৰ বিকাশ ঘটিল সেই সমাজৰ নামেই পুঁজিবাদী সমাজ৷ পুঁজিবাদী ভাবাদৰ্শই হৈছে জাতীয়তাবোধ অথবা জাতীয়তাবাদ৷ 

সমাজ বিজ্ঞানীৰ মতে, পুঁজিবাদী সমাজ ব্যৱস্থাৰ পৰবৰ্তী স্তৰৰ সমাজৰ নাম সমাজবাদী সমাজ৷ ইয়াৰে শীৰ্ষ স্তৰ নিৰ্ণয় কৰা হৈছে সাম্যবাদী সমাজ ব্যৱস্থা ৰূপে-য’ত এমুঠি মানুহে গৰিষ্ঠ সংখ্যকৰ ওপৰত চলাই থকা ৰাজনৈতিক আধিপত্য, আৰ্থিক শোষণ, সামাজিক নিষ্পেষণৰ ওৰ পৰি সকলো মানুহে পাব সম-মৰ্যদা, সম-অধিকাৰ আৰু সম-বিকাশৰ মানৱীয় অধিকাৰ৷তাকে কোৱা হয় মানুহৰ সামাজিক মুক্তি, ই ইতিহাসৰ এক দীঘলীয়া যাত্ৰা ৷ এই সাৰ্বজনীন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ দেশৰ অংগ ৰাজ্য অসমৰ অংগৰাজ্য অসমৰ জাতি-জনগোষ্ঠী সমূহ আঁতৰি থাকিব নোৱাৰে, আমি তাৰ সম অংশীদাৰ৷

সাৰ্বজনীন সমাজৰ বিকাশৰ পুঁজিবাদী স্তৰতে নতুন নতুন উদ্ভাৱন, যাতায়ত, যোগাযোগৰ উন্নতি, ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ, শিক্ষাৰ বিস্তাৰ তথা নগৰীকৰণৰ সতে আছুতীয়া জাতি সত্বাৰ ধ্যান ধাৰণালৈও প্ৰভূত পৰিবৰ্তন কঢ়িয়াই আনিছে৷আধুনিক সমাজে একে আবাসভূমিতে বসবাস সহাৱস্থান কৰিবলৈ ভিন্ন ভাষা-ভাষী, সুকীয়া বিশ্বাস বা ধৰ্মীয় আচাৰ-আচৰণ কৰা লোকক বাধ্য কৰিছে ৷

পুৰণি সমাজৰ কৃষি ফচল উৎপাদনৰ পৰিপূৰক ৰূপে বিস্তাৰ লাভ কৰিবলৈ ধৰিলে কল-কাৰখানাত তৈয়াৰী বিভিন্ন সামগ্ৰীয়ে৷ ই সামাজিক চিন্তা চেতনাতো প্ৰৱল প্ৰভাৱ পেলালে৷নতুন জীৱন পদ্ধতি আৰু নতুন প্ৰয়োজনে নতুন ৰূপত গঢ়ি তুলিলে বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সহযোগিতা ৷পাৰস্পৰিক আত্মীয়তাই প্ৰসাৰ লভি অসমৰ সামাজিক জীৱনতো গঢ়ি তুলিলে সামাজিক ঐক্য সংহতি৷ উমৈহতীয়া সামাজিক প্ৰয়োজনত জনগোষ্ঠী সমূহৰ ঐক্য সন্মিলিত জাতিসত্তাও ৰচিত হ’ল৷ গঢ়ি উঠিব ধৰিলে জাতীয় জীৱনৰ বহল গাঁথনি অসমৰ জাতীয় জীৱন৷

প্ৰসংগক্ৰমে সোঁৱৰিব পাৰি যে, স্বৰ্গদেউ চুকাফাই সমকালীন জনগোষ্ঠী-ভিত্তিক ক্ষুদ্ৰ ক্ষুদ্ৰ গৃহভূমি সমূহক ঐক্যবদ্ধ কৰি এক সমন্বিত কেন্দ্ৰীয় ৰাজনৈতিক শাসন প্ৰণালীৰ আৰ্হি গঢ়ি তুলিছিল৷ সমাজ বিকাশৰ সামন্তীয় স্তৰত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ভিন্ন জনগোষ্ঠীৰ আবাসিক খণ্ডত এক বহল ভিত্তিত উমৈহতীয়া গৃহভূমিত জন্ম লাভ কৰিলে এক ৰাজনৈতিক প্ৰশাসনীয় গোটে-তাৰেই নাম সামন্ত যুগৰ "অসম দেশ"৷

অসম দেশৰ অধিবাসী লোকসকলে সামন্তীয় সাম্ৰাজ্য বিস্তাৰৰ আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে মাৰ-বান্ধি যুঁজ কৰিছিল৷ বাদশ্বাহৰ ৰাজপুত সেনাপতি ৰামসিংহক শৰাইঘাটৰ ৰণত নিৰ্ণায়কৰূপে পৰাস্ত কৰিছিল দেশপ্ৰেমিক যোদ্ধা অসমৰ সন্তান সকলে৷ শৰাইঘাটতেই অসমৰ বুৰঞ্জীয়ে এক যুগজয়ী আৰ্হি ৰচনা কৰিলে ৷ "দেশতকৈ মোমাই ডাঙৰ নহয়" বোলা লাচিত বৰফুকনৰ দেশপ্ৰেমৰ অনাবিল আৰ্হি৷ এই প্ৰেৰণাতে কবি কমলাকান্ত ভট্টাচাৰ্যই অসমীয়া জাতীয় গৌৰৱৰ বন্দনা কৰিলে এইদৰে-"পৰিও নপৰে, মৰিও নমৰে বান ভগদত্ত চুকাফা জাত", অৰ্থাৎ যুগে যুগে স্বাধিকাৰ ৰক্ষাৰ সংগ্ৰামত বিজয়ী অসমৰ সন্তান-সন্ততিসকল৷

সেয়ে ৰসৰাজে ৰচিলে অসমৰ জাতীয় সংগীত " অ’ মোৰ আপোনাৰ দেশ" ৷ আনন্দৰাম ঢেকিয়াল ফুকনে ক’লে- "অসমখন হাবি-গুচি ফুলনিবাৰী হ’ব৷ ইয়াত ডুঙি গুচি ভাপ নাও হ’ব"৷ জ্যোতিপ্ৰসাদে প্ৰেৰণা দিলে 'লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই"৷ বিষ্ণু ৰাভাই আহ্বান জনালে, "অ’ অসমীয়া ডেকা দল, তোৰ বুকুতে লুকাই আছে অসীম শক্তি বল"৷ এয়ে আমাৰ ওপজা মাটি, জাৱন-মৰণৰ সাধনাৰ থলী ৷ শংকৰ-মাধৱ-আজান ফকীৰৰ সংহতিৰ গৃহভূমি৷

ইতিহাসৰ দীঘলীয়া যাত্ৰা পথত সামন্ত যুগৰ "স্বাধীন দেশ" আৰু আছুতীয়া জাতীয়তাৰ ৰূপান্তৰ ঘটিল৷ পুঁজিবাদৰ বিকাশে সামন্ত যুগৰ উৎপাদন প্ৰণালী, ব্যৱসায় বৃদ্ধিৰ প্ৰসাৰ, আধুনিক শিক্ষাৰ বিস্তাৰ আদিয়ে চিন্তা-চৰ্চা আৰু নতুন কাৰ্য প্ৰণালীৰে, নতুন ধৰণৰ ৰাষ্ট্ৰীয়তাবাদৰ চিন্তা ধাৰাই (Nationhood), বহু জাতিসত্তা, বহুভাষিক, বহু ধৰ্মাৱলম্বী, কৃষ্টি সংস্কৃতিৰ ধাৰক-বাহক হৈ এক নতুন সমাজ জীৱন ঠন ধৰি উঠিল৷ দেশপ্ৰেমিক ৰাষ্ট্ৰীয়তাবাদৰ ভাবাদৰ্শ, সন্মিলিত সহাবস্থানৰ চিন্তা-চেতনা, সামাজিক আচৰণ, আৰু গণতান্ত্ৰিক চৰিত্ৰৰ বহুজাতিক ৰাষ্ট্ৰ ব্যৱস্থাই বিকাশ লাভ কৰিলে ৷

সেই দিশৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সামাজিক, ৰাজনৈতিক পটভূমি হ’ল সাম্ৰাজ্যবাদী বৃটিছৰাজৰ শোষণ অপশাসনৰ শিকলি ছিঙিবলৈ সকলো অংগ অঞ্চলৰ জনগণে ঐক্যবদ্ধ ভাৱে কৰা প্ৰায় শতবৰ্ষীয় ৰাষ্ট্ৰীয় সাধীনতাৰ সংগ্ৰাম৷

দেশৰ স্বাধীনতা সংগ্ৰামৰ ধ্বনি আছিল, "ভাৰত মাতা-কী জয়, বৃটিছৰাজ ভাৰত ত্যাগ কৰা"৷ ৰাষ্ট্ৰীয় মুক্তি সংগ্ৰামত দেশৰ অন্যান্য অঞ্চলৰ দৰে, অসমতো বহু মুক্তিযোদ্ধাই শ্বহীদ বৰণ কৰিছিল৷

স্বাধীনোত্তৰ ভাৰতত ৰাষ্ট্ৰীয় গাঁথনিৰ বিষয়ে সংবিধানত কোৱা হ’ল "ৰাজ্য সমূহৰ ঐক্যৰ ভিত্তিত পুনৰ গঠনো কৰা হ’ল৷ ভাষাসমূহক আঞ্চলিক ভাষা ৰূপে সংবিধান স্বীকৃতি দিলে৷ সেয়ে ইংৰাজীত কোৱা হয়-"The Indian Nation is essentially the composite union of differenet nationalities living in different territories having unity in diversities of different languages, cultural traditions and heritage, religious faith depending on similar means of production and way of of life". 

এই সূত্ৰৰ আধাৰত ভাৰতীয় কোন বুলি সোধা প্ৰশ্ন উঠিলে টপৰাই ক’ব লাগিব যে ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ দেশৰ জনগণে সংবিধান গ্ৰহণৰ দিনা ভাৰতৰ ৰাজনৈতিক মেপৰ এলেকাত বসবাসী সকলো জাতিসত্তা, জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী নানা কৃষ্টি-সংস্কৃতিৰ ধাৰাক বহন কৰা লোকসকলৰ সামূহিক পৰিচয় ভাৰতীয় নাগৰিক । এইটো এটা সাংবিধানিক ৰাজনৈতিক সূত্ৰ৷ এই সূত্ৰই ভাৰতৰ নাগৰিকসকলৰ সমূহৰ বাহক সকলো উপাদান বহন কৰিছে । বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ সামুহিক পৰিচয় দাঙি ধৰিছে।

ভাৰত প্ৰজাতন্ত্ৰৰ অংগৰাজ্য অসম । আমাৰ ৰাজ্যখনত সততে প্ৰশ্ন উঠে অসমৰ খিলঞ্জীয়া নাগৰিকসকলৰ নিজৰ গৃহভূমিত অধিকাৰসমূহ সুৰক্ষিত আৰু যথাৰ্থ ৰূপত সাব্যস্ত হৈছেনে ? ইত্যাদি অনেক প্ৰশ্ন । সেয়ে সময়ে সময়ে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰৰ প্ৰশ্নটোৱে মুকলি আলোচনা দাবী কৰে ।

অসমৰ সমাজ জীৱনত খিলঞ্জীয়া প্ৰসংগত ইতিহাসৰ আধাৰত এটা সূত্ৰ নিৰ্ণয় কৰি লোৱাটো অপৰিহাৰ্য হৈ উঠিছে । সেই দিশৰ পৰা ৰাজ্যখনৰ অধিবাসী বা খিলঞ্জীয়া নাগৰিক বুলিলে আমি ক’ব পাৰো ব্ৰিটিছ ঔপনিবেশিকৰাজে অসম অধিকাৰ কৰাৰ পৰা অৰ্থাৎ ১৮২৬ চনৰ পৰা স্বাধীন ভাৰতৰ সংবিধান গ্ৰহণৰ দিন (১৯৫০ চনৰ ২৬ জানুৱাৰী) পৰ্যন্ত অসমৰ ভূ-খণ্ডত সন্মিলিতভাৱে বসবাস কৰি থকা বিভিন্ন জাতিসত্তা, বিকাশমান জনগোষ্ঠীসমূহৰ সকলো লোকক সামৰি যি এক সামূহিক পৰিচয় হ’ব, সেই লোকসকলকে অসমৰ খিলঞ্জীয়া লোক হিচাপে গ্ৰহণ কৰিব পাৰি ।

সেই সূত্ৰই সামৰা লোকসকলক অসমীয়া জাতিসত্তাৰ মুল উপাদান খিলঞ্জীয়া নাগৰিক ৰূপে স্বীকৃত হওক, যাক অসমীয়া জনগণ ৰূপে উমৈহতীয়া পৰিচয় দি সকলো জনগোষ্ঠীৰ লোকসকলৰ সমমৰ্য্যদা, সমঅধিকাৰ, সমবিকাশৰ অধিকাৰসমূহ স্বীকৃত হওক । অসমীয়া জাতিসত্তাক বহু উপাদান বিশিষ্ট জাতিসত্তা ৰূপে নিজৰ গৃহভূমিত জাতীয় স্বকীয়তাৰ সুৰক্ষাত প্ৰাথমিকতা দিয়া হওক ।

এই প্ৰসংগতেই অসম চুক্তিৰ ষষ্ঠ অনুচ্ছেদত উল্লেখিত সাংবিধানিক ৰক্ষা কবচ, বিধায়িনী আৰু আইনগত সুৰক্ষা অসমৰ খিলঞ্জীয়া লোক/নাগৰিকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিব লাগিব । সেই দিশো আমি দোহাৰিছোঁ ।

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীভূক্ত কোঁচ-ৰাজবংশী, টাই-আহোম, চুতীয়া, মৰাণ, মটক, চাহ-শ্ৰমিক গোষ্ঠীসমূহ( প্ৰাক্তনসকলকো সামৰি) খিলঞ্জীয়া জনগোষ্ঠীসমূহ নতুন সাংবিধানিক মৰ্য্যদা দাবী কৰি আহিছে । সেই দাবী হৈছে সংবিধানগতভাবে উক্ত জনগোষ্ঠীসমূহক অসমৰ ভৈয়ামবাসী জনজাতিৰ মৰ্য্যদা । জনগোষ্ঠীসমূহে দীৰ্ঘদিন একক আৰু যুক্তভাবে এই ন্যায্য দাবী ৰাষ্ট্ৰপতিৰ ওচৰত দাঙি ধৰি আহিছে । 

এই দাবীক অসমৰ সকলো ৰাজনৈতিক দল-সংগঠনে সমৰ্থনো কৰে । সেই সহমতক সন্মান জনাই সংযুক্ত মৰ্চাৰ চৰকাৰে সৰ্বদলীয় ভিত্তিত ১৫জন সাংসদক সদস্যৰূপে লৈ এখন সংসদীয় বাচনি কমিটী ১৯৯৬ চনত গঠন কৰি দিছিল । বাচনি কমিটীয়ে উক্ত জনগোষ্ঠী ছটাক অসমৰ ভৈয়াম জনজাতি মৰ্য্যদা দিবলৈ ৮-৮-৯৭ তাৰিখেই ভাৰত চৰকাৰৰ ওচৰত অনুমোদন প্ৰতিবেদন দাখিল কৰিলে । অসম বিধান সভাতো দুবাৰ সৰ্বসন্মত প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছিল । তথাপি ৰাষ্ট্ৰশক্তি নিৰ্বিকাৰ । জনগনৰ ন্যাৰ্য্য গণতান্ত্ৰিক দাবীক মানি ল’বলৈ ৰাষ্ট্ৰশক্তিৰ ৰাজনৈতিক ইচ্ছাৰ অভাৱ সকলোৱেই লক্ষ্য কৰিছে । সংগ্ৰামী জনগোষ্ঠীসমূহৰ মনতো নানা ধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা গৈছে । এনে অৱস্থাত দলমত, জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হৈ এই দাবী আদায়ৰ বাবে প্ৰবল জনমত সংগঠন কৰাৰ বাহিৰে গণতান্ত্ৰিক শক্তিসমূহৰ সন্মুখত বিকল্প নাই ।

আমাৰ দৃঢ়মত- উক্ত জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্য্যদা দিলে ৰাজ্যখনৰ ৭০ শতাংশ অধিবাসী বা খিলঞ্জীয়া লোকে জনজাতীয় মৰ্য্যদা পাব । এই মৰ্য্যদাক সাংবিধানিক ভাবে সুৰক্ষা দিবলৈ সাম্প্ৰতিকে নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰৰ্যোজ্য সংবিধানৰ ৩৭১(এ) অনুচ্ছেদ অসমৰ ক্ষেত্ৰত প্ৰৰ্যোজ্য কৰি ৰাজ্যখনৰ সম্পদসমূহৰ ওপৰত ৰাজ্যবাসীৰ অধিকাৰ সাব্যস্তৰ পথো মুকলি হ’ব ।

আনহাতে বৰ্তমান জন্মু-কাশ্মীৰত প্ৰযোজ্য কৰি সি ৰাজ্যখনৰ ভাষিক-সংস্কৃতিক স্ব্কীয়তা আৰু ৰাজ্যিক স্বায়ত্ততা সুৰক্ষিত আৰু ৩৭৩ অনুচ্ছেদ অসমৰ ক্ষেত্ৰতো প্ৰয়োগ কৰি ৰাজ্যখনৰ অধিবাসী লোকসকলৰ ভাষিক,সাংস্কৃতিক সম্পদৰ সুৰক্ষাৰ লগতে ৰাজনৈতিক স্বাধিকাৰো প্ৰযোজ্য কৰাৰ পথ সুগম হ’ব ।

আনহাতে , এই কথাও স্পষ্ট হোৱা দৰকাৰ যে ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা পিছৰ সময়ছোৱাত যিসকল লোক অসমলৈ আহি নানা কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰি আছে, সেই লোকসকলক ৰাজ্যখনৰ অখিলঞ্জীয়া লোক/নাগৰিক হিচাপে বিবেচনা কৰি তেখেতসকলৰ ক্ষেত্ৰতো দেশৰ সংবিধানত স্বীকৃত সকলো অধিকাৰ অক্ষুন্ন ৰাখিব লাগিব । 

১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা অভাৰতীয় নাগৰিকসকলক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ দাবী আদায় হ’ব লাগিব । তাৰ বাবে দলমত, সংগঠন, জাতি-জনজাতি, জনগোষ্ঠী, ভাষা-ধৰ্ম মত নিৰ্বিশেষে সকলো লোকৰ ঐক্যবদ্ধ প্ৰবলতম জনমত গঢ়াৰ বিকল্প নাই । এই গণতান্ত্ৰিক পথেদিয়েই সকলোৱে আগ বাঢ়ো আহক ।

বৰ্তমানে এই বিষয়টোৱে আলোচনাত বহা আলফা সকলৰ দাবীৰ তালিকাটো স্থান পাইছে আৰু আলোচনাৰ মেজত এই দাবীৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা হৈ দেখা দিছে৷ অসমৰ সচেতন ৰাইজে গোটেই বিষয়টো জানি-বুজি এক সচেতন দৃষ্টিৰে পৰ্যবেক্ষনত ৰাখিবলৈ ইয়াৰে আহ্বান জনালো ৷

( লেখক অসমৰ এজন প্ৰবীণ বাওঁপন্থী নেতা তথা বুদ্ধিজীৱি)
*দৈনিক জনমভূমি কাকতত প্ৰকাশিত প্ৰৱন্ধৰ সংবৰ্ধিত ৰূপ
প্ৰৱন্ধটিৰ অসমীয়া ইউনিকোডকৰণ কৰিলে অৰূপজ্যোতি সন্দিকৈ আৰু অজয় লাল দত্তই ৷
আন আন সাময়িক দৃষ্টিকোন তথা প্ৰৱন্ধৰ বাবে ইয়াতে ক্লিক কৰক

No comments:

Post a Comment