জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
তিল দি ৰন্ধা গাহৰি মাংসৰ ব্যঞ্জন
তিল দি ৰন্ধা গাহৰিৰ মাংস
উপকৰণঃ
গাহৰি মাংস- আধা কেজি
ক’লা তিল- ৫০গ্ৰাম
আদা নহৰু সতেজকৈ বটি লোৱা-২চামুচ
পিয়াজ-দুটা মজলীয়া  
আকাৰৰ
ৰঙা জলকীয়া গুড়ি-আধা 
চামুচ
গৰম মচলা-আধা চামুচ
নিমখ, হালধি-স্বাদ 
অনুসাৰে৷
মিঠাতেল- অলপ৷

ৰন্ধন প্ৰণালীঃ
গাহৰি মাংসখিনি প্ৰথমে ভালকৈ ধুই লওক৷ টুকুৰাবোৰ বৰ ডাঙৰকৈ আছে যদি অলপ সৰু বা মজলীয়া আকাৰত কাটি লোৱাটো ভাল৷ এতিয়া প্ৰেচাৰ কুকাৰত এটা হুইচেল দি মাংসখিনি বইল কৰি লব৷ এতিয়া নিজে নিজে ভাপ খিনি ওলাই গৈ ঢাকোনখন খোল খাই যোৱালৈকে ৰওক, তাৰ পাছত খোল খালে, মাংসখিনি উলিয়াই ৰাখক৷

এতিয়া কেৰাহীত তেল গৰম কৰক৷ গৰম তেলত এতিয়া পিয়াঁজ দি দিয়ক৷ তাৰ পাছত তাতে আদা, নহৰু বঁটা আৰু মচলা জাতীয় উপকৰণ সমূহ ঢালি দিয়ক৷ পিয়াঁজ আৰু মচলাৰ মিশ্ৰনখিনি ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি তাতে দি দিয়ক৷ এতিয়া নিমখ হালধি অনুমান অনুসাৰে দিবলৈ নাপাহৰিব ৷ এতিয়া মাংসখিনি লৰাই থাকি যাতে লাগি নধৰে৷ অলপ পাছত তাত অলপমান পানী দি, সিজিবলৈ কম জুইত ঢাকোন মাৰি দিয়ক৷ 

এতিয়া সিফালে তিলখিনি ধুই মিহিকৈ পটাত পিচি গুড়ি কৰি লওক ৷এতিয়া মাংসখিনি সিজিচেনে পৰীক্ষা কৰক৷ পানী বেছি থাকিবলৈ নিদিব, অলপ মান পানীৰে থপথপীয়া ধৰণৰ হৈ থাকোতেই তাত তিলগুড়ি ঢালি দিয়ক৷ এতিয়া তিলৰ সৈতে মাংসখিনি ভালকৈ লৰাই মিহলাই দিয়ক৷ এতিয়া তিলৰ সতে পাঁচমিনিটমান চীমৰ জুইতে সিজিবলৈ দিয়ক৷

এতিয়া আপোনাৰ জুতিলগা ব্যঞ্জনটো তৈয়াৰ হৈ গ’ল৷ পৰিবেশনৰ সময়ত কেঁচা জলকীয়া দুটা দীঘলে দীঘলে ফালি দি সজাই দিয়ক৷ আৰু গৰমে গৰমে খেৱাৰ টেবুলত পৰিবেশন কৰক ৷

No comments:

Post a Comment