জীৱন-যৌৱন (স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন-যৌৱন (স্বাস্থ্য)

জীৱন-যৌৱন (স্বাস্থ্য)

Share This
চিকিৎসক দিৱস বিশেষঃ  নতুন প্ৰযুক্তিৰে চিকিৎসা বিজ্ঞান

আজি ১জুলাই৷ মানৱ দৰদী চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি ভাৰতবৰ্ষত দেশজুৰি উদযাপিত কৰা হৈছে চিকিৎসক দিৱস৷

সেই উপলক্ষে আজি অসমীয়াৰ সুখ দুখৰ পাঠকক, বিশ্ব স্বাস্থ্য সংস্থাৰ ডাইৰেক্টৰ জেনেৰেল ড০ মাৰ্গাৰেট চেনে ৩৮তম বিশ্ব হস্পিতেল কংগ্ৰেছত  চিকিৎসক তথা বিশ্ববাসীক উদেশ্যি কোৱা ছটা কথাৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিব খুজিছো ৷ তেখেতে সেই নিৰ্দিষ্ট বক্তাৰ ভাষণত প্ৰযুক্তি আৰু ঔষধক লৈ কিছু অতি গুৰুত্বপূৰ্ণ কথা অৱতাৰণা কৰিছে ৷


১) আজিৰ পৃথিৱীখন হৈছে ইলেক্ট্ৰনিক মাধ্যমত তাৎক্ষণিকভাৱে সংযোগৰ পৃথিৱী ৷ এই পৃথিৱী অলেখ ঐশ্বৰ্য আৰু ব্যক্তিগত সম্পদে ভৰা পৃথিৱী ৷ প্ৰযুক্তিবিদ্যা আৰু নতুন নতুন আৱিষ্কাৰ তথা উদ্ভাৱনীবোৰে ডাক্তৰী ও ক্লিনিকেল প্ৰতিভাবোৰক উজলাই তুলিছে । এই শুভ্ৰ পোহৰজাকে সমাজৰে সকলোৰে জীৱন পোহৰাই তোলক, মাত্ৰ এমুঠিমান ধনীক শ্ৰেণী বা সকলো সা-সুবিধা পোৱা শ্ৰেণীকহে যাতে নহয় ৷

২) আধুনিক ঔষধে কৰা মিৰাকলবোৰে সঁচাকৈয়ে বহুতৰ জীৱন বচাইছে, সেয়া প্ৰশ্নাতীত । যদি এইবোৰে প্ৰকৃততে মানৱজাতিৰ ভাল কৰিব খুজিছে তেনেহ’লে ই সাধাৰণ মানুহে ঢুকি পোৱা দৰতেই সেই যাদু কৰিব লাগিব ৷

৩) আধুনিক চিকিৎসা প্ৰযুক্তিবিদ্যা আৰু নতুন নতুন সঁজুলিবোৰেই হৈছে চিকিৎসা জগতখন  ক্ৰমাত ব্যয়বহুল হৈ উঠাৰ একমাত্ৰ কাৰণ । নতুন আবিষ্কাৰ বা আহিলাবোৰ সদায়ে যথেষ্ট খৰচী, কিন্তু খুৱেই ছফিষ্টিকেটেড৷ যিবোৰ ব্যৱহাৰৰ ক্ষেত্ৰটো জটিলতা থাকে আৰু ক্ৰুটি হোৱাৰো সম্ভাৱনীয়তা ই বহন কৰে৷ কিন্তু দেখা যায় নতুন প্ৰযুক্তিবিদ্যাবোৰৰ দাম বা মূল্য, আজি বজাৰে কি মূল্য বহন কৰিবলৈ প্ৰস্তুত,  তাৰ ওপৰতে নিৰ্ধাৰিত হয়, যিটো প্ৰকৃততে এটা সৰল অৰ্থনৈতিক মডেলেৰে উৎপাদন খৰছৰ ওপৰত ভিত্তি কৰিহে হোৱা উচিত ৷

৪) বহু চিকিৎসকেই ৰোগীক উপদেশ দিয়া পৰীক্ষা বা অৱল্বন কৰিবলৈ কোৱা পদ্ধতিৰ দামকৈ লৈ যথেষ্ট স্পৰ্শকাতৰ নহয়৷ ফলত কিছুমান দেশত অতি খৰচী কিছুমান প্ৰচিডিউৰ বা পদ্ধতি বোৰকে একমাত্ৰ উপায় হিচাবে গণ্য কৰোৱাৰ এক প্ৰচেষ্টা গঢ় লৈ উঠা দেখা গৈছে ৷ এনে ধৰণৰ ধাৰাই নিয়মিতভাৱে ব্যৱহাৰ কৰিব লগীয়া সঁজুলি সমূহৰ প্ৰতিৰোধী ক্ষমতাক নাশ কৰি ভোদাহে কৰি পেলাব, আৰু লগতে কৰি পেলাব সুলভো৷

৫. আজিকালি নতুন প্ৰযুক্তিৰ ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে সুবিধা সমূহ জানি উঠা বা প্ৰমাণিত হোৱাৰ আগতেই নতুন প্ৰযুক্তি কিনি আনিবলৈ  ধৰাৰ এক ধাৰা গঢ় লৈ উটিছে ৷ আৰু প্ৰতিস্থিত/প্ৰমানিত প্ৰযুক্তি বা পদ্ধতিকো আঁতৰ কৰি সহজেই নতুন প্ৰযুক্তিয়ে অত্যাধুনিক সুবিধা দিছে বুলি সিবোৰক প্ৰতিষ্ঠা কৰিবলৈ ধৰিছে ৷

৬. সঁচাই উদ্ভাৱনী আৰু প্ৰযুক্তিয়ে চিকিৎসা বিজ্ঞানৰ ভৱিষ্যত সলাই পেলাবনে? নিশ্চয়কৈ, যদি আমি এইসকলৰ অশ্বমেধ ঘোঁৰাক যদি আমি সঁচাই নাকী লগাব পাৰো, আৰু প্ৰশিক্ষিত কৰিব পাৰো ৷
লেখাৰ সমলৰ সৌজন্যঃ
অসম চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ’লজি বিভাগৰ সহকাৰী অধ্যাপক ডাঃ মৃগাংক শেখৰ চলিহা
অনুবাদত সহায় কৰিলেঃ বাংগালুৰৰ পৰা বিকাশ দাসে৷

1 comment: