১. বকোত বৈজ্ঞানিক পদ্ধতিৰে লা-খেতি তথা উৎপাদন সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হোৱাৰ সুখবৰঃ ৰাজস্থান আৰু ঝাৰখণ্ডৰ পৰা অহা বিজ্ঞানীয়ে প্ৰদান কৰিলে প্ৰশিক্ষণ ৷
২. সত্ৰীয়া সংস্কৃতিৰ সাধক মৰাণৰ জৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামকৃষ্ণ মহন্ত আৰু সুদক্ষ ঢোলবাদক গোলাপ ওজালৈ ভাস্কৰ দেউৰী সোঁৱৰণী বটাঃ অসম সাহিত্য সভাৰ দিৰৈ শাখাই লৈছে এই উদ্যোগ ৷
৩. কাইলৈ নগাঁৱত "দলঙৰ কবিতা" শীৰ্ষক অনুষ্ঠানঃ কলঙৰ পাৰৰ ৰত্নকান্ত বৰকাকতী সেতুত কবি নৱকান্ত বৰুৱালৈ শ্ৰদ্ধাঞ্জলিৰে পালন কৰা হব মৃত্যু তিথি ৷
৪. অসমৰ গ্ৰাম্যাঞ্চলৰ ফুটবল প্ৰতিভাক চিনাক্ত কৰণৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা ৩৬তম নৰোৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা আজি টামতাত হব আৰম্ভঃ ফাইনেল অহা ২৭জুলাইত ৷
৫. বাংগালুৰত হব লগা সৰ্বভাৰতীয় শ্বাফী দাৰাশ্বাহ ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে ঘোষিত হ’ল অসমৰ দলঃ নেতৃত্ব বহন কৰিব আবু নেচিমে ৷
৬. ভেটিকানত পোপ ফ্ৰান্সিছে জাৰি কৰিলে অধ্যাদেশঃ শিশুক যৌন নিৰ্যাতনক আইনগত ভাৱে কৰিলে নিষিদ্ধ ঘোষণা ৷
৭. মেট্ৰিক পৰীক্ষাৰ খেলিমেলিক লৈ দিলীপ বৰুৱা তদন্ত সমিতিয়ে আৰম্ভ কৰিলে কামঃ আছুৱে দাখিল কৰিলে তথ্যপাতি৷
৮. উনাশীতম জন্মদিনত সাহিত্যিক ইন্দ্ৰেশ্বৰ গোস্বামীৰ গ্ৰন্থ "সমাজ-সাহিত্যৰ লেছেৰি বুটলি" হ’ল উন্মোচিতঃ প্ৰকাশ কৰি উলিয়ালে সাহিত্য সভাই ৷
৯. কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিলে তথ্যঃ অচিৰেই সংসদত উত্থাপিত হব বিধেয়ক, অধিক ক্ষমতা প্ৰদান কৰা হব স্বায়ত্ত শাসিত পৰিষদ সমূহক ৷
১০. মংগল গ্ৰহলৈ যাব লগা নাচাৰ যানত অসমীয়া কবিৰ কবিতাঃ দেৱযানী শীল নামৰ কবিয়ে কঢ়িয়ালে এই সফলতা৷
চিন্তনীয় খবৰঃ
১. বিজেপিক ৰোধিবলৈ আজমল বাহিনীৰ নতুন কৌশলঃ লোকসভা নিৰ্বাচনত পাঁচটা সমষ্টিত দিব হিন্দু প্ৰাৰ্থী ৷
২. এনডিএফবি-কে এলঅ’ৰে মাওবাদীৰ গোপন বুজাপৰাৰ খবৰঃ চত্তিশগড়-বিহাৰ,উৰিষ্যাৰ দৰে অচিৰেই অসমো ৰক্তাক্ত হোৱাৰ আশংকা ৷
৩.সৰ্বানন্দ সোনোৱালে তুলিলে অভিযোগ, বাংলাদেশীক সুৰক্ষা দিছে গগৈ চৰকাৰেঃ আই এম ডি টি বাতিলৰ পিছতো বিতাড়ন নহ’ল এজনো বাংলাদেশী ৷
৪. প্ৰশাসনে নিৰ্ধাৰণ কৰা দামত সামগ্ৰী বিক্ৰী নকৰে ব্যৱসায়ীয়েঃ অসমৰ বজাৰ নিয়ন্ত্ৰণত যোগান বিভাগৰ সাহস নোহোৱাৰ উঠিল অভিযোগ ৷
৫. ব্ৰহ্মপুত্ৰ পৰা বৰাকলৈঃ ক্ৰমাত শোচনীয়া হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷
৬. বিদেশী পৰ্ণ ৱেবচাইটক লৈ সমস্যাত পৰিছে চৰকাৰঃ নিষিদ্ধকৰণৰ জটিলতা সম্পৰ্কে অৱগত কৰিলে উচ্চতম ন্যায়ালয়ক ৷
No comments:
Post a Comment