পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
মূল্যবৃদ্ধি হোৱা নাই অসমতঃ আমেৰিকাতো দিয়ে কৰ ফাঁকি...
সংবাদ মেলক সম্বোধি অসমৰ মুখ্যমন্ত্ৰী
সুখৰ খবৰঃ
১. সুদীৰ্ঘ পোন্ধৰ বছৰ পাছত এইবাৰ পুনৰ ডিব্ৰুগড়ত আৰম্ভ হ’ল চিটীবাছ সেৱাঃ ৰাজ্যৰ প্ৰথমখন চহৰৰূপে ১৯৫৬চনতে চিটিবাছ চলা এই চহৰত ১৯৯৮চনৰ পৰা বন্ধ হৈ আছিল এই সেৱা৷ দুই মন্ত্ৰীক শলাগি কৃতজ্ঞতা জনালে বিজেপিৰ নেতা তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে ৷

২. ৰায়-বেৰেলীত ৫০০কোটি টকা ব্যয়েৰে স্থাপিত হব দেশৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ঃ "ইন্দিৰা গান্ধী নেশ্যনেল ইউনিভাৰচিটি ফৰ অ’মেন" বিধেয়কৰ বাবে অনুমতি দিলে কেন্দ্ৰীয় কেবিনেটে ৷

৩. আৰ টি আইৰ আওতালৈ আহিব বি চি চি আইঃ ন্যায়ধীশ মুডগাল পেনেলে সংশোধিত ক্ৰীড়া বিধেয়কত এই বিষয়ে আইনী প্ৰক্ৰিয়াৰ নিৰ্দেশ কৰি ক্ৰীড়া মন্ত্ৰণালয়ক প্ৰতিবেদন দিয়াৰ সুখৰ খবৰ ৷

৪. আজি গুৱাহাটী পাবহি স্বৰ্ণজয়ী শিৱ থাপাঃ বোকাখাতত বক্সিং সন্থাই জনাব সম্বৰ্ধনা, অলিম্পিক সন্থাই দিব এক লাখ টকাৰ উপহাৰ ৷

৫. ঝাৰখণ্ডত অন্ত পৰিব ৰাষ্ট্ৰ্পতি শাসনৰঃ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰিব ঝাৰখণ্ড মুক্তি মৰ্চাই হেমন্ত সোৰেনৰ নেতৃত্বত ৷

৬. এলাহাবাদ উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়ঃ "সংবিধানৰ মূল আদৰ্শৰ" পৰিপন্থী বুলি উত্তৰ প্ৰদেশত নিষিদ্ধ কৰিলে জাত-পাত ভিত্তিক ৰেলী ৷

৭. গ্ৰীণ হাউচ গেচ নিগৰ্মন কোধৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হ’ল আমেৰিকা আৰু চীনেঃ দেশ দুখনৰ মাজত স্বাক্ষৰিত হ’ল  এই সন্দৰ্ভত চুক্তিও ৷

৮. গুৱাহাটীত বাস্তৱ হ’ব মেট্ৰ’ ৰে’লৰ সপোনঃ প্ৰস্তাৱ গ্ৰহণ কৰিলে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়েঃ প্ৰাৰম্ভিক অধ্যয়নৰ বাবে ধাৰ্য কৰিলে ২৫কোটি টকা, ৬৫কিল’মিটাৰ পথ সংযোগী এই প্ৰকল্পৰ বাবে প্ৰায় ১৪০০কোটি টকা ব্যয়ৰ হব প্ৰয়োজন ৷

৯. বুদ্ধ গয়াৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তৎপৰতাৰ নিৰ্দেশত কামাখ্যা মন্দিৰৰ সুৰক্ষাৰ বাবে স্থাপিত হ’ল আৰক্ষী চকীঃ কূটাঘাত ৰোধিবলৈ মন্দিৰৰ নামনিৰ পৰা ভুৱনেশ্বৰী মন্দিৰলৈকে নিয়মীয়া টহৰ হব ব্যৱস্থা ৷

১০. খাদ্য নিৰাপত্তা বিধেয়ক ৰূপায়ন কৰিবলৈ সাজু হৈছে অসম চৰকাৰঃ স্বাস্থ্য বিভাগত ব্ৰেণ্ডেড দৰৱৰ বিপৰীতে জেনেৰিক ঔষধ ৰাখিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

১১. উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ঃ জে’লত থকা কয়দীয়ে খেলিব নোৱাৰিব নিৰ্বাচন ৷ ৰাজ্যৰ দুজন মন্ত্ৰী আু ১৪গৰাকী বিধায়কৰ আৰু এজন সাসংদৰ বিৰুদ্ধে আছে ফৌজদাৰী গৌচৰঃ ন্যায়ালয়ৰ ৰায়ে টোপনি হৰিছে বহু ৰাজনীতিকৰ ৷

১২. ব্যক্তিগত গাড়ীৰ পিঠিত বিজ্ঞাপন কঢ়িয়াই গাড়ীৰ দামৰ ৭৫% ৰেহাই পোৱাৰ নতুন স্কীম আগবঢ়াইছে পুনেৰ ড্ৰিমছ মেডিয়া আৰু এডভাৰ্টাইজিঙেঃ ২৫% ডাউন-পেমেণ্ট দি গাড়ী কিনি কঢ়িয়াওক বিজ্ঞাপন, প্ৰতিমাহে নুন্যতম ১৫০০কিলমিটাৰৰ, বাকী গাড়ীৰ ঋণৰ ই.এম.আই দিব এই কোম্পানীয়ে ৷

১৩. তেজপুৰতো ৰাষ্ট্ৰীয় মীনপালক দিৱস পালনঃ মুখ্যমন্ত্ৰীৰ মিত্ৰ আঁচনিৰ অধীনত শোণিতপুৰৰ ৬৫গৰাকীলৈ ১০হাজাৰকৈ টকাৰ চেক প্ৰদান ৷

চিন্তনীয় খবৰঃ
১. ধেমাজি-গহপুৰৰ বান পৰিস্থিতিত অৱনতিঃ মাজুলীত ৪০ হাজাৰৰো অধিক লোক গৃহহাৰা হোৱাৰ খবৰ ৷

২. বিহাৰৰ শিক্ষা বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল ২৩০যোৰ কানফউলি, ৫৩টা আঙঠি, ৩৬যোৰ খাৰুঃ পত্নীক উপহাৰ দিবলৈকে ঘোঁচ লয় বুলি দিলে হাস্যকৰ মন্তব্য অৰ্থনৈতিক অপৰাধ শাখাক ৷

৩. দিল্লীৰ গণ ধৰ্ষণৰ ঘটনাৰ নাবালাক অভিযুক্তৰ ৰায়দান স্থগিতঃ পৰবৰ্তী তাৰিখ ২৫ জুলাই ৷

৪. এইবাৰ প্ৰদেশ কংগ্ৰেছৰ বক্তব্যঃ ছিণ্ডিকেটৰ প্ৰমাণ পালে ব্যৱস্থা ল’ব দলীয় মঞ্চতো, নেতা-কৰ্মীৰ বিৰুদ্ধে ৷

৫. বান-প্ৰলয়ত এদিনতে ভেটি উছন গ’ল ৪৫টা পৰিয়ালৰঃ বিলাসীপাৰাত গৌৰাং নদীৰ তাণ্ডৱত ত্ৰাসিত নৈ-পৰীয়া ৰাইজ ৷

৬. শোণিতপুৰত নিশা এন ডি এফ বি আৰু আৰক্ষীৰ তুমুল সংঘৰ্ষঃ নিহত হ’ল দুই উগ্ৰপন্থী এন মৌচম আৰু বি খাওৰাং ৷

৭. গুৱাহাটাত পুনৰ হত্যাকাণ্ডঃ দ্বাৰকা নগৰত ভাড়াঘৰৰ বিছনাতে হত্যা কৰি পেলাই গ’ল নলবাৰীৰ সন্দেলীৰ যুৱকক ৷

৮. অগপত কমা নাই পদত্যাগৰ ধুমুহাঃ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ইনামূল হক সহ ৪জন বিষববীয়াই পদত্যাগ কৰাৰ বাতৰি ৷

৯. কলাইগাঁৱত কমিছে গ্ৰন্থ বিপনীঃ বিপৰীতে দেশী বিদেশী সুৰা বিপনী উভৈনদী হোৱাৰ খবৰে চিন্তা বৃদ্ধি কৰিছে সচেতন ৰাইজৰ ৷

১০. প্ৰতিকূল বতৰৰ বাবে হ্ৰাস পাইছে উৎপাদনঃ উজনিত ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগীয়ে কৰিব লগা হৈছে হাহাকাৰ ৷

No comments:

Post a Comment