লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
অসংলগ্ন ফটো
১. স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণক লৈ জুবিন বাৰ্গৰ নতুন মিউজিক ভিডিঅ’- “বোমা বোমা বোমা, বোমা ফুটা দিন.... লখিমপুৰত ফুটে বোমা, বকলীয়াতো ফুটে বোমা, পল্টনতো দেখো বোমা, সোনকালে ঘৰ সোমা... অ’ বোমা বোমা বোমা ফুটা দিন... তোমাক দেখি দেখি দেখি, দেখি পাগল মই...বোমা বোমা বোমা...৷ ৰসাল গগৈয়ে ক’লে সাহসী জুবিনৰ লগত মই আছো!

২. প্লাষ্টিক উদ্যানেৰে চৈ-খোৱা উভয়াৰণ্য ধ্বংস কৰিবলৈ ওলোৱা বুলি উঠিল অভিযোগ৷ বিদ্যুত চাৰে কাৰেণ্ট নাথাকিলেও কমিচনৰ টকাৰেটো অন্ততঃ এচিটো চলাই থাকিব লাগিব৷ কাঠ বেপাৰীৰ কমিচন যায় পোনে পোনে চামাগুৰিলৈ৷ সেয়ে সেই বেপাৰ উঠাই নিজৰ দখলত থকা আমোলা আৰু ক্ষমতাৰে প্লাষ্টিক উদ্যান গঢ়ি তুলিবলৈ বিচাৰিছে বুলি জেনেৰেটৰ চালক ৰাম সিঙে তিনচুকীয়াৰ পৰা জনাইছে৷ জেনেৰেটৰৰ ডিজেল কিনাৰ বাবে কমিচন আৰ্জনেই এই উদ্যানৰ আচল মিচন বুলিও ৰাম সিঙে দৃঢ়তাৰে কয়৷

৩. হাতত যদি ধন নাই, তাৰ অৰ্থ নীল-মানি! তেন্তে চিন্তা নকৰিব “নীল-মণি অংক শাস্ত্ৰ”ৰ সহায় লওক৷ তাতেই আঢ়ৈ টকীয়া ভৰ-পেট সংসাৰৰ জ্ঞান পাব৷ এই শাস্ত্ৰ অচিৰেই কলেজৰ দ্ৰুত পাঠ্য কৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ দিলে অসম প্ৰদেশ ছাত্ৰ সন্থাই৷

৪. সংখ্যালঘুৰ নামত অসমত দোকান খুলিছে সুগন্ধ আজমলাইয়ে৷ সেই কথা নতুনকৈ গম পোৱাক লৈ হাঁহিয়াতৰ পাত্ৰ হ’ল সৰ্ব-আনন্দ৷ আজমলাইয়ে যে সেইসকল লোকৰ বাবেই সুগন্ধি বেপাৰ কৰি মাত্ৰ অসমতে নহয় আৰৱলৈকে বাপৰ দিনৰ পৰাই বেপাৰ কৰি আছে সেই কথা সৰ্বাই নজনাটো অসমৰ বাবেই দুখৰ কথা বুলি হোজাই সচেতন মঞ্চই ক্ষোভ প্ৰকাশ কৰাৰ খবৰ৷

৫. আমছুৱে কৃচি মন্ত্ৰীক মানসিক চিকিৎসালয়ৈ পঠিৱাৰ নাটকেৰে কৰিলে প্ৰতিকী প্ৰতিবাদ৷ পিছে তাত ডেৰ টকাত ভাত পায় বুলি মন্ত্ৰীয়ে প্ৰচাৰ কৰিবলৈ লোৱাত সকলো ৰোগীক এৰি চিকিৎসকো বেছি উন্মাদ হৈ পৰাৰ ৰসাল খবৰ৷

৬. মুখ্যমন্ত্ৰী থাকোতেই যোৰহাটৰ মেডিকেল কলেজত চৰ্ট-চাকিৰ্টৰ ঘটনা৷ এনেয়ে বিদ্যুত নাথাকেই, চাৰ আহোতেহে এনে চৰ্ট-চাৰ্কিট কৰিবলৈ বিজুলী বাই আহি কেনেকৈ ওলাল? বেমাৰী মন্ত্ৰীয়ে সেই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এইয়া চাৰৰ আগত ইমেজ বনাবৰ বাবে পইদূতৰ অৰ্ডাৰত পৰিষদৰ পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰহে! বিজুলী নিয়মিয়াকৈ থকা হ’লেটো মমবাতিৰ পোহৰত অপাৰেচন কৰাত আমাৰ ডাক্টাৰ সকল ইমান এক্সপাৰ্ট নহ’লহেতেনেই বুলিও মত প্ৰকাশ কৰে৷

৭. দিল্লীত গৈ গুণগুনাই থকাতকৈ নিজেই মুখ্যমন্ত্রী নহয় কিয়? গুঞ্জন দত্তৰ প্ৰতিভাক লৈ হঠাত পঞ্চমুখ হৈ পৰিল বিশ্ব শৰ্মা৷কৰবাত কৰবাত বাৰ্নিং চেনচেচন বিয়পি পৰাৰ গোপন খবৰ!

শেহতীয়া আন আন লোকেল গুজৱঃ বাবে তলৰ শিৰোনামতে ক্লিক কৰক
 চেতিয়া ট্ৰফীৰ টনা-টনিৰ খেলৰ ফাইনেল মেচৰ 

No comments:

Post a Comment