পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ডঃ দীপাংকৰ চহৰীয়াৰ নেতৃত্বত “টেৰী”নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ বিভিন্ন স্থানত গঢ় লৈ উঠিছে বৃহৎ কল, কমলা আৰু নেমুটেঙাৰ বাগিচা, কৰ্ম সংস্থাপন পাইছে কেইবা শতাধিক স্থানীয় যুৱকে৷ দুশ খেতিয়কলৈ বিতৰণ কৰিলে উন্নত জাতৰ জাহাজী, অমৃত সাগৰ কলৰ পুলি, কমলা আৰু নেমুটেঙাৰ পুলিঃ গৃহিনী সকলকো স্বাৱলম্বনৰ পথেদি আগুৱাবলৈ চহৰীয়াই জনালে আহ্বান৷
২. অসমৰ গুপ্ত-হ্ত্যাৰ ৰক্তাক্ত সময়ক উপন্যাসৰ মাজেৰে বিশ্লেষণৰ প্ৰয়াস চলালে এগৰাকী প্ৰৱাসী অসমীয়াইঃ দেশৰ সম্ভ্ৰান্ত প্ৰকাশন পেংগুইনে প্ৰকাশ কৰিলে আৰুণি কাশ্যপৰ "The House with a Thousand Stories"৷কালি দিল্লীত অনুষ্ঠিত হ’ল কিতাপখনৰ এক উন্মোচনী অনুষ্ঠান৷ কিতাপখন অনলাইন যোগেও ফ্লিপ-কাৰ্টত হৈছে উপলব্ধ৷

৩. যোৰহাটত স্থাপিত হব কৰ্কট ৰোগৰ চিকিৎসালয়ঃ যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন কৰাৰ সময়ত কৰিলে ঘোষণা ৷

যোৰহাট মেডিকেল কলেজলৈ প্ৰয়োজন হ’লে চৰকাৰে আগবঢ়াব বিশেষ পুঁজিঃ তাৰ বাবে প্ৰাক্-কলন প্ৰস্তুত কৰিবলৈকো নিৰ্দেশ দিলে স্বাস্থ্য সঞ্চালকালয়ক৷

৪. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সেৱা আৰম্ভ হ’ল নতুনকৈ সংযোজিত বাৰ্ণ ইউনিট আৰু চি এছ এছ ডিৰঃ উদ্বোধন কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে ৷

৫. ফ্ৰান্সৰ পৰা অহা কৃষক অলিভিঅ’ই কাজিৰঙাৰ কৃষকক দিলে জৈৱিক খেতিৰে ফ্ৰান্সৰ দৰেই ৰাসায়নিক খাদ্য সামগ্ৰীক বিদায় দিয়াৰ আহ্বানঃ ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ অনুষ্ঠানত ভাগ লৈ কৃষি কৰ্মত হাত দি চোৱাৰ আনন্দ লয় মুখ্যমন্ত্ৰী পুত্ৰ গৌৰৱ গগৈয়েও ৷

৬. সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগক ইউনিচেফেও আগবঢ়ালে সহযোগিতাঃ শিৱসাগৰৰ কালুগাঁৱত অনুষ্ঠিত “শিশু শ্ৰমিক নিবাৰণ” আৰু “শিক্ষাৰ অধিকাৰ” সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্য সাত দিনীয়া শিশু নাট কৰ্মশালা হ’ল আয়োজিত৷

৭. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশ থকা কাৰ্বি পাহাৰৰ নামনিত এজন লোকে খাবলৈ বুলি ঘৰলৈ নি থকাৰ পৰা এটি ধনেশ পক্ষী উদ্ধাৰ কৰি বন বিভাগক গতাই দি আদৰ্শ দেখুৱালে এগৰাকী স্থানীয় কাৰ্বি শিক্ষকে৷

৮. গোৱালপাৰাৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰত বিশিষ্ট নাট্যকাৰ শুক্ৰাচাৰ্য ৰাভাৰ তত্বাৱধানত এমাহজুৰি অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ সফল সমাপনঃ সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট লেখিকা তথা সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে৷

৯. বঙাইগাঁও শোধনাগাৰে ২০১৩ বৰ্ষৰ “গল্ডেন পিকক পৰিবেশ উদ্ভাৱন বঁটাঠ লাভ কৰাৰ সুখবৰঃ বিশ্ব পৰিবেশ পৰিচালনাৰ ১৫তম বিশ্ব সন্মিলনত এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী বীৰাপ্পা মৈলীয়ে৷

১০. বিসম্বাদী ৰোধাৰ বাবে উপস্থিত হ’লগৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহঃ চাবুৱা প্ৰেছ ক্লাৱ-প্ৰেছ গীল্ডলৈ আগবঢ়ালে ৯লাখ টকাৰ অনুদান৷

১১. ডিব্ৰুগড়ত পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈক সশ্ৰদ্ধ সোঁৱৰণ ডিব্ৰুগড় সাহিত্য সভা আৰু নাগৰিক মঞ্চৰঃ পালন কৰিলে ১১৫তম জন্ম দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠানৰ৷

১৩. মৰাণ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভঃ ডঃ নগেন শইকীয়াই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ক’লে- “শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে প্ৰত্যেকে চাৰিত্ৰক দিশ কৰি ল’ব লাগিব সুস্থ”৷

১৪. অসমৰ ৰাজপত্ৰত নগৰ আৰু গাঁও পৰিকল্পনা বিভাগে বঙাইগাঁৱৰ ইতিহাস ভুল তথ্য দাখিল কৰাকলৈ হৈছিল প্ৰতিক্ৰিয়াঃ বঙাইগাঁও নামৰ উৎপত্তিক লৈ অনুষ্ঠিত হোৱা আলোচনা-চক্ৰত সমল ব্যক্তিয়ে আগবঢ়াল বিজ্ঞান-ভিত্তিক বাখ্যা৷ আয়োজন কৰিছিল বঙাইগাঁও সাংস্কৃতিক মঞ্চই৷

১৫. কোকৰাঝাৰত উদ্বোধন হ’ল জিলা পৰ্যায়ৰ জল পৰীক্ষণ বিজ্ঞানাগাৰঃ চহৰবাসীয়ে বিশুদ্ধ খোৱাপানী পোৱাটো নিশ্চিত হব বুলি প্ৰকাশ কৰিলে জনস্বাস্থ্য বিভাগে ৷

১৬. ডনবস্ক’ এলুমনিৰ উদ্যোগত আৰু অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত গৱহাটী ডনবস্ক স্কুলত আৰম্ভ হৈছে সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা৷

১৭. অহা ৯-১১ আগষ্টত শিল্পগ্ৰামত অনুষ্ঠিত হব ব্ৰহ্মহত্ত শৰ্মা বৰদলৈ গুৱাহাটী কনিষ্ঠি বাছনি দবা প্ৰতিযোগিতা ৷

১৮. বিজনীত অনুষ্ঠিত জিলা ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ফুটবলত নিজৰ নিজৰ লীগত শ্ৰেষ্ঠ হ’ল বিজনীৰ ফেৰেংগা ক্লাৱ আৰু সন্যাসগুৰিৰ মাউৰীয়া ক্লাৱ ৷

১৯. সদৌ অসম ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত পশ্চিমবংগৰ দুৰ্গাপুৰত অসমৰ খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শণ তথা সাফল্য লাভৰ সুখবৰ৷

২০. তৃতীয় ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় ডবা প্ৰতিযোগিতাৰ সফল সামৰণি গুৱাহাটীতঃ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অম্লান মহন্তই, শ্ৰেষ্ঠ দলৰ সন্মান অসম জাতীয় বিদ্যালয়, নুনমাটিলৈ ৷

২২. ধ্বংসৰ বিপৰীতে জীৱনৰ সন্ধান নলবাৰীৰৰ যুৱক অনুপ দত্ত । চিগাৰেটৰ পেকেটত ৩,৬৫০টা স্কেচ্চ আঁকিলে । ১৭ মাৰ্চ ২০১২চনৰ পৰা ১৭ মাৰ্চ ২০১৩ চনত তেওঁ সম্পূৰ্ণ কৰি পেলাই স্কেচ্চ আঁকি চিগাৰেটৰ পেকেটৰ বকলাত । তেওঁ প্ৰতিদিনে ১০ টাকৈ স্কেচ্চ আঁকিছিল ।তেওঁৰ প্ৰতিটো চিত্ৰত সমাজত বহুলভাৱে ঘটিব ধৰা বিভিন্ন ঘটনাৱলীৰ সঠিক চিত্ৰায়ন কৰাৰ চেষ্টা কৰিছে । তেওঁৰ উদ্দেশ্য আছিল সংগোপনে মানুহক মৃত্যুৰ গহ্বৰলৈ ঠেলি দিয়া চিগাৰেটমুক্ত এখন পৃথিৱী ।তেওঁ এতিয়া 'গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ'ৰ স্বীকৃতিৰ বাবে দাবীদাৰ হিচাপে থিয় দিছে ।আশা কৰো তেওঁ স্বীকৃতি পায় আৰু বিশ্বৰ ভিতৰত অসম আৰু অসমীয়াৰ নাম উজলাই তোলক, তাকেই সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে৷

চিন্তনীয় বাতৰিঃ

১. ওদালগুৰি জিলাত সৰ্বত্ৰে ধন-দাবী আৰু বন্ধৰ অঘোষিত প্ৰতিযোগিতাঃ অতীষ্ঠ জনসাধাৰণে কৰিছে চাউল-দাইল বিচাৰি হাঁহাকাৰ৷

২. স্মৃতিৰক্ষাৰ নামত হিতেশ্বৰ শইকীয়াক অপমানঃ নিমনাগড় বাউলী গ্ৰাম্য চিকিৎসালয় এতিয়া হেনো গৰু-গাহৰিৰ বাসস্থান৷

৩. স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত কূটাঘাটৰ আশংকাঃ সেই সময়তে শোণিতপুৰৰ অধিকাংশ থানাৰে টেলিফোন সেৱা কল হৈ থকাৰ খবৰে পালে সংবাদ শিৰোনামা৷

৪. গুৱাহাটীৰ পল্টন বজাৰত থানাৰ সমুখতে গ্ৰেনেড বিস্ফোৰণ, আহত হ’ল ১৫জনঃ বাস্কেটবল খেলিবলৈ আহি আহত হ’ল বংগৰ তিনি গৰাকী খেলুৱৈ ছাত্ৰী৷

৫. ৰহস্যৰ আৱৰ্তলৈ সোমাই পৰিছে মহানগৰীত বিধায়িকা গুল আখতাৰৰ দেহৰক্ষী চালকৰ অপহৰণ কাণ্ডঃ অপহৰণকাৰীয়ে জনতা ভৱনত বোমা স্থাপনৰ হেঁচা প্ৰয়োগ কৰিছিল বুলি সূ্ত্ৰ প্ৰকাশ পালে সংবাদ মাধ্যমত৷

৬. বেচৰকাৰী সংস্থাৰ তন্তত ওলাল বিস্ফোৰক তথ্যঃ বছৰি সাংসদ পুঁজিৰ নামত ২৭২৫কোটি টকাৰ দুৰ্নীতি, অস্তিত্বহীন আঁচনিৰ নামত লুণ্ঠন চলিছে ৪০% ধনৰ৷

No comments:

Post a Comment