লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধানঃ সৰু সৰু মানুহৰ মুখৰ খবৰেৰে)

১. মুখ নুখুলিবলৈ হাতীৰাজ মহন্তই নিৰ্দেশ দিছে৷ তেখেতে জৰ্জ বানাৰ্ড শ্বৰ উক্তিটো পঢ়ি এই নিৰ্দেশ দিয়া বুলি কাম কৰা ল’ৰাজনে জনাইছে৷ বানাৰ্ড শ্বই হেনো লিখি থৈ গৈছিল, মুখ খুলি নিজকে মুৰ্খ বুলি প্ৰমাণ কৰি দিয়াতকৈ, জ্ঞানীৰ ভাও দি বহি থকাই বুদ্ধিমানৰ কাম৷ চাৰে ফোন কৰিবলৈ যোৱাৰ আগতে মহৎ লোকৰ বাণী কিতাপখন পঢ়ি ভাজ লগাই থৈ যোৱা পৃষ্ঠাতো বন কৰা ল’ৰাটোৱে খুলি চাওতেহে উৰহী গছৰ ওৰ ওলাই পৰে৷

২. মায়ে যি কবলৈ কৈছে, সেয়াই কব! ৰাহুল নন্দনৰ নতুন সংলাপ, হাতোৰা পাৰ্টিৰ মুখপত্ৰ সকলৰ বাবে ৷ নিজৰ মাথা লগাই কথা কৈ নিজৰ বিপদ মাতি নানিব, ৰাহুল নন্দনে ভাষণত কয়৷ আৰু কয় যে যেনেকৈ মনসিং খুড়াই এক্টিং কৰি আছে, আপোনালোকেও মাত্ৰ এক্টিং কৰি যাওঁক, সংলাপ মাৰ, আৰু চিত্ৰনাট্য আহমদ খুড়াইহে লিখিব!

৩. আটাছু কৰ্মীয়ে গুৰুলা-গুৰুলকৈ পিটিলে ধেমাজিৰ পৰিববন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মীক৷ তাকে লৈ ঘোচখোৰ কৰ্মচাৰী সংস্থা নাৰাজ হৈ পৰাৰ খবৰ৷ নিৰীহ কেৰেণীৰ ওপৰত হাত তোলা সকলে কিয়, ডাঙৰ ডাঙৰ কোটিৰ ঘৰত টকা খোৱা সকলৰ ওপৰত হাত নুতোলে বুলিও অভিমান কৰাৰ বাতৰি৷ প্ৰতিবাদ কল্পে তেখেতসকলে অহা এদিন ধনশন কৰি কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব৷ সেই দিনা ধন-দিলেই কাম কৰা নহব বুলি কৰ্মচাৰী সংস্থাটোৱে সকীয়নি দি বিজ্ঞপ্তি প্ৰেৰণ কৰিছে৷

৪. জাতীয় সংগঠন সমূহৰ নেতৃবৃন্দৰ বাবে সাংবাদিক সন্থাই আৰম্ভ কৰিব বিজ্ঞপ্তি লিখাৰ চৰ্ট টাৰ্ম কৰ্চ৷ বিজ্ঞপ্তি লিখাৰ বাবে পৰেশ-মাৰ্কা ভাষা, জাতীয়তাবাদী শব্দৰ প্ৰলেপ সনা, ষড়যন্ত্ৰমূলক, প্ৰৰোচনামূলক শব্দৰ ব্যৱহাৰ সম্পৰ্কে বিশেষ জ্ঞান-বৰ্ধনৰ বাবে লব ব্যৱস্থা৷ তাৰ লগতে স্পষ্টীকৰণ লিখাৰ কৌশল, সংবাদ মেল আয়োজনৰ বিশটা কিটিপ আদিও কাৰ্যকৰী ৰূপত শিকাই দিব বুলি সাংবাদিক সন্থাৰ অফিচত  চাহ দিয়া ল’ৰাজনে সুখ দুখলৈ এচএমএছ বাতৰি পঠাইছে৷

৫. চিৰাল ফঁটা বেৰৰ সৈতে চিকিৎসালয়ৰ ভৱন উদ্বোধন হ’ল তিনিচুকীয়াত৷ তাকে লৈ স্বাস্থ্য বিভাগৰ থলুৱা ঠিকাদাৰ সন্থাই মন্ত্ৰী-বিষয়া সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ এনে কাৰ্যৰ দ্বাৰা থলুৱা উদ্যোগী যুৱক সকলক ঠিকা কৰি ভালকৈ দুটিমান টকা আৰ্জন কৰিবলৈ প্ৰেৰণা যোগোৱা হৈছে বুলি শলাগ লৈছে৷ লগতে অগোপৰ দিনত পুখুৰী নখন্দাকৈয়ে মাছৰ পোনাৰ টকাৰ হৰণ ভগন হৈছিল, এতিয়াটো বেৰ আছেই, চিৰাল ফঁটাহে দিছে, এইটো সেইটোতকৈ বহুত ভাল তথা শলাগনিয় বুলিও কোৱা বুলি মন্ত্ৰীৰ দ্ৰাইভাৰে খবৰ জনাইছে৷

৬. ভুৱা ৰেচন কাৰ্ডৰ ফাইল হেৰুৱাত সন্তোষ প্ৰকাশ কৰিলে সুলভ মূল্য বেপাৰী সন্থাই৷ তেওঁলোকে কয়, মাজ ৰাস্তাৰ পৰাই যদি হাজাৰ হাজাৰ বেগ চেনী, চাউল, আটা হৰলুকী হব পাৰে, তেন্তে দিছপুৰে এটা মাত্ৰ ফাইল হৰলুকি কৰিব নোৱাৰিলে সেয়াহে অতিশয় হতাশজনক কথা হ’ল হেতেন৷ আৰু যিহেতু তাতে বেপাৰী সকলতকৈ বাঘা-বাঘা হৰলুকিত ওস্তাদ মানুহে ভৰি আছে, সেই ক্ষেত্ৰত এটা ফাইল হেৰুৱাটো কোনো পধ্যেই মেজিক যে নহয় সেই কথাও আঙুলিয়াই দিয়ে৷ আকু অতীতক পাহৰি, ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ নেতা-বিষয়া সকললৈ আহ্বান জনায়৷

৭. ৰেলৱেই টিকট কাউণ্টাৰ আঁতৰাই স্থাপন কৰিব ফুড প্লাজা৷ আচলতে গৰুৰ যেনেকৈ চেলেকা চেলেকি, মানুহৰ মেইন হ’ল খোৱা বোৱা৷ সেয়ে টিকেট পাবলৈ দালাল সকলৰ সু-ব্যৱস্থা থকাৰ পাছত কিয় কাউণ্টাৰ লাগে৷ প্রথমে খায় বৈ লওকচোন, খোৱা-বোৱটোহে আচল৷ টিকেট নাপালেও ট্ৰেইনত উঠিলেই হ’ল, পইচাটো টিটিচি কে দি দিব, তেখেতেও সেইটো খাই দিব৷ হয়নে নহয় খোৱা বোৱাটো আচল? জনসম্পৰ্কৰক্ষী বিষয়াই এইবাৰ কথা কবলৈ কইনাধৰাৰ পৰা ব্যাকৰণ আনি লোৱাৰ খবৰ৷

৮. বিটিএডিত সংস্থাপনক লৈ চৰকাৰে দিলে শপতনামা, এজনো নাই বাংলাদেখী৷ এই সত্যটো সত্য ৰূপে প্ৰতীয়মান কৰিব লগা হোৱাত দুখ প্ৰকাশ কৰিলে সচেতন শৰ্মাই৷ এতিয়ানো আৰু কোন বাংলাদেখী আছে, সকলোৱেই ৰেচন কাৰ্ড, ভোটাৰ তালিকাত নামৰ ওপৰিও ম্যাদি পট্টন লৈ গপগপীয়া৷ সন্দেহজনক লোকৰ ওচৰতে সকলো ডকুমেণ্টৰ খমখমীয়া কপি পাবই৷ সেয়ে তাৰ বাবে আকৌ শপতনামা কিয় দিব লাগে বুলি সচেতন শৰ্মাই তুলিলে প্ৰশ্ন ৷

৯. অসমত চলি থকা সকলো ৰাজনৈতিক হত্যাৰ বিচাৰ খৰতকীয়া কৰি ক্লীনচিট প্ৰদানৰ বাবে অতি সোনকালেই ক্লীন-চিট ব্যুৰ অৱ ইণ্ডিয়াক নিমন্ত্ৰণ কৰি আনিবলৈ বু-বা চলি থকাৰ খবৰ৷ প্ৰথমেই তিনিচুকীয়াৰ কল’ হত্যাৰ গোচৰেৰে আৰম্ভ কৰিব লগীয়া এই আঁচনিৰ সুবিধা লবলৈ গুপ্তঘাটক সন্থায়ো আগ্ৰহ  দেখুৱাইছে বুলি পান-দোকানীয়ে কান-বাগৰা খবৰ জনাইছে৷

১০. অসমত বাংলাভাষী দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সুখবৰ৷ অসমত অচিৰেই বাংলাভাষাক ৰাজভাষা ৰূপে ঘোষমা কৰি ৰাজধানী হোজাইলৈ তুলি নিবলৈ দাবী তুলিলে আমজোল বাহিনীয়ে৷ বাংলা এটা আন্তঃৰাষ্ট্ৰীয় ভাষা আৰু সেয়ে ইয়াৰ বৰ্ধিত সংখ্যালৈ চাই সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়কো বাংলা মাধ্যমৰ কৰিব লাগে বুলিও তুলিলে দাবী৷ অহা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত এইটো মূল বিষয় হব বুলি জনালে আমজোলৰ কাৰ্যালয়ৰ সহায়ক চামচুলে৷

No comments:

Post a Comment