মিচা কথা ক’লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা কথা ক’লে কি ডাল হব?

মিচা কথা ক’লে কি ডাল হব?

Share This
মনজিতৰ কলমতঃ
আর্কিমিদিছৰ ইউৰেকা ইউৰেকা , হাঁহিৰামৰ আমেৰিকা আমেৰিকা
আপুনিয়ে উত্তৰ দিয়ক...................

: চাৰ বিগত এটা দশকত ৰাজ্য খনততো এশ এবুৰি সমস্যাই জুমুৰি দি ধৰিছেহে? এই বিষয়ে আপুনি কি ক’ব ? সমস্যা সমাধানৰ ক্ষেত্রত আপোনাৰ চৰকাৰ সম্পুর্ণ ৰুপে ব্যর্থ হোৱা নাইনে বাৰু ??


: হেৰা কি , কি কথা ক’বলে আহিছা হে হা ? কি কথা ক’বলে আহিছা ? ব ব ব ব কোনে কৈছে হে সমস্যা আছে বুলি , হে কোনে কৈছে । এই বোৰ সব বিৰোধীৰ ষড়যন্ত্র বুইছা চব বিৰোধীৰ ষড়যন্ত্র ।

: পিছে চাৰ বিৰোধী বুলিবলে কোনো নায়েই দেখোন ? আপুনি পৰোক্ষভাৱে বিসম্বাদৰ কথা কৈছে নেকি ?

: হেৰা মই মুখ্যমন্ত্রী আছিলো এতিয়াও হয় আৰু আগলৈও থাকিম । কোনো বিসম্বাদে মোৰ খেৰডালো লৰাব নোৱাৰে ?

: আপুনি মুখ্যামন্ত্রী আছে আছিল আগলৈও থাকিব বুলি জানি ভাল পালো । পিছে সমস্যা বোৰৰ সমাধানকলৈ কেনে ধৰণৰ পদক্ষেপ ল’ম বুলি ভাবিছে ?

: কি বাৰে বাৰে সমস্যা সমস্যা কৰি আছা হে ? ক’ত সমস্যা আছে দেখুৱাই দিয়া আকৌ ?

: চাৰ বানপানী সমস্যা । প্রতিবছৰেই যে হাজাৰ হাজাৰ মানুহে জীয়াতো ভূগে,
যিটো আজিলৈকে সমাধান নহ’ল ?

: কি কোৱা হে সেইটোতো যোৱা বছৰেই সমধান কৰি দিছিলো । যে বানপানী ক’ত নহয় হেৰৌ আমেৰিকাটো বানপানী হয় । তাতে জাপানলৈ গৈ কলগছৰ আইডিয়াটো শিকি আহি বুজাই দিছিলোৱেই দেখোন । আৰু কি বেলেগ কৈ সমধান কৰিমহে ?

: হয় চাৰ পিছে এই হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থী ?
: আৰে এইবোৰ ক’ত নাথাকে হা ? আমেৰিকাটো হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থীয়ে আক্রমন কৰে দেখা নাই । তাকো লাডেনৰ দৰে ভয়ানক উগ্রপন্থীয়ে।

: কিন্তু চাৰ লাডেনকটো মাৰি পেলাইছে তেওলোকে ।
: আচৰিত দেই তুমি । দেখা নাই ময়ো আলফা এনডি এফ বিক বন্দুক আতৰাই শান্তি আলোচনাৰ বাবে আমাৰ ইয়াত ৰাজকীয় আতিথ্য দি ৰাখিছো । মই কৰা বোৰ নেদেখাই একেবাৰে হুহ ।

: বাৰু চাৰ সেই খিনিলৈকে মানি ল’লো । কিন্তু চাৰ এই যে বজাৰত জুই লগোৱা চিণ্ডিকেট ? এই বিষয়ে কি ক’ব ।
: হেৰৌ মিছা ক’লে কি ডাল হ’ব চিণ্ডিকেট ক’ত নাই । মইটো জানো যে আমেৰিকাটো চিণ্ডিকেট আছে ।

: আৰু চাৰ যোৱা কালি যে আপোনাৰ ঘৰৰ থিক কাষৰ ঘৰটোতে চুৰি হ’ল তাৰ বিষয়ে কি ক’ব ।
: হেৰা চোৱা এই সৰু সৰু কথা বোৰৰ বাবে মোৰ একেবাৰে টাইম নাই । চুৰি ক’ত নহয় আমেৰিকাটো চুৰি হয় । তাতে ইমান চিন্তা কৰিবলগীয়া কিটো আছে হে ।

: চাৰ আপুনি প্রতিটো কথাতে আমেৰিকাৰ সতে তুলনা কৰে কিয় ?
: মিছা ক’লে কি ডাল হ’ব । অসম আজি পিছ পৰা বা উন্নয়নশীল ৰাজ্য হৈ থকা নাই । অসম আজি উন্নতিৰ পথত দোপত-দোপে আগবাঢ়িছে । চোৱা আজি তুমি সোধা প্রতিটো সমস্যাই আমেৰিকাৰ সতে মিলে । বানপানী চিণ্ডিকেত বোমা বাৰুদ উগ্রপন্থী চুৰি ডকাইতি দুর্নীতি এই সকলো বোৰ আমেৰিকাটো আছে আৰু অসমটো আছে । তাৰমানে কি বুজিলা ? তাৰমানে হ’ল আমি আমেৰিকাৰ সতে ফেৰ মাৰি আছো সমানে সমানে । আমেৰিকাৰ সতে ফেৰ মাৰিব পৰাটো কম কথা নেকি ? কেইখন ৰাজ্যই পাৰিছে তেনে কৰিব ? সেইটোও দেট ইজ অলচ’ ইম্পটেন্ট মেটাৰ বুজিলা । কৈ থ’লো কিন্তু ।

: কিন্তু চাৰ আপুনি আমেৰিকাক ইমান ভাল পাই । আমেৰিকাকে আদর্শ হিচাপে লয় তেনেস্থলত আপুনি গৌৰৱৰ বাবে আমেৰিকাৰ সলনি ব্রিটেইনৰ কইনা কিয় পচন্দ কৰিলে ?

: কি ক’বা সেইবোৰ ভিতৰুৱা কথা । আচলতে মই আমেৰিকাতে ছোৱালী এজনী চাই খাটাং কৰিছিলোৱেই । আমাৰ এৱোও ভাল পাইছিল । পিছে আজি কালিৰ ল’ৰা ছোৱালী জানাই সিহতৰ পচন্দৰ লগত আমাৰ পচন্দ নিমিলে । তাতে বাহিৰত পঢ়ি অহা ল’ৰা । তথাপিও আমেৰিকাৰ কথা ভাবি মই জোৰ দিছিলো । নাই নামনিল ওলোটাই পৰৱর্তী মুখ্যমন্ত্রী নহও বুলি নেখাই নবই ৰোহ ঘৰতহে সোমাল । বাহিৰৰ বিসম্বাদেই পাইছে গৈ ঘৰতে বিসম্বাদ সহিব নোৱাৰি আৰু । তাতে আজি কালি চিনেমা হলত গৈও চুই-চাইড এটেম্প কৰে । সেয়ে সাতে সোতৰই মিলাই এইবাৰ ৰাজ্যৰ সমস্যাৰ সমাধান বিছাৰি লণ্ডন যাওতে বিয়ৈৰ ঘৰত থিয়ৈ থিয়ৈ সোমাই তামোল পান এযোৰ পেলাই আহিলো আৰু । মিছা ক’লে কি ডাল হ’ব আমেৰিকা খন অসমত কৈ লণ্ডনৰ পৰা বেছি ওচৰৰ পৰা ভালকৈ দেখা পাই । সেয়ে বিয়ৈ ঘৰলে গ’লেই আৰু কিবা কিবা নতুন কথা বিয়ৈৰ বেলকনিৰ পৰা চাই চাই শিকি আহিব পাৰিম ।

: বৰ ভাল কৰিলে চাৰ । পিছে চাৰ যি হ’ল হ’ল বিয়াখনকে আমেৰিকাত পাতি দিয়ক আৰু ।

: একদম মুখৰ কথা কৈছা হে । বিয়া আমেৰিকাতেই হ’ব । পিছে এতিয়া যাও । বহুত কাম কৰিব আছে । বহু উন্নতি সাধিব আছে । সেয়ে গুগুলত আমেৰিকাৰ বিষয়ে আৰু অলপ পঢ়োগৈ বুইছা । তোমালোকেও আমেৰিকাৰ কথা ভালকৈ জানি বুজি ল’বা দেই বৰ কামত আহে সময়ত ।

::মৰেল = মাৰিল অফ দি কাহিনী :: 
অসমত যিয়েই সমস্যা নহওক কিয় তাক প্রথমে আমেৰিকাৰ সতে মিলাব লাগিব । যদি মিলি যায় তেনেহ’লে সমস্যা সমধান বুলি নিচিন্ত মনে শুই পৰক । আৰু মজাৰ কথাটো হ’ল প্রতিতো সমস্যাই মিলি আহিছে আৰু আগলৈও মিলি যাব ।

কন-ফিউজন :: আমেৰিকা কোনো আবিষ্কাৰ কৰিছিল আচলতে কলম্বাছে নে হাঁহিৰামে ??


No comments:

Post a Comment