পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
নিম্নতম মূল্যত কৃষি মুক্তিৰ শাক-পাচলি যোগান, মহানগৰীত
১. ডুমডুমা চাহ বাগিচাৰ পৰা উদ্ধাৰ হোৱা নাহৰফুটুকী বাঘ এটাক কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হৈছে নাগালেণ্ডৰ জু’লজিকেল পাৰ্কলৈঃ তাত ৰাণী নামৰ অকলশৰীয়া নাহৰফুটুকী জনীৰ সতে গৃহস্থী কৰিব পাঁচ বছৰীয়া ধুমে৷

২. ছিপাঝাৰৰ বৰচলা মেধি চাপৰিত এক ব্যতিক্ৰমী প্ৰীতি ফুটবল খেলঃ পিতা-বনাম-পুত্ৰ সকলৰ দলৰ তয়াময়া ৰণ, পিতৃ সকলৰ যাদুকৰী খেলত ধৰাশায়ী হ’ল পুত্ৰ সকলৰ দল৷

৩. যোৰহাটৰ নৱ-নিযুক্ত উপায়ুক্তই মাজুলী পৰিদৰ্শনেৰে বিভিন্ন সমস্যাৰ বিষয়ে বুজ লৈ বিভিন্ন কল্যানমূলক আঁচনিৰ সঠিক ৰূপায়নত গুৰুত্ব আৰোপ কৰেঃ লগতে ৰতনপুৰ গায়ন পঞ্চায়তৰ ১৫০গৰাকী শাৰীৰিক ভাৱে বাধাগ্ৰস্তলৈ বিতৰণ কৰে চৰকাৰী সাহাৰ্যও ৷

৪. প্ৰথম বড়োলেণ্ড কিক-বস্কিং বাছনি শিবিৰ সম্পন্ন হয় কোকৰাঝাৰতঃ চাৰি জিলাৰ পৰা অংশ গ্ৰহণ কৰিছে ১০০গৰাকী খেলুৱৈৱে ৷

৫. পৰ্যালোচনাৰ নিৰ্দেশ দিলে গোৱাৰ ৰাজ্য চৰকাৰেঃ বিসংগতিৰ আঁতৰ হোৱা বুলি প্ৰতীয়মান নোহোৱা পৰ্যন্ত সাময়িক ভাৱে বন্ধ কৰিলে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনি ৷

৬. দেশৰ বিমান খণ্ডলৈ শীঘ্ৰেই ৭৭৬১কোটি টকাৰ বিদেশী বিনিয়োগঃ অহা বৰ্ষত বিমান যাত্ৰীৰ সংখ্যাও ১০-১২% বৃদ্ধি হব বুলি উৰণ সম্পৰ্কীয় ব্যৱস্থাপনা পৰামৰ্শদাতা সংস্থা কাপাই প্ৰকাশ কৰিছে ৷

৭. মৰাণ মহাবিদ্যালয়ে ২০১৪ চনত ভৰি দিব পঞ্চাশ বছৰতঃ সোণালী জয়ন্তী বৰ্ষত উদযাপনৰ ব্যাপক প্ৰস্তুতিৰ বাবে গঠন হ’ল উদযাপন সমিতি ৷

৮.  অসম চৰকাৰে বিচাৰিলে অসমৰ বান আৰু গৰা-খহনীয়া সমস্যাৰ সমাধান সম্ভৱ বুলি মত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা ডঃ চি ৰংগৰাজনে৷

৯. নিৰাশ্ৰয়া বৃদ্ধ-বৃদ্ধাক সহায়ৰ লক্ষ্যৰে আগবাঢ়িছে উত্তৰ পূৱ উদ্যোগী নাৰী সন্থাঃ যাযাবৰী জীৱন কটোৱা বৃদ্ধা মোহিনী সেনাপতিক আশ্ৰয় প্ৰদান কৰি লাভ কৰিলে সচেতন ৰাইজৰ প্ৰশংসা ৷

১০. কালুগাঁৱত ছাত্ৰ সন্থাৰ নেতাৰ প্ৰশসংনীয় উদ্যমঃ সন্থাৰ কাম-কাজৰ মাজতো ভোট জলকীয়া খেতিৰে স্বাৱলম্বনৰ পথ দেখুৱালে বিৰাজ ভূঞা আৰু বিপ্লৱ দত্তই ৷

১১. গোৰ্খা উন্নয়ন পৰিষদে ল’লে উদ্যোগঃ দুখীয়া যুৱক যুৱতীলৈ বিনামূলীয়া গাড়ী চালকৰ প্ৰশিক্ষণেৰে আৰ্জন পথ দেখুওৱাৰ বাবে গ্ৰহণ কৰিলে প্ৰচেষ্টা ৷

১২. পিলিক চৌধুৰী সোঁৱৰণি অনুৰ্ধ ১৪ আন্তঃজিলা স্কুল ফুটবলৰ বিজয়ী হ’ল মহানগৰীৰ বেতকুছি হাইস্কুলঃ পৰাজিত কৰিলে তিনচুকীয়াৰ বৰগাঁও হাইস্কুলক৷

১৩. বিশ্বকাপ আৰ্চাৰীত ভাৰতীয় দলৰ মহিলাৰ স্বৰ্ণঃ দলগত ৰিকাৰ্ভৰ স্বৰ্ণ জয় কৰাত নিৰ্ণায়ক হয় দীপিকা কুমাৰীৰ অতুলনীয় প্ৰদৰ্শন৷

১৪. অসম ক্ৰিকেট একাডেমীৰ অন্তৰ্গত ক্ৰিকেট একাডেমী হব প্ৰতিখন জিলাতে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ সম্পৰ্কীয় দ্বায়িত্ব ল’লে গৌতম ৰয়েঃ বিকাশ বৰুৱালৈ এচিএৰ গৱৰ্নিং বডিৰ আস্থা প্ৰকাশ কৰিলে শিৱসাগৰত হোৱা বৈঠকত৷

১৫. শিৱসাগৰ ক্ৰীড়া সন্থালৈ দুই লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ালে অসম ক্ৰিকেট সন্থাই ৷

১৬. গোলাঘাটত ২৫-২৮ জুলাইত অনুষ্ঠিত হব সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছঃভাগ লব ১৪জিলাৰ ৩০০ প্ৰতিযোগীয়ে৷

১৭. গোৱালপাৰাৰ শিশু গৃহৰ নিৰ্যাতনৰ ঘটনাঃ ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে আৰম্ভ কৰিলে তদন্ত ৷

চিন্তনীয় খবৰঃ

১. পাৰ্টিৰ সুৰতহে কব পাৰিব কথাঃ দলৰ উৰ্ধত মন্তব্য নিদিবলৈ মুখপাত্ৰ সকলক সঁকিয়াই দিলে ৰাহুল গান্ধীয়ে৷

২. সদৌ অসম আত্ম-সমৰ্পনকাৰী আলফা সমিতিয়ে বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ দিলে ৰাজ্যপালকঃ পৰেশ পন্থীৰ সতে আলোচনাইহে প্ৰকৃততে শান্তি আনিব বুলি কৰিলে মন্তব্য ৷

৩. ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনাঃ আটাছুৰ কৰ্মীয়ে গুৰুলা-গুৰুলকৈ পিটিলে ঘোচখোৰ কৰ্মচাৰীক৷

৪. নিৰ্মাণত উঠিছে ত্ৰুটিৰ অভিযোগঃ তথাপি পৱন সিং ঘাটোৱাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ সেই অতিৰিক্ত গৃহটোৰ ৷

৫. আলোচনাত নবহে এন ডি এফ বিৰ প্ৰগতিশীল গোটঃ ৰঞ্জন দৈমাৰী গোটৰ সৈতে আলোচানৰ চৰ্তৰ কথাও নাজানে বুলি প্ৰকাশ কৰিলে গোবিন্দ পন্থীয়ে ৷

৬. অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতিৰ অভিযোগ উঠিল বিধায়ক চন্দন চৰকাৰৰ বিপক্ষেঃ ন্যায়লৰ দ্বাৰস্থ হ’ল অনুসূচিত জাতি কল্যাণ সমিতি ৷

৭. নৱেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ বিতৰ্কিত মন্তব্যঃ নৰেন্দ্ৰ মোদীক তেখেতে নিবিচাৰে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে ৷

No comments:

Post a Comment