চ’চিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশ প্ৰসঙ্গত
------------------------------------------------------
(১)
প্ৰতিটো কথাৰ ওপৰত আমি নিজৰ একোটা ধাৰণা মনতে প্ৰতিষ্ঠিত কৰি লৈছো, সেয়া চাগৈ আন সকলেও কৰে৷ তাৰ ভিত্তিতে কথাবোৰৰ সঁচা-মিছা-সত্য-অসত্য-ভাল-বেয়া আদি নিৰ্ধাৰণ কৰো ৷ সেয়া চাগৈ এক ব্যক্তিগত প্ৰসংগ প্ৰণালী স্বৰূপ (বিজ্ঞানৰ ভাষাত)৷
তাৰে এটা হ’ল লেখাৰ ক্ষেত্ৰত৷ সেয়া চিঠি, কবিতা, প্ৰৱন্ধ বা আন সৃষ্টিশীল লেখাই কিয় নহওক৷ সকলো লেখাৰে একোটা উদ্দেশ্য থাকে ৷ প্ৰতিটো লেখাৰ আঁৰতেই লুকাই থাকে নিজস্ব একোটা প্ৰপাগাণ্ডা ৷
কোনোবা এটা লেখাত হয়তো লেখকৰ ব্যক্তিগত প্ৰপাগাণ্ডা, কোনোটোত ৰাজনৈতিক আদৰ্শৰ, কোনোটোত সামাজিক দিশৰ, কোনোটো ব্যৱসায়িক৷ প্ৰচাৰ প্ৰপাগাণ্ডাটো বেয়া কথা নহয় ,সেয়া জীৱনৰ এক অংশ৷
সকলোৰে উদ্দেশ্যেও একে নহয়, কাৰোবাৰ সৎ, কাৰোবাৰ মহৎ, কাৰোবাৰ অসৎ ৷
এনেকুৱা প্ৰপাগাণ্ডাই বহুত ক্ষেত্ৰতে সমাজৰ ভালটোৱেই কৰে৷ মানুহে লেখাটো পঢ়ি নিজৰ মতে সেই লেখাৰ আঁৰৰ উদ্দেশ্য, লেখকৰ মনৰ আঁৰৰ কথা, কি কাৰণে এইদৰে লিখিছে, তাৰ বিপৰীতে কি কি সম্ভাৱনীয়তা থাকিব পাৰে, কোনবোৰ কথা লেখকে কবলৈ বিচৰা নাই, এইধৰণৰ কথাৰো কোনো একোটা লেখাৰ পৰাই সচেতন সকলে অনুমান কৰিব পাৰে৷ বা তাৰ পৰা সূত্ৰ অনুসৰণ কৰি সত্য উন্মোচন কৰিব পাৰে৷
মুঠতে লেখা আৰু তাক পঢ়া কাৰ্যই মানুহৰ সচেতনতা বৃদ্ধি কৰে৷ মানুহক ভিন্ন দৃষ্টিৰে একোটা কথাক বিশ্লেষণ কৰাৰ বাবে সহায় কৰে৷
কিন্তু বহুতো লেখাৰ আঁৰৰ প্ৰপাগাণ্ডা অতি ভয়ংকৰ, কোনোবা ব্যক্তি বা সংগঠনৰ বাবে, কোনোটো সমাজৰ একাংশ লোকৰ বাবে, বা হয়তো ই গোটেই সমাজখনৰ বাবেও সুদূৰ-প্ৰসাৰী ভয়ানকো হব পাৰে৷ যেনে-মৌলবাদী কতা বতৰা, ভাষা-ধৰ্ম-বৰ্ণবাদৰ ভিত্তিত ঘৃণা বিয়পোৱা, হিংসা, বিদ্বেষ আদিৰ সৃষ্টিৰে সমাজৰ এনাজৰীডাল ঢিলা কৰিবলৈ চেষ্টা কৰাটো অন্যতম৷ সেয়ে লেখা এটা পঢ়োতে তাৰ আঁৰত থাকিব পৰা প্ৰচাৰ, পোনে পোনে দেখা নোপোৱা গোপন উদেশ্য আদিৰ প্ৰতি সজাগ দৃষ্টি ৰখাতো খুৱেই প্ৰয়োজনীয়৷
ফেচবুক বা চচিয়েল মেডিয়াত কোনো লেখা নিহিত উদ্দেশ্য বুজি নোলোৱাকৈ শ্বেয়াৰ কৰা, মন্তব্য কৰা আদিবোৰ আজিৰ তাৰিখত সাৱধান হব লগীয়া কথা৷
(২)
আপোনাৰ মত প্ৰকাশৰ স্বাধীনতা আছে বুলিয়ে যি কোনো মত প্ৰকাশ কৰি নিদিব৷ সমাজৰ ক্ষতি কৰা প্ৰতিক্ৰিয়াশীল মত প্ৰকাশৰ পৰা বিৰত থকাই বুদ্ধিমানৰ কাম৷ কিন্তু সেইবুলি আপোনাৰ অভিব্যক্তিক দমন কৰি ৰাখিবলৈ ইয়াৰে কোৱা হোৱা নাই৷
যুক্তিক চোকা শব্দৰে বা চিঞৰি ক’লেই যে শুদ্ধ বুলি প্ৰতীয়মান হব বুলি কোনো কথা নাই ৷ গৰম গৰম কথাতকৈ মাৰ্জিত শব্দৰে তাৰ প্ৰত্যুত্তৰ দিয়ক৷ মনত ৰাখিব, গৰম লোহাক চিধা কৰে ঠাণ্ডা লোহাইহে, বা কাটেও ঠাণ্ডা লোহাৰ কৰতেৰে৷ অশ্লীল শব্দৰ প্ৰয়োগ কৰা মানে প্ৰতিপক্ষক আপোনাৰ দুৰ্বলতা এটা উপহাৰ দিয়াহে হব৷ সেয়ে লেখোতে বা মত প্ৰকাশ কৰোতে শব্দ, ভাষা আৰু ভাৱ প্ৰকাশক লৈ সজাগ হোৱাটো এটা কাৰ্যকৰী অভ্যাস ৰূপে আপুনিও গঢ় দিয়ক৷
(৩)
চচিয়েল মেডিয়াক ব্যৱসায়িক বা ন্যস্তস্বাৰ্থৰ বাবে উপযুক্ত ৰূপত ব্যৱহাৰ কৰাত কোনোটো কোম্পানী বা স্মাৰ্ট মানুহেই আজি পিছ পৰি ৰোৱা নাই৷ কাৰোবাৰ পৰা কিবা সহায়ৰ প্ৰয়োজন হ’লে আগতীয়াকৈ চা-চিনাকি বঢ়াবৰ বাবেও ফেচবুকক সহজ আহিলা ৰূপে ৰাইজে ব্যৱহাৰ কৰাটো অতি দৃষ্টি কটুৰূপে ধৰা দিছে ৷ তাৰ বাবে, কাম থকা গৰাকীৰ পোষ্টত সঘন লাইক, সহমত ব্যক্ত কৰা দেখা যায়৷
কোনোৱে সেই বিশেষ ব্যক্তিৰ কোনো মতামত বা কৰ্মৰ প্ৰতিবাদ কৰিলে, তাৰ প্ৰতিবাদত এক ভাৰ্চুৱেল "হঠাত পেট্ৰিয়টৰ যুদ্ধ"ও কোনোৱে ঘোষণা কৰি দিয়াৰ উদাহৰণ চ’চিয়েল মেডিয়াতে দেখা গৈছে৷ টিভিৰ জড়িয়তে বিজ্ঞাপনে মানুহৰ ড্ৰইং ৰুমত প্ৰৱেশ কৰাদি, এনে প্ৰীতিমূলক পদক্ষেপেৰে সহানুভূতিৰ বিজ্ঞাপনেৰে সুবিধাবাদী লোকে বৰঘৰ পৰ্যন্ত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা চলায়৷
সেয়ে কাৰোবাৰ লেখনি বা মতামতক লৈ ঘপহকৈ উদ্বিগ্ন হোৱাতকৈ তাৰ আঁৰৰ কাহিনী উন্মোচনত এক অন্বেষণ কৰি চালে চ’চিয়েল মেডিয়া আপোনাৰ বাবে ৰহস্যধৰ্মী উপন্যাসৰ দৰে আকৰ্ষণীয়ও হৈ উঠিব পাৰে৷ আৰু আপুনি চ’চিয়েল মেডিয়াৰ চালৰ্ক হোমচ হোৱাৰ আনন্দ লাভ কৰিব পাৰে৷
(৪)
সমাজৰ ভালৰ বাবে প্ৰচাৰ কৰা, সমাজৰ ভাল দিশবোৰ প্ৰচাৰ কৰা, সমাজৰ ভাল কামবোৰ প্ৰচাৰ কৰা মানুহো চ’চিয়েল মেডিয়াত কম নহয়৷ বহুতেই আকৌ এনে কৰা মানুহক সমালোচনা কৰা লেখা মেলাতহে নিজৰ শক্তি ক্ষয় কৰে৷ নিজেও আনৰ ভালটো দেখিব নোৱাৰে, আনৰ ভাল কৰিব নোৱাৰে, আনে কৰিলেও সহ্য কৰিবলৈ টান পায়৷ সকলো ধৰণৰ মানুহেই চ’চিয়েল মেডিয়াখন ভৰি আছে, ইও এক ই-সমাজৰেই নামান্তৰ মাত্ৰ৷
(৫)
সেয়ে এয়া মোৰ অনুভৱ, যে আমি সজাগ হব লাগে৷ সমাজৰ ভিন্ন দিশৰ কথা কবলৈ যাওতে, মত প্ৰকাশ কৰিবলৈ যাওতে, কাৰোবাৰ সতে সহমত প্ৰকাশ কৰিবলৈ যাওতে৷
কাৰো গোপন উদেশ্য গাঁঠি থোৱা লেখা, মতামত, পোষ্ট, ফটো আদিৰ সতে যাতে নিজকে সাঙুৰি লোৱাৰ আগতে মাত্ৰ এবাৰ নিজকে চালৰ্ক হোমচৰ সন্দেহী দৃষ্টিৰে প্ৰশ্ন কৰক৷ বাকী বিবেকক দমন নকৰিব৷
চ’চিয়েল মেডিয়াৰ পৃথিৱীত আপুনিও এজন সচেতন নাগৰিক হৈ উঠক, শুভেচ্ছা থাকিল ৷
আন আন সম্পাদকীয় লেখাঃ
এশ বেপাৰীৰ বেপাৰ আৰু গণতন্ত্রৰ যুগসন্ধি
এশ বেপাৰীৰ বেপাৰ আৰু গণতন্ত্রৰ যুগসন্ধি
অধিক মচলাযুক্ত তৰকাৰী এখন যেনেকৈ স্বাস্থ্যৰ পক্ষে হানিকাৰক, অতিৰঞ্জিত বা অধিক মচলাযুক্ত প্ৰচাৰ মাধ্যমৰ প্ৰচাৰ সমূ হো সমাজৰ পক্ষে ক্ষতিকাৰক হব পাৰে ৷সাবধানতা ৰক্ষা কৰি www.xukhdukh.com সৰ্বতোকাল অসমীয়াৰ সুখ-দুখৰ সমভাগী হৈ থাকিব বুলি আশা ৰাখিলো ৷
ReplyDelete