সম্পাদকলৈ ৰাইজৰ চিঠিঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ ৰাইজৰ চিঠিঃ

সম্পাদকলৈ ৰাইজৰ চিঠিঃ

Share This
ফেচবুক বা আন ইণ্টাৰনেট মাধ্যমত অসমীয়া লিপিৰে লিখাৰ প্ৰয়োজনীয়তা আৰু ইউনিকোড সম্পৰ্কতঃ

মাননীয় সম্পাদক মহোদয়,


কম্পিউটাৰ/ইন্টাৰনেট মাধ্যমত ইউনিক'ড(Unicode)’ত অসমীয়া লিখা এক আন্দোলন অসমত গঢ় লৈ উঠা দেখা গৈছে , ই এটা অতি ভাল কথা । 

এইখিনিতে ইউনিক’ড (Unicode) মানে কি কোৱা ভাল হ’ব। ইউনিক’ড হৈছে এটা কাৰিকৰী মানক বা ষ্টেণ্ডাৰ্ড। ইয়াত মুখ্যতঃ পৃথিৱীৰ বিভিন্ন ভাষাৰ বিভিন্ন আখৰবোৰ/বৰ্ণবোৰৰ প্রতিটোকে একোটা নিৰ্দিষ্ট (unique) সংখ্যা/সংকেতৰে (code) সূচিত কৰা হয় আৰু এই সংখ্যা বা সংকেট বা ক’ডে সূচিত কৰা আখৰ বা চিহ্নটো বিভিন্ন প্রসংগত (যেনে কীবৰ্ডত টাইপ কৰোতে, মণিটৰত ডিচপ্লে কৰোতে বা প্রিণ্টাৰত প্রিন্ট কৰোতে) প্রকাশ কৰোতে কেনেকৈ কৰিব লাগে তাৰ বাবে নিৰ্দেশনা আৰু প্রয়োজনীয় তথ্য সন্নিবিষ্ট কৰি দিয়া হয়। 
ইউনিক’ড ব্যৱহাৰ কৰি আখৰ লিখিলে পৃথিবীৰ যিকোনো স্থানতে যিকোনো কম্পিউটাৰত সেয়া পঢ়িব পাৰিব কাৰণ আজিকালি যিকোনো কম্পিউটাৰতে ইউনিক'ড ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰা হয়। ইউনিক’ড ষ্টেন্ডাৰ্ড মতে প্রস্তুত কৰা “ফণ্ট” ব্যৱহাৰ কৰিলে সেই ফণ্ট থকা কম্পিউটাৰত তাক পঢ়িব পাৰিব। 

কিন্তু অতি দুখৰ বিষয় যে অসমত অসমীয়া পঢ়িব আৰু লিখিব পৰা সংখ্যা দিনে দিনে কমি আহিব ধৰিছে। যি মাধ্যমতে নপঢ়ক লাগিলে অসমত থকা সকলোলোকে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পৃথিৱীৰ যিমান ভাষা শিকে শিকি থাকক কিন্তু নিজৰ মাতৃভাষা অসমীয়াও পঢ়িব আৰু লিখিব পাৰিলে যে কোনো অপকাৰ নহয় সেই বিষয়ে সজাগতা আনিব বাবে স্বেচ্ছাসেৱী অনুষ্ঠান,বে-চৰকাৰী অনুষ্ঠানকে আদি কৰি ছ’চিয়েল নেটৱর্কিং ছাইট’-ফেচবুক,অৰকুটৰ অসমৰ হকে কাম কৰিব বিচৰা গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় । এই বাতৰি কাকতৰ / আলোচনীৰ পঢ়ুৱৈ আৰু লিখকসকলেও সজাগতা অনাত আগবাঢ়ি আহিব লাগে।
-ডঃ বুলজিৎ বুঢ়াগোহাঁই
----------------------------------------------------------------
প্ৰাসংগিক লেখাঃ প্ৰযুক্তিগত সমস্যাৰ সমাধান শিতানত
ডাঃ বনজীৎ পাঠক

No comments:

Post a Comment