পলকতে আজিৰ সুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে আজিৰ সুখৰ খবৰ

পলকতে আজিৰ সুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. তেজপুৰৰ প্ৰবীণ শিল্পী উদয় শংকৰ শইকীয়ালৈ এইবৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰিব নটসূৰ্য ফণী শৰ্মা বঁটা ৷
২. মুক্তি পালে বিগ বাজেটৰ অসমীয়া ছবি "বীৰ চিলাৰায়": জাতীয় বীৰৰ জীৱনে প্ৰাণ পালে ৰূপালী পৰ্দাত৷

৩. উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগলৈ দিলে নিৰ্দেশঃ আইনসংগত ভাৱে চিনাক্ত কৰি যাওক "ডি ভোটাৰ"৷ আইনী যুঁজত নমা আছাম পাব্লিক ৱকৰ্ছে প্ৰকাশ কৰিলে মতামত-"ডি ভোটাৰ পদ্ধতিয়েহে বচাব পাৰিব খিলঞ্জীয়াক"৷

৪. তেজপুৰৰ আৰক্ষী চাউনীত "আন্তঃৰাষ্ট্ৰীয় মানৱ হিতৈষী আইন আৰু মানৱ অধিকাৰ" শীৰ্ষক কৰ্মশালা হ’ল অনুষ্ঠিত৷

৫. গুৱাহাটী পালেহি কলম্বিয়া বিশ্ববিদ্যালয়ৰ জলসম্পদ গৱেষক তাৰা ট্ৰয়ঃ ভূমিকম্প-বানেৰে মোকাবিলাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ সাজু হৈ থকা বুলি প্ৰকাশ কৰিলে মন্ত্ৰী পৃথিৱী মাঝিয়ে৷

৬. দেশৰ ভিতৰতে দীৰ্ঘতম দলঙ ৰূপে পৰিগণিত হব লুইতৰ বুকুত নিৰ্মিয়মান বগীবিল দলঙঃ শেহতীয়াকৈ চীনৰ আগ্ৰাসী ভূমিকাই কূটনৈতিকভাৱে কেন্দ্ৰৰ চকুত গুৰুত্ব বাঢ়িছে এই দলঙৰ ৷

৭. অসমত সাম্প্ৰদায়িক চিন্তাৰে বিশৃংখলতা সৃষ্টি নকৰিবলৈ টোগাড়িয়াক আছুৱে দিলে সকীয়নি৷

৮. বিহাৰৰ ঘটনাৰ পাছত এলাহাবাদ উচ্চ ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়ঃ মধ্যাহ্ন ভোজনৰ ৰন্ধন প্ৰকৰণৰ তদাৰকীৰ দ্বায়িত্ব শিক্ষকৰ নহয়৷

৯. ছ’নি টিভিৰ ইণ্ডিয়ান আইডল জুনিয়ৰত শীৰ্ষ নটা স্থানৰ ভিতৰত উজ্বলিছে নাজিৰাৰ প্ৰিয়ম বৰপাত্ৰগোহাঁইঃ প্ৰিয়মক ভোট দানেৰে বিজয়ী কৰিবলৈ শিল্পী গৰাকীৰ অনুৰাগী সকলে ৰাইজলৈ জনাইছে গোহাৰি৷

১০. কেন্দ্ৰৰ শোষণৰ বিৰুদ্ধে ৬৬ঘণ্টা একেৰাহে ভাষণ দিব যোৰহাট টীয়কৰ যতীন শইকীয়াইঃ তেখেতে দিল্লীৰ যি কোনো এটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দিবলৈ ওলাইছে চমক৷

১১. বিটিএডিত সংঘৰ্ষ পীড়িত যি সকলে সংস্থাপিত হোৱা নাই, তেনে ২৫হাজাৰ পৰিয়ালক সাত কোটি পঞ্চাশ লাখ টকাৰ খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ দিহা কৰিছে স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেচনে ৷

১২. এইবাৰ ভোজপুৰী এলবামেৰে উত্তৰ-প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডৰ সংগীত প্ৰেমীৰ মন জয় কৰিবলৈ ওলাইছে অসমীয়া শিল্পী কুমাৰ ভৱেশেঃ এইমাহৰ শেষত দিল্লীত উন্মোচিত হব এই নতুন এলবামটি ৷

No comments:

Post a Comment