প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
গুৱাহাটীত প্রস্তাৱিত মেট্ৰ’ ৰেল প্রকল্প সম্ভৱ হবনে?
* টুৱাৰাম দত্ত

অসম্ভৱ বুলি পৃথিৱীত কোনো কথা নাই। চেষ্টাৰ বলত সকলো কৰ্মই সম্ভৱ। মহাবীৰ নেপোলিয়নৰ মতেটো অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানত হে পোৱা যায়। শেহতীয়া খৱৰ মতে আমাৰ গুৱাহাটীত বাস্তৱ হ’ব মেট্ৰ’ ৰেলৰ সপোন। ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিলে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়ে। খৱৰ মতে প্ৰাৰম্ভিক অধ্যয়নৰ বাবে ধাৰ্য কৰিলে ২৫কোটি টকা, ৬৫ কিল’মিটাৰ পথ সংযোগী এই প্ৰকল্পৰ বাবে প্ৰায় ১৪০০০ কোটি টকা ব্যয়ৰ প্ৰয়োজন হব৷

খৱৰটো শুনি ভাল লাগিল। নিসন্দেহ সমগ্র গুৱাহাটীবাসী তথা ৰাজ্যবাসীৰ বাবে সুখৰ খৱৰ। কিন্তু এই যে প্ৰাৰম্ভিক অধ্যয়নৰ বাবে ধাৰ্য কৰিলে ২৫কোটি টকা, সেই কথাষাৰহে কিবা বিসদৃশ যেন লাগিল। মানে প্ৰাৰম্ভিক অধ্যয়ন বুলি ডি পি আৰ প্ৰস্তুতৰ কথাই নিশ্চয় বুজোৱা হৈছে। অৰ্থাত Detail Project Report। ইয়াৰ দ্বাৰা সমগ্র প্রকল্পটো বাস্তৱত সম্ভৱ হবনে নহয় (কাৰিকৰী ভাৱে আৰু অৰ্থনৈতিক ভাৱে) তাক গৱেষণা কৰি বিচাৰ কৰি চোৱা হব। যিকোনো এটা প্রকল্প ৰ আৰম্ভণীতে এইটো কৰাটো যুগুত। যদি ডি পি আৰ মতে প্রকল্প টো অসম্ভৱ বা চৰকাৰৰ বিত্তীয় ক্ষমতাৰ বাহিৰত তেনে তাক বাদ দিয়া হয়। এতিয়া গুৱাহাটীত মেট্ৰ’ ৰেলৰ ক্ষেত্রত ডি পি আৰ প্ৰস্তুত নোহোৱাকৈয়ে ইমান কিমি দীঘল, ইমান কোটি টকা প্রকল্প ব্যয় আদি ঘোষনা হৈ গ’ল। যদি ডি পি আৰ ত প্রকল্প টো অসম্ভৱ বা বাস্তৱ সন্মত নহয় (Not feasible) বুলি প্রমানিত হয় তেতিয়া?

লেখাটোৰ আৰম্ভণীতেই আমি উল্লেখ কৰিছো যে অসম্ভৱ বুলি পৃথিৱীত কোনো কথা নাই। গুৱাহাটীৰ মেট্ৰ’ ৰেলৰ সপোনো সম্ভৱ। কিন্তু ই ৰাজ্য চৰকাৰ বা কেন্দ্রীয় চৰকাৰৰ বিত্তীয় ব্যয়ৰ দিশৰ পৰা কিমান দূৰ লাভজনক? মানে প্রকল্পটোত যিমান টকা ব্যয় হব তাৰ বিপৰীতে সামাজিক তথা অৰ্থনৈতিক লাভালাভ কিমান হব আৰু কিমান সময়ৰ ভিতৰত লাভাংশ পোৱা যাব? যদি বিত্তীয় ব্যয়ৰ দিশৰ পৰা সিমান বাস্তৱ সন্মত নহয় তেনে অন্য বিকল্প মাধ্যম আছে নেকি?

বিত্তীয় ব্যয়ৰ দিশটো আলোচনা কৰিবলৈ এটা উদাহৰণ লৈ ব্যাখ্যা কৰিলে কথাবিলাক সাধাৰণ পাঠকৰ বাবে বোধগম্য হব। ধৰাহওক ১ কি.মি. মেট্ৰ’ ৰেলৰ নিৰ্মাণ ব্যয় দিল্লী চহৰত ১৫ কোটি। আমাৰ গুৱাহাটী যিহেতু অত্যাধিক ভূমিকম্প প্রৱণ অঞ্চলত অৱস্থিত আৰু ইয়াৰ ভূ-গৰ্ভস্থ জলপৃস্থৰ উচ্চতা তুলনামূলক ভাৱে বেছি গতিকে ১ কি.মি. মেট্ৰ’ ৰেলৰ নিৰ্মাণ ব্যয় ২৫ বা ৩০ কোটি পৰ্যন্ত হব পাৰে। এইতো আমি উদাহৰণ স্বৰূপে লোৱা গণনাহে। অধ্যয়ন কৰিলে ইয়াৰ বিপৰীতটোও হব পাৰেনেকি?

কেন্দ্ৰীয় চৰকাৰে হয়টো নাজানে (বা ৰাজ্যই জানিবলৈ দিয়া নাই) যে আধাঘন্টা বৰষুণ দিলেই গুৱাহাটী পানীত ডুব যায়। এইবিলাকৰ ওপৰিও অন্যান্য আনুসংগিক তথ্য যেনে গুৱাহাটীৰ বৰ্তমানৰ নলা-নৰ্দমা তথা পয়-প্রনালী ব্যৱস্থা কেনেকুৱা? গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ অৱস্থান সাগৰীয় উচ্চতা সাপেক্ষে (mean sea level) কিমান? ইয়াৰ ভূ-গৰ্ভস্থ মাটি-পানীৰ গুনাগুণ কেনেকুৱা? ইবিলাকৰ বিতং তথ্য আছেনে? যদি নাই তেতিয়া হলে ইবিলাকৰ অধ্যয়নৰ কি ব্যৱস্থা লোৱা হৈছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ স্থলভাগৰ contour survey আজি পৰ্য্যন্ত সঠিকভাৱে সম্পূৰ্ণ হোৱা নাই। অথচ মেট্ৰ’ ৰেলকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্রকল্পৰ বাবে এই জৰীপ আৰু তথ্যসমূহ অতিশয় প্রয়োজনীয়। গুৱাহাটীৰ স্থলভাগৰ গুনাগুণ আৰু গুৱাহাটীখন অত্যন্ত ভূমিকম্প প্রৱণ অঞ্চলত অৱস্থিতি ইত্যাদি বিষয় বোৰ লক্ষ্য কৰি মেট্ৰ’ ৰেল প্রকল্পৰ প্রতি কি.মি.ত দিল্লী আদি চহৰৰ তুলনাত নিৰ্মাণ ব্যয় কম হবনে বেছি হব, কিবা পৃথক ধৰনৰ নিৰ্মাণ সামগ্রী লাগিব নেকি আদি সিদ্ধান্তত উপনীত হবলৈ এক ধৰনৰ গৱেষণামূলক অধ্যয়নৰ প্রয়োজন। কিন্তু ইবিলাকৰ অবিহনেই কেৱল ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই খৰখেদাকৈ প্রস্তাৱ লোৱা হৈছে নেকি? গোটেই প্রকল্পটো ২০১৪ চনৰ (আগতো হোৱাৰ সম্ভাবনা দেখা গৈছে ) লোকসভাৰ নির্বাচনকেন্দ্রিক যেন লাগিছে । লগতে বহু কেইটা বহুজাতিকে দিল্লী মেট্রৰ পিছৰ পৰা এই ব্যৱসায়ত লাগিছে । গতিকে তেওঁলোকৰো অদৃশ্য চাপ আছে নেকি? গুৱাহাটীত মেট্ৰ' ৰেলগাড়ী চলিব। কথাটো ওলাল যেতিয়া এদিন ই চলিবই। এতিয়া এইটো বাৰু ভাল খবৰ হয় নে নহয়? ৰাইজৰ সুবিধা হ'ব নে নহ'ব? নে ইয়াতকৈ বিকল্প মাধ্যম যেনে ম'ন' ৰেল ইত্যাদি বেছি সহজলভ্য বা কম খৰচী হব। ইতিমধ্যে আমি জনাত এজন অভিযন্তাই ম'ন' ৰেল বা উৰন্ত ৰেল বেছি সহজলভ্য আৰু উপযোগী বুলি (গুৱাহাটীৰ পৰিৱেশত) এটা প্রকল্প কৰি চৰকাৰক জমা দিছিল।চৰকাৰৰ মজিয়াত সেই প্রকল্পই কিমান গুৰুত্ব পালে তাক হে জনা নগল।

আমাৰ মতে চৰকাৰে ঋণ লৈ গুৱাহটীত ডাঙৰ প্রকল্প আৰম্ভ কৰাতকৈ দূৰদর্শী সিদ্ধান্ত লৈ সমগ্র ৰাজ্যখনৰ কথা চিন্তা কৰক। গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ গুৰিতেই হ'ল চহৰখনৰ বহন ক্ষমতাৰ ওপৰৰ জনসংখ্যা আৰু তাৰ গুৰিকথা হ’ল চৰকাৰৰ কেৱল গুৱাহাটী কেন্দ্রীক উন্নয়ন। শদিয়াৰ পৰা ধুবুৰীলৈ জনসাধাৰণে যদি উৎপাদিত সামগ্রী সহজ আৰু কমখৰচী পৰিবহনৰ দ্বাৰা কঢ়িয়াব পাৰে আৰু গোটেই উত্তৰ পূর্বাঞ্চলৰ বজাৰ (ভূটান, ম্যানমাৰ, বাংলাদেশ....সামৰি) দখল কৰিব পাৰে তেন্তে তাৰ দ্বাৰা পোৱা ৫ বছৰৰ ৰাজহেৰে গুৱাহাটীৰ মেট্রৰেলৰ প্রকল্প হৈ যাব। কিমান আৰু ৯০% অনুদান চিঞৰি থাকিব বা কেন্দ্রকে দোষ দিব? নিজৰ সম্পদৰ উচিত ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা লওক। গুৱাহাটীৰ মেট্র’ ৰেলতকৈ অসমত ব্রহ্মপুত্রৰ দুয়োপাৰেদি সামান্তৰালভাবে দুটা ব্রডগজ ৰেলৰ আলি আৰু প্রতি ২ ঘন্টাৰ মূৰে মূৰে ধুবুৰীৰ পৰা শদিয়ালৈ একোখন ৰেলগাড়ী বেচি দৰকাৰী আছিল । লগতে দৰকাৰী আছিল ওচৰ চুবুৰীয়া উত্তৰ পুর্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ব্রডগজ ৰেলৰ সম্প্রসাৰন ।

কিছুমান আঁচনি ঘোষণা কৰাৰ প্রাৰম্ভিক অৱস্থাত শুনি ভাল লাগে। কিন্তু আঁচনিসমূহ বাস্তৱক্ষেত্রত ৰূপায়ন সিমান সহজসাধ্য নহয়। গুৱাহাটীৰ কাছাৰীঘাট-উমানন্দ-উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু-পথ (rope way) আঁচনিও তেনে এক আঁচনি। আচলতে তৰুন গগৈ নেতৃতাধীন কংগ্রেছ চৰকাৰে যোৱা বাৰবছৰীয়া শাসন কালত অজস্র আঁচনি ঘোষণা কৰিলে। কিন্তু তাৰে কিমান শতাংশ ৰূপায়ন হ’ল সেয়া জনসাধাৰণৰ নখ-দৰ্পনত।
লেখকৰ ফোন-৯৮৬৪০-১২৯০২ Email: tuwaramdutta@gmail.com

No comments:

Post a Comment