পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
ভোট জলকীয়া ভক্ষণেৰে
 নতুন ৰেকৰ্ড এগৰাকী অসমীয়াৰ
সুখৰ খবৰঃ
১. অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে কৰে বছৰি ১৫৭৫কোটি টকাৰ লেনদেনঃ ১লাখ ১৩হাজাৰ এনে খেতিয়কে সলাই পেলাইছে অসমৰ গ্ৰাম্য অৰ্থনৈতিক পৰিকাঠামো ৷


২. অসমৰ স্বাস্থ্য খণ্ডত দুৰ্গম অঞ্চলৰ ৰোগীৰ বাবে আজি সংযোজিত হব ১০০খন নতুন এম্বুলেণ্সঃ প্ৰসূতি আৰু ৰোগীৰ পৰিবহনৰ বাবে ১০০খন ডলি(পাল্কী)ৰো কৰা হব সংযোজন ৷

৩. খাদ্য সুৰক্ষা আইনৰ সফল ৰূপায়নে অসমৰ প্ৰায় ২.২৫কোটি ৰাইজক কৰিব উপকৃতঃ মুখ্যমন্ত্ৰীয়ে কৰিলে তথ্য প্ৰকাশ৷

৪. ৰাজ্যৰ প্ৰথমটো "কৃষক সহায়ক কেন্দ্ৰ" মুকলি হ’ল মঙলদৈতঃ ১৬০০৩৪৫৩৭১৯ টেলিফোন নম্বৰত কৃষি বিজ্ঞানীৰ সৈতে পোনে-পোনে সমস্যাৰ আলোচনা কৰিব পাৰিব কৃষকে, পুৱা ১০ বজাৰ পৰা বিয়লি ৫বজা পৰ্যন্ত৷

৫. চাৰিটা দশকৰ নিৰীক্ষণৰ পাছত ৰাজ্যৰ এশিঙীয় গঁড় সংৰক্ষণ ব্যৱস্থাক কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ স্থায়ী সমিতিয়ে দিলে স্বীকৃতি ৷

৬. ভাৰতত দৰিদ্ৰতা হ্ৰাস হোৱা বুলি প্ৰকাশ পালে পৰিসংখ্যাঃ ২০০৪চনৰ ৩৭.২%ৰ বিপৰীতে ২০১-১২বৰ্ষত ভাৰতত দৰিদ্ৰতাৰ হাৰ কমিল ২১.৮ শতাংশলৈ ৷

৭. ওদালগুৰিৰ ভেৰগাঁৱৰ ভৈৰৱকুণ্ড-বগামাটি-বৰমুকলিত ভাৰতীয় সেনাৰ ৰেড-হৰ্ণ ভিডিজনৰ সহযোগত গ্ৰীষ্মকালীন দুঃসাহসিক শিবিৰ সম্পন্নঃ স্থানীয় পৰ্যটনস্থলী কেইখনত এনে ক্ৰীড়াৰ প্ৰৱৰ্তনৰ উচ্চ লক্ষ্যৰে এই শিবিৰ আয়োজন কৰিলে ভিজন এণ্ড ইনভিজন ছচা’ইটিয়ে, ৩৬গৰাকী শিক্ষাৰ্থীয়ে কৰিলে অংশ গ্ৰহণ ৷

৮. ওদালগুৰি প্ৰশাসনে জাৰি কৰিলে সতৰ্কতা মূলক জাননীঃ গাহৰিৰ প্ৰজনন ও শ্বাসজনিত ৰোগ সন্দৰ্ভত সাৱধনতাৰ বাবে বৰ্হিঃৰাজ্যৰ সৈতে গাহৰি সৰবৰাহত আৰোপ কৰিলে বাধা ৷

৯. উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ ক্ৰীড়া সংগঠনৰ সহযোগত পাণ্ডুস্থিত ৰেল’ৱে ষ্টেডিয়ামত গঠিত হব এখন ফুটবল একাডেমীঃ ৮০জন প্ৰশিক্ষাৰ্থীয়ে লব পাৰিব প্ৰশিক্ষণ৷

১০. দুই মিনিটত ৬০টা ভোট জলকীয়া ভক্ষণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তভুৰ্ক্ত কৰিলে তিতাবৰৰ অনিন্দিতা দত্তই ৷

১১. অসম অসামৰিক সেৱাৰ বিষয়া হেমন্ত শালৈ ছেবাৰ নতুন সচিব ৰূপে নিযুক্তঃ ছেৱাৰ সংস্কাৰৰ ক্ষেত্ৰত তেখেতৰ পদক্ষেপ হব লক্ষণীয়৷

১২. বিশ্ব চেম্পিয়নশ্বিপত চিংগলছত তৃতীয় বাছনিত স্থান পাইছে ছাইনা নেহলৱালেঃ অহা ৫-১১ আগষ্টলৈ চীনত অনুষ্ঠিত হব প্ৰতিযোগিতাখন৷

১৩. প্ৰতিমা পাণ্ডে বৰুৱাৰ সোঁৱৰণত গোৱালপৰীয়া গীতৰ কৰ্মশালীৰ সফল সামৰণিঃ নলবাৰীৰ নাট্য মন্দিৰত ৷

১৪. কৃষকৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে কাৰ্বি-আংলংৰ শিলধৰমপুৰত কৃষি বিভাগৰ কৃষকমেলাঃ পথাৰ পৰিচালনা সমিতি সমূহক বিতৰণ কৰে কৃষি সঁজুলিও৷

১৫. ধেমাজি জিলাৰ কলা-সংস্কৃতিৰ অনুষ্ঠান আঁক-বাকৰ সৌজন্যত জিলাখনৰ চাৰি ঠাইত অনুষ্ঠিত হ’ল চিত্ৰাংকন কৰ্মশালাঃ ১২০জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কৰিলে অংশ গ্ৰহণ, অনুষ্ঠিত হ’ল জিলা ভিত্তিক প্ৰতিযোগিতাও ৷

চিন্তনীয় বাতৰিঃ
১. সফল হোৱা নাই উদ্দেশ্যঃ যি কোনো মুহূৰ্ততে বাতিল হব পাৰে উত্তৰ-পূৱ বিশেষ ঔদ্যোগিক নীতি, পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰণালয়ৰ বিশেষ গোট ৷

২. লখিমপুৰত উপৰ্যুপৰি গ্ৰেনেড বিস্ফোৰণঃ পাঁচজন আহত হোৱাৰ চিন্তাজনক খবৰ৷

৩. চাইবাৰ ৰাজনীতিঃ এইবাৰ কংগ্ৰেছৰ সকলো নেতাকে ফেচবুক-টুইটাৰত একাউণ্ট খুলিবলৈ জনালে আহ্বান৷

৪. বিশ্বনাথ চাৰিআলিত আমছুৰ ইফটাৰ পাৰ্টিৰ নামত ৰাজনীতি আৰম্ভ ৷

৫. বুদ্ধগয়াৰ বিস্ফোৰণত অসমৰ দোকানৰ ঘড়ী ব্যৱহাৰ কৰাৰ উৰা-বাতৰিঃ আৰক্ষী সঞ্চালক প্ৰধানে ক’লে, নিয়াই যোগাযোগ কৰা নাই ৷

৬. গুৱাহাটীত অবৈধ মৰণাস্ত্ৰৰ বেহাই পালে সংবাদ শিৰোনামা ৷

৭. নিশা সুৰাপান কৰি ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ নিখোজ হ’ল আই আই টি গুৱাহাটীৰ ছাত্ৰ ৷

৮. আহোম সেনাৰ অভিনৱ প্ৰতিবাদত উত্তাল শিৱসাগৰঃ প্ৰতীকি দুৰ্ঘটনাত নিহত হ’ল গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওঁগ ৷

৯. কেগৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য প্ৰকাশঃ নলবাৰী জিলা পৰিষদৰ চি ই অ’ই লুটিলে ৬২.৩৫লাখ টকা৷

১০. এতিয়াও মাজুলীত দহ হাজাৰ ভূমিহীন পৰিয়াল মুকলি আকাশৰ তলত ৷


১১. তেজপুৰত গ্ৰাহক শাৰী পাতি ক্ৰয় কৰিলে কণীঃ প্ৰশাসনে কণীৰ মূল্য দুটকা নিৰ্ধাৰণ কৰি বিক্ৰী কৰিলে তিনি টকাকৈ ৷

No comments:

Post a Comment