লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগ বাতৰিৰে সত্যৰ সন্ধান)
১. মেৰী কম হবলৈ আহিল প্ৰিয়ঙ্কা চোপ্ৰা ৷ পিছে প্ৰিয়ঙ্কা চোপ্ৰা হবলৈ মেৰী কম মুম্বাইলৈ বুলি ওলাই যোৱাত ঘৰত নাপাই বলিয়াৰ দৰে হ’ল বিশ্ব-সুন্দৰী ৷ পাছত খবৰ পাই মেৰী কম এয়াৰপৰ্টৰ পৰা ঘূৰি আহে আৰু ল’ৰাটো প্ৰিয়ঙ্কাৰ কোলাত গতাই দিয়ে ৷ 
প্ৰিয়ংকাৰ কোলাত মেৰী কমৰ কনমানি

তেতিয়া অভিনয় কৰি থকাতকৈ প্ৰকৃত মাক হোৱাতোহে নাৰীৰ প্ৰকৃত আনন্দ বুলি প্ৰিয়ঙ্কাই চকু পানী টোকে৷ মেৰী কমে দৰকাৰ হ’লে প্ৰিয়ঙ্কাৰ বাবে উত্তৰ-পূৱৰ সুঠাম যুৱক দৰা ৰূপে ঠিক কৰি দিব বুলিও সান্ত্বনা দিয়ে৷এতিয়া মেৰী কমক নিজৰ কথা ৰাখিবলৈ বুলি উত্তৰ পূৱ সুঠাম যুৱক সংঘই জোৰকৈ ধৰাৰ বাতৰি আহিছে ৷

২. পুত্তলিকা দাহ কৰি দেশৰ ভিতৰতে উজ্বলি উঠিছে অসম, যোৱা দহটা বছৰত মাত্ৰ ৬০১ বাৰ মন্ত্ৰী বিধায়কৰ জ্বলাইছিল পুতলা ৷ এইবৰ্ষত এই কামত হাত উজান দিবলৈ আহ্বান জনালে "অভিলেখ অসম" নামৰ সংস্থাই৷ অচিৰেই জলন্ত সমস্যাবোৰক জলন্ত প্ৰতিমূৰ্তিৰ ৰূপত জ্বলোৱা কাৰ্যৰে বিশ্ব অভিলেখ গঢ়ি তুলিব পৰা যাব বুলি প্ৰকাশ কৰিলে আশা৷ লাষ্ট গেটতো সহজতে পাব পৰাকৈ প্ৰতিমূৰ্তি আৰু জুমুঠিৰ দোকান সংস্থাই গঢ়ি তুলি গণতান্ত্ৰিক সংস্থা সমূহক উৎসাহিত কৰাৰ লগতে সহযোগিতা কৰিব বুলি গীনিজ বৰুৱাই যোৰহাটৰ পৰা টেলিফোন যোগে জনাইছে৷

৩. নাম সলাবলৈ অমান্তি হ’ল হাতী পাৰ্টি৷ বু্দ্ধিজীৱিৰ পৰামৰ্শক বুঢ়া আঙুলি দেখুৱাই মাউত সন্থাৰ সভাপতিয়ে কয়, যে কলমেৰে বিপ্লৱ নচলে, কলম চলোৱা মানুহে কলগছ কাটি হাতী পোহাৰ কথা কি জানে? সেয়ে তেওঁলোকৰ কথালৈ কান দি ভয়ংকৰ বিপদত পৰাতকৈ নিজৰ মতে চলি সৰুসুৰা বিপদ মূৰ পাতি লোৱাই শ্ৰেয়৷

৪. জনজাতি উন্নয়নৰ বাবে আহিব কোটি কোটি টকা৷ উন্নয়ন পৰিষদৰ সদস্য আৰু কৰ্মচাৰী সকলে ধন্যবাদ জনালে কেন্দ্ৰীয় চৰকাৰক৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা পৰিয়ালবোৰে দুবেলা দুমুঠি ভাল ৰেষ্টুৰাত খায়, নিজৰ অট্টালিকা বনোৱা কামত মনোনিবেশ কৰিব পাৰিব বুলি প্ৰকাশ কৰিলে সন্তোষ৷ নতুন মডেলৰ গাড়ীৰ পুস্তিকাও সকলো পৰিষদীয় কাৰ্যালয়লৈ যোগান ধৰিবলৈ মাৰ্কেটিং এক্সিকিউটভলৈ ফোন অহাৰ খবৰ৷ এইবাৰ এচইউভিৰ বুকিং বৃদ্ধিৰ প্ৰৱল সম্ভাৱনা প্ৰকাশ৷

৫. যোৰহাটত ডাইনী আৰু এনকেফেলাইটিছ দুয়োটাও দিছে মায়াময় সংসাৰ ত্যাগৰ সুবৰ্ণ সুযোগ৷ খোদ মুইখ-মন্ত্ৰীৰ সমষ্টিত ৰাইজে কোনটো অফাৰ গ্ৰহণ কৰিব তাকে লৈ দোধোৰ মোধোৰত পৰাৰ অস্বস্তিকৰ বাতৰি৷ চাৰৰ পৰা বিচাৰিলে সদ-পৰামৰ্শ ৷

৬. বিটিএডিত ভুৱা বন্ধৰ প্ৰতিবাদ জনালে সচেতন ৰাইজে৷ এইদৰে বন্ধ চলি থাকিলে, দোকান পোহাৰ নোখোলিলে মাহেকৰ মূৰত উগ্ৰপন্থীক দিব লগা টকা কেনেকৈ যোগাৰ কৰিব বুলি প্ৰশ্ন তুলিলে সচেতন ব্যৱসায়ী সন্থাই৷  বন্ধ ৰোধেহে অৰ্থনৈতিক ভাৱে সংগঠন সমূহক সহায় কৰাত সহায় কৰিব বুলিও সংগঠনটোৱে আঙুলিয়াই দিয়ে৷

৭. ঘাতকৰ ৰূপ লৈছে পৰকীয়া প্ৰেমে শীৰ্ষক শিৰোনামাৰ বাতৰিত মনোৰোগ বিশেষজ্ঞই কয় যে- পৰকীয়া প্ৰেম কৰক, সেইটো ইমান চিৰিয়াচলী লবলৈ কোনে কৈছে? প্ৰেমত হিংসাৰ স্থান নাই, বুজাবুজি, লুকাচুৰিৰ মাজেৰে প্ৰেমতহে প্ৰকৃত আনন্দ পাব পাৰি বুলি মানসিক ৰোগ বিশেষজ্ঞ ব্যক্ত কৰে ৷ অচিৰেই চিকিৎসক সন্থাই "পৰকীয়া প্ৰেমৰ হাতপুথি" নামৰ শান্তিৰ মাজেৰে প্ৰশান্তিময় পৰকীয়া প্ৰেম শীৰ্ষক গ্ৰন্থ মুকলি কৰি ৰাইজক সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ৷

৮. ৰিজাৰ্ভ বেংকৰ চিংকিং ফাণ্ডত পৰি আছে ৰাজ্য চৰকাৰৰ তিনি হেজাৰ কোটি টকা৷ সচেতন আমোলা সন্থাই এক স্মাৰক পত্ৰ ৰূপে টকা তেনেকৈ ফাণ্ডত ডুবি থকাতকৈ সোনকালে উটাই আনি উন্নয়ন ফান্দত পেলাই দিবলৈ দাবী জনায়৷ তাত পৰি থকাতকৈ টকাবোৰ আনি দিলে খোদ অসমীয়া বিষয়া সকলৰে কিছুমান অন্ততঃ অৰ্থনৈতিক ভাৱে এক স্তৰ উঠিব পাৰিব বুলিও আমোলা সন্থাই দৃঢতা প্ৰকাশ কৰে ৷

৯. নীতিচ কুমাৰে কিতাপ লিখি উপহাৰ পঠালে নৰেন মোদীলৈ, "কইচন চম্ভালনা মুখ" শীৰ্ষক কাৰ্যকৰী ভাষণ দিয়াৰ বিশটা টিপচৰ কিতাপখন ডাক যোগে প্ৰেৰণ কৰা বুলি কুমাৰৰ পিএ জানিবলৈ দিছে ৷

১০.  দুখীয়াৰ বাবে দিলে তিনি টকাত চাউল, ধনীৰ বাবে বৃ্দ্ধি কৰি দিলে সুতৰ হাৰ ৷ এইবাৰ সকলো দুৰ্নীতিক আওকান কৰি চকুমুদি এনজয় কৰি থাকিবলৈ আহ্বান জনালে দিগবিদিক সিঙে 

No comments:

Post a Comment