পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. গুৱাহাটীত "বিজ্ঞান নগৰী" স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে ৫০কোটি টকাৰ অনুমোদন ৷

২.অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত প্ৰকল্পৰ মেৰামতি সম্পন্নঃ নুমলীগড় তেল শোধনাগাৰত পুনৰ উৎপাদন আৰম্ভ হোৱাৰ সুখবৰ ৷

৩. কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী চন্দ্ৰেশ কে. কাৰ্টোছ আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি দেশৰ প্ৰথমটো তাৰকাগৃহ সংলগ্ন বিজ্ঞান কেন্দ্ৰটো উন্মোচন কৰে যোৰহাটত ৷
সংবাদ মাধ্যমত ইউ বিৰ ফটো
৪. তেজপুৰত বিজ্ঞান প্ৰকল্প নিৰ্মাণ প্ৰতিযোগিতাস্থলীত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে ক’লে- অসমৰ ভৱিষ্যত জানিবলৈ শিশু বিজ্ঞানী সকলৰ কাষ চাপক ৷

৫. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ছাত্ৰ আৰু যৱ কল্যাণ ৰাজ্যিক উপদেষ্টা কমিটিৰ যৌথ উদোগত অহা ৮জুলাইৰ পৰা ৩১জুলাইলৈকে ৰাজ্যৰ বিভিন্ন জিলাৰ ৩০টাকৈ কেন্দ্ৰত অনুষ্ঠিত হব গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰঃ অসমৰ বাৰে-ৰহণীয়া নৃত্যগীতৰ প্ৰশিক্ষণৰ এক শলাগনীয় প্ৰচেষ্টা ৷

৬. বিজেপিৰ তৃণমূলীয়া উত্থানত শংকিত হৈ কংগ্ৰেছেও গ্ৰহণ কৰিব প্ৰতি-ব্যৱস্থাঃ এইবাৰ বিকাশৰ শ্লোগানেৰে কংগ্ৰেছে কৰিব ৰাজ্যজুৰি পদযাত্ৰা ৷

৭. ২০১৫চনৰ পৰা ক্ৰমাত ভাৰত দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হবঃ ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদনত আশা প্ৰকাশ ৷

৮. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সোনকালেই কৰিবলৈ দাবী জনালে গৰিয়া যুৱ পৰিষদেঃ আমছুৱে কৰিলে তাৰ সহজাত বিৰোধিতা ৷ 

৯.  সীমান্তত শান্তি-সম্প্ৰীতি বজাই ৰখাটো প্ৰগতিৰ নিশ্চিত কৰাৰ অন্যতম কাৰক বুলি সহমত প্ৰকাশ কৰিলে ভাৰত আৰু চীন প্ৰশাসনেঃ প্ৰতিৰক্ষা মন্ত্ৰীৰ চীন যাত্ৰাত চলিছে দ্বি-পাক্ষিক আলোচনা ৷

১০. অহা ছেপ্তেম্বৰত পুনৰ অনুষ্ঠিত হব বৰদলৈ ট্ৰ’ফী ফুটবলঃ বিদেশী ক্লাৱ অনাৰ চেষ্টাত ব্ৰতী হৈছে গুৱাহাটী ক্ৰীড়া সন্থা ৷

চিন্তনীয় খবৰঃ
১. নিজৰ দাবীত অলৰ-অচৰ আছুঃ ছেৱাৰ সাৰ্বিক সংস্কাৰ আৰু অধ্যক্ষৰ অপসাৰণৰ দাবীত তিনিদিন ধৰি অবিৰত প্ৰতিবাদ অব্যাহত ছেবা চৌহদত৷

২. অগপৰ সংকট অব্যাহতঃ এইবাৰ মহন্তক পদত্যাগৰ পৰামৰ্শ দিলে ডঃ দেৱদত্ত বৰকটকীয়ে, ১৫জুলাইত জৰুৰী কাৰ্যনিৰ্বাহক আহ্বানৰ খবৰ৷

৩. অবড়ো ভাষী শিক্ষক নিযুক্তিৰে বড়ো মাধ্যম ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামিছে শিক্ষা বিভাগঃ বড়ো সাহিত্য সভাই প্ৰকাশ কৰিলে ক্ষোভ ৷

৪. জনজাতীয় ৰাজ্য হব পাৰে অসম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যঃ এই ধাৰণাৰ তীব্ৰ বিৰোধিতা কৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইডিএইএফ দলে ৷

৫. সংস্থাপিত নহ’ল ৬০০০পৰিয়ালঃ বিটিচি গোষ্ঠী সংঘৰ্ষ এবছৰ ৷

৬. মাওবাদী সন্দৰ্ভত বিজেপি নেতা চন্দ্ৰশেখৰৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈয়েঃ কৃষি ভূমি দখলকাৰী ব্যৱসায়ী পৃথানি-লোহিয়া আদিৰ বিৰুদ্ধে দিলে পুনৰ হুংকাৰ ৷

৭. অসমত কোনো বিসম্বাদ নাই বুলি ঘোষণা কৰিলে চি পি যোশীয়েঃ ঐক্যবদ্ধ ভাৱে কাম কৰাৰ আহ্বান জনাই, সমন্বয়ৰক্ষী সমিতি গঠনৰ বাবে দিলে পৰামৰ্শ ৷

৮. চিৰাঙ জিলাতো পাঁচখন নৈৰ জলপৃষ্ঠ বৃদ্ধি, বহু গাঁও জলমগ্নঃ ধেমাজিতো ক্ৰমাত ভয়াবহ ৰূপ লৈছে জীয়াঢলে৷

৯. ভূটানৰ পৰা পুনৰ এৰিব পাৰে পানীঃ তাকে লৈ শংকাত ভূগিছে নামনিবাসী, চিৰাংবাসীক সতৰ্কবাণী দিয়েই দ্বায়িত্ব সামৰিলে প্ৰশাসনে ৷

১০. হঠাত মোদী বিৰোধী স্থিতিৰ পাছতে বিহাৰলৈ দৰদ উপজিল কেন্দ্ৰীয় চৰকাৰৰঃ গ্ৰামোন্নয়নৰ বাবে নীতীশ কুমাৰ চৰকাৰলৈ অনুমোদন দিলে ৪১৩০কোটি টকা ৷

No comments:

Post a Comment