পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আজি নটসূৰ্যৰ ফণী শৰ্মাৰ স্মৃতি দিৱসঃ অসম ৰেপাৰটৰীৰ শিল্পী সকলে জ্যোতি-ভাৰতী (পকী)ৰ চোতালত মঞ্চস্থ কৰিব নটসূৰ্যৰ পাঁচখন নাটকৰ কিয়দংশ৷
অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতি
গিৰিধৰ শৰ্মাৰ জন্ম-জয়ন্তী উপলক্ষে
নলবাৰীত সাংস্কৃতিক শোভাযাত্ৰা

২. ৰংঘৰৰ আৰ্হিত নিৰ্মিত হ’ব শিৱসাগৰ ৰে’লৱে ষ্টেচনঃ উত্তৰ পূৱ সীমান্ত ৰেল’ৱেই আধুনিকীকৰণৰ কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলোৱাৰ সুখৰ খবৰ৷

৩. পাতিদৰং প্ৰাথমিক বিদ্যালয়ে উদযাপন কৰিলে ১৮৫তম জয়ন্তীঃ সেই উপলক্ষে গ্ৰীষ্মকালীন পাঠদান আৰু শিশু সাহিত্যৰ কৰ্মশালাৰো কৰিলে আয়োজন৷

৪. বিশ্ব জুনিয়ৰ মহিলা হকীত হেটট্ৰিক অৰ্জন কৰিলে বন্দনা কাটাৰিয়াইঃ ৰাছিয়াক পৰাস্ত কৰি ভাৰতীয় দল ছেমিফাইনেলত হ’ল উপনীত৷

৫. স্পট’ ফিক্সিং গোচৰত ক্লীন চিট দি শিৰোনামালৈ অহা বিচিআইৰ তদন্ত কমিটিক অবৈধ ঘোষণা কৰিলে মুম্বাই উচ্চ ন্যায়ালয়েঃ নিৰ্দেশ দিলে নতুন তদন্ত কমিটি গঠনৰ ৷

৬. অহা তিনি আগষ্টত বিহপুৰীয়াৰ মাধৱদেৱ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহঃ বিশাল আয়োজনৰ লগতে শ্ৰদ্ধা জনাব শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠানখনৰ স্থাপনত গুৰি ধৰোতা সকলকো৷

৭. ওঠৰ খন জিলাৰ যোগদানেৰে প্ৰথম আন্তঃ জিলা ১৭বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা সফল সামৰণিৰ দিশেঃ আজি চূডান্ত খেল সৰু-সজাই ক্ৰীড়া প্ৰকল্পত ৷

৮. নাছা আৰু ইছৰোয়ে প্রথমবাৰৰ বাবে সংযুক্ত পদক্ষেপেৰে আগবাঢ়িব কৃ্ত্ৰিম উপগ্ৰহ নিৰ্মাণৰ বাবেঃ আজি অনুষ্ঠিত হৈছে আলোচনা৷

৯. অহা ২০১৪ চনৰ আমেৰিকাৰ নিৰ্বাচনত কমেও দহগৰাকী  ভাৰতীয় মূলৰ প্ৰাৰ্থী আগবঢ়াব ৰিপাব্লিকান পাৰ্টিয়ে ৷

১০. অৰ্ধ শতাব্দীৰ আন্দোলনলৈ সমৰ্থন জনাই ইউপিএ চৰকাৰে ল’লে সিদ্ধান্তঃ ১০বছৰলৈকে হায়দৰাবাদক যুটীয়া ৰাজধানী ৰূপে ৰাখি ঘোষণা কৰিলে দেশৰ ২৯তম অংগৰাজ্য তেলেংগানা ৷

১১. টাইমছ নাওৰ সমীক্ষাত প্ৰকাশ হ’ল তথ্যঃ এই মুহূৰ্তত নিৰ্বাচন হলেও ক্ংগ্ৰেছে অসমত পাব ৮খন লোকসভাৰ আসন৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি আছে বিজেপি৷

চিন্তনীয় খবৰঃ

১. তেলেংগানা ৰাজ্য ঘোষণাৰ পাছত দেশজুৰি বিভিন্ন অংগৰাজ্য দাবী কৰা সংগঠন নিজৰ দাবীৰ প্ৰতি সংগ্ৰাম কৰিলে তীব্ৰ৷দাৰ্জিলিং বন্ধ হব অনিৰ্দিষ্ট কাললৈ ৷ অসমতো বড়োকে ধৰি অন্যান্য জনগোষ্ঠীৰ পৃথক ৰাজ্যৰ দাবীয়ে অনাগত দিনবোৰ উত্তাল কৰাৰ প্ৰৱল আশংকা প্ৰকাশ৷

২. নাৰীৰ ব্যৱহাৰ বা ৰূপ ধৰি কূটাঘাতৰ আশংকাত দুচকীয়া বাহনত পিছৰ ছিটত নিষিদ্ধ কৰিলে মহিলাৰ আৰোহন৷

৩. খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাসৰ সম্ভাৱনা নাশ কৰিলে যোগান মন্ত্ৰীয়ে৷

৪. কৃষক মুক্তিয়ে তুলি ধৰিলে তথ্যঃ কামৰূপত ৫০০০বিঘা মাটি ক্ৰয় কৰিলে অনা-অসমীয়া বনিয়াই৷

৫. ধেমাজিত চৰকাৰী নিধেধাজ্ঞালৈ বুঢ়া আঙুলি দেখুৱালে ক্ৰেতা-বিক্ৰেতাইঃ অধিক দৰতহে কিনা বেচা হৈছে নিষিদ্ধ গুটখা৷

৬. আছু নেতৃত্বই ক’লে- হতাশাগ্ৰস্থ শিক্ষামন্ত্ৰীৰ অশালীন মন্তব্যই স্তব্ধ কৰিব নোৱাৰে আছুৰ প্ৰতিবাদী কণ্ঠ৷

No comments:

Post a Comment