মহৎ লোকৰ ৰসাল অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহৎ লোকৰ ৰসাল অনুভৱ

মহৎ লোকৰ ৰসাল অনুভৱ

Share This
"মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ" গ্ৰন্থৰ পৰা কিছু বাণীঃ


১. জীৱন যুদ্ধত প্ৰস্তুত হ’বলৈকে প্ৰকৃতিয়ে খেল ধেমালি বিলাক দিছে৷ ডাঙৰৰ বাবে যেনেকৈ এই পৃথিৱী কৰ্মপ্ৰধান, শিশুৰ কাৰণে ঠিক তেনেদৰে এই পৃথিৱীখন ধেমালি প্ৰধান৷ -শিশু মনোবিজ্ঞানী কালগ্ৰজ


২. সাহসে কিছু ক্ষেত্ৰত মানুহক উদগনি দিয়ে সঁচা, কিন্তু মহৎ কামৰ বাবে  মানুহক দৃঢ়তাৰহে বেছি প্ৰয়োজন ৷-নীতিশিক্ষা


৩. মানুহৰ জীৱনলৈ বিপদ আহেই৷ আৰু সকলো বিপদৰ ঔষধ হ’ল ধৈৰ্য৷ 
-প্লেটো ৷


৪. তোমাৰ আচাৰ ব্যৱহাৰ যদি নীচ হয়, তেন্তে তুমি কেতিয়াও উচ্চ আৰু উদাৰ মনোভাৱৰ অধিকাৰী হ’ব নোৱাৰা ৷-নীতিশিক্ষা ৷

৫. মানুহৰ শান্তিৰ মাপকাঠি সমাজতহে হ’ব পাৰে, পৰ্বতৰ শিখৰত নহয়৷
-জৱাহৰলাল নেহৰু ৷

৬. আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথ’বা, কাৰণ কাইলৈ তোমাৰ কি হ’ব কোনেও নাজানে৷-হজৰত মহম্মদ ৷

৭. এটা সৰু পোখাই গোটেই গছডালকে ধ্বংস কৰাৰ দৰে, নীচ প্ৰকৃতিৰ মানুহে সৎ প্ৰকৃতিৰ মানুহকো সবংশে ধ্বংস কৰিব পাৰে ৷ -সাই বাবা

৮. যি মানুহে শ্ৰেষ্ঠত্ব অৰ্জন কৰে, তেওঁক বহুতেই ভুল বুজে ৷- আৰ ইমছল৷

৯. নীৰতাই মানুহৰ শ্ৰেষ্ঠ ভাষণ৷ -থমাচ কাৰ্লাইল ৷


১০. নিৰৱতাৰ মাজতহে প্ৰতিভাই গঢ় লয়৷ পৃথিৱীৰ অবিৰাম চিন্তা-স্ৰোত ধাৱমান হয় মনৰ মাজত ৷-গ্যেটে ৷

No comments:

Post a Comment