লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This

(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. টকা পইচাই মূল৷ সেয়ে টকা পইচা খৰছ কৰি বাৰে বাৰে বিদেশলৈ যায় ৰসাল গগৈ৷ গগৈয়ে যাত্ৰাৰ সময়তে সকলোকে বুজাই থৈ যায়, অসমতো টকা আছে, আমেৰিকাটো টকা আছে৷ সেয়ে টকা থাকিলেইতো নহব, তাক ভালকৈ সাঁচিব নাজানিলে কথা বিষম৷ গুৱাহাটীৰ বিলত টকা ওলায়, আমেৰিকাতনো কিয় ওলোৱা নাই সেই কথা জানিবলৈ জী-নাতিৰ লগত চৰকাৰী খৰছত অলপ দিন থাকি আহিলেহে কব পৰা যাব৷

বৰ্তমান টকা পইচা সাৱধানে ৰখাৰ কিটিপটো শিকিবলৈ দক্ষিণ আফ্ৰিকালৈ ওলাইছো, গুৱাহাটীতো তাৰ দৰেই দিন-ডকাইত ওলাইছে৷ সেয়ে বোলো আফ্ৰিকাতে কথাটো শিকি অহাটো ভাল৷ সুখ দুখৰ তৰফৰ পৰা এই অধ্যয়নৰ বাবে কৰা যাত্ৰাত ৰসাল গগৈলৈ শুভ যাত্ৰা ৷


২. দৈনিক ২৭.২০টকা উপাৰ্জন কৰিলেই আপুনি দৰিদ্ৰ নহয়৷ পৰিকল্পনা আয়োগৰ কথা মতে আপুনি ২৭টকাৰে আৰামচে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত ঠেঙত ঠেঙ তুলি থাকিব পাৰে৷ গতিকে বিপিএলৰ ঘৰ, দুটকীয়া চাউলৰ সুবিধা লাভৰ পৰা নিজকে বঞ্চিত নকৰিবলৈ নোম-টেঙৰ সন্থাই নিজৰ আৰ্জন ২৭টকাতকৈ কিঞ্চিত কম কৰি ৰাখিবলৈ ৰাইজলৈ পৰামৰ্শ আগবঢ়াইছে৷

৩. আমেৰিকাতো বাঢ়ে মাছ কণীৰ দাম৷মংগল গ্ৰহলৈ যোৱাটোও সম্ভৱ, তাৰ পৰা পানী অনাটোও কেইদিনমানতে হৈ পৰিব সম্ভৱ৷ কিন্তু অসমত মাছ আৰু কণীৰ মূল্য নিয়্ন্ত্ৰণ কৰাটোহে অসম্ভৱ বুলি দাবী কৰিলে শাক পাচলি যোগান মন্ত্ৰীয়ে৷ কমিচন পাই থাকিলে কেনেকৈ এইবোৰত হাত দিব পাৰি বুলি ওলোটাই তুলিলে প্ৰশ্ন৷

৪. এতিয়া সকলোৱে নিজৰ শক্তিৰে খেলিব লাগিব৷ কাকো ফ্ৰী-হেণ্ড নিদিয়ে ৰসাল গগৈয়ে৷ অলপ ফ্ৰী হেণ্ড পাই এজনে তেখেতৰ মুকুটকে আজুৰি নিবলৈ চেষ্টা কৰাৰ পৰা তেখেত সাৱধান হৈ পৰা বুলি সূত্ৰত প্ৰকাশ৷ পিছে ৰাজনীতিৰ পথাৰত নীতি-নিয়ম মানি  খেলি থকাটো কিমান কষ্টকৰ সেই কথা তেখেতে বুজি মাজে মাজে কিছু ঢিলাই দিব বুলিও ইংগিত দিয়ে ৷

৫. এশিঙীয়া গঁড়ৰ সংৰক্ষণ ব্যৱস্থাক কেন্দ্ৰীয় চৰকাৰে দিলে স্বীকৃতি৷ এই গতিৰে আগবাঢ়িলে অচিৰেই এশিঙীয়া গঁড়ৰ খৰ্গই বিশ্বৰ যাদুঘৰ শুৱনি কৰিব পাৰিবই বুলি প্ৰকাশ কৰিলে দৃঢ়মত৷ সৰ্বোত্তম বাবেহে নিয়মীয়াকৈ গঁড় বধে বাতৰিৰ শিৰোনামা পায়, সেইটো নোহোৱা হ’লেটো পুৱা-গধুলি দুয়োবেলা খবৰ ওলাল হেতেন বুলি প্ৰকাশ কৰিলে সন্তোষ৷

৬. ৰাঝধানীত জনস্বাস্থ্য বিভাগৰ সফলতা, ৪০টা বিভাগৰ নামত জালিয়াতিৰে সৰকালে ২০কোটি টকা৷ অভিনন্দন জ্ঞাপন কৰিলে ৰাঝধানীৰ মন্ত্ৰীয়ে৷ সঠিক সময়ৰ ভিতৰত সঠিক অংশৰ কমিচন গৈ নাপালে চিবিআই লগাই দি ইমেজ বনোৱাৰ চেষ্টা চলাব বুলিও সকিয়াই দিয়াৰ গোপন বাতৰি৷ ঘুৰণীয়া মেজমেলতে বিষয়া সকলৰ সতে দৰদাম কৰিবলৈ বুলি আমন্ত্ৰণ জনোৱা বুলি খানচামা বাহাদুৰে জনাইছে৷

৭. গুটখা বন্ধ কৰি পান দোকানীৰ ভাত কিয় মাৰিব৷ পান দোকানলৈ গুটখা খাই মদৰ গোন্ধ গুচোৱাৰ সমাজসেৱাৰ পৰা বঞ্চিত হবলৈ পায় পান-বেপাৰী সন্থাই কৰিলে তীব্ৰ বিষোদাগাৰ৷ এইদৰে সমাজসেৱা কৰিব বন্ধ হৈ গ’ল যেতিয়া বাৰ বা মদৰ দোকানো বন্ধ কৰক বুলি তুলিলে দাবী৷ যদি মদৰ দোকান বা বাৰ বন্ধ নকৰে তেন্তে ড্ৰাই দেৰ সংখ্যা প্ৰতিসপ্তাহত দুদিন কৰি পান-দোকানীক ব্যৱসায়ৰ সুবিধা দিবলৈকো দাবী তোলাৰ লক্ষণীয় খবৰ৷

৮. গুৱাহাটীত টাইমাৰ কিনি গুজৰাটত বোমা বনোৱা বুলি সংবাদ মাধ্যমে দিলে বাতৰি৷ সেইটো চাই এইটো এটা হিন্দু বোমা বুলি কৰিলে মন্তব্য৷ এজনে আকৌ ক’লে নহয়, এয়া ইছলামিক বোমা৷ সৰ্বশেষত এজন বিশেষজ্ঞই ক’লে যিহেতু ফুটা ৰাজ্যখন কং বা বিজিপি শাসিত নহয়, সেয়ে এইটো ধৰ্ম নিৰপেক্ষ বোমাহে হব লাগিব!

৯. পঢ়া শুনা বিভাগৰ মন্ত্ৰীয়ে কৰিলে মন্তব্য- আছুৱে প্ৰতিযোগিতাত নামি কৰে আন্দোলন৷ এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ সকলো ছাত্ৰ সংগঠনলৈ জনালে প্ৰত্যাহ্বান৷ তেহে সকলোৱে আন্দোলনময় কৰি থাকিলে, মিড-ডে মিল খাবলৈ স্কুলত ল’ৰা ছোৱালী নাথাকিব, ই শিশু সুৰক্ষা নিশ্চিত কৰিব বুলিও কৰিলে মন্তব্য৷

১০. ৰাহুল নন্দনৰ খিড়িকী.কম ৱেবচাইটত ক্লিক কৰা মানুহৰ সংখ্যা নগন্য হোৱাৰ বাবে এক ইণ্টাৰনেট জনজাগৰণৰ বাবে হাতোৰা পাৰ্টিৰ সকলো সদস্যলৈ নিৰ্দেশ আহিছে৷ ফেচবুক, টুইটাৰ নোহাৱাকৈ মানুহ দেশত কেনেকৈ চলিছে বুলি ৰাহুল নন্দনে প্ৰশ্ন কৰিছে৷ আজি দেশত মাইক নালাগে, কিন্তু চ’চিয়েল মেডিয়াত লাইকৰ অতি প্ৰয়োজনীয়তা আছে বুলি দূৰদৰ্শী নেতাপুত্ৰই তোষামোদকাৰী সন্থাৰ বিষয়ববীয়া সকলক অৱগত কৰে ৷


2 comments:

  1. বৰ থৌগা দিছি দক

    ReplyDelete
  2. অসমটিউব - এই ৱেবছাইতটোত আপুনি অসমীয়া অডিও আৰু ভিডিও সমুহ বিছাৰি পাৱ, লগতে আপলোড আৰু শ্বেয়াৰ কৰিব পাৰিব | http://www.axomtube.com

    ReplyDelete