মোবাইল মেনিয়াঃ নমো বনাম ৰাহু
*ধ্ৰুৱজ্যোতি শইকীয়া
ৰাহু আপোনাৰ হাতত কে-২ আপোনাৰ বাটত নমো....সৰ্বক্ষণে |
নমো নমো প্ৰভু ভগৱন্ত,
পঢ়িলো যিটো খবৰ,
মোডিৰ নামত ফোন ওলাব,
স্মাৰ্ট নমো নামৰ ৷
হাই-কমাণ্ড কঁপি উঠিল,
হাই-কমাণ্ড কঁপি উঠিল,
খবৰটো কাকতত পাই,
বাবাকো লাগে একেই মোবাইল,
কলে মাকক ইনাই-বিনাই ৷
মাকে বোলে দিলে অৰ্ডাৰ,
মাকে বোলে দিলে অৰ্ডাৰ,
নিমাত দাদালৈ চাই,
লাগিলে দিম দেশৰে টুকুৰা,
মোবাইল আনা মগাই ৷
বিদেশ চুক্তি বাণিজ্য চুক্তি,
বিদেশ চুক্তি বাণিজ্য চুক্তি,
যি মন তাকেই কৰা,
নোৱাৰো চাব বাবাৰ চকুলো,
এটাই সোন-হেন মোৰ ল'ৰা ৷
পাব্লিচিটিত ন'-কম্প্ৰমাইজ,
পাব্লিচিটিত ন'-কম্প্ৰমাইজ,
মোৰ ল'ৰাও নাম্বাৰ ওৱান,
যদি নোৱাৰা ইয়াকো কৰিব,
যাব বংশৰ নাক-কাণ ৷
কামৰ কথানো কোনে গম লয়,
কামৰ কথানো কোনে গম লয়,
অত বছৰে নকৰিলো একো,
বৰ পাহৰে আমাৰ জনতাই,
সেয়ে প্ৰতিবাৰেই জিকোঁ ৷
ডাইৰেক্টৰ আনা স্ক্ৰিপ্ট লিখোৱা,
ডাইৰেক্টৰ আনা স্ক্ৰিপ্ট লিখোৱা,
বাবাৰো গুন-গান গাই,
হাতে হাতে পৰক ভিডিঅ' বাবাৰ,
মোবাইলো দিয়া বিলাই ৷
আমাৰে চৰকাৰ, আমাৰে প্লেন,
আমাৰে চৰকাৰ, আমাৰে প্লেন,
কৰা "ফোন পৰ অল" স্কীম,
"ৰাহু" ৰাখিবা মোবাইলৰ নামটো,
বাবাক জন্মদিনৰ উপহাৰ দিম ৷
জন্ম দিনটোকে টাৰ্গেট কৰিবা
তাক পপুলাৰ কৰোঁ বুলি,
আন নহলেও এদিন বিশেষকৈ পালিব,
গোটেই ইণ্ডিয়াখন মিলিজুলি ৷
No comments:
Post a Comment