পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ

১. বেইজিঙৰ চেংপিং ষ্টেডিয়ামত হব লগা বিশ্ব কুংফু চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব তিনিজন অসমীয়াইঃ কৃষাণ সিঙ, গমে থাপা আৰু আমানতউদ্দিন বৰাই ১৫-২০জুলাই পৰ্যন্ত হব লগা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব ৷
২. এঘাৰটাকৈ ভাষাত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত পৰিবেশিত হ’ল অসমৰ জাতীয় সংগীতঃ কবি জীৱন নৰহৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰকল্পৰে সাহিত্যৰথীলৈ অন্য এক শ্ৰদ্ধাঞ্জলি ডেৰশ বছৰীয়া জন্মজয়ন্তী বৰ্ষত৷


৩. অৱশেষত মুখ্যমন্ত্ৰীয়ে কৰিলে হস্তক্ষেপঃ ডিব্ৰুগড় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ ছেবাৰ সংস্কাৰৰ দাবীৰ প্ৰসংগত বিবেচনাৰ বাবে গঠন কৰি দিলে সমিতি৷ ছেৱাক অধ্যক্ষক কৰিলে তলৱঃ আছুৰ সতেও আলোচানত মিলিত হব বুলিও কৰিলে ব্যক্ত৷

৪. শিক্ষাবৰ্ষ আৰম্ভ কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰিলে কটন ৰাজ্যিক বিশ্ববিদ্যালয়েঃ পাঠয্ক্ৰমত বৰ্হিঃ বিশেষজ্ঞৰ ৰূপত নাম প্ৰকাশ কৰিলে কেমব্ৰিজ, আই আই টিৰ লগতে শীৰ্ষ প্ৰতিষ্ঠানৰ অধ্যাপক তথা দেশৰ প্ৰবীণ অৱসৰপ্ৰাপ্ত অধ্যাপক সকলৰো ৷

৫. বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ শলাগনীয় উদ্যোগঃ "ৰেচম উদ্যোগ আৰু গ্ৰাম্য সমাজত আৰ্থ-সামাজিক ভেটিৰ উন্নতি সাধনত ইয়াৰ ভূমিকা" শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ কৰিলে আয়োজন, অহা ১০ আগষ্টৰ পৰা ৷

৬. চৰকাৰৰে সৈতে জনগোষ্ঠীয় সংগঠনৰ বৈঠকত হ’ল চূডান্তঃ শীঘ্ৰেই অনুষ্ঠিত হ’ব সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৷

৭. আজি ১০জুলাই, এই দিনটো পালিত হৈছে ৰাষ্ট্ৰীয় মীন পালক দিৱস ৰূপেঃ মীন পালনেৰে অসমৰ নিজস্ব উৎপাদনশীলতা বৃদ্ধি তথা ৰাইজকো স্বাৱলম্বী হবলৈ আহ্বান জনাই মীন বিভাগে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰিছে ৰাজ্যিক ভিত্তিত মীন পালক দিৱসৰ উদযাপন৷

৮. নুমলীগড়ত সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৬৪তম বন মহোৎসৱঃ বিতৰণ কৰে ২০০০ গছৰ পুলিও ৷

৯. কলিয়াবৰৰ নলতলীত একৈশ দিনীয়াকৈ আয়োজিত হৈছে সত্ৰীয়া নৃত্য-গীত-বাদ্যৰ কৰ্মশালাঃ আয়োজন কৰিছে গোবিন্দ কলাক্ষেত্ৰই ৷

১০. জৰ্দানত এছিয়ান বক্সিং চেম্পয়নশ্বিপত স্বৰ্ণ পদক পোৱা অসমীয়া শিৱ থাপালৈ অসমৰ মুখ্যমন্ত্ৰীয়েও জনালে অভিনন্দনঃ কামনা কৰিলে উজ্জ্বল ভৱিষ্যত আৰু সৰ্বময় মংগল কামনা ৷

১১. সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সমাৰণিঃ নিখিলেখ আৰু কাবেৰী ফুকন হ’ল চেম্পিয়ন ৷

১২. নেপালৰ নিৰ্বাচনঃ ভাৰতে আগবঢ়াব সাহাৰ্য ৰূপে ৭৬৪খন গাড়ী, বিদেশ মন্ত্ৰী খুৰছিদে কৰিলে প্ৰতিশ্ৰুতি পত্ৰত ৷
চিন্তনীয় খবৰঃ
১. অসমৰ বাবে বিজেপিয়ে কৰিছে সুকীয়া ৰণনীতিঃ উত্তৰ পূৱৰ পৰা কমেও ১৫খন আসনত বিজয় বিচাৰিলে নৰেন্দ্ৰ মোদীয়ে ৷ 

২. দুনী আদৰ্শ চিকিৎসালয়ত নিৰ্মাণ কাৰ্যত ব্যপক দুৰ্নীতিঃ উদ্বোধনৰ পূৰ্বেই মেলিলে ফাঁট ৷

৩. মাছ কঢ়িওৱা প্ৰতিখন ট্ৰাকে দিব লাগে ৫০হাজাৰকৈ টকাৰ গুণ্ডাকৰঃ সংবাদ শিৰোনামাই তুলিলে প্ৰশাসনৰ উপস্থিতিক লৈ জন্মালে সন্দেহ!

৪. মাছৰ ছিণ্ডিকেট চক্ৰৰ মাহেকীয়া উপাৰ্জন কমেও ১৮০কোটি টকাঃ কৰ-ফাঁকি, গুণ্ডা টেক্সেৰে অসমৰ ৰাইজক চলোৱা লুণ্ঠত ক্ৰমাত প্ৰকাশ পাইছে বাতৰি কাকতত ৷

৫. বিশ্ববিখ্যাত বান নিয়ন্ত্ৰণ বিশেষজ্ঞ ডঃ অৰবিন্দ ফুকনে কৰিলে আক্ষেপ প্ৰকাশঃ অসমৰ এটাও মাথাউৰি বিজ্ঞান সন্মত নহয় ৷

৬. হিচাব ৰখাৰ নাই কালচাৰঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১.৩৪কোটি টকাৰ হিচাব নোলোৱাৰ চিন্তনীয় খবৰ ৷

৭. ডেজিগনেটেড কেম্পৰ পৰা নোহোৱা হ’ল ২২জনকৈ উগ্ৰপন্থীঃ আদিবাসী পিপলছ আৰ্মীৰ সদস্যৰ হঠাত আত্মগোপনে জোকাৰিছে আৰক্ষী প্ৰশাসনক ৷

৮. কাছাৰ জিলা পৰিষদত ৩০০কোটিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত তদানীন্তন মুখ্যকাৰ্যবাহী বিষয়া বহ্নিশিখা দত্ত গ্ৰেপ্তাৰঃ কলিকতাত আত্মগোপন কৰি থাকোতে বংগ আৰক্ষীৰ সহায়ত আনিলে জিম্মালৈ ৷

৯. যোৱা দশকত কংগ্ৰেছ চৰকাৰে নললে জীয়াঢল নিয়ন্ত্ৰণৰ কোনো আঁচনিঃ কোনো প্ৰস্তাৱো প্ৰেৰিত নহ’ল কেন্দ্ৰীয় চৰকাৰলৈ ৷

১০. মংগলদৈৰ এইচ আই ভি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত এজন ঠিকাদাৰ গ্ৰেপ্তাৰঃ প্ৰেৰিত হ’ল জেললৈ ৷

No comments:

Post a Comment