জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলত

জুতি লগা আখলত

Share This
বুটৰ দাইলৰ সতে কচু-থোৰৰ আঞ্জা
উপকৰণঃ 
কচু-থোৰ এমুঠি (বোটলা বা বজাৰৰ পৰা)
বুটৰ জালি এমুঠি ৷
নহৰু দুটা
জলকীয়া দুটা
আদা খুন্দা আন্দাজ অনুসৰি অলপমান
নিমখ, হালধি, মিঠাতেল-স্বাদ অনুসৰি

ৰন্ধন পদ্ধতিঃ

বুটৰ দালিখিনি পানীত তিয়াই থৈ দিয়ক৷ তাৰ পাছত সেইখিনি প্ৰেচাৰ কুকাৰত বইল কৰি লৈ কাষত ৰেডি কৰি ৰাখক৷

কচু থাৰি কেইডালৰ থোৰৰ পৰা চোঁচবোৰ গুচাই চাফা কৰি লওক৷ পাতখিনিও মিহি কৰি কাটি লব৷ এতিয়া সেইখিনি লৈ অলপ গৰম পানীত উতলাই লওক, এতিয়া পানী খিনি কাঢ়ি পেলাই দিয়ক৷ তাৰপাছত কেৰাহীত তেল গৰম কৰি তাত নহৰু, আদা আৰু জলকীয়া দি কাঢ়ি থোৱা কচু শাক খিনি অলপ দেৰি ভাজি লওক৷ স্বাদ অনুসাৰে নিমখ, হালধি দি ভাজিব৷

দুইমিনিট মান এইদৰে ভালকৈ ভাজি লোৱাৰ পাছত এতিয়া তাতে বইল কৰি থৈ দিয়া বুট দালিখিনি দি দিয়ক আৰু ঢাকোন মাৰি থওক৷

এতিয়া অলপ মান পানী দি ঢাকোন মাৰি সিজাওক, গেছৰ জুই ছীমতে ৰাখিব৷
এইদৰে পানীখিনি শুকাই গ’লেই খাবলৈ আঞ্জাখন তৈয়াৰ হৈ উঠিব আৰু গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰি ইয়াৰ জুতি লওক৷
আখলৰ দিহা যুগুতালে- মুম্বাইৰ পৰা মনালী ভৰদ্বাজে

No comments:

Post a Comment