মিচা ক’লে কি ডাল হব - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব

মিচা ক’লে কি ডাল হব

Share This
মন-জিতৰ কলমতঃ
অসমীয়াত বলিউদী বচন-২

* তোক চাৰিও ফালৰ পৰা ঘেৰি পেলোৱা হৈছে । নিজকে কানুনৰ ওচৰত সমর্পন কৰ । গুলী খাই মৰাতকৈ আত্ম-সমৰ্পন কৰ অঁকৰাটো! দুদিন জেইল খাটি আহিলেইতো ইলেকচন খেলি সাংসদ হব পাৰিবি ।


* সকলো দলতে এটাই মাথো গুন্দা থাকে আৰু এই দলৰ গুন্দা মই । - কালন্ত কৃষ্ণ

*কোন বুর্বক আছে যি বর্দাষ্ট কৰিবলে মদ খাই, মইটো খাও এইকাৰণেই যাতে টোপনিটো ভাল হয়

* যাৰ ঘৰ কাঁচৰ হয় তেও আনৰ ঘৰলে পাথৰ নামাৰি ঘৰৰ ভিতৰৰ পৰাই চাই থাকে ক’ত কি হৈছে ।

* বাবু ম’চাই জীৱন আৰু মৃত্যু ওপৰৱালাৰ হাততেই আছে তাক না আপুনি বদলাব পাৰে না মই ,একমাত্র ৰজনীকান্তৰ বাহিৰে ।

* আৰে পুষ্পা আই হেট টিয়েৰছ ৰে... সেই খিনি মচি পেলোৱা, চিয়েৰচ বুলি কৈ এটা লার্জ পেগ বনোৱা ।

* যেতিয়া এই আঢ়ৈ কিলোৰ হাত খন যেতিয়া যাৰ পাল্লাত পৰিব । তেতিয়া আঢ়ৈ কিলো লৈকে জুখিবলে বেলেগাই দগা নালাগে আৰু ।

* তাৰিখ ৰ পিছত তাৰিখ তাৰিখৰ পিছত তাৰিখ... কোর্ট কেছাৰী নে সেই খন বৰঠাকুৰ এজেন্সীৰ কেলেণ্ডাৰ ঔ ।

* আই কেন তক ইংলিছ আই কেন ৱাক ইংলিছ বিকজ ইংলিছ ইজ এ ভেৰি ফান্নি লেংগুৱেজ তাতে মই ‘হেমন্ত ডেকাৰ ৩০ দিনত ইংৰাজী শিকো আহা’ পঢ়ি শেষ কৰি আহিছো ।

* মই য’তে থিয় হও তাৰ পৰাই লাইনটো আৰম্ভ হয় কাৰণ মই সদায় পুৱা ২.৩০ বজাতেই লাইন ধৰিব আহো ।



* ডনক ধৰাটো মুচকিলেই নহয় অসম্ভবো কাৰণ ডন আছলতে কোন ? অমিতাভ নে শ্বাহৰুক খান ? দুয়ো একে ডাইলগেই মাৰে দেখোন ?


No comments:

Post a Comment