যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
(কাল্পনিক বাতৰিৰে সত্যৰ সন্ধানত)
বগা কুকুৰা, বগী বোৱাৰী
১. কৰ ফাঁকি দিবলৈ আমেৰিকালৈ যাবলৈ কিহৰ প্ৰয়োজন? ৰাইজক ইয়াতে কৰ ফাঁকি দিয়াৰ আনন্দ লবলৈ আহ্বান জনালে ৰসাল গগৈয়ে৷ তেখেতে ৰাইজক সম্বোধি কয় যে আমেৰিকাত থকা সকলো বস্তু  যেনে বিদেশী অনুপ্ৰৱেশ, অনুপ্ৰৱেশকাৰীৰ পৰা থলুৱাৰ সমস্যা, বানপানী, খহি যোৱা অৰ্থনীতি আদি অসমতে উভৈনদী হৈছেনে নাই? তেওঁ সফলতাবোৰলৈ আঙুলিয়াই দিয়ে৷ 

তেখেতে কয়, "এই সকলো সুবিধা ইয়াত থকাৰ পাছতো মানুহ বিদেশলৈ যোৱাৰ কি প্ৰয়োজন, মইতো নিজেই চাই আহিছো৷ এইবোৰ সমস্যা সকলোতে আছে৷ মইতো কওঁ আমাৰ ইয়াত ভালহে, বোলে, বানপানী হ’ল কলগছ এজোপাকে কাটি বাঁহৰ গজাল মাৰি ভুঁৰ বনাই প্ৰাণ বচালা৷ আমেৰিকাত নাই পাবা কলগছ, নাই পাবা ভুঁৰ ৷ শিবিৰলৈ যাব লাগিব মাইল মাইল দূৰ ৷ মইতো কও, অসমীয়া মানুহ বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই..বিদেশৰ মানুহহে ইয়ালৈ আহিব....(ভোটাৰো বাঢ়িব)....মিচা ক’লে কি ডাল হব হয়নে? হেঃ হেঃ হেঃ৷

২. এতিয়াৰ পৰা বিশ্বৰ আটাইতকৈ ধনী সংস্থা বিচিচিআই মানে ক্ৰিকেটক কণ্ট্ৰল কৰি থকা কমিটি আৰটিআইৰ অধীনলৈ আহিব ৷ সেই খবৰত "পেশাদাৰী আৰ টি আই কৰ্মী" সন্থাই প্ৰকাশ কৰিলে সন্তুষ্টি ৷ তেখেত সকলে কয়, যে এতিয়াৰ পৰা আৰু আৰ টি আই কৰ্মী সকলে সেই ধনী সংস্থাৰ বৰ-মূৰীয়া সকলক সুদাই নেৰে৷ তেওঁলোকে অকলে দেশৰ টকা খায় হজম কৰাটো কোনো পধ্যেই সহ্য কৰা নহব, কৰ্মী সকলেও তাৰ ভাগ পাবই লাগিব ৷ গ্ৰীষ্মকালীন শিবিৰ এটা অতি সোনকালেই আয়োজন কৰি সংস্থাই "আৰ টি আইৰ সহায়ত বিচিচিআইৰ পৰা আৰ্জন" শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰি আক্ৰমণ কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ লব বুলি বিজ্ঞপ্তিত জনাইছে ৷

৩. ছিণ্ডিকেটত জড়িত থকাৰ প্ৰমাণ পালে এইবাৰ দলেও লব ব্যৱস্থা ৷ এই বাতৰিটোক লৈ সচেতন মহল যথেষ্ট ৰসবোধত ভোগা বুলি বাতৰি পোৱা গৈছে ৷ ধৃতৰাষ্ট্ৰ মন্ত্ৰী পৰিষদক সহায় কৰিবলৈ গান্ধাৰী দলে কাপোৰ বান্ধি লোৱাৰ বিষম বাতৰিত দুখ প্ৰকাশ কৰিলে সচেতন সমাজে৷ সচেতন সমাজে চকু বন্ধ সকলক এতিয়া প্ৰমাণ দিবলৈ ছিণ্ডিকেট নামৰ কেটটোৰ ডিঙিত টিলিঙা ওলমাব লাগিব, আৰু এতিয়া মেকুৰীৰ ডিঙিত টিলিঙা ওলমাবলৈ নিগনি সদৃশ সাধাৰণ জনতাক কেনেকৈ সাহস যোগোৱা যাব, তাকে লৈ জল্পনা কল্পনা চলিছে ৷ বেংকক, লণ্ডন আদিত এই বিষয়ত কি দৰে কাৰ্যব্যৱস্থা হাতত লয়, তাকে বুজিবলৈ ৰসাল গগৈৰ নেতৃত্বত সচেতন সমাজৰ এটা সজাঁতি দল বিদেশলৈ প্ৰেৰণ কৰিবলৈ দাবী তোলাৰো বাতৰি আহিছে ৷


৪. কইনাধৰা পাহাৰৰ ৰাজকুমাৰ পোনাকনলৈ আনিব বোৱাৰী৷ তাকো বগী বোৱাৰী৷ আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনত যোগ দি পাহাৰৰ ৰজাই এই মৈত্ৰী স্থাপন কৰাৰ ক্ষেত্ৰত গোট গোট কাম কেইটি সমাপন কৰি থৈ অহাৰ খবৰে পাহাৰীয়া ৰাইজক উৎফুল্লিত কৰি তুলিছে ৷ পাহাৰীয়া চৰকাৰখনৰ খৰছতে পাৰিলে আন্তঃজাতিক মৈত্ৰী স্থাপনৰ বৈবাহিক অনুষ্ঠানলৈ পাহাৰীয়া ৰাইজকো বগা মানুহৰ দেশ দেখুৱাই আনিবৰ বাবে ৰজাক খাটনি ধৰিছে ৷

পাহাৰীয়া ৰাজ্যখনত পোনাকনলৈ ছোৱালী দিম বুলি খপি থকা সকলো অভিভাৱকৰ মনত ক্ষোভৰ উদগীৰণ হোৱাৰ খবৰ আহিছে৷ পাহাৰীয়া ছোৱালীজাকৰ মাজতো তীব্ৰ উত্তেজনা পূৰ্ণ পৰিস্থিতি হোৱাত, পোনাকনেও পুনৰ কথাটো চিন্তা কৰিছে৷ সেই বিষয়ে ৰজাই আহুকানে পহুকানে গম পোৱাত তেখেতে দেশৰ দৰেই এই পাহাৰৰ নতুন হাইকামাণ্ডো ইমপৰটেড হবই লাগিব বুলি মন্তব্য কৰিছে ৷ পোনাকনে কি পশ্চিমৰ দৰে বাৰে বাৰে বিয়া কৰিব, এয়া পূৱৰ ৰাজ্যহে, সেয়ে এবাৰেই পাতিব, আনিলে কিয় এইফালৰ মাগুৰ বৰণীয়া আনিব, খাটী বগী আনিব বুজিব খাটী বগী !!! ৰজাৰ কথাত সকলোৱে হয়-ভৰ দিলে... সঁচাইতো মিচা ক’লে কি ডাল হব ৷
৫. ৰঙা কুকুৰা খোৱা বহু দিনেই হ’ল, দিন মানে কেইবা মাহ, কেইবা মাহ মানে কেইবা বছৰো হ’ল ছাগৈ৷ সিঙ চাৰে গোলকীকৰণ নে কিটো আনি দিয়াৰ পৰাই আমাৰ লোকেল ৰঙা কুকুৰা কেইটি জাতত উঠিল৷ উস কি দাম৷ কিনি খাবই নোৱাৰি৷ তেহে বোলে বিদেশৰ পৰা বগা ধুনীয়া, সুকোমল কুকুৰা এটা ওলালহি৷ অলপ সোপোকা, হ’লেও ভাল৷ নাম বোলে কি বা ব্ৰইলাৰ৷ বিদেশৰ পৰা ইমপৰ্টেড মাল, পশ্চিমৰেই হব লাগিব৷ একেবাৰে চাহাববোৰৰ দৰেই এই কুকুৰাটিও বগা ৷ সেয়ে আমি আৰু সেই গঞা অসমীয়াবোৰে ৰঙা কুকুৰাৰ লগত ৰঙা খোৱাৰ হেপাঁহ এৰি ঘৰৰ বগা সাঁজৰ লগতে এই বগা কুকুৰাটিকে আদৰি ল’লো ৷ এতিয়া গাঁৱে ভূঞে, বোলে নগৰে চহৰে বোলে ব্ৰইলাৰ আৰু ব্ৰইলাৰ৷ চক, তিনিআলি সকলোতে চাং পাতি কাটিছে ব্ৰইলাৰ আৰু ব্ৰইলাৰ৷

সিদিনাহে শুনিলো বোলে এইবাৰ ব্ৰইলাৰো জাতত উঠিল৷ গোটাই ১৮০, কাটিলে চাৰিশ মানেই হব পায়৷ কুকুৰাৰ মঙহ খোৱাৰ হেঁপাহ এৰি চয়াবিন কেইটিমানকে লৈ ঘৰলৈ উভতিব লগীয়া কথা৷ কণীও বোলে নাই বজাৰত, কিবা কণীৰো দাম বঢ়াক লৈ বেপাৰীৰ ধৰ্মঘট! এই বগা বগা বস্তুবোৰো বোলে ক’লা বেপাৰীৰ হাতত পৰিল, কিবা ছিণ্ডিকেটে পালে...সেইটোও সেই মন্ত্ৰীৰ লগতে অহা ব্লেক-কেট কেইটাৰ দৰেই খাতাৰ-নাক নহয়তো৷ ৰব, গাঁওবুঢ়াকে বস্তুটো খাটাংকৈ সুধি আহো....... আজিলৈ এৰিলো ৷
শেহতীয়া যি কথা নহয় সঁচা লেখা পঢ়িবলৈ ইয়াতে ক্লিক কৰক

No comments:

Post a Comment