পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ


১. আবকাৰী বিভাগৰ অকৰ্মণ্যতাৰ বিপৰীতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে ৷

২. উত্তৰাখণ্ডৰ দেৱভূমিৰ পুনৰ নিৰ্মাণৰ বাবে বিশ্ববেংকৰ পৰা ২৫০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে ৷

৩. ফেচবুকত ছোনিয়া গান্ধীৰ নগ্ন মৰফ ফটো আপলোড কৰা জলন্ধৰৰ বিজেপি নেতাৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ৷

৪. শিক্ষাৰ্থীৰ ভিচা লাভ কৰি ব্ৰিটেইনত উপস্থিত হ’ল পাকিস্তানৰ আন এগৰাকী সাহসী কিশোৰীঃ অভিশপ্ত দিনটোত একেলগে গুলীবিদ্ধ হোৱাৰ পাছত অৱশেষত সখী ছাজিয়াক লগ পালে মালালা ইউছুফজাইয়ে ৷

৫. অহা ২০১৪চনৰ ১জানুৱাৰীত শৰৎ সিংহ দেৱৰ জন্ম শত-বাৰ্ষিকী পালনৰ আয়োজনঃ গণনায়কজনৰ জীৱনৰ বৰ্ণাঢ্য জীৱনক লৈ প্ৰকাশিত হব লগা প্ৰমূল্য গ্ৰন্থখন সম্পাদনা কৰিব অজিত কুমাৰ ভূঞা, জ্যোতিপ্ৰসাদ শইকীয়া, উদয়াদিত্য ভৰালী আৰু হাইদৰ হুছেইন দেৱে ৷ ৰাইজক গ্ৰন্থখন সমৃদ্ধ কৰিবলৈ আয়োজকে জনালে আহ্বান ৷

৬. দেশ ৰক্ষাৰ ৰণথলী স্বৰূপ কামৰূপৰ দলিবাৰীত স্থাপিত হ’ল পণ্ডিত ঠানু-নগেন্দ্ৰ সংগীত মহাবিদ্যালয়ঃ উদ্বোধন কৰে মহীয়সী শিল্পী সুদক্ষিণা শৰ্মাই ৷

৭. চলিত মাহত পাকিস্তানে ১১জন কাৰাবন্দীক মুকলি কৰি দিব বুলি কৰিলে ঘোষণাঃ বৈদেশিক পৰিক্ৰমা বিভাগে লৈছে উদ্যোগ ৷

৮. প্ৰথমখন চুটি ছবি "হৰেণৰ টিকাটো"ৰে জীৱন ৰায় মেম’ৰিয়েল শ্ৰেষ্ঠ চুটি ছবি বঁটা লাভ কৰা যুৱ পৰিচালক পংকজ কলিতাৰ নৱ-নিৰ্মিত চুটি ছবি "কৰ্তব্য" বেংগেলুৰুৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ সুখবৰ ৷

৯. বাইহাটাত ঢলি পৰা গজৰাজৰ শুশ্ৰূষাত ব্যস্ত হ’ল শ শয়ে লোকঃ ৬০ বছৰীয়া পোহনীয়া হাতীটোৰ মোহত অঞ্চলবাসী মিয়ম্ৰান হৈ পৰাৰ বাতৰি ৷


১০. তেজপুৰৰ বান থিয়েটাৰত আয়োজিত হৈছে মাহজোৰা শিশু নাট কৰ্মশালাঃ দুকুৰি শিশুৱে কৰিছে অংশগ্ৰহণ ৷

চিন্তনীয় খবৰঃ
১. ঝাৰখণ্ডত এছপি সহ সাত আৰক্ষীক হত্যা কৰিলে মাওবাদীয়েঃ প্ৰায় ১০০কেডাৰে বেৰি আক্ৰমণ কৰিলে কনভয়ত৷


২. অট’চালকৰ হাতত নিৰ্মম হত্যাঃ ডিফুৰ ৰাজপথত ঝংকাৰ শইকীয়াৰ হত্যাৰ প্ৰতিবাদত হাজাৰ হাজাৰ লোক, আৰক্ষীয়ে গুলী চলালে শূণ্যলৈ ৷

৩. আভ্যন্তৰীণ কন্দলত খণ্ড-বিখণ্ড অগপঃ সংকট মোচন সভালৈ আহিল মাত্ৰ পাঁচখন জিলাৰ সভাপতি-সম্পাদক ৷

৪. কাজিৰঙাত পনৰ গঁড় নিধনৰ চিন্তাজনক খবৰ ৷

৫. গুৱাহাটী আৱৰ্ত ভৱন চৌহদত কৃষক মুক্তিৰ বিক্ষোভঃ বিদ্যুত মাচুল বৃদ্ধিৰ ৰাজহুৱা শুনানিত অচলাৱস্থা ৷

৬. বানৰ বাবে সাজুঃ ৰাজ্যৰ ১৩০খন নৈৰ ৩৬৭৩ কিল’মিটাৰ মথাউৰি ছিগো ছিগো, ভগৱানেই ভৰসা ৷

৭. ৩৬৫দিনত ২৯০টা প্ৰতিবাদী কাৰ্যসূচী, ৩০০সংগঠনৰ ধন-দাবী, বিধ্বস্ত আইন শৃংখলাক দোহাই দি ২০০কোটি টকাৰ লোকচান ঘোষণা কৰি বিতৰ্কলৈ আহিল অইলৰ অধ্যক্ষ ৷

৮. থেলাচেমিয়া চচাইটিয়ে দিলে তথ্যঃ দূষিত তেজ লৈ তিনিগৰাকী ৰোগীৰ মৃত্যুৰ বাতৰি ৷

৯. আজি গুৱাহাটীত বিজেপিৰ সভাপতি ৰাজনাথ সিঙঃ দলত্যাগী অগপ নেতাৰ বিজেপিত যোগদানৰ প্ৰৱল সম্ভাৱনা ৷

১০. মাজৰাতি গীতানগৰ থানাত উপস্থিত জুবিন গাৰ্গঃ গ্ৰেপ্তাৰৰ পাছত জামিনত মুক্তি ৷

No comments:

Post a Comment