পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. স্বাস্থ্য সেৱা খণ্ডৰ সুখবৰঃ এই বৰ্ষত চৰকাৰী চিকিৎসালয়ত যোগদান কৰিব ২৯০জন স্নাতকোত্তৰ চিকিৎসকেঃ কমেও এবছৰ চৰকাৰী চিকিৎসালয়ত সেৱা কৰা নিয়মক দিয়া হব কাৰ্যকৰী ৰূপ৷ অন্যথা আদায় দিব লাগিব দহ লাখ টকাৰ জৰিমনা ৷
মালালা বঁটা বিজয়ী ৰাজিয়া

২. ৪৮জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰি বিদ্যালয়ত নাম ভৰ্তি কৰোৱা উত্তৰ প্ৰদেশৰ মীৰাটৰ ৰাজিয়া ছুলতানালৈ ৰাষ্ট্ৰসংঘই প্ৰথমবাৰলৈ প্ৰদান কৰিব লগা মালালা বঁটাঃ ৰাষ্ট্ৰসংঘই শিক্ষাৰ বাবে দিয়া গ্ল’বেল এডুকেচনছ উইথ কাৰেজ এৱাৰ্ড লাভ কৰাৰ উপৰি ৰাজিয়াই লাভ পৰিব ৰাষ্ট্ৰসংঘৰ বিশেষ দূতৰ সন্মানো ৷

৩. প্ৰতিটো শ্ৰেণীতে দুজনকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সমস্ত দ্বায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কৰ্তৃপক্ষঃ জাতীয় শৈক্ষিক তথা সাংস্কৃতিক দ্বায়িত্ব পালনৰ ক্ষেত্ৰত আদৰ্শ দেখুৱালে ব্যক্তিগত খণ্ডৰ এই নামজ্বলা শৈক্ষিক প্ৰতিষ্ঠানখনে ৷

৪. অহা ২০আগষ্টৰ পৰা অসমত প্ৰযোজ্য হব খাদ্য সুৰক্ষা আঁচনিঃ কংগ্ৰেছ শাসিত মুখ্যমন্ত্ৰী সকলৰ বৈঠকত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিলে ঘোষণা ৷

৫. গুৱাহাটী প্ৰেছ ক্লাৱত এই মাহৰ অতিথি ৰূপে অংশ গ্ৰহণ কৰিলে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়েঃ তেখেতে ক’লে-"দেশৰ ৰাজনীতিত এতিয়া ধনবলেই একমাত্ৰ অস্ত্ৰ" ৷

৬. শীঘ্ৰেই কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ পৰা সেউজ সংকেত পাব ১৫০০ মেগাৱাটৰ টিপাইমুখ প্ৰকল্পই ৷

৭. সৱল আঞ্চলিক দলৰ পোষকতা কৰি শিল্পগ্ৰামত মিলিত হ’ল ৰাজ্যৰ একাংশ বুদ্ধিজীৱি তথা শিল্পী-সাহিত্যিকঃ অগপৰ নাম সলাই পেলাবলৈকো দিলে পৰামৰ্শ ৷

৮. ফেৰেংগাদাও গ্ৰীষ্মকালীন গ্ৰন্থমেলা, সংগীত নাট কৰ্মশালাৰ আয়োজন বেতকুছিতঃ নাট্য সন্মিলনৰ উদ্যোগত ১০দিনীয়া কৰ্মশালা আৰু তিনিদিনীয়া গ্ৰন্থমেলাৰ আয়োজন বেতকুছি উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গণত ৷

৯. অসম অলিম্পিক সন্থাৰ সভাপতি আৰু সম্পাদক ৰূপে পুনঃ নিৰ্বাচিত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বনমন্ত্ৰী ৰকিবুল হুছেইনঃ নগাঁৱত অনুষ্ঠিত হৈছেল বাৰ্ষিক সাধাৰণ সভা ৷

১০. ধুবুৰীৰ উপায়ুক্তৰ কঠোৰ পদক্ষেপঃ ১৫জন খণ্ড উন্নয়ন বিষয়াক দিলে ১৫দিনৰ সময়সীমা, উন্নয়নমূলক কাম নহ’লে দৰমহা বন্ধৰ লগতে নিলম্বনৰ সকীয়নি দিলে উপায়ুক্তই ৷

১১. অহা বৰ্ষৰ মাৰ্চমাহত ডিব্ৰুগড়ত অনুষ্ঠিত হব সৰ্ব-ভাৰতীয় মহিলা কবি সন্মিলনৰ চতুৰ্দশ সন্মিলনঃ সৰ্ব-ভাৰতীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আৰম্ভ কৰিবলৈ লৈছে তাৰ  ব্যাপক প্ৰস্তুতি ৷

১২. ডিমৌত উদযাপিত হ’ল বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীঃ অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে দিলে ৰাইজক ভৰসা, ক’লে-"ইংৰাজী বিদ্যালয় গঢ়ি উঠিলেই বিপদাপন্ন নহয় অসমীয়া ভাষা" ৷

১৩. এইবাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে চলাব ছিণ্ডিকেট চলোৱা নেতা বিধায়কৰ বিৰুদ্ধে তদন্তঃ তথ্য সদৰি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেহদী আলম বৰাই ৷

১৪. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল উদীয়মান কবি ডিম্পী দাসৰ কাব্য সংকলন- "আমি যুগদ্ৰষ্টা অসমীৰ"- উন্মোচন কৰে শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী দেৱে ৷

১৫. ৰাজ্য গঠনৰ ন-বছৰতে ১৩নম্বৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে হেমন্ত চোৰেণেঃ ঝাৰখণ্ডত নতুন চৰকাৰ গঠনৰ লগে লগে অন্ত পৰিল ৰাষ্ট্ৰপতি শাসনৰো ৷

চিন্তনীয় খবৰঃ
১. কংগ্ৰেছত যোগ দিব দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক জ্যোতি প্ৰসাদ শইকীয়া আৰু অপূৰ্ব ভট্টাচাৰ্যইঃ অহা ১৬জুলাইত এসম ভ্ৰমণলৈ আহিব সঞ্জীৱ দীক্ষিত ৷

২. হিমন্ত বিশ্ব শৰ্মাই কৰিলে মন্তব্যঃ অসমত আঞ্চলিক দলৰ ভৱিষ্যত নাই ৷

৩. অসম চুক্তিৰ দৰেই ব্যৰ্থ হৈছে বড়ো চুক্তিঃ বড়ো সকলৰ আশা-আকাংক্ষা পূৰণত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিলে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷

৪. ৰাভা হাছং বন্ধৰ সময়ত দুধনৈত গাড়ীত অগ্নিসংযোগৰ ঘটনাক লৈ উত্তেজনা ৷

৫. ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে কৰিছে পঞ্জীয়ন আইন উলংঘাঃ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে পঞ্জীয়কে ৷

৬. ব্যক্তিগত খণ্ডৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসক নাকী লগাবলৈ দাবী তুলিলে ছাত্ৰ সন্থাইঃ উপায়ুক্তৰ নিৰ্দেশক জনালে আদৰণি ৷

৭. মধ্যভোগীৰ বাবেই উচিত মূল্যৰ পৰা বঞ্চিত হৈছে উজনিৰ চাহ খেতিয়কঃ অসম টি-বৰ্ডৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি নিশাটোৰ ভিতৰতে মূল্য হ্ৰাসৰ চিন্তনীয় খবৰ ৷

৮. ধুবুৰীত প্ৰহসনত পৰিণত "আমাৰ দোকান", খাদ্য-অসামৰিক যোগান বিভাগ ৰহস্যজনক ভূমিকাঃ মূল্যবৃদ্ধিক লৈ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিলে জিলা প্ৰশাসনে ৷

৯. আইন হাতত তুলি লোৱাৰ বৰ্ধিত প্ৰৱণতাৰ অন্য এক উদাহৰণঃ ডিফুৰ পাছত এইবাৰ গুৱাহাটীৰ হাউকুছীত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে চোৰ বুলি সন্দেহ কৰা এজন ব্যক্তিৰ ৷

১০. কাঁহ শিল্পৰ শিল্পী সকলক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ আহ্বান জনালে অখিল গগৈয়ে ৷

১১. "BOSE" নামৰ স্পীকাৰ নিৰ্মাণেৰে বিশ্বত ভাৰতৰ নাম উজ্বলোৱা বিজ্ঞানী তথা উদ্যোগী অমৰ বসুৰ দেহাৱসানৰ দুখজনক খবৰ ৷

No comments:

Post a Comment