সম্পাদকীয়

শেহতীয়া সম্পাদকীয়ঃ (পঢ়িবৰ বাবে শিৰোনামাত ক্লিক কৰক)
চ’চিয়েল মেডিয়াত লেখা আৰু মত প্ৰকাশৰ প্ৰসংগত
এশ বেপাৰীৰ বেপাৰ আৰু গণৰাজ্যৰ যুগ-সন্ধি

এই পৃষ্ঠাতে তললৈ থকা  আন আন সম্পাদকীয় লেখা সমূহৰ শিৰোনামাঃ (স্ক্ৰল কৰক)

* পুথি ভঁৰালৰ বাবে "অগ্নিশিখা": কিয় গৰজি উঠিল পুথি প্ৰকাশক সংস্থা?

* শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

* বাঁহৰ চুঙাৰ দৈ, বৰ্তমান আৰু ভৱিষ্যত

* শুৱালকুছি আৰু সৰ্থেবাৰীৰ সংকটঃ সমাধান সম্ভৱনে?

* ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?
* হোলিৰ দিনৰ কিছু প্ৰাসংঙ্গিক অথচ ৰঙ সনা কথা

* মুন্না ভাই জেললৈ যোৱাৰ প্ৰয়োজনীয়তা কিমান?

* ছিণ্ডিকেটৰ ইণ্ডিকেচন
-----------------------------------------------------------------
পুথিভঁৰালৰ বাবে "অগ্নিশিখা": কিয় গৰজি উঠিল পুথি প্ৰকাশক সংস্থা?

কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ সময়ত সদায়েই মনলৈ আহে অসমৰৰ এজন যুক্তিবাদী লেখক, সমালোচক ৰিপুঞ্জয় গগৈৰ "নষ্ট নীতি-বাগিশ"ৰ এটা লেখাত অৱতাৰণা কৰা এটা প্ৰশ্নলৈ ৷ সেয়া হ’ল, গগৈদেৱে লেখক সকললৈ প্ৰশ্ন কৰিছে, "আপোনাৰ লেখাৰ উদ্দেশ্য কি?"

যোৱা ত্ৰিশ এপ্ৰিলত অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈদেৱৰ কৰকমলেৰে উন্মোচিত হ’ল অৰুণ গোস্বামী ৰচিত আৰু প্ৰণতি গোস্বামী সম্পাদিত গ্ৰন্থ "অগ্নিশিখা" ৷ এয়া এক সৰু বাতৰিয়েই হ’লহেতেন, কিন্তু এই গ্ৰন্থৰ লগত জড়িত হোৱা কিছু কথাই ইয়াক এক বিশেষ গুৰুত্ব প্ৰদান কৰিলে ৷ 

ইয়াৰে প্ৰথম কথাটো হ’ল ইয়াৰ কলেৱৰ, এই গ্ৰন্থৰ মুঠ পৃষ্ঠা সংখ্যা দহ হাজাৰ ৷ এই বৃহৎ কলেৱৰে অসম বা ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে বৃহৎ গ্ৰন্থ ৰূপে ইয়াক পৰিগণিত কৰিব বুলিও, এক নতুন বিশ্ব অভিলেখ গঢ়িব বুলিও সংবাদ মাধ্যমে মত পোষণ কৰিছে ৷ 

দ্বিতীয়তে এই গ্ৰন্থৰ দাম;  দাম স্থিৰ কৰা হৈছে মাত্ৰ ষাঠি হাজাৰ টকা ! মাত্ৰ চাৰিদিন আগতে মুকলি হোৱা এই বৃহৎ গ্ৰন্থখন এতিয়াও সমালোচকে পঢ়ি বা চকু ফুৰাই শেষ কৰিব পৰা নাই বাবে ইয়াক সমৃদ্ধ কৰা কথা, জ্ঞানৰ বিষয়ে এতিয়াও আমিও জ্ঞাত হব পৰা নাই ৷ বিশেষকৈ সাধাৰণ পাঠকে সেইখন কিনি যে সেই "জ্ঞান-সমুদ্ৰ"ৰ এচলু পানীৰ সোৱাদ লব পাৰিব সেয়াও উচ্চ দামৰ বাবে যেন এক অসম্ভৱ কথা ৷

তথাপি এই গ্ৰন্থখন প্ৰকাশৰ লগে লগেই সদৌ অসম পুথি প্ৰকাশক ও বিক্ৰেতা সন্থাই সংবাদ মাধ্যমৰ ভাষাতে গ্ৰন্থখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৷ তেওঁলোকে সংবাদ মাধ্যমযোগে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে, যি কিতাপ আৰু কিতাপৰ ব্যৱসায়ৰ লগত জড়িত কেতবোৰ মঞ্চৰ আঁৰৰ কথাও উন্মোচিত কৰিছে ৷

এই অভিযোগনামাৰ ভিতৰত গ্ৰন্থখন প্ৰকাশৰ লক্ষ্য বা উদ্দেশ্যৰ মহানতা সন্দৰ্ভে প্ৰশ্ন উত্থাপিত হৈছে ৷ পুথি প্ৰকাশক সকলৰ মতে "কোনোপধ্যেই এক গোপন উদেশ্য আগত ৰাখি প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দাম" ষাঠি হাজাৰ টকা হবই নোৱাৰে ৷ ইয়াৰ উচ্চ দাম নিৰ্ধাৰণৰ আঁৰত আছে প্ৰকাশকৰ গোপন উদ্দেশ্য ৷ ই হ’ল চৰকাৰী লাইব্ৰেৰীলৈ কিতাপ যোগানৰ জড়িয়তে কোটি কোটি টকাৰ লুণ্ঠন কৰা ৷ 

বিশেষকৈ বিগত বছৰত ভিতৰুৱা মিতিৰালিৰে পাঁচটামান আন আন প্ৰকাশক গোষ্ঠী বা ফাৰ্মৰ নামত চন্দ্ৰ প্ৰকাশৰ মালিকপক্ষই বিধিবৰ্হিভূতভাৱে কোটি টকাৰ গ্ৰন্থ ইতিমধ্যে চৰকাৰী লাইব্ৰেৰীলৈ চাপ্লাই দিছিল৷ এই কামত বিশেষ ভাৱে অনৈতিক ভাৱে সহায় কৰিছিল পুথিভঁৰাল সঞ্চালকালয়ৰ দ্বাৰা মনোনীত গ্ৰন্থ নিৰ্বাচন কমিটিৰ সদস্য অৰুণ গোস্বামীয়ে ৷ লক্ষ্যণীয় ভাৱে এই ষাঠি হাজাৰ টকীয়া গ্ৰন্থখনৰো লেখক একেজন সাহিত্যিকেই ৷

পুথি প্ৰকাশক সংস্থাই আঙুলিয়াই দিয়া এটা দিশ হ’ল যে ষাঠি হাজাৰ টকা খৰচ কৰি কোনো পঢ়ুৱৈয়ে এই কিতাপখন নিকিনে৷ প্ৰকৃততে গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশকৰ মূল উদ্দেশ্য হৈছে চৰকাৰী গ্ৰন্থ ক্ৰয় আঁচনিত এই গ্ৰন্থখন সুমুৱাই বুজন সংখ্যক কিতাপ যোগান ধৰি অসাধু উপায়েৰে ধন ঘটা ৷ তেওঁলোকে প্ৰশ্ন তুলিছে যে কেৱল বিশ্ব ৰেকৰ্ডৰ বাবে যদি গ্ৰন্থখন প্ৰকাশ কৰিলেহেঁতেন, তেন্তে পুথিভঁৰাল সঞ্চালকালয়ৰ গ্ৰন্থ নিৰ্বাচনৰ বাবে পঠিওৱা তালিকাত কিয় এই গ্ৰন্থখনৰ নাম থকিব?

এই সমগ্ৰ ঘটনাৰাজিৰ আলমত আন কিছু প্ৰশ্নৰো উত্তৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে-

১. অসমত ঢৌ উঠা বিশ্ব অভিলেখ গঢ়াৰ অলিখিত প্ৰতিযোগিতাত অৰুণ গোস্বামীৰ দৰে এজন আগশাৰীৰ লেখকে কিয় পৃষ্ঠা সংখ্যাৰে অভিলেখ গঢ়িবলৈ আগবাঢ়িল?

২.  পুথিভঁৰাল সংস্কৰণৰ দাম অত্যাধিক কৰি প্ৰকাশ কৰাটো পুথি প্ৰকাশকৰ এট পুৰণি পদ্ধতি, যাতে এই চাপ্লাইৰ পৰাই সমগ্ৰ খৰছ তথা লাভালাভ আহৰণ কৰিব পৰা যায় ৷ তাৰ উদাহৰণ স্বৰুপে এখন হাতপুথিৰ দাম ছশ টকা নিৰ্ধাৰণ কৰি এজন সাংবাদিকে পুথিভঁৰাল চাপ্লাইত এহাজাৰ কপি দি ছয় লাখ টকা আহৰণ কৰাৰ উদাহৰণ আছে ৷ যিটো খৰছৰ কেইবাগুণো আছিল ৷ সেয়ে পুথিভঁৰালৰ বাবে কিতাপ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত পৃষ্ঠা সংখ্যা, কাগজ, ছপাৰ মান আদি বিবেচনা কৰি সৰ্বোচ্চ এক দাম নিৰূপণৰ কৰাৰ সাৰ্বজনীন পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা সময়ে আজি দাবী কৰিছে ৷

৩. পুথিভঁৰালত কিতাপ নিৰ্বাচনৰ ক্ষেত্ৰত এটা "সাহিত্যিক তথা প্ৰকাশক"ৰ লবীয়ে ক্ৰিয়া কৰি আছে ৷  সেয়ে নতুন লেখক বা প্ৰকাশকে সেই লবীৰ প্ৰতিৰোধ নাশ কৰি কোনোপধ্যেই কিতাপ লাইব্ৰেৰীত দিবৰ বাবে নিৰ্বাচিত কৰাব নোৱাৰে ৷ বিগত বছৰ কেইটাত ৰাজহুৱা পুথিভঁৰালৰ কিতাপৰ বাবে শ শ কোটি টকা ধাৰ্য হোৱাৰ পাছৰে পৰা এই ক্ষেত্ৰত কমিচন তথা অনৈতিক পদ্ধতি অৱলম্বনৰ প্ৰকোপ বৃদ্ধি পোৱাটো পুথি প্ৰকাশক সংস্থাৰ অভিযোগেই প্ৰতীয়মান কৰিছে ৷ এই লবী নাশ তথা অনৈতিক পদ্ধতি অৱলম্বনৰ বাবে পুথি প্ৰকাশক সংস্থা তথা সাহিত্য সংগঠনে অফিচিয়েলি বা আইনগত ভাৱে  হস্তক্ষেপ দাবী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷

৪. পুথিভঁৰালৰ বাবে পুথি নিৰ্বাচক কমিটিত থকা সাহিত্যিক সকলে লিখা কিতাপ প্ৰকাশ কৰা প্ৰকাশক বা তেখেতসকলৰ লগত মধুৰ সম্পৰ্ক থকা প্ৰকাশক সকলৰেই কিতাপ নিৰ্বাচন হোৱাটো এটা স্বাভাৱিক তথা পুৰণি বেমাৰ ৷ নিজৰ কিতাপক, নিজেই মনোনীত কৰাৰ প্ৰক্ৰিয়াটোও এই ক্ষেত্ৰত ইমান দিনে নিলৰ্জ ভাৱে চলি আছে ৷ তাকো প্ৰশমনৰ বাবে আইনী হস্তক্ষেপ দাবী কৰাৰ সময় আহিছে ৷

৫. "ক্ৰয় কৰিব লগা একোখন পুথিৰ সৰ্বোচ্চ দাম" বা আগতীয়াকৈ "চিলিঙ" নিৰ্ধাৰণ কৰিলে  ষাঠি হেজাৰ টকীয়া কিতাপৰ নিচিনা সৰ্বনাশী বেমাৰে চিষ্টেমটো আক্ৰমণ কৰাৰ পৰা বাৰণ কৰিব পৰা নিশ্চয় যাবই ৷ কাৰণ এখন ষাঠি হাজাৰ টকীয়া বহুমূলীয়া(?) গ্ৰন্থ ক্ৰয় কৰা মানেই ১০০ টকীয়া ৬০০খন কিতাপৰ পৰা পাঠক বা লাইব্ৰেৰীটো বঞ্চিত হোৱা নহয় জানো? এই ধাৰণাৰে এনে বহুমূলীয়া(?) গ্ৰন্থ ক্ৰয়ৰ পৰা বিৰত ৰাখিবলৈ আইনী হস্তক্ষেপৰ প্ৰয়োজন আছে ৷

৬. পুথিভঁৰালৰ বাবে কিতাপ নিৰ্বাচনৰ বাবে কিছুমান অৰ্হতা হিচাবে বিবেচিত হোৱা কাৰকৰ তালিকা ৱেবচাইটযোগে প্ৰকাশ কৰিব লাগে ৷ আৰু নিৰ্বাচক মণ্ডলীৰ নামো ৷ নিৰ্বাচক মণ্ডলীয়ে কোন কোন কিতাপক কোন কাৰকৰ বাবে কিমান নম্বৰ দিয়াৰ বাবে কিতাপখন নিৰ্বাচিত কৰা হ’ল সেয়াও ৱেবচাইটত মুকলিকৈ ৰখাৰ দৰকাৰ আছে ৷ যিহেতু "য’তেই গোপন ত’তেই পাপ", সেয়ে ৰাজহুৱা কোটি কোটি টকাৰ শৰাধ কৰি যে প্ৰকৃত ভাল কিতাপ ৰাজহুৱা স্বাৰ্থ সুৰক্ষিত কৰি ক্ৰয় কৰা হৈছে সেয়া নিশ্চিত কৰিবই লাগিব ৷

লাইব্ৰেৰীয়ে সমাজ এখনৰ জ্ঞানৰ সমলৰ ভঁৰাল ৰূপে যুগে যুগে অৰিহণা যোগাই আহিছে আৰু যোগাই যাব ৷ সেয়ে, মাত্ৰ লাইব্ৰেৰী চাপ্লাইৰ বাবে কোটি টকা ঘটিবৰ উদ্দেশ্যে কিতাপ লিখা বা কিতাপ ছপাবলৈ ধৰা ধৰণৰ তাড়ণাবোৰক প্ৰতিহিত কৰিবই লাগিব ৷ তাৰ বাবে সাহিত্য সংগঠন তথা পুথি প্ৰকাশক সংস্থাই সমন্বিত কৰ্মসূচী গ্ৰহণ কৰি দায়বদ্ধতাৰ পৰিচয় দিয়ক ৷ নহ’লে উত্তৰ পুৰুষে জ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত "কিছুমানৰ ল’ৰা-ধেমালিক" কোনো কালে ক্ষমা নকৰিব, সেয়া ধুৰুপ ৷

-------------------------------------------------------
শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

বিশ্বৰ মেহনতী,  শ্ৰমজীৱি মানুহৰ সংগ্ৰামী জীৱনৰ এক উৎসৱ যেন মে দিৱস ৷ এই দিনটোতে বিশ্বৰ সকলো শ্ৰমিক ঐক্যবদ্ধ হোৱাৰ বাণী গুঞ্জৰিত হৈ উঠে ৷ শোষণ বঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰমজীৱি ৰাইজক সংগঠিত কৰাৰ পথত এই মে দিৱসে বছৰে বছৰে কঢ়িয়াই আনে আশাৰ বাণী ৷

এই মে দিৱস বিশ্বৰ প্ৰায় ৮০খন দেশত ৰাষ্ট্ৰীয় বন্ধ ঘোষণাৰে পালিত হয় আৰু আন বহুতো দেশত ৰাষ্ট্ৰী স্বীকৃতি অবিহনেই৷ ই ১৮৯০চনৰ পৰাই পালিত হৈ আহিছে ৷ এই দিনটোতে ১৮৮৬চনত আমেৰিকাৰ চিকোগো চহৰত পালিত হৈছিল বসন্তোৎসৱ ৷ মালিক পুঁজিপতিসকল মতলীয়া হৈছিল বসন্তোৎসৱৰ উদযাপনত ৷ পিছে লক্ষ লক্ষ শ্ৰমিক সেই সময়ত সমবেত হৈছিল সেই চহৰৰে হে’ মাৰ্কেটত৷ তেওঁলোকৰ দাবী আছিল প্ৰতিদিনে শ্ৰমৰ সময় আঠ ঘণ্টা কৰাতো ৷ এই আন্দোলনক মষিমূৰ কৰিবলৈ মালিক, পূঁজিপতি সকলে লাঠি আৰু গুলীৰে আক্ৰমণ কৰিলে নিৰস্ত্ৰ শ্ৰমিক সকলক ৷ বুকুপাতি গুলীবিদ্ধ হোৱা শ্ৰমিকৰ তেজেৰে ৰাঙলী হ’ল সেই ৰাজপথ ৷ তেতিয়াই শ্ৰমিকৰ জীয়াৰী-বোৱাৰীসকলে গাৰ কাপোৰ সেই তেজেৰে বোলাই আকাশলৈ উৰুৱাই প্ৰতিজ্ঞা কৰিছিল-"যেতিয়ালৈকে শ্ৰমিক হত্যাকাৰী পুঁজিপতি শ্ৰেণীৰ শোষণ নিৰ্যাতন শেষ নহ’ব, তেতিয়ালৈকে এই ৰক্ত ৰঞ্জিত লাল পতাকা লৈ সংগ্ৰাম অব্যাহত থাকিব" ৷ 

১৮৯৩চনত বিশ্ববিখ্যাত কমিউনিষ্ট ফ্ৰেডেৰিক এংগেলচৰ উপস্থিতিত জুৰিখত অনুষ্ঠিত হয় আন্তৰ্জাতিক শ্ৰমিক সংঘৰ অধিবেশন ৷ তাতে পুঁজিবাদী সমাজ ব্যৱস্থা ধ্বংস কৰি বিশ্বত সমাজবাদী শাসন ব্যৱস্থা স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ শ্ৰমজীৱি সকলেই এই সপোন সফল কৰি তুলিব লাগিব আৰু সেই ৰক্ত-ৰঞ্জিত লাল পতাকাই হ’ব বিশ্বৰ সমগ্ৰ শ্ৰমজীৱি মানুহৰ মুক্তি সংগ্ৰামৰ পতাকা ৷ 

এই লাল পতাকাৰ ৰঙা ৰং যেনেকৈ তেজৰ ৰং, ই নতুন আৰু বিশুদ্ধতাৰো প্ৰতীক৷ গতিকে নতুন শ্ৰেণীহীন, শোষণহীন সমাজ ব্যৱস্থা সমাজতন্ত্ৰবাদ তথা সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে কঠোৰ আৰু দীঘলীয়া শ্ৰেণী সংগ্ৰামৰ সংকল্প বহন কৰে এই পতাকাৰ ৰঙা ৰঙে ৷ কৃষক শ্ৰমিকৰ ঐক্যবদ্ধ প্ৰচেষ্টাইহে এই সপোনক বাস্তৱৰ পথলৈ নিব পাৰিব, সেয়ে এই পতাকাত হাতুৰী আৰু কাঁচি অংকন কৰা হৈছে ৷বিশ্বৰ পাঁচোখন মহাদেশৰ মেহনতী শোষিত মানুহক এক বিশ্ব কমিউনিষ্ট ভাতৃত্বৰে বান্ধি ৰখাৰ উদেশ্যৰে তাৰ প্ৰতীকি ৰূপ পাঁচ কোণীয়া তৰাটিও পতাকাত সন্নিবিষ্ট কৰা হৈছিল ৷

এই ঘটনাবহুল শ্ৰমিক সংগ্ৰামৰ ইতিহাস জুকিয়াবলৈ গ’লে দেখা যায় যে, যে ১৮৪৮চনত প্ৰকাশ পোৱা মাৰ্ক্স-এংগেলচৰ বিশ্ব-বিখ্যাত "কমিউনিষ্ট মেনিফেষ্টো" প্ৰকাশ পোৱাৰ পৰাই বিশ্ব জুৰি শংকিত হৈ পৰিছিল, পুঁজিবাদৰ পূজাৰী মালিক তথা শাসক সকল ৷ এই ইস্তাহাৰ প্ৰকাশ হোৱাৰ পাছৰে পৰাই ধাৰাবাহিক ভাৱে শ্ৰমিক সকলক সংগঠিত কৰা তথা প্ৰতিবাদী সংগ্ৰাম গঢ় লৈ উঠাটো বিশ্বৰ বিভিন্ন প্ৰান্ত আৰম্ভ হৈছিল ৷ সেই উদ্দেশ্যে ১৮৬৪চনত ইংলেণ্ডত জন্ম হ’ল প্ৰথম ইণ্টাৰনেশ্বনেল ৱৰ্কিং মেনছ এছ’ছিয়েশ্বন, ই বিশ্বৰ প্ৰথমটো শ্ৰমিকৰ সংগঠিত ৰূপ বুলি পৰিগণিত হ’ল ৷

১৮৬৬চনত আমেৰিকাত ৬০টা শ্ৰমিক ইউনিয়নে বাল্টিমোৰত মিলিত হৈ গঠন কৰিলে নেচনেল লেবাৰ ইউনিয়ন আৰু শ্ৰমিকক দাসত্বৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দৈনিক আঠ ঘণ্টা শ্ৰমৰ সময় নিৰ্ধাৰণ দাবী উত্থাপন কৰিলে ৷ এই আন্দোলন ব্যাপক ৰূপ লোৱাৰ লগতে জংগী হৈ উঠিল৷ ফলত ১৮৭৫চনত দহজন জংগী শ্ৰমিকক ফাঁচি দিয়া হ’ল৷ ই এই আন্দোলনক যেন ঘিঁউহে ঢালিলে ৷ 

১৮৮৪চনত গঠিত হ’ল ফেডাৰেশ্বন অৱ অৰ্গেনাইজড ট্ৰেডছ এণ্ড লেবাৰ ইউনিয়ন অৱ ইউনাইটেড ষ্টেটছ অৱ কানাডা ৷ ১৮৮৬চনত ইয়াৰ নতুন নামাকৰণ হ’ল আমেৰিকান ফেডাৰেশ্বন অৱ লেবাৰ ৷ এই সংগঠনেই ঘোষণা কৰিলে পহিলা মেৰ পৰা গোটেই দেশতে দৈনিক শ্ৰমৰ সময় হব আঠ ঘণ্টা ৷ লক্ষ লক্ষ শ্ৰমিকে এই দাবী তথা আন্দোলনলৈ সহাঁৰি দিলে ৷ তেজৰ ঢল বৈ গ’ল ৷ অৱশেষত চৰকাৰ তথা পুঁজিবাদী কোম্পানী, মালিক সকলে এই দাবী মানি লবলৈ বাধ্য হ’ল ৷

সেয়ে বিশ্বৰ ইতিহাসত শ্ৰমেৰে, নিজৰ ঘামেৰে দুবেলা দুমুঠি আৰ্জন কৰা লোক সকলৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰথমটো বিজয় ৰূপে মে’ দিৱস অতি তাৎপৰ্যপূৰ্ণ ৷ সংগঠিত ৰূপত শ্ৰমজীৱি ৰাইজক সামাজিক সুৰক্ষা প্ৰদান তথা সমাজ পৰিবৰ্তনৰ বাণীৰে সজাগতাৰ বাবে দেশে দেশে পালন কৰা এই দিৱসৰ বিশেষত্ব নতুন পুৰুষেও জানিব লাগিব, বুজিব লাগিব, আৰু সেই ইতিহাসৰ ভেটীতে নতুন যুগৰ নতুন সমাজ গঢ়াৰ বাটত সপোন দেখিব লাগিব ৷

-----------------------------------------------
বাঁহৰ চুঙাৰ দৈ, বৰ্তমান আৰু ভৱিষ্যত

জুবিন গাৰ্গৰ কণ্ঠত বিহুগীতৰ বুকুত "অসমীয়া বিহুৰ জা-জলপান"ৰ সতে সোৱাদৰ জুতি বাঁহৰ চুঙা দৈ অধিক মহীয়ান হৈ পৰিল ৷ সেই বিহুগীতটোৰ জৰিয়তেই চহৰীয়া বহু লোক তথা নতুন প্ৰজন্মৰ মাজতো বাঁহৰ চুঙাত ৰখা দৈৰ কিনো বিশেষত্ব আছে, ৰস-গুণ-গন্ধ আছে তাৰ উমান লবলৈ এটা আগ্ৰহ জাগি উঠিল ৷ ই অতি এক আশাপ্ৰদ কথা ৷

পিছে অসমীয়াৰ ৰঙালী বিহুক উৎসৱৰ ৰূপত পালন কৰি আনন্দ কৰাৰ প্ৰাকক্ষণত আন কেতবোৰ অতি প্ৰয়োজনীয় দিশ উন্মোচন কৰিব খুজিছো ৷ সেয়া হ’ল আজিৰ তাৰিখত অসমত চুঙাত থোৱা বা নোথোৱা দৈ, গাখীৰ আদিৰ উৎপাদন আৰু ইয়াৰ প্ৰকৃত ছবিখন৷


অসমত বৰ্তমান দুগ্ধপালনৰ ক্ষেত্ৰখন অতিশয় কৰুণ ৰূপত প্ৰতিফলিত হবলৈ হবলৈ ধৰিছে ৷ গুৱাহাটীত পূৰবী ডায়েৰীয়ে এতিয়াও পেকেট গাখীৰৰ প্ৰচলনৰ মাজেৰে মহানগৰবাসীক অকন উপযুক্ত মানদণ্ডৰ গাখীৰ যোগান ধৰি আছে ৷ তাৰোপৰি গুৱাহাটীৰ আশে-পাশে পাহাৰ, টিলা, চুবুৰী আদিত গো-শালা বা দুগ্ধ উৎপাদন কেন্দ্ৰ স্থাপন কৰি বিশেষকৈ নেপালী আৰু বিহাৰী সম্প্ৰদায়ৰ লোক সকলে অতি কষ্টৰে ৰাইজক সেৱা আগবঢ়াই আহিছে ৷ নগাঁৱৰ এটা অঞ্চলতো দুগ্ধ সমবায়ৰ যোগেদি ৰাইজে একত্ৰিত ৰূপত আত্ম-নিৰ্ভৰশীলতা লাভৰ সুখবৰে ইতিমধ্যেই বাতৰিৰ শিৰোনাম পাবলৈ সক্ষম হৈছে ৷


কিন্তু এই কেইটাৰ বাহিৰে অসমৰ মফচলীয় চহৰ তথা গাঁৱে ভূঞে নগৰে চহৰে দুগ্ধজাত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত এক নিৰাশাজনক ছবিহে প্ৰকট হৈ উঠিছে ৷ যি সময়ত সেউজ অসমত সেউজ বিপ্লৱৰ সতে দুগ্ধ বিপ্লৱৰ সূচনা হব লাগিছিল, সেই সময়ত এসময়ত গাখীৰ, দৈৰ বাবে ভোগালী ঠাই বুলি খ্যাত ধেমাজি, ঢকুৱাখনা, বৰদলনি আদি ঠাইতো মানুহে পাউদাৰ গাখীৰ বা আমূল তাজা কিনি খাব লগা হোৱাটো অতিকৈ উদ্বেগ প্ৰকাশ কৰিব লগা কথা বুলি গণ্য কৰিছো ৷


যি সময়ত উৰ্বৰা অসমৰ বুকুত সেউজীয়া ঘাঁহ, কলগছৰ বাগিছাৰে ভৰি পৰি নৱ-প্ৰজন্মৰ বাবে পুষ্টিকৰ খাদ্যৰ ভঁৰাল স্বৰূপ গাখীৰৰ নদী বব লাগিছিল, তাৰ বিপৰীতে সুৰাৰ বন্যাৰ বৃদ্ধিয়ে (নঁগাৱত বাঢ়িল ১২% সুৰাপায়ী শীৰ্ষক খবৰ) বাতৰিৰ শিৰোনাম পোৱাটো এক লজ্জ্বাজনক কথা ৷


তেন্তে সমস্যাটোনো ক’ত? তাকে লৈ ডায়েৰী ডেভেলপমেণ্টৰ কামত যোৱা দহ বছৰে নিয়োজিত ক্ষেত্ৰ বিষয়া কেইগৰাকীমানৰ পৰা অসমীয়া সুখ -দুখৰ তৰফৰ পৰা সু-উত্তৰ পোৱাৰ চেষ্টা চলোৱা হৈছিল৷ প্ৰাপ্ত উত্তৰ সমূহ তলত উল্লেখ কৰা হ’ল-


১. অতি শুকান অথচ গৰম পৰা ৰাজ্য অন্ধ্ৰ প্ৰদেশত গ্ৰাম্যাঞ্চলত ঘৰে ঘৰে মূৰা ম’হ নামৰ এবিধ ম’হৰ বাবে সৰু সৰু জুপুৰী ঘৰৰ ব্যৱস্থা থকা দেখা যায়৷ দৈ তাত দৈনন্দিন প্ৰয়োজনীয় বস্তু হোৱাৰ বাবে অতি কমেও দুজনী এনে ম’হ পালন কৰাটো তেখেত সকলৰ এক পৰম্পৰাৰ নিচিনা হৈ পৰিছে ৷ নাৰিকল আৰু কুঁহিয়াৰৰ পাতৰ ওপৰত নিৰ্ভৰ কৰিয়েই এইবিধ ম’হ পালন কৰা হয় ৷ প্ৰয়োজন অনুসাৰে বেছি সংখ্যাৰ ম’হ পালনৰ যোগেদি গ্ৰাম্য অন্ধ্ৰ প্ৰদেশত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনে মানুহক অৰ্থনৈতিক ভাৱে সকাহ দিবলৈ সক্ষম হৈছে ৷ ৰাতিপুৱা সময়ত লানি পাতি মানুহে সমবায় সমিতিক এনে গাখীৰ যোগান দিবলৈ যায়, তাতে লেক্টমিটাৰৰ সহায়ত গাখীৰৰ গুণাগুণ নিৰ্ধাৰণ কৰি ঠাইতে ধন আদায় দিয়াৰ সু-ব্যৱ্স্থা আছে ৷ তাৰ ফলত গাখীৰত পানী দিয়া আদি ভেজাল কামত যোগদিয়াৰ অভ্যাসৰ পৰা সাধাৰণ মানুহক বিৰত থাকিবলৈ বাধ্য কৰোৱা হৈছে, আৰু লগতে দৈনিক আৰ্জনৰ এক নিৰ্দিষ্ট পথৰ সন্ধান দিবলৈও এই ব্যৱ্স্থা সক্ষম হৈছে ৷


২. গুজৰাটৰ আনন্দ নামৰ ঠাইৰ পৰা সৃষ্টি হোৱা ডায়েৰী সমবায় সমিতিৰ বিজয় ধ্বজ্জা বহন কৰা "আমূল"ৰ সফলতাৰ কাহিনীৰ বিষয়ে কোনেনো নাজানে? তাৰ বিপৰীতে অসমত পশুপালন কিহৰ বাবে বিখ্যাত বুলি সুধিলে এল অ’ চি কেলেংকাৰী, পশুখাদ্য কেলেংকাৰী আদি বুলি কোৱাৰ বাহিৰে বেলেগ চিনাকি দিবলৈ একোৱেই নাই ৷ কিন্তু সচেতন অসমীয়াই আগবাঢ়ি আহিলে এতিয়াও অসমৰ আমূল গঢ়ি উঠাৰ সম্ভাৱনা নথকা নহয়!


৩. পিছে অসমত এনে প্ৰকল্পৰ নামত চৰকাৰী বেংকৰ পৃষ্ঠপোষকতাত বহুবাৰ প্ৰচেষ্টা হাতত লোৱাৰ নজিৰ আছে ৷ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ কেচ ষ্টাডীৰ পৰা জনা যায় যে মাজতে ষ্টেট বেংকে বহু-গোপালকক ঋণ দান কৰিছিল, বিশেষকৈ নাৰেংগী, যোৰাবাট, হাজো, ৰামদিয়া, বাইহাটা পৰ্যন্ত ৷ কিন্তু প্ৰায় সকলোবোৰ ঋণ লোৱা মানুহেই এই ব্যৱসায়ত তিস্তি থাকিব নোৱাৰিলে ৷ কেইজনমান অতি কষ্ট কৰিব পৰা নেপালী, বিহাৰী সম্প্ৰদায়ৰ মানুহ আৰু কেইগৰাকীমান দুখুনী মহিলাৰ বাদে ৷ ফলত এতিয়া মহানগৰীৰ উপকণ্ঠ অঞ্চলত ভাৰতীয় ষ্টেট বেংকে ডেইৰী ফাইনান্স বন্ধ কৰি দিব লগীয়া হ’ল ৷

মাজতে অন্ধ্ৰ প্ৰদেশৰ আৰ্হিত কন্ট্ৰেক্ট ফাৰ্মিং ব্যৱ্স্থাৰে হাজো, বাইহাটা, মান্দাকাটা, মিৰ্জা আদি এক বৃহৎ অঞ্চল সামৰি গঢ় লৈ উঠিছিল পৃথিৱী ডায়েৰী ৷ প্ৰায় ১০০কোটি টকাৰ বিনিয়োগ কৰা এই প্ৰকল্পকো অসমীয়া গো-পালকে জীয়াই ৰাখিব নোৱাৰিলে ৷ ফলত হায়দৰাবাদৰ পৰা বেংকৰ প্ৰতিনিধিৰ বিশেষ দলে আচলতে সমস্যা কি তাক অধ্যয়ন কৰিবলৈ আহিব লগা হ’ল ৷

৪. এই অধ্যয়নৰ ফলত পোহৰলৈ অহা সমস্যাৰাজি এনে ধৰণৰ-


ক. অসমত এনে উপযু্ক্ত ব্ৰীড বা জাতৰ গৰু-ম’হৰ অভাৱ ৷


খ. উপযুক্ত ব্ৰীডৰ গৰু-ম’হ কিনিব বিচাৰিলেও সেই ক্ষেত্ৰত ভেটেনেৰী বিভাগে ৰাইজক কোনো সু-পৰামৰ্শ  দি সমস্যাৰ সমাধান কৰি দিয়া নাই ৷


গ. স্থানীয় গো-পালকে গাই কিনিবলৈ যোৰাবাটৰ বজাৰলৈ যায়৷ কিন্তু তাত এলাগী হোৱা গাইহে অভিজ্ঞ নেপালী বা আন ব্যৱসায়ীহে বিক্ৰী কৰে ৷ 

সন্দেহকৰামতে ঔষধ খুৱাই বিক্ৰীৰ সময়ত দহ লিটাৰলৈকে গাখীৰ দিয়া বুলি প্ৰমাণ দি উচ্চ হাৰত দাম আদায় লয় ৷ অথচ সেইজনী গাই ঘৰলৈ আনিলে পাচ দিনা দুসেৰৰ ওপৰত গাখীৰ নোলায় ৷

ঘ. পৃথিৱী ডেইৰীৰ বাবে এই ব্ৰীডৰ সমস্যা সমাধানৰ বাবে ভেটেনেৰী বিশেষজ্ঞ এজনৰ দিহা লোৱাৰ ব্যৱ্স্থা হ’ল৷ তেখেতে একে জলবায়ুত প্ৰতিপালন হোৱা বুলি আলিপুৰ দুৱাৰৰ পৰা মাতৃ গাই অনাৰ প্ৰস্তাৱ দিলে ৷ পিছে মূৰকত গৈ সিও উলোটা ফল দিলে, ভেটেনেৰী বিশেষজ্ঞই কমিচন খাই আনি দিলে বুঢ়ী গাইগৰুৰ জাক!


ঙ. অসমীয়া গো-পালকে কৰিব নিবিচাৰে কষ্টঃ তাৰ বিপৰীতে নেপালী আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহে গো-পূজাৰ দৰে পূজি উৎপাদন কৰে দুগ্ধ৷ মাজতে এই কামত হাজোৰ ফালে উদ্যমী ইছলাম ধৰ্মীয় কৃষি কৰ্মীয়েও প্ৰকল্প হাতত লৈছিল যদিও মূৰকত গৈ বিফল হোৱাৰ বাতৰি পোৱা গ’ল ৷


এনে ক্ষেত্ৰ-ভিত্তিক অধ্যয়নে নিশ্চয়েই নতুন নতুন দিশ উন্মোচন কৰিছে ৷ ১৯৫০চনৰ বৰ ভূইকঁপত তললৈ বহি যোৱা ধেমাজিৰ এক বৃহৎ অঞ্চল বৰদলনিত এটা সময়ত ম’হৰ ঘুলি, ম’হৰ পাম আদি কৰাটো এক পৰম্পৰাৰ দৰেই আছিল৷ কিন্তু সময়ৰ সতে ম’হৰ পামত ৰাতি কটোৱাৰ আকৰ্ষণ নতুন প্ৰজন্মই হেৰুৱাই পেলালে৷ এতিয়া তাতো ম’হৰ এনে ঘুঁলি আঙুলি মূৰত লেখিব লগা ৷ একেই অৱস্থা ভিতৰুৱা জনজাতীয় গাঁও সমূহতো ৷ এতিয়াও কৰবাত কৰবাত ব্ৰহ্মপুত্ৰ বালি-চাপৰিত গৰুৰ পাম, ম’হৰ পাম চেগাচোৰোকাকৈ আছে৷ য’ৰ পৰা ঘৰে ঘৰে পানী-মিহলি গাখীৰকনকে চহৰবোৰত মানুহে অমৃত জ্ঞান কৰি কিনি আছে ৷


ইফালে হোটেলত পাউদাৰ গাখীৰৰ ৰসগোল্লা, পনীৰ আদিৰ পয়োভৰ হৈছে ৷ পাউদাৰ গাখীৰৰ দৈ বনোৱাৰ পদ্ধতিও ৰাইজে অৱলম্বন কৰিছে ৷ তাৰ বিপৰীতে এজন বেংগলী ভদ্ৰলোকে এঠাইত ৬৬জনী জাৰ্চী গাই পুহি আদৰ্শ দেখুৱাইছে ৷ তেওঁ মাত্ৰ গাই পুহাই নহয়, তাৰ ভেল্যু এডেড চেইনটোৰ গঠন কৰিও এক অনন্য উদাহৰণ দাঙি ধৰিছে ৷ মিঠাইৰ এখন দোকান খুলি বিশুদ্ধ গাখীৰৰ মিঠাই, দৈ, পনীৰ আদি বিক্ৰী কৰি এক উন্নত ব্যৱস্থা গঢ়ি তুলিছে ৷ তেখেতৰ ৬৬জনী গাইৰ পামখন দেখিয়ে সকলো বিয়া বাৰুৰ মিঠাইৰ অৰ্ডাৰৰ বাবে তেখেতৰ দোকানলৈকে মানুহ দৌৰি যাবলৈ আৰম্ভ কৰিছে ৷ এনে সফল গো-পালক তথা ব্যৱসায়ীৰ পৰা আনেও সফলতাৰ পাঠ লোৱাৰ প্ৰয়োজন নাইনে?


কিমান দিন আৰু আমূল তাজা গাখীৰেৰে, পাউডাৰ গাখীৰৰ দৈয়েৰে বিহু পাতিব? উন্নত গৰু আনি দিম বুলি কেলেংকাৰী কৰা ভেটেনেৰী বিভাগৰ কাহিনী শুনিব ৷ অৰুণাচললৈ গৰু ইমপৰ্ট কৰি অৱশেষত হিচাবৰ বাবে ভৈয়ামৰ পথাৰৰ পৰা গৰুৰ নেজ কাটি নি জমা কৰা কাহিনী শুনি হাঁহিৰ ৰগৰ তুলিব ?


এতিয়া হাতে-কামে লগাৰ বাবে চিন্তা কৰাৰ বতৰ আহিল৷ সমস্যাবোৰক শুনি-জানি-বুজি সমাধানৰ বাট বিচৰাৰ ৷ ঘৰে ঘৰে উন্নত জাতৰ গৰু-ম’হ পালন কৰাৰ৷ তথা সমবায় আদিৰ সফল ব্যৱস্থাপনাৰে আদৰ্শ তুলি ধৰাৰ ৷ নিজে নোৱাৰিলেও পৰিয়াল-পৰিজন-মিতিৰ কুটুম্বক এই ক্ষেত্ৰত প্ৰেৰণা যোগাওক ৷ পৃথিৱীৰ অমৃতসম গাখীৰৰ ক্ষেত্ৰতো দিনে দিনে এইদৰে আমি আনৰ মুখলৈ চাব লগা হৈ গৈ থাকিলে, বাঁহৰ চুঙাৰ দৈ ক’ত পায়, বুলিলে এসময়ত "জুবিনৰ বিহুগীতত" বুলি কোৱাৰ বাহিৰে আৰু গত্যন্তৰ নাথাকিব!



---------------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ দুখ ১৮৩তম সংখাঃ ৩ এপ্ৰিল ২০১৩

শুৱালকুছি আৰু সৰ্থেবাৰীৰ সংকটঃ সমাধান সম্ভৱনে?

শুৱালকুছিত হোৱা বিগত কেইদিনৰ প্ৰতিবাদী কাৰ্যসূচী তথা উত্তপ্ত পৰিৱেশ প্ৰত্যক্ষ কৰাৰ পাছত কিছুমান কথা নকৈ ভাবি চোৱাৰ প্ৰয়োজনীয়তা আহিছে৷ সেই প্ৰেক্ষাপটতে কেইবাটাও দিশ চালি-জাৰি চাব লগা হৈছে, যি বোৰ কথা আজি সময়ৰ সোঁতত যেন আমি নুই কৰিব নোৱাৰা হৈ পৰিছোহঁক৷

যি কোনো উদ্যোগ বা উৎপাদনৰ ব্যৱস্থাই সদায়েই প্ৰতিযোগিতাৰ সন্মুখীন হব লগা হোৱাটো এটা এৰাব নোৱাৰা স্বাভাৱিক প্ৰক্ৰিয়া ৷ মেচিনমেড সামগ্ৰীৰ সমুখত হস্ত-নিৰ্মিত সামগ্ৰীৰ উদ্যোগে মানৱ সভ্যতাৰ প্ৰগতিৰ সতে আধুনিক যুগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়েই আহিছে ৷ ই শিল্প বিপ্লৱেই হওক বা বিশ্বায়নেই হওক, প্ৰতিটো খোজতে এনে শিল্পই সতকাই পৰীক্ষাত অৱতীৰ্ণ হব লগা হৈছে ৷ আজিৰ গোলকীকৰণে আনি দিয়া উন্মুক্ত বজাৰৰ ব্যৱ্স্থাই এই প্ৰত্যাহ্বানক আৰু ইন্ধন যোগাইছে ৷ সেয়ে সময়ৰ সতে স্থানীয় কুটীৰ শিল্প সমূহ সংকটৰ সমুখত পৰাটো অৱধাৰিতই আছিল ৷

কিন্তু অৱধাৰিত বা সময়ৰ সতে ফেৰ মিলাব নোৱাৰা ঘোষিত কৰি জানো এনে শিল্প সমূহক হেৰাই যাবলৈ দিব পাৰি? বিশেষকৈ যি কুটীৰ শিল্পই একোটা অঞ্চলৰ আৰু বৃহৎ অৰ্থত এটা জাতিৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে, সেই শিল্পকেইটো একোটা আপুৰুগীয়া শিল্পৰ মৰ্যদা প্ৰদান কৰা হয় ৷ শুৱালকুচিৰ পাট কাপোৰৰ উদ্যোগ আৰু সৰ্থেবাৰীৰ কাঁহৰ বাচনৰ উদ্যোগ এনে আপুৰগীয়া শিল্প; যাৰ সতে সেই অঞ্চলৰ সতে অসমীয়া সংস্কৃতিৰ সাংস্কৃতিক পৰিচয়, জনজীৱনৰ আৱেগ-অনুভূতি আদি জড়িত হৈ আছে ৷ সেয়ে এনে শিল্পক ৰাষ্ট্ৰ ব্যৱস্থাই এক "ভৌগোলিক মান্যতা" (Geographical Identification) প্ৰদানৰ জড়িয়তে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷

এই শিল্প দুটাক সংৰক্ষণৰ বাবে কিছু বিশেষ ব্যৱস্থা গ্ৰহণৰ আগতে তৃণমূল পৰ্যায়ত সন্মুখীন হোৱা সমস্যাৰাজিক অনুধাৱন কৰিব লাগিব ৷ উৎপাদনৰ বাবে কেঁচামালৰ যোগান, কাৰিকৰী জ্ঞান-সমৃদ্ধ শ্ৰম কৰা লোকৰ শ্ৰম অনুপাতে আৰ্জনৰ নিশ্চিতি, সামাজিক সুৰক্ষা, উৎপাদিত সামগ্ৰীৰ বজাৰ, বজাৰত সঠিক মূল্য প্ৰাপ্তিৰ ব্যৱস্থা এই গোটেই যোগান শৃংখল(supply chain)টোক এক গৱেষণামূলক দৃষ্টিৰে অন্বেষণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷ তাৰ বাবে দেশৰ আগশাৰীৰ ব্যৱস্থাপনা বিশেষজ্ঞৰ লগত পৰামৰ্শ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে নিকটবৰ্তী অগ্ৰণী শিক্ষানুষ্ঠান,  গ্ৰামীণ বিকাশ প্ৰতিস্থান বা আন এনজিঅ’ৰ সহযোগত সমান্তৰাল ভাৱে কেইবালানি ক্ষেত্ৰভিত্তিক অধ্যয়েনেৰে সমাধানৰ মৌলিক সূত্ৰ সন্ধানৰ প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন আছে ৷ তাৰ অবিহনে, চৰকাৰী বিভাগীয় মন্ত্ৰীৰ সতে মেজত বহি কৰা একোটা ঘণ্টাৰ আলোচনাই হঠাত একো ফলপ্ৰসূ উপায় প্ৰদান কৰিব নোৱাৰে বুলিয়েই আমি বিশ্বাস কৰো ৷ ইয়াৰ বাবে আচলতে এক সৰ্বস্তৰক জড়িত কৰি এটা বৃহৎ দায়বদ্ধ সামুহিক প্ৰচেষ্টা(Community Approach)ৰ অতিশয় প্ৰয়োজনীয়তা আছে ৷

 সোণালী সূতা প্ৰকল্পৰ নামত কোটি কোটি ৰাজহুৱা ধনৰ শৰাধ কৰা ৰেছম বিভাগে ইমান দিনে শুৱালকুছিৰ সমস্যাৰ কথা গমেই নাপায় বুলি ৰেছম মন্ত্ৰীৰ মন্তব্য অত্যন্ত দুৰ্ভাগ্যপূৰ্ণ ৷ বিভাগে গামোচা আৰু মেখেলা পাৱাল লুমত বোৱাটো আইনবিৰুদ্ধ হব বুলি কৰা ঘোষণাই প্ৰকৃততেই কাৰোৰেই একো কল্যাণ নকৰে বুলি অনুভৱ হয় ৷ ই এটা মাত্ৰ দায় সৰা মন্ত্বব্যৰ বাহিৰে একো নহয় ৷ সেইদৰে কাঁহৰ বাচন মেচিনত তৈয়াৰ কৰিব নোৱাৰিব বুলি আইন তৈয়াৰ কৰাৰ কথা চিন্তা কৰাটোও আধুনিক যুগত এক হাঁহিয়াতৰ পাত্ৰ হোৱাৰ দৰেই হব ৷ পিছে ক’লা বেপাৰীয়ে চক্ৰান্ত কৰি বেনাৰসী মেচিনমেড কাপোৰক হস্ত-শিল্পৰ নামত বিক্ৰী কৰি চলাই থকা ক’লা-বজাৰ বন্ধ কৰাৰ বাবে চৰকাৰেই কঠোৰ ব্যৱস্থা লব লাগিব ৷

এতিয়া প্ৰশ্ন হ’ল কেনেকৈ মেচিনমেড সামগ্ৰীৰ পৰা হস্ত-নিৰ্মিত তথা কলাসন্মত সামগ্ৰীক পৃথক ৰূপত ৰাখি এক সুফল দিব পৰা উৎপাদনৰ পৰা বিক্ৰী পৰ্যন্ত বিতৰণ শৃংখল বনাব পৰা যায়? তাৰ বাবে "বিশেষ ভৌগোলিক মান্যতা"(GI) প্ৰদানৰ জড়িয়তে সৰ্থেবাৰীৰ হস্ত-নিৰ্মিত কাঁহৰ বাচনৰ বাবে নিৰ্দিষ্ট চিহ্ন খোদাই কৰাৰ ব্যৱস্থা আৰু শুৱালকুছিৰ পাট কাপোৰৰ বাবে "চিল্কমাৰ্ক"ৰ দৰে "শুৱালকুছি পাট মাৰ্ক"ৰ ব্যৱস্থা হব লাগিব ৷ পিছে এই ক্ষেত্ৰতো আজিৰ উন্নত প্ৰযুক্তিৰ বিশেষ ত্ৰি-মাত্ৰিক  হল’গ্ৰাম যুক্ত মাৰ্কৰ ব্যৱহাৰ কৰিব লাগিব ৷ তাৰোপৰি উৎপাদনৰ পাছতে এই কাপোৰত এই টেগ চৰকাৰী প্ৰশাসনৰ নজৰত হস্ত-তাঁত উদ্যোগ তথা তাঁতীৰ সংগঠনৰ যুটীয়া পৰিদৰ্শনত উৎপাদনৰ থলীতে লগোৱাৰ ব্যৱস্থা হব লাগিব ৷ 

তাতেই ১০-২৫% শতাংশ খুচুৰা ব্যৱসায়ীৰ বাবে লভ্যাংশ ৰাখি দাম নিৰূপণৰ কৰি টেগ লগোৱাৰ প্ৰয়োজন আছে, যাতে অসাধু ব্যৱসায়ীহে কম টকা শিপীনি বা উদ্যোগটোক দি, অত্যাধিক মূল্যৰে জনসাধাৰণক ৰাম-টাঙোন দিব নোৱাৰে ৷ বস্ত্ৰ বিশেষজ্ঞৰ এনে ভেলুৱেচন আৰু চাৰ্টিফিকেচনে সকলো পক্ষকে সুৰক্ষা প্ৰদান কৰিব পাৰিব ৷ পঞ্জীয়ন ভুক্ত সৰু সৰু শিপিনী/ কাঁহৰ বাচন নিৰ্মাণ গোটৰ পৰা চৰকাৰী প্ৰতিস্থানে নুন্যতম সমৰ্থন মূল্যত (support price)ত বছেৰেকত কমেও এক নিৰ্দিষ্ট পৰিমানৰ সামগ্ৰী ক্ৰয় কৰা আৰু ঠায়ে ঠায়ে চৰকাৰী এম্পৰিয়াম যোগে বিক্ৰীৰ ব্যৱস্থা কৰা প্ৰয়োজন আছে ৷ পিছে "জাগৰণ"ৰ বন্ধ হবলৈ ধৰা বিপনী সমূহ দেখি, আৰু সেই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ চকু-মুদা কুলিৰ ভাও ধৰা কাৰ্য্যই এই আশাৰ চাকি নিৰ্বাপিতহে কৰিব খোজে ৷

এই সকলো সম্ভৱ হব যদিহে এই দুয়োটা উদ্যোগৰ সতে জড়িত লোক সকল সঠিক ৰূপত সংগঠিত হয় ৷ আৰু যদি সামূহিক সংগঠন বোৰে মাত্ৰ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তেজনা নিবিয়পাই, বাস্তৱত ৰূপায়ণ কৰিব পৰা সমাধান সূত্ৰ সন্ধান কৰিবলৈ ব্যৱস্থাপনা বিশেষজ্ঞৰে পৰামৰ্শৰে বাস্তৱ ৰূপদান কৰিব পৰা "সামূহিক প্ৰকল্প"(Community Project) তৈয়াৰ কৰি উলিয়াই৷ সমস্যা সমাধানৰ বাটৰ এক ব্লু-প্ৰিণ্ট তৈয়াৰ কৰি উলিয়াই লোৱাৰ পাছত তাক বাস্তৱায়িত কৰাৰ বাবে এই সংগঠন সমূহে মুকলি মনেৰে একত্ৰিত ৰূপত আগবাঢ়ি আহিলে নিস্কৰ্মা বিভাগো জাগিবলৈ নিশ্চয় বাধ্য হব আৰু চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় ৰাইজে আজুৰি লব পাৰিব ৷

এক বিজ্ঞানসন্মত, বাস্তৱ, দীৰ্ঘম্যাদি প্ৰকল্প ৰূপায়নেৰে এই আপুৰুগীয়া শিল্প উদ্যোগ কেইটি ৰুগ্ন অৱস্থাৰ পৰা অচিৰেই এক উন্নততৰ পথলৈ আগুৱাই আহিব, আৰু অসমৰ সাংস্কৃতিক পৰিচয়ক চিৰদিন বহন কৰি নিব বুলি আশা প্ৰকাশ কৰিছো ৷ আৰু সকলো পক্ষকে কেইবাহাজাৰ পৰিয়ালৰ পেটৰ কথা চিন্তা কৰি, এই ক্ষেত্ৰত কুটিল ৰাজনৈতিক দলাদলিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ৷

------------------------------------------------------------------------------------------------
------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ দুখ ১৭৭তম সংখাঃ ২৮ মাৰ্চ ২০১৩

ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?

জনসংখ্যা বিস্ফোৰণ পৃথিৱীৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে, ভাৰতৰ বাবেও ৷ আৰু লগতে অসমতো জনসংখ্যা বৃদ্ধিৰ হাৰ অতি চমক লগা ৰূপত বাঢ়ি আহিছে ৷ অসমৰ জনগাঁথনিৰ বৃহৎ পৰিবৰ্তনৰ প্ৰতিচ্ছবি ৰাইজেও অনুভৱ কৰিবলৈ লৈছে ৷ তাৰ মাজতে বাৰে বাৰে প্ৰচলিত তথা জনপ্ৰিয় ধাৰণাৰ ৰূপত ইছলাম ধৰ্মী লোক সকলৰ পৰিয়ালত জনসংখ্যা বৃদ্ধিৰ কথাটো সংবাদৰ শিৰোনামালৈ আহে ৷ কেতিয়াবা তাকে লৈ সেই ধৰ্ম অৱলম্বন কৰা লোক সকলক কটাক্ষ কৰাও পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনা, সঁচাই ধৰ্মৰ পৰিপন্থীনে,  সেয়া এক আলোচনা যোগে ৰাইজলৈ আগুৱাই দিয়াৰ প্ৰয়োজন বোধ কৰিলো ৷




সিদিনা অসমৰ এজন বাতৰি কাকতৰ সম্পাদকে টিভিত নিজৰ সম্প্ৰদায় তথা ধৰ্ম্বালম্বী মানুহ খিনিৰ দুৰ্দশাৰ কথা কৈ খেদ প্ৰকাশ কৰিলে ৷ তেখেতৰ মতে, নিৰক্ষৰতা আৰু কম বয়সতে পঢ়া এৰি দিয়াৰ প্ৰৱণতাই এই সকল লোকক এতিয়াও সমাজৰ মূলসুঁতিৰ পৰা যেন নিলগতে ৰাখিছে ৷ চৰ-চাপৰিত ঘাম বোৱাই শ্ৰম কৰি সেউজ সপোন ৰচা বহু লোকেই আধুনিক শিক্ষা, স্বাস্থ্য তথা আন আন মৌলিক সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ৷ ধৰ্মীয় গুৰুৰ উপদেশ তথা শিক্ষাই একমাত্ৰ জ্ঞানৰ প্ৰদীপ হৈ পৰা লোকো যথেষ্ট ৷ এই সকল অভিভাষী লোকৰ সন্তানে চৰকাৰী বিদ্যালয়তে অসমীয়া মাধ্যমতে পঢ়ি অসমীয়াক মাতৃভাষা ৰূপে বুকুত সামৰি ৰাখিছে, তাৰ ফলতেই আজিও অসমীয়া ভাষা গৰিষ্ঠ সংখ্যক লোকে অসমত কোৱা ভাষা ৰূপে স্বীকৃতি পায় বৰ্তি আছে ৷ চৰ-চাপৰি সাহিত্য পৰিষদেও যথেষ্ট সচেতনতাৰ কাম কৰিছে, সাহিত্যৰ দিশতো যথেষ্ট শলাগনীয় কাম কৰি আহিছে ৷ সংখ্যাত ক্ৰমান্বয়ে বাঢ়ি অহা ইছলাম ধৰ্মী লোক সকলক লগত নোলোৱাকৈ অসম উন্নতিৰ দিশত আগবঢ়াৰ সপোনটো একেবাৰেই মিচা ৷ গতিকে চৰ-চাপৰি-গাঁও-চহৰত বসবাস তথা কৰ্মৰত লোক সকলক আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত কৰি একেলগে আগুৱাই নিয়াৰ কথা চিন্তা কৰিবই লাগিব ৷



কোমল বয়সত ছোৱালীক বিয়া দিয়াৰ প্ৰৱণতাৰ বাবেই নাৰী শিক্ষাৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি থাকিব লগা হৈছে ৷ আৰু ঘৰৰ আঁত ধৰা নাৰী গৰাকীৰ সৱলীকৰণ তথা শিক্ষাৰে শিক্ষিত নকৰাকৈ নৱ-প্ৰজন্মক সৱলীকৰণ কৰাৰ চিন্তাটোও আচলতে এটা বাতুলামিহে ৷ কাৰণ এজন পুৰুষ শিক্ষিত হ’লে তেওঁ কৰ্মৰ পৃথিৱীলৈ গৈ আৰ্জন কৰি আনে, কিন্তু এগৰাকী মাতৃ শিক্ষিত হ’লে তেওঁ সেই বিদ্যাৰ আলোকেৰে ঘৰখনকে পোহৰাই তুলিব পাৰে ৷ সেয়ে আজিৰ তাৰিখত আধুনিক জন-জীৱনৰ শিক্ষাৰে এই নাৰী সমাজক শিক্ষিত কৰাৰ বাবে বিশেষ কাৰ্যসূচী বা আঁচনি লোৱাৰ প্ৰয়োজনীয়তা আছে ৷ জন-জীৱনৰ শিক্ষা বুলি কওতে পাৰম্পৰিক আনুষ্ঠানিক শিক্ষাৰে লগতে, শিশুৰ পুষ্টি, স্বাস্থ্য ৰক্ষাৰ সচেতনতা, বিকল্প আৰ্জনৰ পথৰ বাবে পেশাদাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাও ইয়াত সামৰিব খোজা হৈছে ৷এইদৰে একোগৰাকী নাৰী তথা মাতৃ শিক্ষিতা হ’লে নিৰক্ষৰতাক জনসংখ্যা বিস্ফোৰণৰ অন্যতম কাৰণ বুলি কোৱাৰো বাট বন্ধ হব নিশ্চয় ৷



জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ অন্যতম কাৰণ বহু-বিবাহো ৷ শিক্ষিত নাৰীক সহজে এৰি ভূৱা দি বহু-বিবাহ কৰিবলৈ সাহস কৰা মানুহ খুৱ কমেই আছে ৷ কাৰণ সচেতন নাৰীয়ে আইনৰ সাহাৰ্যৰে এনে চলনাময় পুৰুষক সেকা দিয়াৰ বহুবাট আজিৰ তাৰিখত সমাজ ব্যৱস্থাই নকৈ মুকলি কৰি দিছে ৷



বহু বিবাহৰ বিষয়ে যদিও পুৰুষতান্ত্ৰিক মতবাদত বিশ্বাসী সকলৰ মতে ইছলামত এনে বিবাহ প্ৰযোজ্যই বুলি যুক্তি দিয়ে ৷ কিন্তু তাৰ বিপৰীতে নাৰীবাদী অথচ ধৰ্মীয় জ্ঞানেৰে সমৃদ্ধ সকলে ৱৰ্ল্ড ইছলামিক নেটৱৰ্ক নামৰ টিভি চেনেলত বাখ্যা কৰা মতে ইছলাম ধৰ্মৰে গ্ৰন্থ ৰুবায়তত নাৰীক আল্লাই কৰা এক দানৰ ৰূপতহে গণ্য কৰাৰহে উপদেশ দিছে ৷ মনৰ খুচিত তালাক দি “পেলনীয়া” ৰূপত দুৰ্ভোগ ভূগিবলৈ দিয়াৰ কথা কোৱা নাই ৷ আনকি যেতিয়া এগৰাকী নাৰীক এজন পুৰুষে আল্লাৰ দান ৰূপে পত্নী হিচাবে পায় আৰু গৃহস্থী কৰিবলৈ ঘৰ সোমোৱায়হি; তেতিয়া পত্নীৰ চৰণ ধূলি পানীত মিহলাই ঘৰৰ চৌপাশে পতিয়ে চটিয়াই দিব লাগে বুলিহে পৰামৰ্শ দিছে ৷ লগতে কৈছে নাৰীক প্ৰকৃত সন্মান কৰা মানেই আচলতে আল্লাৰ দানক সন্মান কৰি ওপৰৱালাক কৃতজ্ঞতা জনোৱাটোহে বুজায় ৷



শেহতীয়াকৈ বিগত চাৰিবছৰ ধৰি অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ইলিয়াছ আলীৰ নেতৃত্বত অসমৰ চৰ-চাপৰি অঞ্চলত পৰিয়াল পৰিকল্পনা সম্পৰ্কে ভুল ধাৰণা আঁতৰাবলৈ শলাগণীয় কাম কাজ হাতত লৈছে ৷ সিদিনা লাহৰীঘাটত আয়োজিত এক সজাগতা সভাত জিএমচিৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী আলিদেৱে কয় যে-“পৰিয়াল পৰিকল্পনা আঁচনি ইছলাম ধৰ্মৰ পৰিপন্থী নহয়, বৰং পৰিয়াল নিয়ন্ত্ৰণৰ আঁচনিৰ বিশেষ পদ্ধতি ইছলাম ধৰ্মই আৰম্ভণিতেই মান্যতা দিছে ৷ আৰু এইবাবেই ইণ্ডোনেছিয়া তথা ইৰাণৰ দৰে গোড়া ইছলামিক দেশতো জন্মনিয়ন্ত্ৰণ আঁচনি দিনে দিনে জনপ্ৰিয় হৈ উঠিছে ৷ দেখা গৈছে যে ইণ্ডোনেছিয়া আৰু ইৰাণত কেইটামান দশকতে মহিলাৰ প্ৰজনন ক্ষমতা ক্ৰমে ২.২ আৰু ১.৮৮লৈ নিম্নগামী হৈছে, যিটো ভাৰতীয় মহিলাৰ প্ৰজনন ক্ষমতা ২.৫তকৈও কম ৷” এই সভাত ডাঃ নৰুল আমিন, ডাঃ এছ ইউ এফ আহমেদ, ডাঃ আবুল কাচেম, ডাঃ এম আলম, জিলা পৰিয়াল পৰিকল্পনা বিষয়া এছ চুলতানা, জিলা প্ৰচাৰ বিষয়া মিৰাজ আলম আদিয়ে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰি এক ৰাইজক সচেতনতাৰ নতুন এক বাট দেখুৱাইছে ৷ প্ৰগতিশীল চিন্তা ধাৰণাক গ্ৰহণ কৰি প্ৰচাৰ কৰিবলৈ স্থানীয় পঞ্চায়ত, এন জি অ’ কৰ্মীৰ লগতে ইছলাম ধৰ্মীয় নেতা তথা মৌলানা হালিমুদ্দিন, মৌলানা চিৰাজুল ইছলাম, মুফতি মজিবৰ ৰহমান, মৌলানা হিজবুৰ হৰমান, মৌলানা আব্দুল কাদেৰকে ধৰি অন্যান্য ধৰ্মপ্ৰাণ ব্যক্তিয়ে সভাত অংশ গ্ৰহণ কৰে ৷ 



নিজৰ সম্প্ৰদায়, জাতি বা দেশক প্ৰগতিৰ পোহৰ দেখুৱাবলৈ আমাৰ নিজৰ মানুহেই এনে প্ৰচেষ্টা হাতত লব লাগিব ৷ আনে বিদেশৰ পৰা আহি ইয়াত বাণিজ্য কৰিব, কিন্তু আমাৰ সমস্যাক সমাধান কৰি নিদিয়েহি, সেই কথাৰ মৰ্ম আজিৰ বিশ্বায়নৰ দিনতো বুকুত বান্ধি ৰাখিব লাগিব ৷ তেহে এতিয়াও এচাম ধৰ্ম-ভীৰু, নেতা-পালিনেতা, মুৰব্বী-মাতব্বৰে “পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰিলে মৃত্যুত জানাজা নহয়” বুলি চলাই থকা ক্ষতিকৰ অপপ্ৰচাৰক ৰোধ কৰিব পৰা যাব ৷


সময়ৰ সতে খোজ মিলাই আপোন সমাজখনক শিক্ষা আৰু সচেতনতাৰে অন্ধ-বিশ্বাস তথা অপবাখ্যা অপপ্ৰচাৰৰ পৃথিৱীৰ পৰা প্ৰগতিৰ দিশে লৈ যাব লাগিব ৷ তাৰ বাবে আমি সকলোৱে নিজৰ কৰ্তব্য নিৰূপণ কৰি লোৱাৰ সময় আহিল ৷


অসমীয়াৰ সুখ দুখ ১৭৬তম সংখাঃ ২৭ মাৰ্চ ২০১৩
হোলিৰ দিনৰ কিছু প্ৰাসংঙ্গিক অথচ ৰঙ সনা কথা



প্ৰথমেই আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আপোনাৰ জীৱনো ফাকুৰ ৰঙৰ সৈতে সুখ-আনন্দৰ অনুভৱেৰে ৰঙীণ হৈ উঠক ৷

ফাগুনৰ বুকুত যেতিয়া পলাশৰ ৰঙে আকাশ উপচাই, তেতিয়াই উদযাপিত হয় হোলি বা ফাকুৱা বা দৌলোৎসৱ ৷পৰম্পৰাৰগত ভাৱে ই যদিও হিন্দু সকলৰ এটা উৎসৱ তথাপি এই উৎসৱে ভাৰতীয় উপমহাদেশৰ লগতে অন্যান্য দেশতো ধৰ্মীয় সংকীৰ্ণতাৰ বেৰাখন কেতিয়াবাই পাৰ কৰি গৈছে ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ এই উৎসৱত ভাগ লৈ জীৱনৰ ফাকুৰ সন্ধানত মতলীয়া হৈ পৰা দেখা যায় ৷ গতিকে এই উৎসৱক এক মানৱীয় সমন্বয়ৰ বাহক বুলিও অনুভৱ কৰিব পাৰি ৷

ইতিহাসৰ পিনে ঘূৰি চালে ফাগুনী পূৰ্ণিমাৰ সতে সংগতি ৰাখি উদযাপিত হোৱা এই উৎসৱৰ আঁৰত কেইবাটাও পৌৰাণিক কাহিনী যুক্ত হৈ থকা বুলি জনা যায় ৷ তাৰ ভিতৰত অসুৰৰাজ হিৰণ্যকশিপু আৰু তেওঁৰ হৰিভক্ত সন্তান প্ৰহ্লাদৰ কাহিনীটো উজলি উঠে ৷ পুত্ৰৰ হৰিভক্তিত অতীষ্ঠ হৈ “বৰ লাভ কৰি” অহংকাৰেৰে বলীয়ান হোৱা হিৰণ্যকশিপুৱে নিজৰ পুত্ৰকে বিভিন্ন প্ৰকাৰে হত্যা কৰাৰ আদেশ দিয়ে ৷ পিছে কোনোটোতেই সফল হব নোৱাৰি অৱশেষত ভনীয়েক অসুৰ কণ্যা হোলিকাৰ কোলাত তুলি দি প্ৰহ্লাদক জ্বলাই মাৰিবলৈ দিয়ে ৷ পিছে সেই জুইয়ে অধৰ্মৰ প্ৰতিমূৰ্তি ৰূপী হোলিকাহে দহন কৰে, আৰু জ্বলাই মাৰে ৷ জুইৰ মাজতো প্ৰহ্লাদে হৰিৰ নাম লৈ সুৰক্ষিত ভাৱে বাচি থাকিবলৈ সক্ষম হয় ৷ সেই কাহিনীৰ পৰাই মূল ফাকুৱা উৎসৱৰ আগদিনাৰ সন্ধিয়া অধৰ্মৰ প্ৰতিমূৰ্তি তথা অপশক্তিৰ দহন কৰি ধৰ্ম প্ৰতিষ্ঠাৰ দৃষ্টান্তক যুগে যুগে অমৰ কৰিবলৈ চেষ্টা কৰাৰ পৰম্পৰা আৰম্ভ হয় ৷ সেয়ে “হোলিকা দহন” আৰু তাৰ পাছত অধৰ্ম শেষ হোৱাৰ প্ৰতীকি আনন্দ উৎসৱ ৰূপে “হোলি” উদযাপন কৰিবলৈ লোৱা হয় ৷ 

আন এটা প্ৰচলিত কাহিনী মতে কৃষ্ণৰ ভক্তি-প্ৰেমত মতলীয়া হোৱা ৰাধাৰ ভক্তি-প্ৰেমক মহীয়ান কৰি উদযাপন কৰে এই উৎসৱ ৷ প্ৰকৃততে ই এক কৃষি  উৎসৱো ৷ শীত ঋতুক বিদায় দি বসন্তক আদৰাৰ, প্ৰেমৰ দিনৰ বতৰা লৈ সেউজীয়া হবলৈ ধৰা পৃথিৱীখনক আদৰিবলৈ লোৱাৰ ই যেন এক আগমনি উৎসৱ!
“ৰংগে ফাগু খেলে চৈতন্য বনমালী” শব্দ শাৰীৰে কৃষ্ণই গোপীসৱৰ সতে কৰা ৰঙৰ খেলাৰ বৰ্ণনা দিয়া হয় ৷ সেয়ে  কৃষ্ণৰ লীলাভূমি ৰূপে বিখ্যাত মথুৰা, বৃন্দাৱনত আজিও এই হোলিৰ উৎসৱৰ এক অনন্য নিজস্ব ৰূপ আছে ৷তাত প্ৰায় ১৫দিন ধৰি এই উৎসৱ উদযাপনৰ পৰম্পৰা আছে ৷ তাকে চাবলৈ অলেখ পৰ্যটকৰো সমাগম হয়৷ তাৰে মাজতে এইবাৰ হোলিৰ দিনত বৃন্দাবনত বিধৱা সকলেও ৰঙেৰে গা-ধোৱাৰ দৰে নতুন খবৰে মনটো ৰঙাই তুলিছে ৷ আমিও এই প্ৰযুক্তিৰ দিনত মানুহৰ মনবোৰ বহল বা প্ৰগতিশীল কৰাত এই উৎসৱে এনে ধৰণে ভূমিকা লব বুলি আশা প্ৰকাশ কৰিছো ৷

আন এক পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে ৷

অসমত আকৌ বিভিন্ন সত্ৰ সমূহে দৌল-যাত্ৰাৰ ৰূপত ইয়াক উদযাপন কৰে ৷ শ্ৰীমন্ত শংকৰদেৱে ২১বছৰ বয়সতে বৰদোৱাত এই উদযাপনৰ পাতনি মেলিছিল ৷ অসমত এই উৎসৱক ফল্গুৎসৱ বা দৌল উৎসৱ বোলা হয়৷এই দৌলোৎসৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। দৌলোৎসৱৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা', দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুৱেৰী’ বোলা হয়।

বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই৷ (১৫১৮ শকত)৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ ৷ এই উৎসৱৰ সতেই হোলি গীতৰ এক অপূৰ্ৱ ধাৰা গঢ় লৈ উঠিছে আৰু লগতে আমাৰ জনজীৱন এনে সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ হৈ পৰিছে ৷
মুঠতে হোলি-ফাকুৱা বা দৌলোৎসৱৰ ভাৰতীয় জনজীৱনত এক অনন্য গুৰুত্ব আছে ৷ ই আজিৰ বিশ্বায়নৰ কোলাত উঠি অহা সাংস্কৃতিক আগ্ৰাসনৰ মাজত, ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য উদযাপন বুলি ক’লেও বৰাই কৰা নহব ৷ উৎসৱ এটা মাথো সোঁতৰ সতে উটি উদযাপন কৰিলেই নহব, ইয়াৰ আদি, পৰম্পৰাৰ কথাও আমি নিজে জনাটো তথা উত্তৰ-পুৰুষক শিকোৱাটো অতিশয় গুৰুত্ব-পূৰ্ণ ৷

পলাশৰ ফুলৰ ৰঙেৰে প্ৰাকৃতিক ৰঙ তৈয়াৰ কৰিয়েই প্ৰকৃততে এই ৰঙৰ খেলা আৰম্ভ হৈছিল অতীতত ৷ পাছলৈ প্ৰকৃতিৰ অনুপম ৰং পূৰৈ, হালধি আদিৰ ব্যৱহাৰো হবলৈ ধৰিলে ৷  সময়ৰ সতে ৰাসায়নিক সংশ্লেষিত ৰঙেও চানি ধৰিবলৈ লাগিল ৷ যিবোৰ ব্যৱহাৰ কৰাটো প্ৰকৃতি আৰু স্বাস্থ্যৰ বাবে অতি হানিকৰ ৷ সেয়ে প্ৰাকৃতিক ৰঙেৰে প্ৰকৃতিৰ বসন্ত আগমনিৰ এই উৎসৱক আদৰি লওঁ আহক ৷ এয়াও আজিৰ সময়ৰ এক আহ্বান ৷



অসমীয়াৰ সুখ দুখ ১৭৫তম সংখাঃ ২৬ মাৰ্চ ২০১৩

সম্পাদকীয়ঃ
মুন্না ভাই জেললৈ যোৱাৰ প্ৰয়োজনীয়তা কিমান?

বিশটা বছৰ মানে সুদীৰ্ঘ দুটা দশকৰ আইনী যুঁজ ৷ সাক্ষী-বাদী-অভিযোগনামা-কেচ-আদালতৰ দৌৰ, উচ্চ ন্যায়ালৰ ৰায়, কাৰাবাস, জামিন, উচ্চ ন্যায়ালয়ত আপীল, ভাবিলেই ভয় লগা ধৰণৰ এক পৰিক্ৰমা নহয়নে? পিছে আন এটা দিশৰ পৰাও কথাবোৰ আমি ভাবি চাব লাগিব ৷ ১৯৯৩চনতে পৰিয়াল পৰিজন হেৰুওৱা প্ৰায় ২৫০টা পৰিয়াল, জীৱনৰ বাবে পংগুত্বক মূৰ পাতি লব লগা কেইবাশ মানুহে দুটা দশক ৰব লগা হ’ল সেই ক’লা দিনত ঘটা মুম্বাইৰ বোমা বিস্ফোৰণৰ ঘটনাৰ তথাকথিত ন্যায়ৰ বাবে! সেইসকল লোকৰ জীৱনৰ দুৰ্দশা  সঞ্জয় দত্তৰ জীৱনৰ উত্থান-পতন অথবা দুৰ্ভোগতকৈ হাজাৰ গুণে বেছি, সেই কথা আমি অনুভৱ কৰিবই লাগিব ৷

 সেই বোমা বিস্ফোৰণৰ বাবে অহা বোমা-বাৰুদ-গুলীৰ সতে অহা বন্দুক ৰাখি ধৰা পৰি ঘটনাৰ লগত যুক্ত হৈ বিতৰ্ক তথা কেচৰ মাজলৈ সোমাই গৈছিল সঞ্জয় দত্ত ৷ তাৰ পাছত ডেৰ বছৰ কাৰাবাস খাটি, জামিনত ওলাই আহি পুনৰ সংসাৰ তথা জীৱন আৰম্ভ কৰিছিলহি ৷

তাৰ পাছতে যথেষ্ট পৰিবৰ্তন আহিছিল সঞ্জয় দত্তৰ জীৱনলৈ ৷ নতুন চিনেমাৰে ৰাইজক দিলে ভিন্ন স্বাদ দি মহাত্মাৰ বাণী নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ কথা এটা চৰিত্ৰত ভাও দি দেশৰ জনতাৰ হৃদয়ত স্থান লাভ কৰিলে৷ জনপ্ৰিয় হ’ল "মুন্না ভাই" ৰূপে ৷
মহাত্মাৰ ব্ৰেণ্ড এম্বেচেদৰ যেন জ্ঞান কৰা হ’ল তেওঁৰ সেই চৰিত্ৰ অভিনয়ক ৷ অহিংসাৰ বাণী যেন মুন্না ভাইয়ে বিলাই দিলে ৰাইজৰ মাজত, পুনৰ জীয়াই তুলিলে পাহৰণিত জাহ যাব খোজা মহাত্মাৰ বাণী সমূহ ৷ সেই কৰ্মৰ বাবে "লগে ৰহো মুন্না ভাই"  ছবিখনৰ পৰিচালক-লেখককো আমি শলাগ লবই লাগিব ৷

পিছে উচ্চতম ন্যায়ালয়ত চলা গোচৰৰ ৰায়দানত "মুন্না ভাই"ক দিয়া হ’ল পাঁচটা বছৰৰ কাৰাদণ্ড ৷ নিয়মমতে ডেৰ বছৰ জেলত থকাৰ পাছত এতিয়া আৰু চাৰে তিনিবছৰৰ বাবে তেখেত কাৰাবাসত থাকিব লাগিব ৷ পিছে তাৰ পাছৰ পৰাই দেশৰ সংবাদ মাধ্যমে চৰ্চাৰ ৰাজনীতি তথা ৰাজনৈতিক মহলে সহানুভূতিৰ ৰাজনীতি আৰম্ভ কৰিলে ৷ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ তথা প্ৰাক্তন ন্যায়াধীশ মাৰ্কেণ্ড কাটজু আৰু সাংসদ জয়া বচ্চনে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক "মুন্না ভাই"ক ক্ষমাদানেৰে কাৰাবাসৰ পৰা ৰেহাই দিবলৈ আৰ্জি পেচ কৰিলে ৷ কেইবাশ কোটি টকাৰ বোলছবিৰ প্ৰকল্পত জড়িত হৈ থকা "মুন্না ভাই"ৰ তিনি বছৰীয়া জেল-যাত্ৰাৰ সম্ভাৱনাই বিনিয়োগ কৰা কোম্পানী তথা প্ৰযোজকৰো মূৰৰ কোমৰণি হৈ উঠিল ৷ বিভিন্ন ৰাজনৈতিক দল, নেতা-পালিনেতা, অভিনেতা-অভিনেত্ৰীয়ে এতিয়া সঞ্জয় দত্তৰ শাস্তি ৰেহাই পোৱাৰ বাবে জনমত প্ৰৱল কৰি তোলাৰ প্ৰয়াস কৰিছে ৷ শিৱ সেনাৰ দৰে দলে প্ৰথমে ৰেহাই দাবী কৰি এতিয়া তাৰ বিৰোধিতা কৰাৰ দৰে আমোদজনক ঘটনাও পোহৰলৈ আহিছে ৷ মমতা দিদি, এনচিপি সকলো ৰেহাই প্ৰদানৰ পক্ষত!

শাস্তি ৰেহাই দানৰ সপক্ষে কোৱা সকলৰ যুক্তি কেইটা এনেধৰণৰঃ
১. যোৱা বিশ বছৰে এই কেচৰ নামত সঞ্জয়ৰ বহুত নগুৰ-নাকতি হ’ল, বেচেৰাই বহুত ভূগিলে ৷
২. আগৰ সঞ্জয় এতিয়া আৰু নাই, এতিয়া সংসাৰ কৰি দ্বায়িত্বশীল দেউতাক হ’ল ৷  চৰিত্ৰ, ব্যৱহাৰ, পৰিবৰ্তন আদিৰ পৰা তেওঁ আজি এক নতুন মানুহ ৷
৩. কংগ্ৰেছৰ দিগবিজয় সিঙে ক’লে- "ডেকা বয়সত সেই পৰিস্থিতিত শংকাত ভূগি এনে মৰণাস্ত্ৰ ৰখাৰ ভুল কৰি পেলাইছিল, সেয়া কোমল বয়সৰ এটা ভুলহে আছিল" ৷ ইত্যাদি

বিপৰীতে চিন্তা কৰা সকলৰ মতেঃ
১. ভাৰতীয় ন্যায় ব্যৱস্থাৰ লেহেমীয়া গতিৰ বাবে নগুৰ নাকতি হোৱা সঞ্জয় দত্তই একমাত্ৰ মানুহ নহয় ৷ কেইবা কোটি জনতাই এই দুৰ্ভোগ ভূগি আছে ৷ "জেইল" চিনেমাত দেখুওৱাৰ দৰে লক্ষজন অভিযুক্ত অপৰাধী বুলি প্ৰমাণ নোহোৱাকৈয়ে বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ বাবেই জেইলত অনন্ত দিন পৰি আছে ৷ বেইলত আহি সুখৰ জীৱন কটোৱা "মুন্না ভাই"ক তেন্তে ৰেহাই দিয়াৰ যুক্তি ক’ত?
২. সংসাৰ সকলোৰে আছে, দ্বায়িত্বও৷ সংসাৰৰ দ্বায়িত্ব লৈ সলনি হ’ল, এক নতুন মানুহ বুলি অতীতৰ আইন ভংগৰ অভিযোগ বা প্ৰমাণ হোৱা অপৰাধক  ক্ষমা কৰা হব কিয়?
৩. কোমল বয়সত ভুল কৰা, মন পিছলি গ’ল, এনে ধৰণৰ টুলুঙা যুক্তিৰে উচ্চতম ন্যায়ালয়ৰ এক আইনী প্ৰক্ৰিয়াক বতাহত উৰাই দিয়াৰ অপচেষ্টা নকৰাই ভাল নহয়নে?

এনে পৰিবেশৰ মাজতে মনত খুন্দিয়াই থকা কথাবোৰ হ’ল যে- যদি মুন্না ভাই জেললৈ নাযায়, তেখেতক ৰাজনৈতিক হেঁচাৰে ক্ষমাদানৰ ব্যৱস্থা হয়, তেন্তে দেশৰ ন্যায় ব্যৱস্থাক বা উচ্চতম ন্যায়ালয়ৰ ৰায়কো ৰাজনৈতিক চাতুৰীৰে হেয় কৰা বুলি প্ৰতিপন্ন নহবনে? ৰাজনৈতিক পৰিয়াল, চেলিব্ৰীটি বা ধনী মানুহৰ বাবে ন্যায় ব্যৱস্থাৰ পিছ দুৱাৰ খুলি দিয়াৰ দৰে এটা বিখ্যাত উদাহৰণৰ সৃষ্টি নহবনে?

যদি মুন্না ভাই জেললৈ যায়, এইয়া ভাৰতীয় ন্যায় ব্যৱ্স্থাৰ লেহেমীয়া গতিৰ ফলত এজনক বিশ বছৰ পাছত জেললৈ পঠিওৱাৰ দৰে অনন্য ঘটনাৰ উদাহৰণ নহবনে? জেল বৰণ কৰি ন্যায় ব্যৱস্থাৰ এনে গতিৰ বিৰুদ্ধে প্ৰতিভূ হৈ "মুন্না ভাই"ৰ চৰিত্ৰটোৰ দৰেই "সন্মান বৃদ্ধি" নহবনে? যাৰ আলমত মানুহৰ মাজত "দ্ৰুত ন্যায় ব্যৱস্থা" প্ৰৱৰ্তনৰ দাবী জাগৰিত হৈ উঠিব আৰু দেশৰ ন্যায় ব্যৱস্থাক ৰূপান্তৰৰ পথলৈ অনাত জনজাগৰণৰ সৃষ্টি হব ৷

বিচাৰ আপোনাৰ, সেয়ে কওকচোন, মুন্না ভাই জেললৈ ঘূৰি যোৱাৰ প্ৰয়োজনীয়তা কিমান?


(এই সন্দৰ্ভত আইনী খু-দুৱনি মাৰ নিয়াবলৈ অধিক পঢ়িব খুজিলে প্ৰাক্তন আইনমন্ত্ৰী শান্তি ভূষণৰ লেখনি পঢ়িবলৈ ইয়াত ক্লিক কৰিব পাৰে)


------------------------------------------------------------------------------------------------------------
অসমীয়াৰ সুখ দুখ ১৭৪তম সংখাঃ ২৫ মাৰ্চ ২০১৩

সম্পাদকীয়ঃ

ছিণ্ডিকেটৰ ইণ্ডিকেচন

            অসমৰ ৰাইজৰ "ছিণ্ডিকেট" শব্দটোৰ সতে চিনাকি পুৰণি ৷ এই শব্দটোৰ লগত সততেই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বিশেষকৈ জনজীৱনৰ দৈনিক খাদ্য সম্ভাৰত লগা মাছ, কণী, পাণ, আলু, কয়লা আদিৰ নাম বাতৰি কাকতত পৰিবেশিত হৈ থাকে ৷ লগতে উল্লেখ থাকে যে এই ছিণ্ডিকেট-ৰাজৰ ফলতেই মাফিয়া স্বৰূপ কিছু লোকৰ হাতত বন্দী হৈ পৰে এই অত্যাৱশ্যকীয় বস্তুৰ ব্যৱসায় ৷ ফলত সৰু  ব্যৱসায়ী সকলে এই ব্যৱসায় সুচলকৈ চলাবৰ বাবে এই গুণ্ডা সকলৰ পৰা পাৰ্মিচন লব লাগে ৷ ধনে-বলে-জনে-ক্ষমতা-অস্ত্ৰই শক্তিশালী সকলেহে এনে মাফিয়া ৰাজ বা ছিণ্ডিকেট চলাব পাৰে বুলি জনা যায় ৷ সাধাৰণ ব্যৱসায়ীয়ে এওঁলোকক পইচা দি আশীষ ক্ৰয় কৰি নল’লে বাণিজ্য কৰিব নোৱাৰে ৷



সাধাৰণতে বজাৰত বস্তুৰ দাম চাহিদা আৰু উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু ছিণ্ডিকেট-ৰাজ চলিলে বস্তুৰ দৰ বজাৰৰ চাহিদা অনুপাতে নিৰ্ণয় নহয় ৷ ইয়াৰ বিপৰীতে এই ৰাজ চলোৱা কেইজনমান ক্ষমতাশালীয়ে বজাৰত পণ্যৰ দাম কৃত্ৰিমকৈ ধাৰ্য কৰে ৷ তেওঁলোকে মনৰ খুচিত কৃত্ৰিমভাৱে আকালৰ সৃষ্টি কৰি বস্তু চৰা-দামত খুচুৰা ব্যৱসায়ীয়ে কিনিবলৈ বাধ্য কৰে ৷ ফলত সাধাৰণ মানুহৰ অৱস্থা পানীত হাঁহ নচৰা ধৰণৰ হয় ৷

অসমত বস্তুৰ চৰা-দামৰ মূলতে এনে ধৰণ ছিণ্ডিকেট বুলিয়েই জন-মানসত বা সংবাদ মাধ্যম যোগে সকলোৱে ইতিমধ্যেই জানিব পাৰিছে ৷ ৰাইজে মূল্যবৃদ্ধিৰ পৰা ৰেহাই পাবলৈ এনে "আইনভংগৰে অত্যাৱশ্যকীয় বস্তুৰ কৃত্ৰিম নাটনি" সৃষ্টি কৰা তথা "অবৈধ ভাৱে ভাবুকিৰে ধন সংগ্ৰহ" শেষ কৰাৰ দাবীৰে ইমান দিনে ৰজাৰ মুখলৈ চাই চাই নিৰাশ হব লগা হৈছিল৷

বিগত মাহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনে অবৈধ কাৰ্যৰ বিৰোধিতা কৰি কেইজন মান বিধায়ক তথা শাসক দলৰ নেতাৰ প্ৰতি অভিযোগৰ আঙুলি তুলিছিল ৷ লক্ষণীয় ভাৱে, তেতিয়া সেই সকলে কৃষক মুক্তিৰ নেতাক অবাইচ মাত কথাৰে "ক’ত ছিণ্ডিকেট, পাগল হৈছে" ধৰণৰ কথাৰে তেওঁলোকৰ ভেৰোণীয়া সংবাদ মাধ্যম যোগে চোকা প্ৰত্যুত্তৰ দিছিল ৷


কিন্তু যোৱা কালিৰ অসমৰ বাতৰি-কাকতৰ শিৰোনাম দখল কৰি বাতৰি ওলাল, যে মুখ্যমন্ত্ৰীয়ে মুখ্য-সচিবলৈ এনে অবৈধ ছিণ্ডিকেট বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে ৷ এই বাতৰিটোৱে কেইবাটাও কথা স্পষ্ট কৰি দিলে ৷


১. ইমান দিনে যে ছিণ্ডিকেটৰ ক’লা বজাৰীৰ হাতত ৰাইজ লুণ্ঠিত হৈ আছিল, সেয়া মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিলে ৷

২. অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যে প্ৰলাপ বকা নাছিল, সেয়াও প্ৰমাণিত হ’ল ৷
৩. ভেৰোণীয়া সংবাদ মাধ্যম যোগে দপদপনি মাৰিলেই যে সকলো সত্য নহয়, সেই কথাও প্ৰমাণ হ’ল ৷ কাৰণ যদি ছিণ্ডিকেট নায়েই, তেন্তে মুখ্যমন্ত্ৰীয়ে "কাল্পনিক" কাম এটাৰ বাবেটো কাঢ়া নিৰ্দেশ দিয়াৰ দৰে ভাল কাম এটা নকৰে নিশ্চয় ৷

যদিও মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক ওপৰত আমি প্ৰশংসাৰ দৃষ্টিৰে চাইছো ৷ তথাপি আমি বিভিন্ন দিশৰ পৰা কথাবোৰ অনুধাৱন কৰাৰ প্ৰয়োজনীয়তা আছে ৷


১. তাৰ অৰ্থ হ’ল বিগত তিনিটা শাসন কালচোৱাত মুখ্যমন্ত্ৰীৰ জ্ঞাত সাৰেই এনে অবৈধ ব্যৱসায়, ছিণ্ডিকেট ৰাজ চলি আছিল ৷ সেয়া আজি তেখেতে অস্বীকাৰ কৰিব নোৱাৰা অৱস্থা ৷

২. মুখ্যমন্ত্ৰীৰ সৈতে সুৰ মিলাই চলিলেই তাৰ মানে অবৈধ ব্যৱসায় অসমত নিৰ্বিঘ্নে চলাই যাব পাৰি ৷ কাৰণ অসমত চলি থকা বিসম্বাদৰ উক-মুকনিৰ ফলতহে মুখ্যমন্ত্ৰীৰ এই ছিণ্ডিকেটৰ পাখি-কটা অভিযান বুলি ৰাইজে অনুমান কৰিব পাৰিছে ৷ ছিণ্ডিকেট-ৰাজৰ অভিযোগৰ আঙুলিৰ সমুখত থকা সকল সেই বিসম্বাদৰো শিৰোনামত থকা একে কেইজন নেতা হোৱাটোৱে তাকেই প্ৰমাণ নকৰেনে?


গতিকে আমি জানি থোৱা উচিত যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ধোৱা তুলসীৰ পাত নহয় ৷ নিজৰ স্বাৰ্থত আঘাত কৰাৰ বাবে হে এই অভিযান তেওঁ আৰম্ভ কৰিছে ৷ পিছে সময়ৰ সতে সচেতন হৈ ৰাইজেও তেখেতক প্ৰত্যক্ষ কৰাৰ প্ৰয়োজন আছে, কাৰণ তেখেতেৰ এই "ছিণ্ডিকেট-ৰাজৰ বিৰুদ্ধে" অভিযান নে এক সাময়িক ৰাজনৈতিক অভিমান সময়েই প্ৰমাণ কৰিব ৷

15 comments:

  1. নতুন ৰূপটো বৰ ভাল হৈছে৷ ফণ্টটোও ভাল হৈছে৷

    ”গঁড় হত্যা ৰোধ কৰা সম্ভৱনে” সমীক্ষাটোত চাৰি নম্বৰটো ”বন বিভাগ জড়িত বুলি ভাবো” হ’ব লাগিছিল নেকি?

    -মৃদুল কুমাৰ শৰ্মা

    ReplyDelete
    Replies
    1. ধন্যবাদ ৷ এবাৰ ভোটিং হোৱাৰ পাছত শুধৰণি নহয়, কাৰিকৰী সীমাবদ্ধতা হেতুকে ৷
      অহাটো ভোটিঙৰ সময়ত তাক শুদ্ধ ৰূপত দিয়া হব ৷

      Delete
  2. সুখ-দুখৰ নতুন ৰূপটো ভাল হৈছে৷ সম্পাদকীয় সুন্দৰ৷

    ReplyDelete
  3. ধন্যবাদ অঞ্জল ৷ ইউনিকোডত অসমীয়া বাতৰিটো গুগলত বিচাৰি পোৱাৰ উপায় সম্পৰ্কে পৰামৰ্শ আশা কৰিলো ৷

    ReplyDelete
  4. স্পষ্টবাদী বলিষ্ঠ সম্পাদকীয় .

    ReplyDelete
  5. ধন্যবাদ দাদা ৷ আপোনাৰ বলিষ্ঠ লেখনিৰে অসমীয়াৰ সুখ দুখৰ পাত সমদ্ধ কৰিব বুলি আশা ৰাখিলো ৷

    ReplyDelete
  6. "অসমীয়াৰ সুখ দুখ"ৰ নতুন ৰূপ ভাল লাগিছে। সম্পাদকীয়োৰ কথাখিনিও ৰাইজে চিন্তা কৰি চাবলগীয়া।

    ReplyDelete
    Replies
    1. বিতোপন, তোমালোকৰ বলিষ্ঠ মতামত তথা ভাৱ ধাৰা বোৰ ইয়াত লিখিবলৈ আৰম্ভ কৰা ৷ মুকলি চিঠি শিতানটোত ডাঙৰ ডাঙৰ মানুহলৈ মনৰ ভাৱবোৰ লিখিলে ভাল হব ৷

      Delete
  7. আপোনাৰ "ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?" এই গোটেই বাক্যটো গুগ'লত সন্ধান কৰিলে লেখাটো পোৱা যায়৷ কিন্তু অকল "ইছলাম ধৰ্মী" শব্দটো অনুসন্ধান কৰিলে অন্যান্য "ইছলাম ধৰ্মী" শব্দটো থকা ইউনিক'ডৰ লেখা বিচাৰি পোৱা যায়৷ কিন্তু আপোনাৰ ওপৰৰ লেখাটো পোৱা নাযায়৷ ইয়াৰ কাৰণটো মই ধৰিব পৰা নাই৷ আচলতে অকল "ইছলাম" লিখিলেই আপোনাৰ লেখাটো পাব লাগে৷ আপুনি লেখাৰ পিছত Labels-ত বিশেষ বিষয়টোৰ কিবা এটা নাম দি ৰাখিবচোন৷

    ReplyDelete
  8. LABEL দিয়া কামটোৱেই শিকিব পৰা নাই... অলপ গাইড কৰি দিবচোন ৷ আমি চাৰ্ছ ইঞ্জিন অপ্টিমাইজ কৰাত আপোনাৰ পৰামৰ্শ বিচাৰিছো ৷ ইউনিকোডত অসমীয়া বাতৰি মাৰিলেও বাতৰি খিনি পোৱা হোৱা নাই দেখোন?

    ReplyDelete
  9. আপোনাৰ এই বিষয়টো অ.ক.বতে মুকলিকৈ আলোচনা কৰিবচোন৷ মোৰ ব্ল'গৰো বহু লেখা এনেদৰে নাহে৷ কিন্তু বহুতো ব্ল'গৰ লেখা পোৱা যায়৷

    ReplyDelete
  10. সম্পাদকীয় পৃষ্ঠাৰ প্ৰতিটো লেখাই অতি স্পৰ্শকাতৰ তথা চিন্তনীয়....

    ReplyDelete
  11. সুসংহত আৰু স্পষ্টবাদী লেখা......

    ReplyDelete
  12. প্ৰিয় সম্পাদক,

    আপোনাৰ সম্পাদকীয় "ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?" পঢ়িলোঁ৷আজিলৈ অসমৰ মুছলমানৰ জনসংখ্যা নিয়ন্তন বিষয়ত যিমান লিখনি পঢ়িছোঁ, তাৰ ভিতৰত আপোনাৰ সম্পাদকীয় নি:সন্দেহে ব্যতিক্ৰমী আৰু সলাগিবলগীয়া৷দুৰ্ভাগ্যৰ বিষয়যে, কিছুমান তথাকাথিত সচেতন লিখকেওঁ মুছলমানৰ জনসংখ্যা বৃদ্বিৰ কাৰণ বাংলাদেশীৰ অনুপ্ৰৱেশ বুলি ধাৰণা কৰে৷

    আপোনাৰ সম্পাদকীয়ৰ বিষয়লৈ আহোঁ৷ইচলাম ধৰ্ম পৰিয়াল পৰিকল্পনাৰ পৰিপন্থীতো নহয়ে, বৰঞ্চ সেই তাহানীতে ইয়াৰ বিজ্ঞানসন্মত বিধানো দিছিল৷ কিন্তু পুৰুষতান্তিক দেৱানী-মাতাব্বৰ তথা মোল্লা-মুছুল্লীৰ ফতোয়াত সেই বিধান কৰবাত হেৰাই গৈছে৷

    আৰু এটা কথা, আধুনিক জন্ম-নিয়ন্ত্ৰণ ব্যাৱস্থাৰ প্ৰতি তেওঁলোক উদাসীন নহয়৷ধুবুৰীৰ অস্বাভাৱিক জন-সংখ্যা বৃদ্বিলৈ আমি ব্যক্তিগত ভাৱে

    Population Foundation of India ৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেওঁলোকে সঞ্জয় হাজাৰিকা ছাৰৰ Centre for North East Studies (C-NES)ৰ সৈতে মিলি চৰ-চাপৰিত কাম কৰি আছে৷ নৌকা চিকিৎসালয় "আশা" তেওঁলোকৰে পদখ্যেপ (অনুগ্ৰহ কৰি বানান শুধৰাই দিব)৷Population Foundation of India য়ে তেওঁলোকৰ উত্তৰত আামাক জনাইছে যে, চাৰ-চাপৰিৰ মানুহখিনিয়ে জন্ম-নিয়ন্ত্ৰণ ব্যাৱস্থাৰ প্ৰতি আগ্ৰহী ৷কিন্তু আমাৰ আমাৰ চৰকাৰ তথা জন-স্বাস্থ্য বিভাগেহে তেওঁলোকক সেই সুবিধা প্ৰদান কৰিব পৰা নাই৷আলিয়াছ চাৰেওঁ সেই একেখিনি কথা উপলব্ধি কৰে৷

    ReplyDelete
  13. ati sundar padakhep

    ReplyDelete