লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
১. চেতিয়া ট্ৰফীৰ টনা-টনিৰ খেলৰ ফাইনেল মেচ
উলফা(স্বাধীন) আৰু উলফা (আলোচনা)ৰ মাজত অনুষ্ঠিত হব এখন বিশেষ ৰচী টনাটনিৰ খেল৷ ৰাজ্যৰ এখন গোপন হাবিত অনুষ্ঠিত হব লগা  এই টনাটনিৰ খেলত যিয়ে জিকিব তেওঁলোকৰ হাততে “কাৰাগাৰ বৰণ চেতিয়া” নামৰ ট্ৰ’ফীটো তুলি দিয়া হব বুলি বিচাৰকে জনাইছে৷

স্বতৰ্ব্য যে এই ট্ৰ’ফ্ৰীটো বহুদিন বিদেশতে থকাৰ ফলত খেলখনৰ ফাইনেল খন অনুষ্ঠিত কৰা হোৱা নাছিল, কিন্তু নিজৰ দেশলৈ এই মূল্যবান ট্ৰফীটো ঘূৰাই আনিব বুলি মন-তিৰিয়ে সম্ভাৱনা প্ৰকাশ কৰাৰ পাছতে এই ফাইনেল খেলখনতে কথাবোৰ হেস্ত-নেস্ত কৰি পেলাবলৈ যোগাৰ চলা বুলি গোপন সূত্ৰই জনাইছে৷

২. নীলমণিয় থালী নাখালে ৰসাল গগৈয়ে
আঢ়ৈ টকীয়া ফুল পেট ভাত খোৱাৰ পৰা আঁতৰত অৱস্থান গ্ৰহণ কৰিলে ৰসাল গগৈয়ে৷ তেখেতে কয়, য’ত পেটৰ বাবে ভাল জিকা এটা দহটকাৰ তলত বজাৰত নাপায়, এজনে ক’লে বুলিয়ে মই আঢ়ৈ টকীয়া ভাতৰ পাতত বহিবলৈ নাই৷ এনেয়ে বুঢ়া দেহা, নকৰো দেই আঢ়ৈ টকীয়া বেহা! সেই বুলি গগৈয়ে কালি গামচ বাৰতে আঢ়ৈশ টকীয়া ভাত মাছে-গাহৰি দকচি খোৱাৰ খবৰ আমালৈ গামচৰ দ্বাৰৰক্ষীয়ে জনাইছে৷

৩. মানি দাজ মেটাৰঃ মন্ত্ৰীত্ব নট

মন্ত্ৰী হবলৈ হেপাঁহ নাই, টকা খাবলৈ পালেই হ’ল! দিল্লীত গুঞ্জন দত্তৰ নেতৃত্বত যোৱা সঁজাতি বিধায়কৰ দলে নিজৰ নিজৰ জাতি গোষ্ঠীৰ উন্নয়নৰ নামত ভাগে ভাগে টকা দাবী কৰা বুলি জানিব পৰা গৈছে৷ সেইবোৰ দেখি দেখি মনে মনে সিঙৰো ধৈৰ্যৰ বান্ধ চিঙি যায় আৰু প্ৰথমে নদী-বান্ধৰ বাবে কিবা “জোগাৰ-পাতি” কৰা অফিচ এটা খুলিবলৈকে অলপ পইচা হাতত দি জোৰকৈ বিদায় দিয়ে৷ 

৪. শক্তি দিলে শক্তি দিম
ভাৰতে ৫০০মেগাৱাট শক্তি দিব বাংলাদেশলৈ৷ নিজৰ ঘৰতে এন্ধাৰ যদিও আনৰ ঘৰ পোহৰাবলৈ নেৰা ভাৰতীয় মহান আদৰ্শৰ কথাত বাংলাদেশী মহলে অত্যন্ত সুখ প্ৰকাশ কৰিছে৷ তেওঁলোকে কয়, তোমালোকে আমাক বিজুলী শক্তি দিয়া, আমি তোমালোকক ভোটাৰ শক্তি দিম৷ ওপৰৰ তাৰেদি বিজুলী শক্তি নি, বিনিময়ত কাঁটা তাৰ তলেদি ৫০ মিলিয়ন মানৱ শক্তিক ইনষ্টলমেণ্টত ভাৰতক দিয়াৰ বাবে এক গোপন চুক্তি স্বাক্ষৰ হোৱাৰ খবৰ আহিছে৷

৫. সুন্দৰীৰ পূজাৰী স্বেচ্ছাসেৱক
সন্দিকৈ গালৰ্চ কলেজৰ হীৰক জয়ন্তীক লৈ হৃদয়বান যুৱক সন্থালৈ অত্যন্ত উৎসাহ তথা সন্তোষ প্ৰকাশ কৰিছে৷ কিবা কৰিব লাগিলে ক’লেই হ’ল, আমি বাইক লৈ ওলামগৈ বুলি অধ্যক্ষালৈ প্ৰতিশ্ৰুতি পত্ৰ প্ৰকাশ কৰিছে৷ অনুষ্ঠানৰ স্বেচ্ছাসেৱকৰ বাবে আবেদন অনলাইন দি ভিৰত অনাহক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবেও ধন্যবাদ জনাইছে৷ স্বেচ্ছাসেৱকৰ বাবে আবেদন পত্ৰত আৰ্থিক সক্ষমতা, পেশী-বহুলতা, প্ৰশাসনিক হাত-বাত, গাড়ী মটৰৰ মালিকীস্বত্ব আদিৰ কঠোৰ অৰ্হতা বান্ধি দিয়াৰ বাবেও পৰামৰ্শ আগবঢ়াইছে৷ এনেয়ে কম-দামী মানুহৰ ভিৰ কৰি কণ্যা সকলৰ ভৱিষ্যত সোণালীৰ সলনি ৰূপালী কৰি নেপেলাবলৈকো আৰ্জি পেচ কৰিছে বুলি ফেক্সখন অনা কৰ্মচাৰীজনে সদৰি কৰিছে৷

No comments:

Post a Comment