শ্ৰদ্ধাৰ্ঘ লেখাঃ
মৃত্যুঞ্জয়ী হীৰুদা:
#ডঃ অঞ্জল বৰা
#ডঃ অঞ্জল বৰা
'মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!'!
কোনোবাই কৈছিল- অসমত এজনেই কবি আছে যাৰ কবিতা মানুহে মুখস্থ নকৰে, মানুহৰ ওঁঠত সেই কবিতা স্বতঃস্ফূতভাৱে গুণগুণাই উঠে৷ সেইবাবেই তেওঁ সকলো বয়সৰ মানুহৰ বাবে মৰমৰ, স্নেহৰ 'হীৰুদা'৷ প্ৰেম আৰু ভালপোৱা আছিল তেওঁৰ কবিতাৰ অন্যতম বিশেষত্ব৷ সকলো শ্ৰেণীৰ পাঠকৰ অন্তৰতে সেই প্ৰেমে নিজৰ দেশ, মাটি আৰু আপোনজনক ভাল পাবলৈ অনুপ্ৰাণিত কৰিছিল৷ "এহেজাৰ এটা ৰণুৱা ঘোঁৰা"ৰ শক্তিৰে দেশপ্ৰেমৰ জলন্ত স্ফুলিংগৰ সৃষ্টি কৰা কবিজনেই কিন্তু সুকুমলভাৱে আপোনজনৰ প্ৰেমত "আৱৰণ খুলি হৃদয় জুৰাইছিল৷"
তেওঁ আছিল শব্দৰ যাদুকৰ৷ শব্দক লৈয়ে তেওঁ খেলিছিল, শব্দক লৈয়ে তেওঁ গঢ়িছিল আৰু শব্দৰ মাজতেই তেওঁ নিজকে বিলিন কৰি দিছিল৷ সেই শব্দৰ যাদুকৰি শক্তিয়েই আছিল তেওঁৰ কবিতাৰ প্ৰাণ আৰু মানুহৰ হৃদয়ক আলোড়িত কৰিব পৰা শক্তি৷ “চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন” আছিল তেওঁৰ অভিজ্ঞতাৰ তেজ লগা শব্দবোৰ৷ সকলো কবিতাতেই তেওঁ শব্দৰেই বন্দনা কৰিছিল৷
সেয়ে তেওঁ কৈছিল-
"শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,
নিৰ্ভুল হোৱাৰ ইচ্ছা, সেযে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ
বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ|
শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত"৷
"হীৰুদা" নামৰ মানুহজন আজি আমাৰ মাজত নাই৷ কিন্তু তেওঁ কবিতা আৰু গানেৰে যি ভাস্কৰ্য গঢ়িছিল, সেই ভাস্কৰ্য আছে৷ তেওঁৰ গানৰ মাজত, কবিতাৰ মাজত আৰু তেওঁৰ চিন্তা আৰু আদৰ্শৰ মাজত আমি তেওঁক জীয়াই ৰাখিব লাগিব৷ ইয়াৰ লগে লগে তেওঁৰ কবিতা আৰু গীতসমূহৰো সঠিক মূল্যায়ন হ'ব লাগিব৷
কাৰণ তেওঁ নিজেই কৈ গৈছে-
"মোৰ দেশৰ বাবে মই জীয়াই আছোঁ ৷ এই দেশৰ বাবে মই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৷ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ৷"
"হীৰুদা" মৃত্যুঞ্জয়ী৷ তেওঁ আমাৰ সকলোৰে হৃদয়ত এটা মিঠা কবিতা হৈ সদায় জ্বিলিকি থাকিব৷
---------------------------------------------------------------------------
আজিৰ সংখ্যা অসমীয়াৰ সুখ দুখ, হীৰুদাৰ শ্ৰদ্ধাঞ্জলি বিশেষ সংখ্যা ৰূপে সজাই তোলা হব
No comments:
Post a Comment