পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰ
১. এইবাৰ গেচৰ চিলিণ্ডাৰৰ বাবে কৰিব নালাগে হাহাঁকাৰঃ পেট্ৰ’ল ডিপুতে পাঁচ কেজি ওজনৰ এলপিজি চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে৷

২. অহা ১ছেপ্তেম্বৰত অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হব ১০২ সেৱাঃ এই আঁচনিৰ অধীনত ২০০খন এম্বুলেন্স সেৱাৰ আৰম্ভণি কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গোলাম নবী আজাদে৷

৩. কালিৰ পৰা ১০৮ সেৱাত যোগ হ’ল আৰু এশখন টাটা চুমো এম্বুলেন্সঃ এতিয়াৰ পৰা মুঠ ৩৮০খন হোৱা এই এম্বুলেন্স সেৱাৰ নামত খৰছ হব বছৰি ৪৬কোটি টকা৷
নিম্নমানৰ ইউনিফৰ্মৰ যোগানৰ প্ৰতিবাদত
ডাকোৱাল সকলৰ অভিনৱ প্ৰতিবাদ
৪. এনকেফেলাইটিছ, ডেংগুৰ পৰা বাচিবলৈ চৰকাৰী চিকিৎসালৰ ৰোগীক ঔষধ যুক্ত আঠুৱা বিলাবলৈ চৰকাৰে ল’লে উদ্যোগঃ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়কো এনে আঠুৱা বিনামূলীয়াকৈ দিব বুলি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে৷

৫. এপষেক জোৰা শিশুৰ কলৰৱেৰে মুখৰিত চকলাঘাটত অহা ২৮জুলাইত অসম সাহিত্য সভাৰ শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আয়োজনঃ ব্যাপক প্ৰস্তুতিৰে লগতে আয়োজন কৰা হৈছে সাংস্কৃতিক সমাৰোহৰো ৷

৬. অখিল ভাৰতীয় বৃদ্ধজন সেৱাশ্ৰমৰ উদ্যোগত দৰঙৰ দিপীলাত স্থাপন হ’ব এখন বৃদ্ধাশ্ৰমঃ অহা ২অক্টোবৰত স্থাপিত হব আধাৰশিলা৷

৭. অসমত বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে চি আই আইৰ অধ্যক্ষ মিলিত হ’ল মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকতঃ লক্ষ্যত উপনীত হবলৈ অসমৰ চৰকাৰৰ সহযোগত গঠন কৰিব বিশেষ টাস্ক ফৰ্চ ৷

৮. গঁড় হত্যাৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে চলন্ত মটৰ চাইকেলত ঢোল, খোল বজাই কাইলৈ তেজপুৰৰ পৰা গহপুৰলৈ বসন্ত দাস নামৰ যুৱকে কৰিব এক অভিনৱ যাত্ৰাঃ হাতৰ সহায় নোলোৱাকৈ মাত্ৰ ভৰিৰে কৰিব মটৰ চাইকেলৰ নিয়্ন্ত্ৰণ৷


৯. তথ্য প্ৰযুক্তি হৈ পৰিছে দিনে দিনে গতিশীলঃ টেবলেট পিচিৰ বিক্ৰীত চাৰিশ শতাংশ বৃদ্ধি ভাৰতত, তাৰ বিপৰীতে ডেক্সটপ কম্পিউটাৰৰ বিক্ৰী হ্ৰাস ৷

১০. অসমৰ বাবে আৰু অধিক ইন্দিৰা আবাস যোজনাৰ ঘৰৰ বাবে ধন দিব কেন্দ্ৰীয় চৰকাৰেঃ ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰীয়ে দিল্লীত কৰিলে তথ্য সদৰী ৷

১১. এঘাৰ বছৰ পাছত দ্বায়িত্বহীন গাড়ীচালনাৰ ফলত পদপথত শুই থকা লোকক মহতিয়াই মৃত্যুৰ মুখলৈ নিয়া অভিনেতা চলমান খানৰ বিৰুদ্ধে মুম্বাইৰ এখন ছেছন আদালতে আৰম্ভ কৰিলে বিচাৰ প্ৰক্ৰিয়াঃ দোষী সাব্যস্ত হ’লে দহ বছৰ পৰ্যন্ত কাৰাবাস ৷

১২. অহা ২০১৪চনৰ জানুৱাৰী মাহত কলিয়াবৰৰ শ্ৰীশ্ৰী বদলা আতা ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম ভিত্তিক অংকীয়া ভাওনা সমাৰোহঃ ১৫১জনীয়া কমিটি গঠন কৰি ৰাইজে আৰম্ভ কৰিলে সৱল প্ৰস্তুতি ৷


১৩. গুৱাহাটীত পাঁচ দিনীয়াকৈ যাদু শিক্ষণৰ কৰ্মশালাঃ যাদু সম্ৰাট বিক্ৰমে মুখ্য প্ৰশিক্ষক ৰূপে অংশ গ্ৰহণ কৰিব লগা এই কৰ্মশালা হব বিনামূলীয়া আৰু উদ্যোগ সদৌ অসম যাদু কলা সংস্থাৰ ৷

১৪. গুৱাহাটীত পানীৰ বাণিজ্যিকীকৰণৰ প্ৰতিবাদত মহানগৰ উন্নয়ন প্ৰাধিকৰণত কৃষক মুক্তিৰ ধৰ্ণা ৷

১৫. উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশে গ্ৰহণ কৰিলে স্থিতিঃ অৱসৰ-প্ৰাপ্ত মুখ্য-ন্যায়াধীশৰ ৰায়ক সমালোচনা কৰি জয়প্ৰকাশ এচোচিয়েটৰ জৰিমনা ভৰাৰ দিন পিছুৱাবলৈ কৰিলে অস্বীকাৰ৷

চিন্তনীয় খবৰঃ
১. সাৱধানঃ চুৰি-ডকাইতি-হত্যাকাণ্ডৰ ঘটনাৰ পাছত মহানগৰীত এতিয়া চাইবাৰ অপৰাধীৰ ত্ৰাস, বেংক একাউণ্টৰ পৰা অনলাইন লুট চলাই পালে সংবাদ শিৰোনামা৷

২. পৰিকল্পনা আয়োগৰ তথ্য মতে এতিয়াও ১কোটি ১লাখ অসমৰ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলতঃ ৩১.৯৮%দৰিদ্ৰ ৰাইজৰ অৱস্থাও উদঙালে বিকশিত অসমৰ শ্লগানৰ প্ৰকৃত স্বৰূপ ৷

৩. মৰিগাঁৱৰ ন্যায়িক আদালতৰ নথি পত্ৰ চুৰিৰ অভিযোগত অধিবক্তাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ৷

৪. প্ৰবীণ টোগাড়িয়াই কৰিলে মন্তব্যঃ বিদেশীৰ সংজ্ঞাৰ বাবে ৭১ক ভিত্তি বৰ্ষ মানি ল’লে ৫০লাখ বিদেশী হৈ পৰিব ভাৰতীয়৷ ভাৰত বাংলা সীমান্তত এতিয়াও উন্মুক্ত ৫০কিল’মিটাৰকলৈ প্ৰকাশ কৰিলে উদ্বিগ্নতা৷

৫. গহপুৰত তিনি লাখ টকাৰ বিনিময়ত মুক্তি পালে অপহৃত ছাত্ৰইঃ দহদিনীয়া উৎকণ্ঠাৰ অৱসান৷

৬. কেগৰ প্ৰতিবেদনত কঁপিছে নলবাৰী জিলা পৰিষদঃ তদন্তৰ আওতাত নপৰিল ১কোটি ৩০লাখ টকাৰ হিচাব ৷

৭. ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত কঠোৰ স্থিতি উচ্চ ন্যায়ালয়ৰঃ তদন্ত অগ্ৰগতিৰ খতিয়ান বিচাৰিলে চৰকাৰৰ পৰা ৷

৮. লখিমপুৰ আৰু বকলীয়াঘাটত বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে কৰিব লগা হ’ল আইন শৃংখলা পৰিস্থিতিৰ সমীক্ষাঃ বাতিল কৰিলে দক্ষিণ আফ্ৰিকা যাত্ৰা ৷

৯. সাহিত্যৰ বুৰঞ্জীত উপেক্ষিত হৈ ৰৈছে প্ৰথম আধুনিক অসমীয়া অনুবাদক জনঃ আত্মাৰাম শৰ্মাৰ নাম যুগমীয়া কৰিবলৈ সাহিত্য সভাই পদক্ষেপ গ্ৰহণ নকৰাক লৈ সচেতন ৰাইজৰ ক্ষোভ প্ৰকাশ ৷

১০. ভুৱা নিযুক্তিপত্ৰ দি হাৰ্বাড মাইক্ৰ কম্পিউটাৰে লুটিলে কোটিৰ হিচাপত ধনঃ ভুক্তভোগীৰ বাবে ভেকোঁ-ভাওনাত পৰিণত হ’ল তথ্য জনাৰ অধিকাৰ, নগাঁৱৰ ৰামপুৰৰ ঘটনা ৷

No comments:

Post a Comment