পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. লখিমপুৰত উন্মোচিত হ’ল পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতিসৌধঃ "সাহিত্য কাণ্ডাৰীক আমি জীয়াই ৰাখিবই লাগিব" বুলি মত প্ৰকাশ কৰিলে সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ দেৱে ৷

২. এছিয়ান বক্সিঙৰ ৰিংত সফলতাৰ দৌৰত অসমৰ শিৱ থাপাঃ পদক নিশ্চিত হ’ল শিৱৰ ৷

৩. অহা ১ আগষ্টৰ পৰা "নটসূৰ্য"ৰ অষ্টাদশ বাৰ্ষিক সাতদিনীয়া নাট সমাৰোহঃ প্ৰখ্যাত অভিনেতা টম অল্টাৰৰ অভিনয়েৰে মঞ্চস্থ হব বাদল সৰকাৰৰ তিচৱি শতাব্দী ৷

৪. শোণিতপুৰৰ বিহগুৰিত আইটিবিপিৰ অসমৰ ছেক্টৰ মুখ্য কাৰ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ চৌহদটোৰ পৰা স্থানীয় ৰাইজে কেন্দ্ৰীয় বিদ্যালয়কে ধৰি অন্যান্য প্ৰতিষ্ঠানত নিয়োগৰ সুবিধা পোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে৷

৫. সাহিত্যিক অৰুণ চন্দ্ৰ চক্ৰৱৰ্তীৰ গৱেষণামূলক গ্ৰন্থ "মহাকাব্য আৰু চেক্সপীয়েৰৰ নাটকৰ তুলনামূলক অধ্যয়ন" উন্মোচিত হ’ল যোৰহাটতঃ উন্মোচন কৰিলে ডঃ মালিনীয়ে ৷

৬. দেৱজিত চাংমাইলৈ "বৰফি" ছবিৰ চাউণ্ড মিক্সিংৰ বাবে আইফা বঁটাঃ জন্মস্থান শিৱসাগৰ বেতবাৰীত উলাহৰ বন্যা ৷

৭. আলোচনা-পন্থী আলফাৰ দাবীৰ প্ৰতি সন্মতি দি ৰাজ্যৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আগ্ৰহ প্ৰকাশ কৰা পদক্ষেপক আদৰণি জনালে চুতীয়া উন্নয়ন পৰিষদে ৷

৮. মাজুলীৰ পঞ্চায়তত স্থাপিত হব ১৪খনকৈ নতুন সমবায় সমিতিঃচৰকাৰী পদক্ষেপক আদৰণি জনালে মাজুলীবাসীয়ে ৷

৯. ঘোষিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূডান্ত বৰ্ষৰ ফলাফল ঘোষণা ৷

১০. সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হব বুলি আশ্বাস দিলে সীমান্ত উন্নয়ন মন্ত্ৰী ছিদ্দিক আহমেদে ৷

১১. ডাঃ হৰ্ষ ভট্টাচাৰ্য, প্ৰশান্ত ৰাজগুৰু আৰু অৰুপ মান্নালৈ "ডিপিআৰচি বঁটা প্ৰদানঃদিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেশ্বন চেণ্টাৰৰ প্ৰথম বৰ্ষপুতি উদযাপন অনুষ্ঠানত ৷

১২. বি জি ভাৰ্গিছক উপেন্দ্ৰ নাথ ব্ৰহ্ম বঁটা প্ৰদানঃ প্ৰদান কৰিলে ৰঞ্জিত শেখৰ মুছাহাৰী দেৱে৷

চিন্তনীয় খবৰঃ
১. নগাঁও জিলা পৰিষদত অবাধ দুৰ্নীতিৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা ৷

২. বিহাৰৰ বুদ্ধগয়াৰ মহাবোধি মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণঃ ৯টাকৈ বোমাৰ বিস্ফোৰণৰ বাতৰি ৷

৩. অগপৰ যি কোনা নেতাক গ্ৰহণ নকৰে বিজেপিয়েঃ প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে জাৰি আছে ক্ষোভ প্ৰকাশ ৷

৪. লখিমপুৰ নে ডিব্ৰুগড়ঃ লোকসভা নিৰ্বাচনক লৈ সিদ্ধান্ত লব পৰা নাই সৰ্বানন্দ সোনোৱালে ৷

৫. শিক্ষা মন্ত্ৰীৰে আছু আলোচনা বয্ৰ্থঃ অব্যাহত থাকিব আন্দোলন৷

৬. মুখ্যমন্ত্ৰীয়ে ক’লে ছেৱাৰ কামকাজক লৈ তেখেত সণ্টুষ্ট নহয়, শীঘ্ৰেই কৰিব হস্তক্ষেপ৷

৭. উজনিত এনকেফেলাইটিছৰ নৰ সংহাৰঃ ১৯জনৰ মৃত্যুৰ বাতৰিয়ে বৃদ্ধি কৰিলে শংকা ৰাজ্যজুৰি ৷

৮. ৰাসায়নিক বেজীৰে ওজন বঢ়োৱা ব্ৰইলাৰে আনিছে ভয়ংকৰ বিপদঃ বিকল হব পাৰে খাওতাৰ বৃক্ক, যকৃত ৷

৯. ৰাইজৰ পৰা লুণ্ঠন কৰা ধন, বিদেশৰ বেংকলৈ স্থানান্তৰ কৰিলে সাৰদা কোম্পানীয়েঃ হাবাথুৰি খাইছে তদন্তকাৰী আৰক্ষীয়ে ৷

১০. মাজুলীত বুৰ গ’ল ৩০খন গাঁওঃ ভূটানৰ পানীয়ে চিৰাঙত উটুৱালে তিনি মাথাউৰি, বান পৰিস্থিতি আৰু সংকটজনক হোৱাৰ আশংকা প্ৰকাশ৷

No comments:

Post a Comment