মহৎ লোকৰ ৰসাল অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহৎ লোকৰ ৰসাল অনুভৱ

মহৎ লোকৰ ৰসাল অনুভৱ

Share This
ফ্ৰাণ্জ কাফকা (FRANZ KAFKA)ৰ কথাৰেঃ
১. ভগৱানে আমাক বাদাম দিছে, কিন্তু সেয়া বাকলি গুচাইটো নিদিয়ে ৷

২. সকলোতে ধুনীয়াটো দেখা পোৱা বাবেই ডেকা সকল ফুৰ্তিবাজ আৰু যিয়ে সৌন্দৰ্য বিচাৰি পাব পৰা দক্ষতাটো বহন কৰি থাকে, তেওঁ কেতিয়াও বুঢ়া নহয়৷

৩. প্ৰতিটো বিপ্লৱেই ভাপ হৈ উৰি যায় আৰু এৰি যায় এক নতুন পিচ্ছিল "আমোলাতন্ত্ৰ"হে ৷

৪. যেতিয়ালৈকে তোমাৰ মুখত খাদ্য থাকে, তেতিয়ালৈকে অনুভৱ হয় যেন, সাময়িক ভাৱে তোমাৰ সকলো সমস্যাৰেই সমাধান তুমি কৰি পেলাইছা ৷

৫. এখন কিতাপ প্ৰকৃততে আমাৰ ভিতৰত গোট মাৰি থকা সাগৰখনক ফালি দুফাল কৰিব পৰা এখন কুঠাৰ যেন হোৱা উচিত ৷

৬. এটা বিশেষ বিন্দুৰ পৰা আৰু পুনৰ উভতাৰ কোনো কথা নাথাকে, সেইটোৱেইটো সেই বিন্দু য’ত আমি উপনীত হব লাগে ৷

৭. মৃত্যু কামনা কৰাটোৱেই হ’ল জীৱনক বুজি উঠাৰ প্ৰথমটো চিন ৷

৮. সত্যটোৰেই আৰম্ভণি কৰক, মাত্ৰ গ্ৰহণযোগ্যটোৰে কৰাতকৈ ৷

৯. উৎসাহটো তেতিয়াই মুক্ত হৈ পৰে, যেতিয়াই ই আৰু কাৰোবাক ঠেকা দি থাকিব লগীয়া নহয়৷

১০. মানুহে কৰিলে ধৰ্ম এটাৰো বিনাশ হব পাৰে ৷

১১. লেখকৰ কথা বেয়াই গোন্ধায়৷

১২. কাকোৱেই ঠগিব নালাগে, লাগিলে সি পৃথিৱী বিজয় কৰাৰ কথাতেই নহওক কিয় ৷

১৩. যেতিয়া তোমাৰ আৰু পৃথিৱীখনৰ মাজত যুদ্ধ হয়, তেতিয়া পৃথিৱীখনৰ ফলীয়া হোৱাতেই মংগল৷

১৪. মোক পৰিচালনা কৰা এটা নীতি হ’লঃ ভুল একোটাক আৰু কেতিয়াও সন্দেহ কৰিব নালাগে ৷

১৫. বিতৰ্ক এটা চলি থাকোতে দিক সলনি কৰা কথাবোৰ আচলতে প্ৰেমৰ গানৰ দৰেই, ইয়াৰ বৰ্ণনা বহুত, মাত্ৰ প্ৰমাণহে একো নকৰে ৷

১৬.ডায়েৰী এখন লগত ৰখাৰ আটাইতকৈ সুবিধাৰ কথাটো এয়ে যে, আপুনি যিবোৰ কৰাৰ বাবে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে সেইবোৰ কথাক পৰিস্কাৰ ৰূপত অনুভৱ কৰিবলৈ ই আপোনাক সজাগ কৰি ৰাখে ৷

মহৎ লোকৰ ৰসাল অনুভৱৰ আন শেহতীয়া লেখা পঢ়িবৰ বাবে তলৰ শিৰোনামাবোৰতে ক্লিক কৰকঃ 

No comments:

Post a Comment