সম্পাদকলৈ ৰাইজৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ ৰাইজৰ চিঠি

সম্পাদকলৈ ৰাইজৰ চিঠি

Share This
ম’বাইলত এছ এম এছ প্ৰেৰণ সন্দৰ্ভত
মাননীয় সম্পাদক মহোদয়,
         ‘ম’বাইল’ত এছ.এম.এছ. প্রেৰণ কৰিলে সময় তথা খৰছ কম হয়। এটা কথা মন কৰিছোঁ যে আমি সাধাৰণতে এছ.এম.এছ. প্ৰেৰণ কৰোতে নিজৰ নাম উল্লেখ নকৰোঁ । 
         এছ.এম.এছ. প্ৰেৰণ কৰোতে সকলোৰে নিজৰ নাম উল্লেখ কৰা উচিত কাৰণ যাৰলৈ এছ.এম.এছ. প্ৰেৰণ কৰা হয় তেওঁ ‘ম’বাইল’ত হয়তো প্ৰেৰণ কৰোতাৰ ‘ম’বাইল’নম্বৰ চেভ হৈ নাথাকিবও পাৰে (নতুন ম’বাইল লোৱা)বা আগতে আছিল যদিও কিবা কাৰণত (কাৰিকৰী বিজুতি) নম্বৰ ডিলিট হ’ব পাৰে। তাৰোপৰি, সকলোৰে ম’বাইল নম্বৰ মনত ৰাখি থোৱাও সম্ভৱ নহয় । 
         যদি এছ.এম.এছ. প্ৰেৰণ কৰোতে নাম উল্লেখ কৰা নহয় তেন্তে বহু ক্ষেত্রত কোনে এছ.এম.এছ. প্ৰেৰণ কৰিছে তাক লৈ চিন্তাত পৰিব লগা হয় , কেতিয়াবা যিজনে এছ.এম.এছ. প্ৰেৰণ কৰে তেওঁলৈ ফোন কৰি কোন হয় বুলি সুধিব লগা পৰিস্থিতিও হয়। আহক, এনে সমস্যাৰ পৰা হাত সাৰিবলৈ আমি সকলোৰে এছ.এম.এছ. প্ৰেৰণ কৰোতে নিজৰ নিজৰ নামও উল্লেখ কৰোঁ।

ড° বুলজিৎ বুঢ়াগোহাঁই

No comments:

Post a Comment